অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পঞ্জীয়ন আৰু নিযুক্তিৰ যোগ্যতা

৫.১ এনৰেগা পৰিয়াল

৫.১.১ কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰা অঞ্চলবোৰৰ সকলো পৰিয়ালৰ বাবেই ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি (এন আৰ ই জি এছ) খন মুকলি থাকিব। এটা বিত্তীয় বৰ্ষত ১০০ দিনৰ নিশ্চিত নিয়োগ হ’ব পৰিয়ালভিত্তিক। প্ৰতিটো বছৰত ১০০ দিনৰ নিযুক্তি এটা পৰিয়ালৰ ভিতৰত ভগাই ল’ব পৰা যাব; একেটা পৰিয়ালৰ এজনতকৈ অধিক সদস্যক নিযুক্তি (একে সময়তে বা বেলেগ বেলেগ সময়ত) দিব পৰা যাব।

৫.১.২ নাম পঞ্জীয়ন কৰা একোটা পৰিয়ালৰ সকলো প্ৰাপ্ত বয়স্ক সদস্যই কামৰ বাবে আবেদন জনাব পাৰে। পঞ্জীয়নৰ বাবে তেওঁলোকে-

ক)  স্থানীয় বাসিন্দা হ’ব লাগিব: ‘স্থানীয়’ মানে গাঁও পঞ্চায়তৰ অধীনস্থ অঞ্চলত বাস কৰা। আগতে প্ৰব্ৰজন কৰা কিন্তু প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা থকা সকলো ইয়াৰ অন্তৰ্ভুক্ত হ’ব।

খ) অশৈলীগত কায়িক কাম কৰিবলৈ ইচ্ছুক হ’ব লাগিব।

গ) স্থানীয় গাঁও পঞ্চায়ত এটা পৰিয়াল হিচাপে আবেদন জনাব লাগিব।

৫.১.৩ ‘পৰিয়াল’ মানে পিতৃ, মাতৃ আৰু সন্তানক লৈ গঠিত একক পৰিয়ালক বুজোৱা হ’ব। পৰিয়ালৰ মুৰব্বীৰ ওপৰত সম্পূৰ্ণ বা বিশেষভাৱে নিৰ্ভৰশীল ব্যক্তিকো পৰিয়ালৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। এজনীয়া সদস্য বিশিষ্ট পৰিয়ালকো ‘পৰিয়াল’ হিচাপে গণ্য কৰা হ’ব।

৫.২ পঞ্জীয়নৰ বাবে আবেদন

৫.২.১ পঞ্জীয়নৰ বাবে উকা কাগজত আবেদন লিখি স্থানীয় গাঁও পঞ্চায়তত দাখিল কৰিব পাৰি। অশৈলীগত কায়িক শ্ৰম কৰিবলৈ আগ্ৰহী পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ নামৰ লগতে বয়স, লিংগ আৰু অনুসূচীত জাতি/জনজাতি আদিৰ তথ্য আবেদনত উল্লেখ কৰিব লাগিব। পঞ্জীয়ন আবেদনত সন্নিৱিষ্ট কৰিবলগীয়া তথ্যসমূহৰ বিষয়ে পৰিশিষ্ট বি-১ ত উল্লেখ কৰা হৈছে। ৰাজ্য চৰকাৰে ছপা আবেদন পত্ৰৰ ব্যৱস্থাও কৰিব পাৰে। কিন্তু তেনে আবেদন পত্ৰ খন ছপা নহ’লেও হ’ব।

৫.২.২ এজন লোকে ব্যক্তিগতভাৱে উপস্থিত হৈও পঞ্জীয়নৰ বাবে মৌখিকভাৱে অনুৰোধ জনাব পাৰে।

৫.২.৩ আবেদন কাৰী স্থানীয় বাসিন্দা হয় নে নহয়, পৰিয়ালগত পৰিচয়, আবেদনকাৰীসকল পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্য হয় নে নহয় তাৰ ভিত্তিত আবেদনৰ সত্যতা নিৰূপণ কৰিব লাগিব সংশ্লিষ্ট গাঁও পঞ্চায়তে।

৫.২.৪ ওপৰত উল্লেখ কৰা আবেদন দাখিল, পঞ্জীয়ন আৰু সত্যতা নিৰূপণ পদ্ধতিৰ ওপৰত নিৰ্ভৰ নকৰি এখন জিলাত উক্ত আইন ৰূপায়ণ প্ৰক্ৰিয়া আৰম্ভ হোৱা সময়ত এখন গাঁও সভা আহ্বান কৰিব পৰা যায়। আইনখনৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে পঞ্জীয়নৰ বাবে আবেদন প্ৰেৰণ আৰু আবেদনৰ সত্যতা নিৰূপণেই হ’ব এই গাঁও সভাখনৰ কাম।

৫.২.৫ উক্ত আইনৰ অধীনত নাম পঞ্জীয়নৰ বাবে আগ্ৰহী ব্যক্তি চিনাক্তকৰণৰ বাবে ঘৰে ঘৰে গৈ ও সমীক্ষা চলাব পাৰি। গাঁও পঞ্চায়তৰ সভাপতিক মুৰব্বী তথা ৱাৰ্ড সদস্য, অনুসূচীত জাতি/জনজাতি, মহিলা আৱাসী, গাঁও পৰ্য্যায়ৰ চৰকাৰী কৰ্মচাৰী আৰু গাঁও পঞ্চায়তৰ সচিবক সদস্য হিচাপে লৈ গঠিত গোট এটাই এই সমীক্ষা চলাব পাৰে। গোটৰ সদস্যসকলক ব্লক/জিলা পৰ্য্যায়ত প্ৰাথমিক প্ৰশিক্ষণ দিয়াব পাৰি।

৫.২.৬ প্ৰব্ৰজনৰ সম্ভাৱনা থকা পৰিয়ালবোৰক সৰ্বাধিক সুযোগ প্ৰদানৰ উদ্দেশ্যে গাঁও পঞ্চায়তৰ কাৰ্য্যালয় খোলা থকা সময়ছোৱাত গোটেই বছৰ পঞ্জীয়ন অব্যাহত থাকিব।

৫.২.৭ সত্যতা নিৰূপণ প্ৰক্ৰিয়া যথাসম্ভৱ সোনকালে সম্পূৰ্ণ কৰিব লাগিব। এই ক্ষেত্ৰত কোনো কাৰণতে গাঁও পঞ্চায়তে আবেদন লাভ কৰাৰ পৰা এপষেকতকৈ অধিক পলম হ’ব নোৱাৰিব।

৫.২.৮ সত্যতা নিৰূপণৰ পাছত গাঁও পঞ্চায়তে যাৱতীয় সকলো তথ্য নিজস্ব পঞ্জীয়ন বহীত অন্তৰ্ভুক্ত কৰিব।

৫.২.৯ পঞ্জীয়নভুক্ত প্ৰতিটো পৰিয়ালকে একোটা নিৰ্দিষ্ট পঞ্জীয়ন নম্বৰ দিয়া হ’ব। ২০০২ চনৰ বি.পি.এল. জৰীপৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে প্ৰৱৰ্তন কৰা ক’ডিং পদ্ধতিৰ সৈতে সংগতি থকাকৈ পঞ্জীয়ন নম্বৰ দিব লাগিব।

৫.২.১০ পঞ্জীয়নৰ প্ৰতিলিপি আঁচনি বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব। যাতে পৰৱৰ্তী পৰিকল্পনা প্ৰস্তুতি, চিনাক্তকৰণ আৰু তথ্য লিপিবদ্ধ কৰণৰ বাবে তেওঁ আঞ্চলিক পঞ্চায়ত আৰু জিলা পঞ্চায়তত দাখিল কৰিব পাৰে। এয়া খৰতকীয়াকৈ কৰিব লাগিব যাতে আঁচনি বিষয়াই সম্ভাৱ্য চাহিদাৰ তথ্য একত্ৰিত কৰি তাৰ বিপৰীতে সম্পদ আহৰণ কৰিব পাৰে।

৫.২.১১ পঞ্জীয়নভুক্ত শ্ৰমিকসকললৈ এখন গাঁও সভা অনুষ্ঠিত কৰাটো বাধ্যতামূলক।

৫.২.১২ পঞ্জীয়নৰ বাবে আবেদন জনোৱা এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত নাম, বাসিন্দা অথবা প্ৰাপ্তবয়স্ক অৱস্থা আদিৰ তথ্য যদি ভুল বুলি প্ৰমাণিত হয় তেন্তে তেওঁ অযোগ্য বিবেচিত হ’ব। তেনে ক্ষেত্ৰত গাঁও পঞ্চায়তে বিষয়টো আঁচনি বিষয়ালৈ প্ৰেৰণ কৰিব। আঁচনি বিষয়াই স্বতন্ত্ৰভাৱে সত্যতা নিৰূপণৰ লগতে সংশ্লিষ্ট ব্যক্তিগৰাকীক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়াৰ পাছত গাঁও পঞ্চায়তক সেই পঞ্জীয়নৰ লগতে জব কাৰ্ড বাতিলৰ নিৰ্দেশ দিব পাৰে। তেনে ধৰণৰ বাতিলৰ তালিকা ৰাজহুৱা কৰাৰ লগতে গাঁও সভাত দাখিল কৰিব লাগিব।

৫.৩ জব কাৰ্ড

৫.৩.১ পঞ্জীয়নভুক্ত প্ৰতিটো পৰিয়ালৰ বাবে গাঁও পঞ্চায়তে জব কাৰ্ড জাৰি কৰিব। সুপৰিকল্পিত জব কাৰ্ড সময়মতে জাৰি কৰাটো অত্যন্ত জৰুৰী। জব কাৰ্ড হ’ল এক গুৰুত্বপূৰ্ণ আইনগত নথি যিয়ে স্বচ্ছতা নিশ্চিত কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে শ্ৰমিকসকলক সুৰক্ষা দিয়ে।

৫.৩.২ সত্যতা নিৰূপণৰ পাছতেই তাৎক্ষণিকভাৱে জব কাৰ্ড জাৰি কৰিব লাগিব অৰ্থাৎ পঞ্জীয়নৰ বাবে আবেদন জনোৱাৰ এপষেকৰ ভিতৰতে জব কাৰ্ড দিব লাগিব। স্থানীয় জন সাধাৰণ উপস্থিতিত জব কাৰ্ড জাৰি কৰিব লাগিব।

৫.৩.৩ আবেদনকাৰী প্ৰাপ্তবয়স্ক সদস্যসকলৰ ফটো জব কাৰ্ডত লগাই দিব লাগিব। ফটোকে ধৰি জব কাৰ্ডৰ বাবদ হ’বলগীয়া ব্যয় আঁচনিখনৰ ব্যয়ৰ অংশ হিচাপে বহন কৰিব লাগিব। যদি তাৎক্ষণিকভাৱে ফটোৰ ব্যৱস্থা কৰিব পৰা নাযায় তেন্তে সংশ্লিষ্ট ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত (কিন্তু এমাহৰ অধিক পলম হ’ব নোৱাৰিব) ফটো লগোৱাৰ নিৰ্দেশ দিব পাৰে। কোনো এটা পৰিয়ালৰ জব কাৰ্ডত পৰিয়ালটোৰ পঞ্জীয়নভুক্ত প্ৰাপ্তবয়স্ক সদস্যসকলৰ বাহিৰে আন কোনো লোকৰে ফটো, নাম তথা অন্যান্য তথ্য জব কাৰ্ডত সন্নিৱিষ্ট হ’ব নোৱাৰিব।

৫.৩.৪ যিটো পৰিয়ালৰ বাবে জাৰি কৰা হৈছে সেই পৰিয়ালটোৰ জিম্মাতেই জব কাৰ্ডখন থাকিব।

৫.৩.৫ জব কাৰ্ডখন পাঁচ বছৰলৈকে বৈধ হৈ থাকিব। আৰু কাৰ্ডখনত কামৰ বাবে যোগ্য সদস্য নাম অন্তৰ্ভুক্তি অথবা আঁতৰ কৰাৰ সুবিধা থাকিব। কোনো পৰিয়ালৰ সদস্যৰ মৃত্যু অথবা স্থায়ীভাৱে বাসস্থানৰ সলনিৰ পৰিপ্ৰেক্ষিতত জব কাৰ্ডৰ পৰা নাম আঁতৰাবলগীয়া হ’লে সংশ্লিষ্ট পৰিয়ালে তাৎক্ষণিকভাৱে জনাব লাগিব। নতুনকৈ কোনো সদস্যৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সংশ্লিষ্ট পৰিয়ালে আবেদন জনাব লাগিব। গাঁও পঞ্চায়তেও পঞ্জীয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদ্ধতিৰ দৰেই প্ৰতি বছৰে নবীকৰণ প্ৰক্ৰিয়া হাতত ল’ব। কাম তথ্য স্থানীয় কৰ্মী বাহিনীৰ প্ৰব্ৰজনৰ সময়ৰ কথা মনত ৰাখি নবীকৰণ প্ৰক্ৰিয়াৰ সময় নিৰ্ধাৰণ কৰিব লাগিব।

৫.৩.৬ পঞ্জীয়ন ৰেজিষ্টাৰ বহীত ঘটোৱা নতুন সকলো সংযোজন আৰু বাতিলকৰণৰ বিষয়ে গাঁওসভাত পঢ়ি শুনাব লাগিব। গাঁও পঞ্চায়তে সংযোজন/বাতিলৰ তালিকা এখন আঁচনি বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব।

৫.৩.৭ এই প্ৰ-পত্ৰৰ অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ পৰিশিষ্ট বি-২ ত উল্লেখ কৰা হৈছে। সকলো ৰাজ্যৰে জব কাৰ্ডত সেই বৈশিষ্ট্যসমূহ প্ৰতিফলিত হ’ব লাগিব। জব কাৰ্ডৰ প্ৰ-পত্ৰ এনে হ’ব লাগে যাতে তাত সংশ্লিষ্ট পৰিয়ালৰ স্থায়ী তথ্যৰ লগতে নিয়োগ সম্পৰ্কীয় তথ্য পাঁচ বছৰৰ বাবে সন্নিৱিষ্ট কৰি ৰাখিব পাৰি। পৰিয়ালৰ পঞ্জীয়ন নম্বৰৰ লগতে কাম কৰিবলৈ আগ্ৰহী পৰিয়াল এটাৰ সকলো প্ৰাপ্তবয়স্ক সদস্যৰ যাৱতীয় তথ্য (যেনে বয়স আৰু লিংগ) ক স্থায়ী তথ্য হিচাপে সামৰি লোৱা হ’ব।

৫.৩.৮ মূল জবকাৰ্ডখন হেৰুৱালে অথবা নষ্ট হ’লে সংশ্লিষ্ট ব্যক্তিজনে এখন ডুপ্লিকেট জব কাৰ্ডৰ বাবে আবেদন জনাব পাৰে। তেনে আবেদন গাঁও পঞ্চায়তত দাখিল কৰিব লাগিব আৰু নতুন আবেদনৰ লেখীয়াকৈ যাৱতীয় প্ৰক্ৰিয়া সম্পাদন কৰিব লাগিব। গাঁও পঞ্চায়তে দিয়া ডুপ্লিকেট জব কাৰ্ডৰ আধাৰতে যাৱতীয় তথ্য পুনৰীক্ষণ কৰিব পৰা যাব।

৫.৩.৯ জবকাৰ্ড জাৰি নকৰা সন্দৰ্ভত কোনো ব্যক্তিৰ কিবা অভিযোগ থাকিলে সেই সন্দৰ্ভত তেওঁ আঁচনি বিষয়াৰ ওচৰত উত্থাপন কৰিব পাৰে। সেই অভিযোগ আঁচনি বিষয়াৰ বিৰুদ্ধে হ’লে সংশ্লিষ্ট ব্যক্তিজনে বিষয়টো জিলা আঁচনি সমন্বয়ক অথবা ব্লক বা জিলা পৰ্য্যায়ত অভিযোগ নিষ্পত্তিৰ ক্ষমতা প্ৰাপ্ত কৰ্তৃপক্ষক অৱগত কৰাব পাৰে। তেনেধৰণৰ সকলো অভিযোগ ১৫ দিনৰ ভিতৰতে নিষ্পত্তি কৰিব লাগিব।

৫.৪ কামৰ বাবে আবেদন

৫.৪.১ কামৰ বাবে আবেদন সাধাৰণতে গাঁও পঞ্চায়তত দাখিল কৰিব লাগিব। আইনখনত উল্লেখ কৰা মতে (২ নং অনুসূচীত, ৯ নং অনুচ্ছেদ) শ্ৰমিকসকলে নিজৰ আবেদন প্ৰত্যক্ষভাৱে আঁচনি বিষয়াৰ ওচৰতো দাখিল কৰিব পাৰে। কিন্তু সেয়া অন্তিম সুযোগ হিচাপেহে গণ্য কৰা হ’ব।

৫.৪.২ আবেদন লিখিত ৰূপত দাখিল কৰিব লাগিব আৰু তাত সন্নিৱিষ্ট হ’ব লাগিব।

  • জব কাৰ্ডৰ পঞ্জীয়ন নম্বৰ।
  • কেতিয়াৰ পৰা কাম বিচাৰিছে।
  • কিমান দিনৰ বাবে কাম বিচাৰিছে।

৫.৪.৩ কামৰ বাবে এখন উকা কাগজত আবেদন লিখি জমা দিব পাৰিব অথবা গাঁও পঞ্চায়তে বিনামূলীয়াকৈ আগবঢ়োৱা ছপা আবেদন পত্ৰ পূৰাই জমা দিব পাৰিব।

৫.৪.৪ কাম বিচৰা বছৰটোৰ বিভিন্ন সময়ৰ বিভিন্ন দিনৰ বাবে মাত্ৰ এখনেই আবেদন দাখিল কৰিব পাৰি। ভালেসংখ্যক আবেদনকাৰীয়ে ‘যুটীয়া আবেদন’ দাখিল কৰিবও পাৰিব। কাম কৰা আগ্ৰহৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে আবেদনকাৰীয়ে গাঁও পঞ্চায়ত কাৰ্যালয়ত ব্যক্তিগতভাৱে উপস্থিত হ’ব পাৰিব। গ্ৰাম ৰোজগাৰ সহায়কে সেই তথ্য নিৰ্ধাৰিত আবেদন পত্ৰ আৰু নিয়োগ পঞ্জীয়ন বহীত লিপিবদ্ধ কৰিব লাগিব। জব কাৰ্ড লাভ কৰা শ্ৰমিক এজনে কৰ্মস্থলীতে কামৰ বাবে আবেদন জনাব পাৰিব। সতীৰ্থ শ্ৰমিকসকলে তেওঁৰ নাম মাষ্টাৰৰোলত অন্তৰ্ভুক্ত কৰিব পাৰে। গ্ৰাম ৰোজগাৰ সহায়কেও আবেদন পত্ৰত যাৱতীয় তথ্য সন্নিৱিষ্ট কৰিব পাৰে। আনুষ্ঠানিকভাৱে কামৰ দাবী নজনোৱাকৈয়ে কাম লাভৰ ক্ষেত্ৰত এই ব্যৱস্থাই শ্ৰমিকসকলক উৎসাহিত কৰিব। আবেদন পত্ৰৰ অভাৱৰ দোহাই দি কাম নিদিয়াকৈ থাকিব নোৱাৰিব। আইনখনৰো এয়াই অন্তৰ্নিহিত মূল নীতি।

৫.৪.৫ আবেদনকাৰীক তাৰিখ সম্বলিত এখন ৰছিদ দিয়াটো বাধ্যতামূলক।

৫.৪.৬ নিযুক্তিৰ আবেদন পত্ৰত এখন ‘কাউন্টাৰ ফইল’ৰ ৰছিদ থাকিব লাগে য’ত তাৰিখ লিপিবদ্ধ কৰিব পাৰি আৰু নিযুক্তি বিচাৰি আবেদন জনোৱাৰ পাছতেই তাৰিখ সম্বলিত ৰছিদ দিব পৰা যায়। তাৰিখযুক্ত ৰছিদ সম্বলিত কামৰ আবেদন পত্ৰৰ এটা আৰ্হি পৰিশিষ্ট-১ ত দিয়া হৈছে। এই নীতি-নিৰ্দেশনাত উল্লেখ কৰা ধৰণে কাম বিচাৰি দাখিল হোৱা সকলো আবেদন পত্ৰ নিয়োগ ৰেজিষ্টাৰত অন্তৰ্ভুক্ত কৰিব লাগিব।

৫.৪.৭ কাম বিচাৰি দাখিল হোৱা নতুন আবেদনৰ বিষয়ে গাঁও পঞ্চায়তে সপ্তাহত কমেও এবাৰকৈ আঁচনি বিষয়াক অৱগত কৰাব লাগিব।

৫.৫ নিয়োগৰ সুযোগ সমূহৰ আবন্টন

৫.৫.১ এনৰেগাৰ ১ নং অনুসূচীৰ দশম অনুচ্ছেদত উল্লেখ কৰা হৈছে যে কামৰ বাবে আবেদন জনোৱা লোকক আইনখনৰ আধাৰত অনুমোদিত যিকোনো কামলৈ প্ৰেৰণ কৰিব পাৰিব আঁচনি বিষয়া আৰু গাঁও পঞ্চায়তে। কামৰ আবেদন সম্পৰ্কীয় তথ্যৰ বিপৰীতে আঁচনি বিষয়া আৰু গাঁও পঞ্চায়তে দিয়া কামৰ আবন্টনৰ তথ্য ঠিক মতে ৰখাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে স্পষ্ট বাধ্যতামূলক ব্যৱস্থা এটা যুগুত কৰিব। এই তথ্য জব কাৰ্ড নিয়োগ ৰেজিষ্টাৰতো লিপিবদ্ধ কৰিব লাগিব। নিয়োগৰ আবন্টন আৰু মুকলি কৰা কামৰ তথ্য দুয়োটা সংস্থাই আদান-প্ৰদান কৰিব লাগিব।

৫.৫.২ যদি কিছুসংখ্যক আবেদনকাৰীক কামৰ বাবে ঘৰৰ পৰা পাঁচ কিলোমিটাৰতকৈ অধিক দূৰলৈ যাবলৈ দিব লগা হয় তেনে ক্ষেত্ৰত ঘৰৰ নিকটৱৰ্তী কৰ্মস্থলীত কামৰ সুযোগৰ ক্ষেত্ৰত মহিলা (বিশেষকৈ অকলশৰীয়া মহিলা) আৰু বয়সস্থ ব্যক্তিসকলক অগ্ৰাধিকাৰ দিব লাগিব।

৫.৫.৩ এবছৰত এটা পৰিয়ালৰ বাবে ১০০ দিনৰ কৰ্ম সংস্থানৰ সুযোগ পৰিয়ালটোৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ মাজত ভগাই দিব পাৰি। যদি একেখন জবকাৰ্ডধাৰী এটা পৰিয়ালৰ ভালে কেইগৰাকী সদস্যই একেখন আঁচনিৰ অধীনত সমসাময়িকভাৱে নিযুক্তি পালে তেওঁলোকক একেটা কৰ্মস্থলীতে কাম কৰাৰ অনুমতি দিব লাগিব। যদি একেটা পৰিয়ালৰে সদস্যসকলক ভিন ভিন কৰ্মস্থলীত কাম দিবলগীয়া হয় তেনে পৰিস্থিতিত প্ৰতিটো কৰ্মস্থলীতে সঠিকভাৱে জব কাৰ্ড নিশ্চিত কৰিব লাগিব গাঁও পঞ্চায়তে।

৫.৫.৪ কাম বিচাৰি গাঁও পঞ্চায়তত অনুৰোধ জনালে গাঁও পঞ্চায়তে নিজৰ দ্বাৰা সম্পাদিত হৈ থকা (বা সম্পাদন হ’বলগীয়া) কামত নিযুক্তিৰ সুবিধা আগবঢ়াব লাগিব। যদি কোনো পৰিস্থিতিত সেইটি সম্ভৱ নহয় তেনে অৱস্থাত গাঁও পঞ্চায়তে আঁচনি বিষয়াক অৱগত কৰাব লাগিব। আঁচনি বিষয়াই এটা যোগ্য ৰূপায়ণ সংস্থাক কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে কামটোৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলোৱাৰ ব্যৱস্থা কৰিব।

৫.৫.৫ যদি গাঁও পঞ্চায়তে নিজৰ তালিকাভুক্ত কামৰ অধীনত নিযুক্তি দিয়াটো সম্ভৱ নহয় বুলি তথা গাঁও পঞ্চায়তৰ বাহিৰৰ এলেকাত নিযুক্তি দিব লাগিব বুলি নিশ্চিত হয় তেন্তে সেই বিষয়ে আঁচনি বিষয়াক জনাব লাগিব।

৫.৫.৬ গাঁও পঞ্চায়তৰ পৰা এই তথ্য লাভ কৰাৰ পাছত আঁচনি বিষয়াই কামৰ আবন্টন দিব। বিভিন্ন গাঁও পঞ্চায়তক সামৰি লোৱা প্ৰকল্পসমূহৰ মাজৰ পৰা সেই কাম বাছনি কৰিব লাগিব। এনে কামৰ আবন্টন সন্দৰ্ভত আঁচনি বিষয়াই সংশ্লিষ্ট গাঁও পঞ্চায়তক অৱগত কৰাব যাতে গাঁও পঞ্চায়তৰ নিয়োগ ৰেজিষ্টাৰত সেই তথ্য একত্ৰিতভাৱে সন্নিৱিষ্ট কৰিব পাৰি।

৫.৫.৭ যদি আঁচনি বিষয়াৰ ওচৰত নিযুক্তিৰ অনুৰোধ জনোৱা হয় আৰু তেওঁ কামৰ আবন্টন দিয়ে তেন্তে আঁচনি বিষয়াই গাঁও পঞ্চায়তক জনাব লাগিব যাতে কাম আৰু নিযুক্তি সম্পৰ্কীয় তথ্যপাতিৰ প্ৰতিটো পৰ্য্যায়তে সমন্বয় সাধন কৰিব পাৰি। নিয়োগৰ আবন্টন সন্দৰ্ভত গাঁও পঞ্চায়তেও আঁচনি বিষয়াক জনাব লাগিব। তথ্য এই আদান-প্ৰদান এক নিৰ্ধাৰিত প্ৰ-পত্ৰযোগে সাপ্তাহিক ভিত্তিত সম্পাদন কৰিব লাগিব।

৫.৫.৮ যিসকল আবেদনকাৰীক কাম আগবঢ়োৱা হৈছে তেওঁলোকক সেই বিষয়ে গাঁও পঞ্চায়ত/আঁচনি বিষয়াই পত্ৰযোগে অৱগত কৰাব লাগিব। জব কাৰ্ডত থকা ঠিকনাত সংশ্লিষ্ট আবেদনকাৰীসকললৈ পত্ৰ প্ৰেৰণ কৰিব লাগিব। পত্ৰযোগে জনোৱাৰ উপৰি গাঁও পঞ্চায়ত আৰু আঁচনি বিষয়াৰ কাৰ্য্যালয়ত ৰাজহুৱা জাননীও দিব লাগিব।

৫.৫.৯ নিয়োগৰ ক্ষেত্ৰত মহিলাক এনে ভাৱে অগ্ৰাধিকাৰ দিব লাগিব যাতে হিতাধিকাৰীসকলৰ ভিতৰত কমেও এক-তৃতীয়াংশ মহিলা হয়। যিসকলে আঁচনিখনৰ অধীনত পঞ্জীয়ন কৰি কামৰ বাবে আবেদন জনাইছে (এনৰেগা, দ্বিতীয় অনুসূচী, ৬ নং অনুচ্ছেদ)

৫.৫.১০ যদি গ্ৰামাঞ্চলৰ কোনো বাধাগ্ৰস্ত লোকে কামৰ বাবে আবেদন জনায় তেন্তে তেওঁৰ সামৰ্থ্য আৰু অৰ্হতাৰ সৈতে খাপ খোৱা কাম দিব লাগিব। এয়াও হ’ব পাৰে সংশ্লিষ্ট কাৰ্যসূচীৰ অবিচ্ছেদ্য অংশ হিচাপে চিনাক্ত কৰা সেৱাৰ ৰূপত। শাৰীৰিক বাধাগ্ৰস্ত ব্যক্তিৰ বাবে সুবিধা (সমান সুযোগ, অধিকাৰৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশ গ্ৰহণ), আইন ১৯৯৫ এই ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগিব।

৫.৫.১১ প্ৰতিজন আবেদনকাৰীকে অশৈলীগত কায়িক কাম দিয়াটো নিশ্চিত কৰাৰ দায়িত্ব আঁচনিখনৰ দ্বিতীয় অনুসূচী, অনুচ্ছেদৰ অধীনত আঁচনি বিষয়াৰ ওপৰত ন্যস্ত কৰা হৈছে। তেনেদৰে গাঁও পঞ্চায়ত আৰু অন্যান্য ৰূপায়ণ সংস্থাৰ সৈতে সমন্বয় তথা সম্পদৰ সহযোগৰ সামগ্ৰিক দায়িত্ব আঁচনি বিষয়াৰ ওপৰত ন্যস্ত থাকিব। প্ৰতিজন আবেদনকাৰীয়ে আইনগত সুবিধামতে কাম পোৱাটো নিশ্চিতকৰণৰ বাবে আঁচনি বিষয়াই পৰ্যবেক্ষণ কৰাৰ লগতে নিজৰ দায়িত্ব পালনৰ বাবে গাঁও পঞ্চায়ত আৰু অন্যান্য ৰূপায়ণ সংস্থাক নিৰ্দেশ দিব পাৰিব। যদি এই ক্ষেত্ৰত কোনো ৰূপায়ণ সংস্থা ব্যৰ্থ হয় তেনে অৱস্থাত আবেদনকাৰীসকল যাতে বঞ্চিত হ’বলগীয়া নহয় সেয়া আঁচনি বিষয়াই নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে, যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিষয়টো জিলা আঁচনি সমন্বয়কৰ ওচৰলৈ প্ৰেৰণ কৰিব।

৫.৬ সময় নিৰ্ধাৰিত নিযুক্তি

৫.৬.১ আবেদন লাভৰ ১৫ দিনৰ ভিতৰত আবেদনকাৰীক মজুৰি ভিত্তিক নিযুক্তিৰ সুবিধা আগবঢ়োৱাৰ দায়িত্ব গাঁও পঞ্চায়ত/আঁচনি বিষয়াৰ ওপৰত ন্যস্ত থাকিব। আগতীয়া আবেদনৰ ক্ষেত্ৰত নিযুক্তি বিচৰাৰ তাৰিখ অথবা আবেদন দাখিল কৰা তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত যিটোৱে পাছত হয় তাৰ ভিতৰত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব।

৫.৬.২ যদি ১৫ দিনৰ ভিতৰত নিযুক্তি দিবলৈ কোনো গাঁও পঞ্চায়ত ব্যৰ্থ হ’লে নিযুক্তি নিশ্চিত কৰাৰ দায়িত্ব আঁচনি বিষয়াই ল’ব লাগিব। আঁচনি বিষয়াই দিয়া নিয়োগৰ আবন্টনৰ বিষয়ে গাঁও পঞ্চায়তক জনাব লাগিব। তেনেদৰে গাঁও পঞ্চায়তে দিয়া নিযুক্তিৰ বিষয়েও আঁচনি বিষয়াক অৱগত কৰাব লাগিব।

৫.৬.৩ কামৰ বাবে অনুৰোধ লাভ কৰাৰ পাছতো আঁচনি বিষয়াৰ দ্বাৰা নিৰ্দেশিত কোনো ৰূপায়ণ সংস্থাই যদি সময়মতে কাম আৰম্ভ নকৰে অথবা গাঁও পঞ্চায়তে প্ৰেৰণ কৰা ব্যক্তিক নিযুক্তি নিদিয়ে তেন্তে সেই আবেদনকাৰীসকলৰ নিশ্চিত বাবে আঁচনি বিষয়াই বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব।

৫.৬.৪ আইনখনৰ ১৪ (ডি) অনুচ্ছেদ অনুসৰি, আবেদনকাৰীসকলক তেওঁলোকে বিচৰা মতে নিযুক্তি দিয়াটো নিশ্চিত কৰাৰ বাবে জিলা আঁচনি সমন্বয়কে আঁচনি বিষয়া আৰু ৰূপায়ণ সংস্থাবোৰৰ মাজত সমন্বয় ৰক্ষা কৰিব। নিযুক্তিৰ সুবিধা দিয়াৰ ক্ষেত্ৰত কোনো আঁচনি বিষয়া ব্যৰ্থ হ’লে নিয়োগৰ উপযুক্ত ব্যৱস্থাৰ বাবে জিলা আঁচনি সমন্বয়কে হস্তক্ষেপ কৰিব।

উৎস: অসম চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate