অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিৰীক্ষণ, মূল্যায়ন আৰু পুনৰীক্ষণ

নিৰীক্ষণ, মূল্যায়ন আৰু পুনৰীক্ষণ

১০.১ বিভিন্ন পৰ্যায়ত নিৰীক্ষণ

১০.১.১ গাওঁসভাই গাওঁ পৰ্যায়ত সকলো কামৰ বাবে আবেদন জনোৱা প্ৰতিজন লোককে নিযুক্তি দিয়াটো নিৰীক্ষণ কৰিব। পঞ্জীয়ন তথা জব কাৰ্ড জাৰিৰ লগতে সময়মতে মজুৰি প্ৰদানৰ বিষয়টোও গাওঁসভাই নিৰীক্ষণ কৰিব।

১০.১.২ অনুসন্ধান আৰু নিৰীক্ষণ সমিতিসমূহ আঁচনি খনৰ অধীনত অনুমোদিত প্ৰতিটো কাম চলি থকা সময়ত ইয়াৰ অগ্ৰগতি আৰু মান নিৰীক্ষণৰ বাবে কাম চলি থকা অঞ্চলটো অথবা গাওঁ খনৰ স্থানীয় সদস্যক লৈ এখন স্থানীয় অনুসন্ধান আৰু নিৰীক্ষণ সমিতি (ভি এম চি) গঠন কৰিব লাগিব। ভি এম চি খনত ৯ জন সদস্য থাকিব। সমিতি খনৰ সদস্য সকলক গাওঁসভাই নিৰ্বাচন কৰাৰ লগতে সমিতিখনত অনুসূচীত জাতি/জনজাতি আৰু মহিলাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব।

সমিতিখনৰ কমেও ৫০শতাংশ সদস্য এনৰেগা শ্ৰমিকৰ মাজৰ পৰা ল’ব লাগিব। ভি এম চি খন গাওঁ সভাই এবছৰৰ বাবে নিৰ্বাচন কৰিব লাগে। গাওঁ পঞ্চায়ত/ৰূপায়ন সংস্থাই কাম, সময়সীমা আৰু মানৰ সূচক সম্পৰ্কীয় মূল্যাংকনৰ বিষয়ে সমিতিখনক অৱগত কৰাব লাগিব। সমিতিৰ চূড়ান্ত প্ৰতিবেদন কামটো সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰৰ সৈতে সন্নিৱিষ্ট কৰিব লাগিব আৰু কামটো চলি থকা সংশ্লিষ্ট গাওঁপঞ্চায়তৰ অধীনস্থ গাওঁসভাৰ পৰৱৰ্ত্তী বৈঠকতো ইয়াত উপস্থাপন কৰিব লাগিব। প্ৰতিবেদনৰ এটাকৈ প্ৰতিলিপি আঁচনি বিষয়া আৰু জিলা আঁচনি সমন্বয়কলৈও প্ৰেৰণ কৰিব লাগিব। স্থানীয় অনুসন্ধান আৰু নিৰীক্ষণ সমিতি গঠন হোৱাতো নিশ্চিত কৰাৰ দ্বায়িত্ব আঁচনি বিষয়াৰ ওপৰত ন্যস্ত থাকিব। ভি এম চি এখন কামমুখী হোৱাৰ সলনি গাঁওমুখী হোৱা উচিত। ইয়াক গাওঁসভাই সামাজিক হিচাপ পৰীক্ষণেৰে সমৃদ্ধ কৰিব লাগিব।

১০.১.৩ নিজৰ দ্বায়িত্ব কাৰ্যকৰীভাৱে সম্পাদন কৰাৰ লগতে ফলপ্ৰসূভাৱে তথ্য আহৰণৰ উদ্দেশ্যে স্থানীয় হিতাধিকাৰী সমিতিও গঠন কৰিব পাৰি।

১০.১.৪ অন্যান্য ৰূপায়ন সংস্থাসমূহৰ দ্বাৰা সম্পাদিত কাম, সেই সংস্থাবোৰে কৰ্মস্থলীত ৰখা মাষ্টাৰ ৰোল আৰু মজুৰি দায়া নিৰীক্ষণ কৰিব গাওঁ পঞ্চায়তে।

১০.১.৫ আঞ্চলিক পঞ্চায়ত আৰু আঁচনি বিষয়াই পৰিয়ালৰ পঞ্জীয়ন, জব কাৰ্ড জাৰি, নিযুক্তিৰ দাবী আৰু আগবঢ়োৱা নিযুক্তি, মাষ্টাৰৰোল পৰিচালনা, নিবনুৱা ভাট্ৰা প্ৰদান, সামাজিক হিচাপ পৰীক্ষণ, পূঁজিৰ প্ৰৱাহ, শুদ্ধভাৱে আৰু সময়মতে মজুৰি প্ৰদান আৰু কামৰ অগ্ৰগতি তথা মান নিৰীক্ষণ কৰিব। আঁচনি বিষয়াই সকলো প্ৰতিবেদন জিলা আঁচনি সমন্বয়কলৈ প্ৰেৰণৰ দ্বায়িত্ব থাকিব। তেনেদৰে জিলা আঁচনি সমন্বয়কে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন প্ৰেৰণ কৰিব।

১০.১.৬ ৰূপায়নৰ সকলো দিশ বিশেষকৈ সময়মতে জব কাৰ্ড জাৰি, নিযুক্তিৰ ব্যৱস্থা, সামাজিক হিচাপ পৰীক্ষণ, পূঁজিৰ প্ৰৱাহ, কামৰ অগ্ৰগতি আৰু মান নিৰীক্ষণ কৰিব জিলা পঞ্চায়ত আৰু জিলা আঁচনি সমন্বয়কে।

১০.১.৭ ৰূপায়নৰ সকলো দিশ বিশেষকৈ সময়মতে আৰু যথাযথভাৱে মজুৰি প্ৰদান, সময়মতে নিবনুৱা ভাট্ৰা প্ৰদান আৰু অভিযোগ নিষ্পত্তি নিৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে। সামগ্ৰীক প্ৰতিবেদন আৰু প্ৰতিফল সমূহ ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব।

১০.১.৮ আভ্যন্তৰীণ আৰু বাহিৰৰ নিৰীক্ষণ সংস্থাৰ জৰিয়তে কেন্দ্ৰই এটা নিৰীক্ষণ ব্যৱস্থা গঠন কৰিব। কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদে এটা কেন্দ্ৰীয় নিৰীক্ষণ আৰু মূল্যাংকন ব্যৱস্থা যুগুত কৰি উলিয়াব।

১০.২ কাৰ্যসূচীৰ নিম্নোক্ত দিশবোৰ সকলো পৰ্যায়তে নিৰীক্ষণ কৰা হ’ব

(ক) বিশেষকৈ জব কাৰ্ডধাৰী সকলৰ মাজত এই আঁচনিখনৰ কাৰ্যকাৰিতা আৰু সহজলভ্যতাৰ সজাগতা বৃদ্ধি।

(খ) পঞ্জীয়নৰ আবেদন আৰু পঞ্জীয়নৰ বাবে সত্যতা নিৰূপণ প্ৰক্ৰিয়া।

(গ) জব কাৰ্ড দিওতে লাগিবলগীয়া সময়।

(ঘ) কামৰ আগতীয়াকৈ আবেদন।

(ঙ) তাৰিখ সম্বলিত ৰছিদ জাৰি।

(চ) ১৫ দিনৰ ভিতৰত নিযুক্তিৰ আৱণ্টন।

(ছ) কৰ্মস্থলীত প্ৰমান্য তথা নবীকৃত মাষ্টাৰ ৰোল পৰিচালনা।

(জ)সম্পাদিত কামৰ মান।

(ঝ) সম্পাদিত কামৰ জোখ-মাপ আৰু জোখ-মাপ বহীৰ চোৱা-চিতা।

(ঞ) সময়মতে তথা শুদ্ধ ৰূপত মজুৰি আদায়।

(ট) জবকাৰ্ডত অন্তৰ্ভূক্তি।

(ঠ) নীতি নিৰ্দেশনাত নিৰ্দ্ধাৰণ কৰি দিয়া তথ্যৰ পৰিচালনা।

(ড) অভিযোগ নিষ্পত্তি।

(ঢ) পূঁজিৰ ব্যৱহাৰ।

(ণ) সামাজিক হিচাপ পৰীক্ষণ সংস্থা।

১০.৩ নিৰীক্ষণ পদ্ধতিসমূহ-

১০.৩.১ বিভাগীয় বিষয়ববীয়া সকলে তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলগীয়া ক্ষেত্ৰ পৰ্যায় কামৰ আভ্যন্তৰীণ সত্যাপনৰ বাবে তলত দিয়া লক্ষ্যসমূহ নিৰ্ধাৰণ কৰা হৈছে-

ব্লক পৰ্যায়ত কামৰ ১০০%

জিলা পৰ্যায়ত কামৰ ১০%

ৰাজ্যিক পৰ্যায়ত ২%

১০.৩.২ বাহিৰা নিৰীক্ষণৰ জৰিয়তে সত্যতা নিৰূপণ আৰু মান নিৰ্ধাৰণ প্ৰক্ৰিয়া কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত সম্পাদন কৰিবই লাগিব। এই উদ্দেশ্যে কেন্দ্ৰীয় পৰিষদৰ অনুমোদন সাপেক্ষে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় মান নিৰীক্ষকক (এন কিউ এম) দায়িত্ব দিব পাৰে। একেদৰে ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পৰিষদৰ অনুমোদন সাপেক্ষে ৰাজ্য চৰকাৰে ৰাজ্যিক মান নিৰীক্ষক (এছ কিউ এম)ক দ্বায়িত্ব দিব পাৰে। ৰাজ্য চৰকাৰৰ অনুমোদন সাপেক্ষে জিলায়ো জিলা মান নিৰীক্ষক (ডি কিউ এম) চিনাক্ত কৰিব। মান নিৰীক্ষণৰ সমূহে ব্যৱহাৰ কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশাত্মক বিস্তৃত প্ৰাসঙ্গিক চৰ্ত নিৰ্ধাৰণ কৰিব পাৰে।

১০.৩.৩ আঁচনি বিষয়াৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্যায়লৈকে সকলো আঁচনি ৰূপায়ন কৰ্তৃপক্ষই কেন্দ্ৰীয় চৰকাৰে এনৰেগাৰ বাবে প্ৰস্তুত কৰা www.nrega.nic.in শীৰ্ষক এম আই এছৰ মাধ্যমত অনলাইনযোগে প্ৰতিবেদন দাখিল কৰিব লাগিব।

১০.৩.৪ আঁচনি এখনৰ বিস্তৃত তথা অবিৰত মূল্যাংকন নিশ্চিত কৰাৰ উদ্দেশ্যে ক্ষেত্ৰ ভ্ৰমণ, পৰিদৰ্শন আৰু নমুনা পৰীক্ষা (আভ্যন্তৰীন আৰু বাহ্যিকভাৱে) নিয়মীয়াকৈ সম্পাদন কৰিব লাগিব।

১০.৪ মূল্যায়ন

“স্থায়ী সম্পদ সৃষ্টিৰ লগতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন নিৰ্বাহী সম্পদৰ ভেটি” সুদৃঢ় কৰাই হ’ল এনৰেগাৰ উদ্দেশ্য (অধিসূচনা- ১ অনুচ্ছেদ- ২)। এনৰেগাৰ অধীনত কৰা বিনিয়োগে নিয়োগ আৰু ক্ৰয়শক্তিৰ সৃষ্টি, অৰ্থনৈতিক উৎপাদনতা বৃদ্ধি, কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি আৰু দুৰ্দশাজনিত প্ৰব্ৰজন হ্ৰাস কৰাৰ লগতে প্ৰাকৃতিক সম্পদ পুনৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। গতিকে এনৰেগাৰ বাবে কৰা বিনিয়োগক ফলাফললৈ ৰূপান্তৰিত কৰিব লাগিব। ফলাফল নিৰূপনৰ বাবে নিৰ্দিষ্ট এন আৰ ই জি এছ আঁচনিৰ ক্ষেত্ৰত নিয়মীয়াকৈ মূল্যায়ন আৰু নমুনা জৰীপ চলাব লাগিব।

১০.৪.১ জিলাভিত্তিক অধ্যয়ন চলাব লাগে অথবা ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে এনে অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে। ব্লকভিত্তিক মূল্যায়নমূলক অধ্যয়ন জিলা আঁচনি সমন্বয়কে চলাব লাগে অথবা তাৰ বাবে তেওঁ নিৰ্দেশ দিব লাগে।

১০.৪.২ ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগ বিচৰা উচিত। সকলো মূল্যায়ন সংস্থা এছ ই জি চিৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।

১০.৪.৪ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰে এছ ই জিয়ে নিজস্ব মূল্যাঙ্কন পদ্ধতি যুগুত কৰিব লাগে আৰু অন্যান্য সংস্থাৰ দ্বাৰা পুনৰীক্ষণ মূলক মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে। এই মূল্যায়নমূলক অধ্যয়নে পৰিকল্পনা, নিৰীক্ষণ অথবা ৰূপায়নৰ ক্ষেত্ৰত ল’ব পৰা নতুন পদক্ষেপৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে। পৰীক্ষা কৰি চোৱাৰ লগতে ৰাজ্য আৰু দেশৰ অন্যান্য প্ৰান্তলৈ প্ৰেৰণৰ বাবে এইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব লাগে।

১০.৪.৫ কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদৰ দ্বাৰা অনুমোদিত সূচক সমূহৰ ভিত্তিত বিভিন্ন সংস্থাৰ দ্বাৰা মূল্যাংঙ্কন কৰিব লাগে। ওপৰৰ ১০.২ দফাত সন্নিৱিষ্ট নিৰীক্ষণৰ সূচক সমূহক মূল্যাংকনৰ চৰ্তাৱলীয়ে সামৰি ল’ব পাৰে।

১০.৪.৬ মূল্যায়নমূলক অধ্যয়নৰ ফলাফলসমূহ এছ ই জি চি, জিলা পঞ্চায়ত আৰু অন্যান্য সংস্থা সমূহে সংশোধন প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰিব লাগিব। এনৰেগাৰ অধীনস্থ দ্বায়িত্ব তথা অধিকাৰসমূহ আইনগতভাৱে যুক্তিসংগত। সেইবাবে অন্যান্য সকলোৰে লগতে ৰূপায়নৰ প্ৰতিটো বিষয়তে শুদ্ধ তথা সংগ্ৰহ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ ক্ষেত্ৰতো ই প্ৰয়োজনীয়। কোনবোৰ নথি আৰু তথ্য ৰখাটো বাধ্যতামূলক সেই বিষয়ে এই অধ্যায়ত উনুকিয়াই দিয়া হৈছে। পৰিচালনা তথা তথ্য নিয়মীয়া নবীকৰণৰ বাবে মন্ত্ৰালয়ে প্ৰস্তুত কৰা বিস্তৃত কম্পিউটাৰ ভিত্তিক নিৰীক্ষণ আৰু তথ্য ব্যৱস্থা (এম আই এছ) কাৰ্যকৰী কৰণৰ প্ৰয়োজন হ’ব।

উৎসঃ অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate