অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তথ্যৰ অধিকাৰ আৰু সক্ৰিয় প্ৰকাশ

তথ্যৰ অধিকাৰ আৰু সক্ৰিয় প্ৰকাশ

১১.১.১ এনৰেগাৰ সৈতে জড়িত সকলো বিষয়তে তথ্য জনাৰ অধিকাৰ আইন হাতে কামে মানি চলিব লাগিব । তথ্যৰ সক্ৰিয় প্ৰকাশৰ সৈতে জড়িত, আইনখনৰ ৪নং অনুচ্ছেদটো সকলো পৰ্যায়তে প্ৰযোজ্য হ’ব লাগিব।

১১.১.২ এনৰেগাৰ অধীনত দাখিল কৰা এন আৰ ই জি এছ সম্পৰ্কীয় নথি-পত্ৰৰ প্ৰতিলিপি বিচাৰি জনোৱা অনুৰোধ সাতদিনৰ ভিতৰতে জমা কৰিব লাগিব। কোনো পৰিস্থিতিতে কোনো অনুৰোধ প্ৰত্যাখ্যান কৰিব নোৱাৰিব। বিশেষকৈ তথ্য জনাৰ অধিকাৰ  আইনৰ ৪নং ধাৰাৰ প্ৰয়োগেৰে কোনো তথ্য প্ৰকাশৰ বাবে আঁতৰি থাকিব নোৱাৰিব। এনৰেগা সম্পৰ্কীয় সকলো তথ্য ৰাজহুৱা নিয়ন্ত্ৰণৰ অধীনস্থ।

১১.১.৩ কোনোবাই আবেদন জনোৱালৈ বাট চাই থকাৰ সলনি এনৰেগা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য-পাতিসমূহ সক্ৰিয়তাৰে ৰাজহুৱাকৈ প্ৰকাশ কৰিব লাগিব। তেনে গুৰুত্বপূৰ্ণ তথ্য-পাতিৰ এখন তালিকা ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে প্ৰকাশ কৰাৰ লগতে সময়ে সময়ে নবীকৰণ কৰি থাকিব লাগিব।

১১.১.৪ গুৰুত্বপূৰ্ণ নথি আৰু তথ্যসমূহৰ ৰাজহুৱাকৰণ সকলো পৰ্যায়তে নিশ্চিত কৰিব লাগিব। লাভ কৰা দাবী, পঞ্জীয়ন জাৰি কৰা, জব কাৰ্ডৰ সংখ্যা, পুঁজিৰ প্ৰাপ্তি আৰু ব্যয়, পেমেণ্ট দিয়া, অনুমোদিত কাম আৰু আৰম্ভ কৰা কাম, কামৰ ব্যয়আৰু এই ক্ষেত্ৰত ব্যয়ৰ বিস্তৃত বিৱৰণ, কামৰ ম্যাদ, সৃষ্টি হোৱা ব্যক্তি-দিনৰ নবীকৃত তথ্য, স্থানীয় সমিতিৰ প্ৰতিবেদন আৰু মাষ্টাৰৰোলৰ প্ৰতিলিপি এক পূৰ্ব নিৰ্দ্ধাৰিত আৰ্হিত ৰাজহুৱা প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে পূৰ্ব নিৰ্দ্ধাৰিত আৰ্হি মতে সেইবোৰ এন আৰ ই জি এছ ৰূপায়নৰ সৈতে জড়িত সকলো সংস্থাৰ কাৰ্যালয়ৰ বাহিৰত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগিব। সেই তথ্যবোৰ গাঁও পঞ্চায়তেও প্ৰতি তিনি মাহত এবাৰকৈ গাঁও সভাত উপস্থাপন কৰিব লাগিব।

১১.১.৫ তথ্য আৰু নথি-পত্ৰ লাভৰ বাবে কাক আবেদন জনাব লাগিব সেই কথা ৰাইজে জনা উচিত। তেনে তথ্য যোগানৰ বাবে এক বিস্তৃত সময়সীমা থকা উচিত । তেনে গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ নাম আৰু যোগাযোগৰ ঠিকনা ৰাইজক জনোৱাৰ ব্যৱস্থা কৰিব লাগে। এনৰেগা সম্পৰ্কীয় নথি-পত্ৰৰ প্ৰতিলিপিৰ মাচুল ফটোকপি কৰাৰ ব্যয়তকৈ অধিক হ’ব নোৱাৰিব।

১১.১.৬ যেতিয়া উপযোগী হয় তেতিয়া গুৰুত্বপূৰ্ণ তথ্যসমূহ ইণ্টাৰনেট যোগে উপলব্ধ কৰাব লাগিব।

১১.১.৭ প্ৰতিখন গাঁও পঞ্চায়তৰ এন আৰ ই জি এছ সম্পৰ্কীয় একাউণ্টসমূহ সক্ৰিয়ভাৱে প্ৰদৰ্শনৰ লগতে বছৰত দুবাৰ নবীকৰণ কৰিব লাগিব। একাউণ্টছৰ সাৰাংশখিনি বিভিন্ন ধৰণে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগিব। যেনে পঞ্চায়ত ভৱনৰ বেৰত লিখি, জাননী ফলকত আঁৰি আৰু মূল্য দি সংগ্ৰহ কৰিব পৰা বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ কৰি।

১১.১.৮ স্থানীয় কাম, নিয়োগ আৰু পুঁজি সম্পৰ্কীয় ৰিপ’ৰ্টকাৰ্ড সমূহ গাঁও পঞ্চায়তে নিজ কাৰ্যালয় চৌহদত, আঁচনি বিষয়াই মধ্যৱৰ্তী পঞ্চায়ত/আঁচনি বিষয়াৰ কাৰ্যালয়ত আৰু সমগ্ৰ জিলাখনৰ বাবে জিলা আঁচনি সমন্বয়কে জিলা আঁচনি সমন্বয়ক/জিলা পঞ্চায়তৰ কাৰ্যালয়ত প্ৰদৰ্শন কৰিব লাগিব।

১১.২ বাৰ্ষিক প্ৰতিবেদন

১১.২.১ আইনখনৰ ৰূপায়ন সন্দৰ্ভত কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদে এক বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰিব।

১১.২.২ প্ৰতিখন ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে ৰাজ্যিক বিধানসভাত একোখন বাৰ্ষিক প্ৰতিবেদন প্ৰস্তু কৰিব লাগে।

১১.২.৩ বাৰ্ষিক প্ৰতিবেদন সমূহ পৰৱৰ্তী বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰত সংসদ আৰু বিধানসভাত দাখিল কৰিব লাগিব।

১১.৩ বিত্তীয় হিচাপ পৰীক্ষা

১১.৩.১ বিত্তীয় হিচাপ পৰীক্ষা কৰাটো বাধ্যতামূলক। বিত্তীয় বৰ্ষ এটাৰ সমাপ্তিৰ পাছত প্ৰতিখন জিলাই এয়া সম্পাদন কৰিব লাগে । স্থানীয় পুঁজি অডিটৰ অথবা ৰাজ্য চৰকাৰে নিযুক্তি দিয়া চাৰ্টাৰ্ড একাউণ্টৰ দ্বাৰা এই হিচাপ পৰীক্ষণ চলোৱা হ’ব। হিচাপ পৰীক্ষাৰ টোকাৰ এটা প্ৰতিলিপি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ উপৰি সমসাময়িকভাৱে আন হিচাপ পৰীক্ষণ চলোৱা হয়।

১১.৩.২ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা হিচাব পৰীক্ষণৰ উপৰি মহাগাণনিকেও এনৰেগা একাউণ্টৰ হিচাপ পৰীক্ষা কৰিব। চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা চলোৱা হিচাপ পৰীক্ষাৰ এটা প্ৰতিলিপি মহাগাণনিকৰ হিচাপ পৰীক্ষণ দলক যোগান ধৰা হ’ব।

১১.৩.৩ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ হিচাব পৰীক্ষণৰ প্ৰতিবেদন আৰু পূৰ্বৰ বছৰৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ জিলা আঁচনি সমন্বয়কে পৰৱৰ্তী বছৰৰ ছেপ্তেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব। বিত্তীয় বৰ্ষৰ ভিতৰত হিচাপ পৰীক্ষাৰ প্ৰতিবেদন নাপালে অথবা হিচাপ পৰীক্ষক আৰু মন্ত্ৰালয়ৰ পৰামৰ্শকক হিচাব পৰীক্ষাৰ প্ৰতিবেদনত গুৰুত্ব দিয়া নহ’লে অথবা মন্ত্ৰালয় সন্তুষ্ট হোৱাকৈ প্ৰস্তুত নকৰিলে মন্ত্ৰালয়ে পৰৱৰ্ত্তী বিত্তীয় বৰ্ষৰ পুঁজি বন্ধ কৰিব পাৰিব। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত পুঁজিৰ অভাৱৰ বাবে দিবলগীয়া নিবনুৱা ভাট্টাৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব লাগিব।

১১.৩.৪ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন আৰু ব্যৱহাৰৰ প্ৰমাণপত্ৰত আৰম্ভণি আৰু সমাপ্তিৰ জমাৰ অন্তৰ্ভুক্তি নিশ্চিত কৰিব জিলা আঁচনি সমন্বয়কে। এৰাব নোৱাৰা কোনো কাৰণত এই ক্ষেত্ৰত পাৰ্থক্য আহিলে কাৰণ সহ মন্ত্ৰালয়ৰ ওচৰত স্পষ্টভাৱে ব্যাখ্যা কৰিব লাগিব। তথ্য সমৃদ্ধ প্ৰমাণ কিবা থাকিলে সেয়াও দাখিল কৰিব লাগিব। তেনে নকৰিলে মন্ত্ৰালয়ে পৰৱৰ্ত্তী বৰ্ষত পুঁজি মোকলাই দিয়াটো বন্ধ কৰিব পাৰে।

১১.৩.৫ উদাহৰণস্বৰূপে ২০০৫-০৬ বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন ২০০৬ চনৰ  ৩০ ছেপ্তেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব। আনহাতে, হিচাপ পৰীক্ষক আৰু মন্ত্ৰালয়ৰ পৰামৰ্শাৱলী মন্ত্ৰালয়ক সন্তুষ্ট কৰিব পৰাকৈ ২০০৭ চনৰ ৩১ মাৰ্চৰ ভিতৰত পালন কৰিব লাগিব। তেনে কৰা নহ’লে মন্ত্ৰালয়ে ২০০৭-০৮ বৰ্ষত পুঁজিৰ পণৰ মুকলি কৰি দিয়াটো বন্ধ কৰিব পাৰে।

১১.৩.৬ গাঁওসভাৰ দ্বাৰা চলোৱা হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পৰীক্ষাঃ গাঁসভাৰ প্ৰতিবেদন পুনৰীক্ষণৰ বাবে জিলা আঁচনি সমন্বয়কৰ কাৰ্যালয়ত জিলা আভ্যন্তৰীণ হিচাপ পৰীক্ষা কোষ এটা গঠন কৰা হ’ব আৰু আৰু প্ৰয়োজন সাপেক্ষে এক বিশেষ হিচাপ পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব। এক মাহেকীয়া প্ৰতিবেদন প্ৰস্তুত কৰি জিলা আঁচনি সমন্বয়ক আৰু ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব। এই কৰ্তৃপক্ষ সমূহে ব্যাপক অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে অনিয়ম ৰোধত পদক্ষেপো গ্ৰহণ কৰিব।

১১.৪   বাস্তৱিক হিচাপ পৰীক্ষণ

১১.৪.১ কামৰ মান নিৰূপণৰ লগতে কামৰ বিপৰীতে ব্যয় কৰা ধনৰ জৰিয়তে যাতে স্থায়ী সম্পদ নিৰ্মাণ হৈ উঠে সেয়া নিশ্চিত কৰাৰ বাবে চলি থকা কামৰ এক বাস্তৱিক হিচাব পৰীক্ষণ চলোৱা হ’ব।

১১.৫   হিচাপ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ব্যৱস্থা

১১.৫.১ চাৰ্টাৰ্ড একাউণ্টেণ্ট, স্থানীয় পুঁজিৰ হিচাপ পৰীক্ষা কোষ, মহাগাণনিক অথবা নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ হিচাপ পৰীক্ষক যাৰেই হওঁক হিচাপ পৰীক্ষাৰ প্ৰতিবেদনৰ এটা প্ৰতিলিপি আৰু সামাজিক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন সংশ্লিষ্ট ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব।

১১.৫.২ চৰকাৰী/ৰাজহুৱা পুঁজি/সম্পদৰ অপচয়ত ইন্ধন যোগোৱা সংশ্লিষ্ট বিষয়া/কৰ্মচাৰীৰ বিৰুদ্ধে পুঁজি অপব্যৱহাৰ, দুৰ্নীতি, ভুল জোখ-মাপ, মাষ্টাৰ ৰোলত ভুল তথ্যৰ অন্তৰ্ভুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ অনিয়ম সন্দৰ্ভত খৰতকীয়াকৈ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব। এনে অনিয়ম ৰোধৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

১১.৬   নাগৰিক চনদ

১১.৬.১ আইনখনৰ অধীনত পঞ্চায়ত আৰু বিষয়াসকলৰ দায়িত্বৰ সকলো দিশ সামৰি এক আৰ্হি ‘নাগৰিক চনদ’ প্ৰস্তুত কৰিব লাগিব। এই নাগৰিক চনদে আইনখনৰ ৰূপায়ণৰ সৈতে জড়িত যাৱতীয় পদক্ষেপ সমূহৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে সেই ব্যৱস্থা সমূহে পঞ্চায়ত আৰু সংশ্লিষ্ট বিষয়াসকলৰ ওপৰত ন্যস্ত কৰা ন্যূনতম সেৱাৰ মাত্ৰা নিৰ্দ্ধাৰণ কৰিব।

১১.৭   অভিযোগ নিষ্পত্তি

১১.৭.১ ব্লক পৰ্যায়ত আঁচনি বিষয়া আৰু জিলা পৰ্যায়ত জিলা আঁচনি সমন্বয়কগৰাকী হ’ব অভিযোগ নিষ্পত্তিকৰণ বিষয়া।

১৭.৭.২ প্ৰতিটো পৰ্যায়ৰে অভিযোগ নিষ্পত্তিৰ বাবে আবেদনৰ এক ব্যৱস্থা যুগুত কৰা হ’ব।আঁচনি বিষয়াৰ বিৰুদ্ধে আবেদন জনাব লাগিব জিলা আঁচনি সমন্বয়কৰ ওচৰত। ৰাজ্য চৰকাৰৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত যোগ্য কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব জিলা আঁচনি সমন্বয়কৰ বিৰুদ্ধে আবেদন।

১১.৭.৩ আবেদনকাৰীৰ নাম আৰু ঠিকনা, আবেদনৰ প্ৰকৃতি তথা দাখিলৰ তাৰিখ এটা ৰেজিষ্টাৰত লিপিবদ্ধ কৰিব লাগিব। সেই ৰেজিষ্টাৰ সাপ্তাহিক ভিত্তিত ইণ্টাৰনেটত ‘আপলোড’ কৰিব লাগিব।

১১.৭.৪ অভিযোগ পঞ্জীয়ন কৰা ব্যক্তিজনক নম্বৰ আৰু তাৰিখ সম্বলিত এখন ৰছিদ দিব লাগিব যাতে সেই ৰছিদ নম্বৰৰ জৰিয়তে তেওঁ সংশ্লিষ্ট অভিযোগ নিষ্পত্তি সন্দৰ্ভত আঁচনি বিষয়াৰ কাৰ্যালয়ৰ কাউণ্টাৰৰ পৰা আৰু ইণ্টাৰনেটৰ জৰিয়তে জানিব পাৰে।

১১.৭.৫ অভিযোগ এটা নিষ্পত্তি হোৱাৰ পাছতে তাৰিখ আৰু নিষ্পত্তিৰ প্ৰকৃতিৰ বিষয়ে আবেদনকাৰীক জনাব লাগিব। এই সম্পৰ্কীয় বিস্তৃত তথ্য ইণ্টাৰনেটত উপলব্ধ কৰাব লাগিব।

১১.৭.৬ আবেদনসমূহ শ্ৰেণীবদ্ধকৰণৰ জৰিয়তে প্ৰস্তুত কৰা তথ্যবোৰ অঞ্চল আৰু ধৰণ অনুযায়ী মাহেকীয়া ভিত্তিত বিশ্লেষণ কৰিব লাগিব। জ্যেষ্ঠ ব্যৱস্থাপনাৰ গুৰুত্ব লাভৰ লগতে ব্যৱস্থাৰ পুনৰ গঠনৰ প্ৰয়োজন হোৱা অঞ্চল চিনাক্ত কৰণৰ আহিলা হিচাপে ইয়াক ব্যৱহাৰ কৰা হ’ব।

১১.৭.৭ আইনখনত নিৰ্দেশিত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো অভিযোগ নিষ্পত্তি কৰিব লাগিব।

১১.৭.৮ এই নীতি নিৰ্দেশনাৰ ১১নং অধ্যায়ৰ ৬নং অনুচ্ছেদত সামাজিক হিচাপ পৰীক্ষণ মঞ্চৰ বাবে বাধ্যতামূলক কাৰ্যসূচী হিচাপে তালিকাভুক্ত বিষয়ৰ সৈতে জড়িত অভিযোগবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব।

১১.৭.৯ এই আইন আৰু নীতি-নিৰ্দেশনাৰ অধীনত কৰ্তৃপক্ষসমূহৰ অভিযোগ নিষ্পত্তিৰ দক্ষতাৰ বিষয়ে সাপ্তাহিক ভিত্তিত ইণ্টাৰনেটযোগে প্ৰচাৰ কৰিব লাগিব।

১১.৭.১০ গাওঁ সভা আৰু সামাজিক অ’ডিট ফ’ৰামে ৰাজহুৱা শুনানীৰ বাবে এখন মঞ্চ আগবঢ়াব লাগিব যাতে সকলো অভিযোগ খৰতকীয়াকৈ নিষ্পত্তি কৰিব পৰা যায়।

১১.৭.১১ ৰাজ্য চৰকাৰে ব্লক, জিলা আৰু ৰাজ্যিক পৰ্যায়ত এক বিকল্প অভিযোগ নিষ্পত্তি কৰ্তৃপক্ষ দায়িত্ব দিব পাৰে।

১১.৭.১২ সংহতি সম্পন্ন ব্যক্তিক লৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ত এক অনুসন্ধানমূলক ব্যৱস্থা গঠনৰ কথা বিবেচনা কৰিব পাৰে।

১১.৭.১৩ অভিযোগ নিষ্পত্তিৰ বাবে এটা ‘হেল্পলাইন’ স্থাপন কৰিব পাৰি।

১১.৭.১৪ লাভ কৰা অভিযোগ সন্দৰ্ভত আঁচনি বিষয়া আৰু জিলা আঁচনি সমন্বয়কে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে ক্ৰমে মধ্যৱৰ্তী পঞ্চায়ত আৰু জিলা পঞ্চায়তৰ বৈঠকত জনাব লাগিব।

১১.৭.১৫ অভিযোগ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰে বিধি প্ৰস্তুত কৰিব। বিধি প্ৰস্তুত কৰাৰ সময়ত নিম্নোক্ত ব্যৱস্থাবোৰ সন্নিবিষ্ট কৰিব লাগিব। যদি বিধি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে তেনে ক্ষেত্ৰত আগতে সন্নিবিষ্ট নকৰিলে সেই ব্যৱস্থাবোৰ অন্তৰ্ভুক্তি কৰিব পাৰি।

(ক) অভিযোগসমূহ লিখিত বা মৌখিকভাৱে দাখিল কৰিব লাগিব।

(খ) অভিযোগ দাখিলত সহায়ক হোৱাকৈ আঁচনি বিষয়া আৰু জিলা আঁচনি সমন্বয়কৰ কাৰ্যালয়ৰ উপযুক্ত স্থানত অভিযোগ বাকছ স্থাপন কৰিব লাগিব।

(গ) অভিযোগসমূহ অভিযোগ ৰেজিষ্টাৰত অন্তৰ্ভুক্তি কৰিব লাগিব আৰু নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰতে অভিযোগ নিষ্পত্তি কৰিব লাগিব।

(ঘ) গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অভিযোগকাৰীক অৱগত কৰিব লাগিব।

(ঙ) অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত পৰৱৰ্তী জ্যেষ্ঠ পৰ্যায়তে প্ৰতিমাহে নিৰীক্ষণ কৰিব লাগিব।

(চ) স্থানীয় সংবাদপত্ৰত মাহে মাহে অভিযোগবোৰ প্ৰকাশ কৰিব লাগিব।

(ছ) এটা বিনামূলীয়া ‘হেল্পলাইন’ স্থাপনৰ বিষয়ে বিবেচনা কৰিব পাৰি।

(জ) আবেদন জনোৱাৰ ব্যৱস্থাৰ বিষয়েও চিন্তা কৰিব পাৰি।

(ঝ) ৰাজ্য এখনত অভিযোগ নিষ্পত্তিৰ ব্যৱস্থাটো নিৰীক্ষণৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিষয়াগৰাকীক কৰ্তৃত্ব দিব লাগিব।

(ঞ) সকলো পৰ্যায়তে অভিযোগ নিষ্পত্তিৰ বাবে ব্যাপক প্ৰচাৰ চলাব লাগিব।

(ট) অভিযোগ লাভ কৰা আৰু নিষ্পত্তি সম্পৰ্কীয় মাহেকীয়া প্ৰতিবেদন গাঁও পঞ্চায়তৰ পৰা আঁচনি বিষয়া, জিলা আঁচনি সমন্বয়ক, ৰাজ্য আৰু ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব। আনহাতে, মন্ত্ৰালয়ৰ পূৰ্বনিৰ্দ্ধাৰিত আৰ্হিত ‘অন লাইনত’ অন্তৰ্ভুক্ত কৰিব লাগিব।

উৎসঃ অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate