অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বচ্ছতা আৰু দায়বদ্ধতা

ৰাজহুৱা অনুসন্ধান আৰু সামাজিক হিচাপ পৰীক্ষণ

১২.১   পৰিচিতি

১২.১.১  ৰাষ্টীয় নিয়োগ নিশ্চিত আঁচনিৰ এক বৈশিষ্ট্য হ'ল যে  অবিৰত ৰাজহুৱা অনুসন্ধানৰ ব্যৱস্থা হিচাপে 'সামাজিক হিচাপ পৰীক্ষক' কেন্দ্ৰীয় ভূমিকা প্ৰদান কৰিছে  (এনৰেগা, ১৭ নং অনুচ্ছেদ) । প্ৰকল্প ৰূপায়ণ, আইন তথা নীতিৰ ক্ষেত্ৰত ৰাজহুৱা দায়বদ্ধতা নিশ্চিত কৰাটোৱে হ'ল সামাজিক হিচাপ পৰীক্ষণৰ প্ৰাথমিক উদ্দেশ্য। সামাজিক হিচাপ পৰীক্ষণৰ এটা সাধাৰণ ৰূপ হ'ল এক ৰাজহুৱা সমাৱেশ য'ত প্ৰকল্প এটাৰ সকলো দিশ বিস্তৃতভাৱে পুনৰীক্ষণ কৰা হয়। অৱশ্যে ৰাজহুৱা হিচাপ পৰীক্ষণক এক বহল দৃষ্টিভঙ্গীৰে ৰাজহুৱা অনুসন্ধানৰ এক অবিৰত প্ৰক্ৰিয়া হিচাপে গণ্য কৰিব পাৰি। সেই ধাৰণাৰেই উক্ত শব্দটো এই অধ্যায়ত ব্যৱহাৰ কৰা হৈছে। খেলিমেলি নহ'বৰ বাবে, সামাজিক হিচাপ পৰীক্ষণৰ অংশ হিচাপে গাওঁ সভাই সময়ে সময়ে আহ্বান কৰা বৈঠকক বুজাবলৈ 'সামাজিক হিচাপ পৰীক্ষণ মঞ্চ' বাক্যংশ ব্যৱহাৰ কৰা হ'ব।

১২.১.২   এই প্ৰসঙ্গত সামাজিক হিচাপ পৰীক্ষণ হ'ল এক অবিৰত প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো কাম বা প্ৰকল্পৰ উপযুক্ত হিতাধিকাৰী আৰু অন্যান্য অংশীদাৰসকলক ৰূপায়ণ, নিৰীক্ষণ আৰু মূল্যায়ণ এই সকলো স্তৰতে জড়িত কৰোৱা হয়। কোনো এটা কাম বা প্ৰকল্পৰ সাম্প্ৰতিক (স্থানীয়) অৱস্থাৰ সৈতে সম্পূৰ্ণ খাপ খোৱাকৈ আৰ্হি প্ৰস্তুত তথা ৰূপায়ণ, ইয়াৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ অগ্ৰাধিকাৰ প্ৰতিফলনৰ লগতে ৰাজহুৱা স্বাৰ্থ দক্ষতাৰে পূৰণ কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত ই সহায়ক হয়।

১২.১.৩  সেয়েহে ৰাজহুৱা বিষয়ত কেতবোৰ প্ৰাথমিক নীতিৰ অগ্ৰাধিকাৰৰ মাধ্যম হিচাপে সামাজিক হিচাপ পৰীক্ষণক গণ্য কৰিব পাৰি:

স্বচ্ছতা : জনসাধাৰণক সকলো তথ্য সম্পূৰ্ণৰূপে জনোৱাৰ বাবে চৰকাৰৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি প্ৰশাসনিক তথা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতা অৱলম্বন কৰিব লাগিব । কামৰ যাৱতীয় তথ্যসমূহে পৰিশিষ্ট বি-১৩ ত দিয়া ধৰণে স্থানীয় ভাষাৰ প্ৰ-পত্ৰযোগে কৰ্মস্থলত প্ৰদৰ্শন কৰিব লাগিব । আনহাতে, বি-১৪ ত দিয়া আৰ্হি অনুসৰি গাওঁ পঞ্চায়তৰ গুৰুত্ব পূৰ্ণ স্থানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগিব ।

অংশগ্ৰহণ : প্ৰভাৱিত সকলো ব্যক্তিয়ে (তেওঁলোক প্ৰতিনিধি নহয়) সিদ্ধান্ত গ্ৰহণ আৰু বৈধতা প্ৰদান প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব লাগে।

পৰামৰ্শ আৰু সন্মতি : যিবোৰ ক্ষেত্ৰত প্ৰয়োজনৰ ভিত্তিত ব্যৱস্থাসমূহ পূৰ্ব নিৰ্ধাৰিত হয় তেনে ক্ষেত্ৰত প্ৰভাৱিত ব্যক্তিসকলে একগোট হৈ অথবা ব্যক্তিগতভাৱে সন্মতি জনোৱাৰ অধিকাৰ লাভ কৰিব।

দায়বদ্ধতা : সংশ্লিষ্ট প্ৰভাৱিত ব্যক্তিসকলক গুৰুত্বপূৰ্ণ পদক্ষেপ সম্পৰ্কীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ লগতে প্ৰয়োজনীয় ব্যাখ্যা আগবঢ়োৱাটো নিৰ্বাচিত প্ৰতিনিধি আৰু চৰকাৰী বিষয়-ববীয়া সকলৰ দায়িত্ব।

নিষ্পত্তি : সামাজিক হিচাপ পৰীক্ষণ আৰু অন্যান্য ৰাজহুৱা অনুসন্ধানৰ তথ্যসমূহলৈ চৰকাৰী অনুমোদন আগবঢ়োৱা, প্ৰয়োজনীয় ফলাফল লাভ কৰা তথা অভিযোগৰ বিপৰীতে ব্যৱস্থা গ্ৰহণকে ধৰি সকলো কথা জনসাধাৰণক পুনৰ জনোৱাৰ বাবে এয়া হ'ল যাৱতীয় নীতি।

১২.২   নিয়োগ নিশ্চিত দিৱস

১২.২.১  প্ৰতিখন গাওঁ পঞ্চায়তে কামৰ আবেদনৰ উপৰি তথ্যৰ প্ৰচাৰ, কামৰ আবন্টন, মজুৰি আৰু নিবনুৱা ভাট্টা প্ৰদান আদি আনুসংগিক কামৰ বাবে সপ্তাহৰ এটা নিৰ্দ্দিষ্ট দিন (নিয়োগ নিশ্চিত দিৱস অথৱা ৰোজগাৰ দিৱস) হিচাপে চিহ্নিত কৰিব লাগে। অৱশ্যে সেই কামবোৰ একমাত্ৰ নিয়োগ নিশ্চিত দিনটোৰে সীমাবদ্ধ ৰাখিব নোৱাৰিব। বিশেষকৈ, কামৰ আবেদন যিকোনো সময়তে গ্ৰহণ কৰিব লাগিব।

১২.২.২   নিয়োগ নিশ্চিত দিৱসত লাভ কৰা কামৰ আবেদনসমূহ তাত্ক্ষণিকভাৱে আঁচনি বিষয়ালৈ চুপাৰিশ কৰিব লাগিব। লগতে গাওঁ পঞ্চায়ত পৰ্যায়ত কিমান সংখ্যক আবেদনৰ বিপৰীতে কামৰ সুবিধা প্ৰদান কৰিব পৰা যাব সেই কথাও উনুকীয়াই দিব লাগিব।

১২.২.৩   গাওঁ পঞ্চায়তৰ সভাপতিৰ লগতে এন আৰ ই জি এছ ও সহযোগৰ বাবে গাওঁ পঞ্চায়তত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকল (গ্ৰাম ৰোজগাৰ সহায়ক) নিয়োগ নিশ্চিত দিৱসত উপস্থিত থাকিব লাগিব।

১২.২.৪   তথ্যৰ সংক্ৰিয় প্ৰকাশৰ সুবিধাৰে নিয়োগ নিশ্চিত দিৱসৰ কাৰ্যসূচী এক মুকলি ৰাজহুৱা স্থানত অনুস্থিত কৰিব লাগিব। মাষ্টাৰ ৰোল, নিযুক্তিৰ তালিকা, নিবনুৱা ভাট্টাৰ তালিকা আদিকে ধৰি যাৱতীয় তথ্য প্ৰকাশ কৰিব লাগিব।

১২.৩    এক অবিৰত প্ৰক্ৰিয়া হিচাপে সামাজিক হিচাপ পৰীক্ষণ

১২.৩.১  এনৰেগাৰ প্ৰেক্ষাপটত সামাজিক হিচাপ পৰীক্ষণত ৰূপায়নৰ নিম্নোক্ত ১১ টা স্তৰৰ ক্ষেত্ৰত ৰাজহুৱা অনুসন্ধান আৰু সত্যাপনৰ ব্যৱস্থা কৰিব লাগে।

  • পৰিয়ালৰ পঞ্জীয়ন
  • জবকাৰ্ড বিতৰণ
  • কামৰ আবেদন গ্ৰহণ আৰু তাৰিখ যুক্ত ৰছিদ প্ৰদান
  • প্ৰকল্পৰ তালিকা প্ৰস্তুতি আৰু এলেকা বাচনি ।
  • কাৰিকৰী মূল্যায়নৰ উন্নয়ন সাধন আৰু অনুমোদন তথা কামৰ আদেশ জাৰি ।
  • আবেদনকাৰীসকলৰ বাবে কামৰ আবন্টন
  • কাৰ্যসম্পাদন আৰু মাষ্টাৰৰোলৰ পৰিচালনা
  • মজুৰি প্ৰদান
  • কামৰ মূল্যায়ন
  • নিবনুৱা ভাট্টা প্ৰদান
  • গাওঁ সভাত বাধ্যতামূলক সামাজিক হিচাপ পৰীক্ষণ (সামাজিক হিচাপ ফ'ৰাম)

ক্ৰমিক

নং

পৰ্যায়

আসোঁৱাহ

স্বচ্ছতা আৰু সামাজিক হিচাপ পৰীক্ষা

নিশ্চিতকৰণৰ পদক্ষেপ

১.

গ্ৰামীন নিয়োগ নিশ্চিত আঁচনিৰ যোগ্য শ্ৰমিক পৰিয়ালৰ পঞ্জীয়ন

 

(দায়িত্ব : সভাপতি/গাঁও পঞ্চায়তৰ সম্পাদক)

১) সংশ্লিষ্ট কাৰ্যপালকৰ

অনুপস্থিতি ।

২) যোগ্য আবেদনকাৰীৰ নাম পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ ।

৩) প্ৰতিটো পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যৰ অসম্পূৰ্ণ তালিকা ।

৪) ভুৱা পৰিয়াল/ব্যক্তিৰ পঞ্জীয়ন ।

৫) অসম্পূৰ্ণ পঞ্জীয়ন প্ৰ-পত্ৰ নাকচ ।

৬)নামপৰিয়ালয়ৰ পঞ্জীয়নৰ বাবে ধন দাবী ।

 

১) পঞ্জীয়ন প্ৰক্ৰিয়া স্বচ্ছ হ’ব লাগিব । পঞ্জীয়ন ৰাজহুৱাভাৱে কৰিব লাগিব । য’ত ব্যক্তিসকলে  নিজৰ লগতে আনৰো সকলো তথ্যপাতি সত্যতা প্ৰতিপন্ন কৰাৰ সুবিধা থাকিব ।

২) এক বিশেষভাৱে আয়োজিত গাঁওসভাত কৰিব লাগে প্ৰাথমিক পঞ্জীয়ন ।

৩) পঞ্জীয়নৰ বাবে সকলো পৰিয়াল আৰু পৰিয়ালবোৰৰ প্ৰাপ্তবয়স্ক সদস্য সংখ্যাৰ হিচাপ উলিওৱাৰ বাবে গাঁও পঞ্চায়তে এটা আগতীয়া সমীক্ষা চলাব লাগে । যোগ্য তথা উক্ত আঁচনিত অন্তৰ্ভুক্তিৰ বাবে আগ্ৰহী সকলো ব্যক্তিক সামৰি লোৱাৰ ক্ষেত্ৰত সমীক্ষাই এক ভিত্তি হোৱা উচিত ।
৪) ভুৱা/অযোগ্য ব্যক্তিৰ নাম পঞ্জীয়নত বাধা দিয়াৰ ক্ষেত্ৰতো এই সমীক্ষাই সহায় কৰিব । কিন্তু সমীক্ষাৰ বাহিৰত ৰৈ যাব পৰা যোগ্য ব্যক্তিক বঞ্চিত কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰিব নালাগে ।
৫) প্ৰাথমিক পঞ্জীয়নৰ পাছত গাঁওসভাত ৰাজহুৱাকৈ পঢ়ি দিব লাগে :

□ পঞ্জীয়নভুক্ত পৰিয়ালৰ তালিকা

□ পঞ্জীয়নভুক্ত প্ৰতিটো পৰিয়ালৰ পঞ্জীয়ন কৰা প্ৰাপ্তবয়স্ক সদস্যৰ তালিকা ।

৬) তলৰ ছিঙিব পৰা ৰিছিপ্তমুক্ত এখন প্ৰ-পত্ৰ পঞ্জীয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব ।

৭) যিকোনো ধৰণে অসম্পূৰ্ণ প্ৰ-পত্ৰ এখন ততালিকে সম্পূৰ্ণ কৰাৰ দায়িত্ব সংশ্লিষ্ট কাৰ্যবাহকৰ ।

৮) পৰিয়াল/প্ৰাপ্তবয়স্ক ব্যক্তিৰ চূড়ান্ত তালিকা সত্যাপন কৰাৰ লগতে নাম বাদ পৰা সম্পৰ্কীয় অভিযোগ নিষ্পত্তি কৰিব লাগিব ।

৯) সংশ্লিষ্ট পৰিয়ালৰ সদস্যসকলক কথা কোৱাৰ সুযোগ নিদিয়াকৈ নাম পঞ্জীয়ন নকৰাৰ কোনো ঘটনা ঘটিব নোৱাৰিব । পঞ্জীয়ন অস্বীকাৰৰ সকলো ঘটনা গাঁওসভাত উত্থাপন কৰিব লাগিব ।

১০) চূড়ান্ত তালিকাখন ৰাজহুৱা প্ৰদৰ্শনৰ বাবে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আঁৰি দিব লাগিব আৰু প্ৰতি তিনি মাহৰ মূৰে মূৰে নবীকৰণ কৰিব লাগিব ।

১১) প্ৰাথমিক পঞ্জীয়নৰ পাছত গাঁও পঞ্চায়তত পঞ্জীয়ন প্ৰক্ৰিয়া চলি থাকিব ।

২.

জবকাৰ্ড বিতৰণ (সভাপতি)

১) জবকাৰ্ড পোৱাত পলম হোৱা

১) পঞ্জীয়নৰ তাৰিখৰ পৰা জবকাৰ্ড বিতৰণলৈ মাজত এমাহৰ ব্যৱধান (বলবত্ যোগ্য) থাকিব লাগিব ।

 

ক্ৰমিক
নং

পৰ্যায়

আসোঁৱাহ

স্বচ্ছতা আৰু সামাজিক হিচাপ পৰীক্ষা

নিশ্চিতকৰণৰ পদক্ষেপ

২.

 

গ্ৰামীণ

২) ভুৱা জবকাৰ্ড জাৰি

৩) অযোগ্য ব্যক্তিলৈ জবকাৰ্ড :

ক) অনাবাসী ব্যক্তিলৈ

খ) নাবালকলৈ

গ) তালিকাভুক্ত পৰিয়ালৰ সদস্য নোহোৱা ব্যক্তিলৈ

৪) জবকাৰ্ড জাৰি নকৰা

৫) জবকাৰ্ড জাৰি কৰাৰ বিনিময়ত ধন দাবী কৰা

 

2) জবকাৰ্ডধাৰী ব্যক্তিৰ তালিকা প্ৰতিমাহে নবীকৰণ কৰাৰ লগতে পৰীক্ষাৰ বাবে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপলব্ধ কৰিব লাগিব।

৩) জাৰি কৰা সকলো জবকাৰ্ডৰ ফটোকপি সন্নিবিষ্ট এটা ফাইল পৰীক্ষাৰ বাবে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাখিব লাগিব ।

৪) বিনামূলীয়াকৈ বিতৰণ কৰা বুলি জবকাৰ্ডত উল্লেখ থাকিব লাগিব । এনৰেগাৰ অধীনস্থ প্ৰাথমিক সুবিধা (ন্যূনতম মজুৰিৰে সৈতে)-ৰ তালিকাখনো জবকাৰ্ডৰ এপিঠিত লিখা থাকিব লাগিব ।

৩.

কামৰ আবেদন গ্ৰহণ (সভাপতিআঁচনি বিষয়া)

১)কামৰ আবেদন গ্ৰহণ কৰিবলৈ প্ৰকৃত কৰ্তৃপক্ষৰ অস্বীকাৰ ।

২) কামৰ আবেদনত ভুল তাৰিখ অথবা কোনো তাৰিখ উল্লেখ নথকা ।

১) ব্যক্তিসকলে কামৰ আবেদন ডাকযোগে প্ৰেৰণ কৰিব পাৰে অথবা হাতে হাতেও দিব পাৰে ।

২) আবেদন জমা দিয়াৰ লগে লগে এখন লিখিত, স্বাক্ষৰিত তথা তাৰিখ সন্নিবিষ্ট ৰিছিপ্ট পোৱাটো তেওঁলোকৰ অধিকাৰ ।

৩) লাভ কৰা সকলো আবেদনৰ বিস্তৃত বিৱৰণ সম্বলিত এখন ৰেজিষ্টাৰৰ লগতে প্ৰতিসপ্তাহে নবীকৰণ কৰা তাৰিখৰ ভিত্তিক তালিকা এখন গাঁও পঞ্চায়তৰ কাৰ্যালয়ত প্ৰদৰ্শন কৰি থ’ব লাগিব ।

৪) যিকোনো ধৰণে অসম্পূৰ্ণ আবেদন এখন সম্পূৰ্ণ কৰাৰ দায়িত্ব সংশ্লিষ্ট কাৰ্যপালকৰ । অসম্পূৰ্ণ হোৱাৰ অজুহাততে আবেদন এখন নাকচ কৰিব নোৱাৰিব ।

৫) পূৰ্বে প্ৰস্তুত কৰা সহজ আবেদন প্ৰ-পত্ৰ উপলব্ধ কৰিব লাগে যাতে মৌখিকভাৱে আবেদন জনাব খোজা কোনো ব্যক্তিৰ নামতো গাঁও পঞ্চায়তৰ বিষয়-ববীয়াই তাত্ক্ষণিকভাৱে তেনে আবেদন প্ৰ-পত্ৰ পূৰণ কৰি দিব পাৰে আৰু সংশ্লিষ্ট আবেদনকাৰীয়ে এখন পাব পাৰে ।

৪.

কোনো এখন গাঁও পঞ্চায়তত সম্পাদন কৰিবলগীয়া ৰাজহুৱা কামৰ বাছনি (দায়িত্ব : সভাপতি)

১) কম গুৰুত্বপূৰ্ণ অথবা সামঞ্জস্যহীন কামৰ বাছনি

২) ন্যস্ত স্বাৰ্থ পূৰণ কৰা কামৰ বাছনি

৩) তেনে কামৰ বাবে ৰাজহুৱা সমৰ্থনসহযোগৰ অভাৱ ।

৪) কাম কৰিবলগীয়া অঞ্চলৰ বাছনিত আসোঁৱাহ

১) ৰূপায়ণ কৰিবলগীয়া প্ৰকল্প/কাম নিৰ্দ্ধাৰণ কৰিব গাঁও সভাই ।

২) প্ৰকল্প/কামৰ যথাৰ্থতা আৰু অগ্ৰাধিকাৰ ভিত্তিক গুৰুত্বও নিৰ্দ্ধাৰণ কৰিব গাঁও সভাই।

৩) চূড়ান্তভাৱে বাছনি কৰা প্ৰকল্প আৰু কামবোৰৰ অগ্ৰাধিকাৰ ভিত্তিক তালিকা এখন গাঁও পঞ্চায়তৰ কাৰ্যালয়ত প্ৰদৰ্শন কৰিব লাগিব ।

৫.

কাৰিকৰী মূল্যায়নৰ উন্নয়ন আৰু অনুমোদন তথা কামৰ নিৰ্দেশ জাৰি । (দায়িত্ব : কনিষ্ঠ অভিযন্তা/সভাপতি)

১) বিসংগতিপূৰ্ণ/সামঞ্জস্যহীন কাৰিকৰী মূল্যায়ন ।

২) মূল্যায়নত অদৰকাৰী খৰচৰ অন্তৰ্ভুক্তি

৩) অত্যধিক নিৰিখ তথা সা-সামগ্ৰী

 

 

১) কাৰিকৰী মূল্যায়ণ প্ৰস্তুতিৰ ক্ষেত্ৰত স্থানীয় লোকক জড়িত কৰিবই লাগিব ।

২) অনুমোদনৰ বাবে কাৰিকৰী মূল্যায়ণ গাঁওসভাত দাখিল কৰিব লাগিব ।

৩) কাৰিকৰী মূল্যায়ণৰ আৰ্হি সহজ হোৱাৰ লগতে ৰাইজে বুজি পোৱা হ’ব লাগিব ।

 

 

ক্ৰমিক
নং

পৰ্যায়

আসোঁৱাহ

স্বচ্ছতা আৰু সামাজিক হিচাপ পৰীক্ষা

নিশ্চিতকৰণৰ পদক্ষেপ

 

 

 

৪) ৰাইজে বিচাৰিলেই মাষ্টাৰ ৰোলৰ তথ্য পাব লাগিব।

৫) প্ৰতিসপ্তাহে পাঁচজন শ্ৰমিকে নিজস্ব কামৰ এলেকাৰ সকলো বিল/ৰছিদ পৰীক্ষা কৰি প্ৰমাণিত কৰিব লাগিব।

৬) অনুমোদনৰ কামৰ নিৰ্দেশৰ এটা প্ৰতিলিপি ৰাজহুৱা প্ৰদৰ্শনৰ বাবে কাম চলা ঠাইত ৰাখিব লাগিব।

৭) তথ্যজনাৰ অধিকাৰ, ২০০৫-ৰ বাবে যুগুতোৱা পদ্ধতিৰে কোনো কামৰ নমুনা সংগ্ৰহৰ সুবিধা থাকিব লাগিব ।

৮)সা-সামগ্ৰীৰ দৈনিক হিচাপ ৰখাৰ লগতে পাঁচজন শ্ৰমিকে সেই হিচাপ সদায় পুনৰীক্ষণ কৰিব লাগিব ।

৯) প্ৰতিটো কাম আৰু প্ৰতিজন শ্ৰমিকৰ দৈনিক/ব্যক্তিগত জোখ-মাপৰ তথ্য ৰাজহুৱা নিৰীক্ষণৰ বাবে উপলব্ধ কৰিব লাগিব ।

১০) নিৰ্দ্ধাৰিত পৰীক্ষণ তালিকাৰ ভিত্তিত তদাৰক সমিতিয়ে কামৰ পৰীক্ষা কৰিব লাগিব । সেই পৰীক্ষাৰ প্ৰতিবেদন সামাজিক হিচাপ ফ’ৰামৰ দুমহীয়া বৈঠকৰ আগতেহে প্ৰস্তুত কৰিব লাগিব ।

 

মজুৰি প্ৰদান (দায়িত্ব : কাৰ্য ৰূপায়ণ/কৰ্তৃত্বশীল সংস্থা)

১) মজুৰি প্ৰদান নকৰা।

২) পলমকৈ মজুৰি প্ৰদান।

৩) অযোগ্য ব্যক্তিক মজুৰি প্ৰদান।

৪) অস্তিত্বহীন (মৃত) শ্ৰমিকৰ নামত মজুৰি প্ৰদান

৬) অস্তিত্বহীন প্ৰকল্পৰ নামত মজুৰি প্ৰদান ।

৭) ন্যূনতম মজুৰি প্ৰদানত ব্যৰ্থতা।

 

১) কোনো ধৰণৰ বিসংগতি নহ’বৰ বাবে এক নিৰ্দিষ্ট ঠাইত তথা নিৰ্দিষ্ট দিনত মজুৰি প্ৰদান কৰিব লাগে ।

২) ভুৱা শ্ৰমিকৰ নামত মজুৰি প্ৰদানত বাধা দিয়া আৰু অশিক্ষিত লোকসকল যাতে প্ৰবঞ্চিত নহয় তাৰ বাবে মজুৰি লাভ কৰোতা আৰু মজুৰিৰ পৰিমাণৰ ডাঙৰকৈ ঘোষণা কৰি দিব লাগিব ।

৩) ৰাজহুৱাভাৱে ঘোষণা কৰাৰ আগতে দিবলগীয়া সকলো মজুৰিৰ বিস্তৃত তালিকা এখন ৰাজহুৱা স্থানত আঁৰি দিব লাগিব ।

৪) ডাকঘৰ আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে মজুৰি প্ৰদানৰ ব্যৱস্থাও কৰিব পাৰি ।

৫) প্ৰতিজন শ্ৰমিককে নিজৰ ন্যায্য প্ৰাপ্য মজুৰি দিয়াৰ উদ্দেশ্যে অংশ নিৰিখৰ হিচাপ গাইগুটীয়াভাৱে প্ৰকাশ কৰিব লাগে । ভুৱা শ্ৰমিকৰ নামত মজুৰি প্ৰদান তথা তেনেধৰণৰ অনিয়মত এই ব্যৱস্থাই বাধা দিব ।

 

নিবনুৱা ভাট্টা প্ৰদান ((দায়িত্ব : আঁচনি বিষয়া)

১) কামৰ বাবে আবেদন নকৰা বুলি মিছাকৈ কৈ লোক এজনক নিবনুৱা ভাট্টা নিদিয়া ।

২) পলমকৈ নিবনুৱা ভাট্টা প্ৰদান ।

৩) অযোগ্য ব্যক্তিক নিবনুৱা ভাট্টা প্ৰদান ।

৪) অস্তিত্বহীন (মৃত) ব্যক্তিক নিবনুৱা ভাট্টা প্ৰদান ।

৫) ভাট্টা প্ৰদানৰ বিনিময়ত ধন দাবী ।

১) কামৰ আবণ্টন সম্পৰ্কে প্ৰতি সপ্তাহে ৰাজহুৱা ঘোষণা দিব লাগিব আৰু কাম আবণ্টনৰ নিৰ্দেশবোৰ ৰাজহুৱাকৈ প্ৰদৰ্শন কৰিব লাগিব ।

২) কোনো অনিয়ম নহ’বৰ বাবে কোনো ৰাজহুৱা স্থানত নিৰ্দিষ্ট দিনত ভাট্টা প্ৰদান কৰিব লাগিব ।

৩) ভুৱা ব্যক্তিৰ নামত বাট্টা বিতৰণ তথা অশিক্ষিত লোকসকল যাতে বঞ্চিত নহয় সেয়া নিশ্চিত কৰাৰ বাবে ভাট্টা লাভ কৰা সকলো ব্যক্তিৰ নাম আৰু লাভ কৰা ধনৰ পৰিমাণ ডাঙৰকৈ মাতি দিব লাগিব ।

৪) ডাঙৰকৈ মাতি দিয়াৰ আগতেই দিবলগীয়া ধনৰ বিস্তৃত তালিকা এখন সহজে যাব পৰা ৰাজহুৱা স্থানত আঁৰি দিব লাগিব ।

 

ক্ৰমিক
নং

পৰ্যায়

আসোঁৱাহ

স্বচ্ছতা আৰু সামাজিক হিচাপ পৰীক্ষা

নিশ্চিতকৰণৰ পদক্ষেপ

 

 

 

 

৫) ডাকঘৰ আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰাপ্য ধন প্ৰদানৰ ব্যৱস্থা কৰিব পাৰি ।

৬) নিবনুৱা ভাট্টা লাভৰ বাবে যোগ্য ব্যক্তিসকলৰ এখন তালিকা গাঁও পঞ্চায়তে প্ৰতি সপ্তাহতে সাপ্তাহিক বৈঠকৰ আগতেই যুগুত কৰিব লাগিব ।

 

১০

সম্পূৰ্ণ হোৱা কামৰ মূল্যায়ণ(দায়িত্ব : সভাপতি/আঁচনি বিষয়া/কৰ্তৃত্বশীল সংস্থা)

১) বিসংগতিপূৰ্ণ জোখ-মাপ লোৱা অথবা লিপিবদ্ধ কৰা

২) কোনো এটা অঞ্চলত চলা কামৰ তথ্য সংগ্ৰহ নকৰা ।

৩) কাম সম্পূৰ্ণ হোৱা ভুৱা প্ৰমাণ-পত্ৰ দিয়া .

৪) নিৰ্দিষ্ট নিৰ্দেশনা/মান অনুসৰি কাম নকৰা ।

৫) খেলিমেলি অথবা বিসংগতিপূৰ্ণভাৱে তথ্য লিপিবদ্ধ কৰা ।

১) নিৰ্দ্ধাৰিত নিৰ্দেশনা আৰু মান মতে কাম কৰা হৈছে নে নাই সেই বিষয়ে এখন মুকলি ‘প্ৰকল্প সভা’ত পৰীক্ষা কৰিব লাগিব । সংশ্লিষ্ট এলেকাটোত কাম কৰা গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনিৰ সকলো শ্ৰমিকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰিবলগীয়া উক্ত ‘প্ৰকল্প সভা’ গাঁও পঞ্চায়ত সকলো লোকৰ বাবেই মুকলি থাকিব ।

২) কাম সম্পূৰ্ণ হোৱা তথ্য-পাতিবোৰ ৰাইজে বুজি পোৱা ধৰণৰ এক আৰ্হিমতে উক্ত সভাতে ৰাজহুৱাকৈ সদৰী কৰিব লাগিব । মুকলি ‘প্ৰকল্প সভা’ অনুষ্ঠিত নোহোৱাকৈ আৰু সেই সভাৰ দৃষ্টিভংগীক বিবেচনা নকৰাকৈ কাম সম্পূৰ্ণ হোৱা প্ৰমাণ-পত্ৰ দিব নোৱাৰিব ।

৩) সেই সভাৰ উপৰি গাঁও সভাৰ সামাজিক হিচাপ ফ’ৰামত সংশ্লিষ্ট কামৰ যথাৰ্থতা নিৰূপণ কৰিব লাগিব ।

৪) হিচাপ পৰীক্ষণ আৰু সমস্যা সমাধান সম্পৰ্কীয় বিভাগক নিয়মীয়াকৈ প্ৰতিবেদন আগবঢ়োৱাৰ লগতে ব্লক/জিলা পৰ্যায়ত বাৰ্ষিক প্ৰতিবেদনৰ অংশ যুগুতাব লাগিব ।

৫) এবছৰত সম্পূৰ্ণ হোৱা সকলো কাম সন্দৰ্ভত তথা ব্যক্তিগত অধিকাৰ সম্পৰ্কীয় গাঁও সভা পৰ্যায়ৰ বিস্তৃত শুনানি বছৰত দুবাৰকৈ অনুষ্ঠিত কৰিব লাগিব । ৰাজহুৱা শুনানিৰ বাবে প্ৰয়োজনীয় সকলো দিশৰ বিষয়ে পুস্তিকাত দিয়া হৈছে ।

 

১১

সম্পূৰ্ণ হোৱা কামৰ মূল্যায়ণ(দায়িত্ব : সভাপতি/আঁচনি বিষয়া/কৰ্তৃত্বশীল সংস্থা)

১) ওপৰত উল্লেখিত দিশবোৰৰ লগতে নিৰ্দেশনাত নিৰ্দ্ধাৰণ কৰি দিয়া মতে স্বচ্ছতা বজাই ৰাখিব নোৱাৰা বাবে তথ্য-পাতি যোগান নধৰা ।

২) প্ৰাপ্য অধিকাৰ লাভত ব্যৰ্থতা আৰু বিষয়াৰ দায়বদ্ধতা সাব্যস্ত কৰণত ব্যৰ্থ হোৱা । সংশ্লিষ্ট আঁচনি সন্দৰ্ভত প্ৰমাণ-পত্ৰ লাভত ব্যৰ্থতা অথবা আঁচনি সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিয়াত ব্যৰ্থ হোৱা ।

ইতিমধ্যে সম্পাদন হোৱা কাম তথা ব্যক্তিগত অধিকাৰ সন্দৰ্ভত সামাজিক হিচাপ ফ’ৰাম নামেৰে পৰিচিত বিস্তৃত ৰাজহুৱা শুনানি গাঁও সভা পৰ্যায়ত বছৰত দুবাৰকৈ অনুষ্ঠিত কৰিব লাগিব । ৰাজহুৱা শুনানিৰ বাবে প্ৰয়োজনীয় দিশবোৰৰ বিষয়ে লিখিত ৰূপত আগবঢ়োৱা হৈছে ।

 

১২.৩.২ উক্ত প্ৰতিটো পৰ্যায়তে বিভিন্ন কাৰণত ৰূপায়ণ প্ৰক্ৰিয়াই পূৰ্বতে উল্লেখ কৰা মাত্ৰা প্ৰাপ্তিত ব্যৰ্থ হ’ব পাৰে ।

এনে সম্ভাৱ্য আশংকাসমূহৰ এখন তালিকাৰ লগতে সেইবোৰ ৰোধ কৰা অথবা সমাধান কৰাৰ সম্ভাৱ্য পদক্ষেপ

সমূহ এক  নং  তালিকাত সন্নিবিষ্ট কৰা হৈছে । এই অধ্যায়ৰ বাকী অংশত আলোচনা কৰা হৈছে সামাজিক

হিচাপ পৰীক্ষণ প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায় : সামাজিক হিচাপ ফ’ৰাম ।

১২.৪   সামাজিক হিচাপ ফ’ৰাম

১২.৪.১  সামাজিক হিচাপ পৰীক্ষণৰ প্ৰচলিত প্ৰক্ৰিয়াৰ উপৰি সামাজিক হিচাপ পৰীক্ষাৰ সকলো দিশৰ বাধ্যতামূলকভাৱে

পৰ্যালোচনা কৰিব লাগিব গাঁও সভাত বৈঠকত । এই উদ্দেশ্যত গাঁও সভাৰ বৈঠক ছমাহত কমেও এবাৰ

অনুষ্ঠিত হ’ব। এনে সামাজিক হিচাপ ফৰামত তথ্যসমূহ ৰাজহুৱাকৈ পাঠ কৰা হ’ব । আনহাতে, বিষয়-

ববীয়াসকলক  প্ৰশ্ন কৰা, তথ্য বিচৰা আৰু লাভ কৰা, বিত্তীয় ব্যয়ৰ পুনৰীক্ষণ দায়িত্বৰ সুবিধা পৰীক্ষা

কৰা, আঁচনিত প্ৰতিফলিত হোৱা অগ্ৰাধিকাৰৰ পৰ্যালোচনা, কামৰ লগতে আঁচনিত জড়িত কৰ্মচাৰীসকলৰ

সেৱাৰ পুখানুপুংখ মূল্যায়নৰ সুযোগ এই সামাজিক হিচাপ ফ’ৰামৰে ৰাইজক দিয়া হ’ব ।

১২.৪.২  অৰ্থাত্ সামাজিক হিচাপ ফ’ৰামে ৰাইজক যাৱতীয় স্বচ্ছতা আৰু দায়বদ্ধতাৰ সৈতে সংগতিৰ পৰ্যালোচনা কৰাৰ

সুযোগেই অকল নিদিয়ে; ই এক আনুষ্ঠানিক মঞ্চ আগবঢ়ায় য’ত ৰাইজে নিজৰ এলেকাত বিগত ছমাহত

ৰূপায়িত এনৰেগাৰ সমগ্ৰ কাম-কাজৰ বিস্তৃত ৰাজহুৱা হিচাপ পৰীক্ষা কৰিব পাৰে ।

১২.৪.৩  এক কাৰ্যকৰী সামাজিক হিচাপ ফ’ৰামে তিনিধৰণৰ বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে:

১) ফ’ৰামৰ আগতে প্ৰচাৰ প্ৰস্তুতি

(২) ফ’ৰামৰ সাংগঠনিক আৰু পদ্ধতিগত দিশসমূহ আৰু

(৩) এন আৰ ই জি এছ সামাজিক হিচাপ ফ’ৰামৰ বাধ্যতামূলক কাৰ্যসূচী ।

এই বিষয়কেইটা পৰৱৰ্তী তিনিটা খণ্ডত আলোচনা কৰা হৈছে ।

১২.৫    সামাজিক হিচাপ ফ’ৰাম : প্ৰস্তুতি পৰ্ব

সকলো ব্যক্তি তথা ভয়শূন্য অংশগ্ৰহণৰ ওপৰতে নিৰ্ভৰ কৰে ফ’ৰামৰ সাফল্য । কাৰ্যকৰী ৰাজহুৱা

অংশগ্ৰহণৰ  বাবে ফ’ৰাম সন্দৰ্ভত পৰ্যাপ্ত প্ৰচাৰৰ লগতে ৰাজহুৱা মতামতৰ প্ৰয়োজন । সকলো তথ্যপাতি

জনসাধাৰণে সহজতে বুজি পোৱাকৈ গাঁও পঞ্চায়তৰ সভাপতিয়ে ৰাইজক যোগান ধৰিব লাগে ।

১২.৫.১  প্ৰচাৰ

(১) সৰ্বাধিক হিচাপ ফ’ৰামৰ তাৰিখ সম্পৰ্কে আগতীয়াকৈ জাননী দিয়া (কমেও এমাহ আগতে) আৰু এই

ফ’ৰাম অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মাহ ভিত্তিক এক বাৰ্ষিক সূচী মানি চলা ।

(২) প্ৰচাৰৰ পৰম্পৰাগত পদ্ধতি (যেনে ঢোল বজাই ৰাইজক জাননী দিয়া)-ৰ লগতে আধুনিক প্ৰচাৰ পদ্ধতি (যেনে-মাইক্ৰফোন যোগে ঘোষণা দিয়া) ব্যৱহাৰ কৰিব লাগিব ।

(৩) জাননী ফলকত জাননী আঁৰি সংবাদ পত্ৰ প্ৰচাৰ পত্ৰিকা আদিৰ জৰিয়তে ঘোষণা বিতৰণ ।

(৪) এই হিচাপ পৰীক্ষণ এক অভিযানৰ ৰূপত সম্পাদন কৰিব লাগে যাতে ফ’ৰামৰ প্ৰতিষ্ঠানত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমগ্ৰ প্ৰশাসন সক্ৰিয় হৈ পৰে নথিপত্ৰৰ প্ৰস্তুতি ।

(৫) তথ্য সম্পূৰ্ণৰূপে লাভ কৰাৰ ওপৰতে নিৰ্ভৰ কৰে সামাজিক হিচাপ ফৰামত জনসাধাৰণৰ কাৰ্যসূচী অংশগ্ৰহণ। কাম চলি থকা

সময়তে যাৱতীয় সকলো নথিপত্ৰ আৰু তথ্য সহজে লাভ কৰিলে এই ক্ষেত্ৰত বিশেষভাৱে সহায়ক হয় । অৱশ্যে তথ্য একগোট কৰি

সৰলীকৰণ কৰাটোও সামাজিক হিচাপ ফৰামৰ প্ৰস্তুতি পৰ্বৰ এক গুৰুত্বপূৰ্ণ অংশ । উদাহৰণ স্বৰূপে অধিক বোধগম্য কৰাৰ বাবে উপযুক্তসমূহৰ সাৰাংশ আগতীয়াকৈ প্ৰস্তুত কৰিব লাগে । সেই সাৰাংশসমূহ ৰাইজৰ মাজত আগতীয়াকৈ উপলব্ধ কৰোৱাৰ লগতে সামাজিক হিচাপ ফ’ৰামত পাঠ কৰিব লাগিব। এনেদৰে:

(৬) কামৰ সম্পূৰ্ণ ফাইল অথবা সেইবোৰৰ প্ৰতিলিপিকে ধৰি সকলো প্ৰাসংগিক নথিপত্ৰ সামাজিক হিচাপ ফ’ৰামৰ কমেও ১৫ দিনৰ আগতে পৰ্যবেক্ষণৰ কাৰণে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপলব্ধ কৰাব লাগিব। এই সময়ছোৱাত গাঁও পঞ্চায়তৰ সকলো বাসিন্দাকে যাৱতীয় নথিপত্ৰ বিনামূলীয়াকৈ তথা সহজভাৱে যোগান ধৰিব লাগিব আৰু পৰ্যবেক্ষণৰ বাবে মাছুল ল’ব নোৱাৰিব । এই সময়ছোৱাত কোনোবাই

নথিপত্ৰৰ প্ৰতিলিপি বিচাৰিলে এসপ্তাহৰ ভিতৰতে আগবঢ়াব লাগিব । এইক্ষেত্ৰত হোৱা খৰছখিনিকে মূল্য হিচাপে ল’ব লাগিব।

৭) সামাজিক হিচাপ ফ’ৰামত উপস্থাপনৰ বাবে মাষ্টাৰৰোল আৰু বিলসমূহৰ সাৰাংশ আগতীয়াকৈ প্ৰস্তুত কৰিব লাগিব । যদি সম্ভৱ হয় তেন্তে এই সাৰাংশবোৰ ফ’ৰাম অনুষ্ঠিত হোৱাৰ আগৰ ১৫(পোন্ধৰ)-দিন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ চাৰ্ট হিচাপে প্ৰদৰ্শন কৰিব লাগিব ।

(৮) যিকোনো তথ্য পুনঃ পৰীক্ষা কৰিবৰ বাবে ফ’ৰামৰ দিনা মূল ফাইলবোৰ উপলব্ধ কৰিব লাগিব। হিচাপ পৰীক্ষণৰ বাবে প্ৰয়োজনীয়

কামৰ তালিকা আগতীয়াকৈ প্ৰস্তুত কৰিব লাগিব আৰু কাৰ্যসূচীৰ অন্যান্য বিষয়ৰ সৈতে জাননী ফলকত আঁৰি দিব লাগিব।

১২.৫.২   সামাজিক সমাজ ফ’ৰাম : পদ্ধতিগত আৰু সাংগঠনিক প্ৰয়োজনীয়তা

(১)সামাজিক হিচাপ ফ’ৰামৰ কাৰ্যকাৰিতাৰ বাবে সুপৰিকল্পিত পদূলিৰ অত্যন্ত প্ৰয়োজন। ফ’ৰামৰ কাৰ্যক্ৰমনিকা স্বচ্ছ আৰু নিৰপেক্ষভাৱে পৰিচালনা কৰিব লাগে য’ত আটাইতকৈ দৰিদ্ৰ আৰু উপান্ত লোকসকলে আত্মবিশ্বাস তথা নিৰ্ভিকভাৱে অংশগ্ৰহণ কৰিব পাৰে।

অভিসন্ধিমূলকভাৱে যাতে ফ’ৰামক বিপথে পৰিচালিত কৰা নহয় তাৰ প্ৰতি যত্নপৰ হ’ব লাগিব। ইয়াৰ শেষৰফালে:

-ৰাইজৰ অংশগ্ৰহণত সুবিধা হোৱাকৈ ফ’ৰামৰ সময় নিৰ্দ্ধাৰণ কৰিব লাগিব। অৰ্থাৎ ফ’ৰামৰ সময় এন আৰ ই জি এছ শ্ৰমিক, মহিলা আৰু উপান্ত গোটবোৰৰ বাবে উপযুক্ত হ’ব লাগে।

-ফ’ৰামৰ মূল সকলো গাঁও সভাৰ সৈতে একে হ’ব লাগিব। এই ক্ষেত্ৰত প্ৰাসঙ্গিক শ্ৰেণী (যেনে-মহিলা, অনুসূচিত জাতি, জনজাতি আৰু অ’বি চি)-ৰ বাবে পৃথকে পৃথকে মূলৰ বাবে আবেদন জনাব লাগিব। অৱশ্যে মূলৰ অভাৱৰ দোহাই দি প্ৰশ্ন আৰু অভিযোগ লিপিবদ্ধ নকৰাকৈ থাকিব নোৱাৰিব। সামাজিক হিচাপ পৰীক্ষণৰ অভিযোগ সকলো সময়ৰে লিপিবদ্ধ কৰিব লাগিব।

- পঞ্চায়ত অথবা কোনো ৰূপায়ণ সংস্থাৰ অংশ নোহোৱা ব্যক্তি এজনক সামাজিক হিচাপ ফ’ৰামৰ সভাপতি হিচাপে বাছনি কৰিব লাগিব।

-ফ‘ৰামৰ সভাপতিজন গাঁও পঞ্চায়তৰ বাহিৰৰ এজন বিষয়ববীয়া হ’ব লাগিব ।

-তথ্য উপস্থাপন কৰিবলগীয়া ব্যক্তিগৰাকী কাৰ্যৰূপায়ণৰ সৈতে জড়িত ব্যক্তি হ’ব নালাগিব । নিৰ্ধাৰিত আৰ্হিমতে তথ্যসমূহ উচ্চস্বৰে ৰাইজৰ সন্মুখত পাঠ কৰাৰ বাবে অনুসন্ধান সমিতিৰ সদস্য অথবা বিদ্যালয় এগৰাকী শিক্ষকক (উদাহৰণ স্বৰূপে) বাছি ল’ব পাৰি।

-গাঁও সভাৰ সদস্যসকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে ৰূপায়ণ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলো বিষয়ববীয়া সামাজিক হিচাপ ফ’ৰামত উপস্থিত থাকিব লাগিব।

-যাৱতীয় সিদ্ধান্ত আৰু প্ৰস্তাৱসমূহ ভোটৰ ভিত্তিত হ’ব লাগিব । কিন্তু বিপৰীতমুখী মতামত সমূহো লিপিবদ্ধ কৰিব লাগিব ।

-ফ’ৰামৰ কাৰ্যবিৱৰণী নিৰ্দ্ধাৰিত আৰ্হি অনুসৰি ৰূপায়ণ সংস্থাৰ বাহিৰৰ ব্যক্তি এজনৰ দ্বাৰা লিপিবদ্ধ কৰাব লাগিব আৰু বৈঠকৰ আৰম্ভণি আৰু

শেষত সকলো অংশগ্ৰহণকাৰীয়ে কাৰ্য বিৱৰণী ৰেজিষ্টাৰত চহী কৰিব লাগিব (প্ৰস্তাৱসমূহ লিপিবদ্ধ কৰাৰ পাছত)।

-স্বচ্ছতাৰ নিৰীক্ষণ সূচীৰ সৈতে বাধ্যতামূলক কাৰ্যসূচী (তলত দিয়া হৈছে) মানি চলিব লাগিব । নিৰ্দ্ধাৰিত প্ৰ-পত্ৰত সকলো অভিযোগ লিপিবদ্ধ কৰিব লাগিব ।

-পূৰ্বৰ সামাজিক হিচাপ পৰীক্ষাৰ সৈতে সম্পৰ্ক থকা ‘পদক্ষেপ গ্ৰহণ প্ৰতিবেদন’ প্ৰতিখন ফ’ৰামৰ আৰম্ভণিতে পাঠ কৰিব লাগিব ।

-ইয়াৰ উপৰি প্ৰেৰণৰ বাবে তথ্য যুগুতকৰণত সহায় হোৱাৰ লগতে বিশেষ বিশেষ সামাজিক হিচাপ ফ’ৰামত অংশগ্ৰহণকাৰী বিশেষজ্ঞ (অভিযন্তা আৰু একাউন্টেন্ট) আনিব পাৰে । ফ’ৰামৰ পাছতেই তেওঁলোকে কৰ্মস্থলী পৰিদৰ্শন কৰিব পাৰিব আৰু ৰাইজে অভিযোগ উত্থাপন কৰা অথবা দুৰ্নীতিৰ প্ৰমাণ দিয়া কামৰ ক্ষেত্ৰত বিস্তৃত অনুসন্ধান চলাব পাৰে।

-সামাজিক হিচাপ ফ’ৰাম আৰু কাৰিকৰী দলৰ প্ৰতিবেদনসমূহ প্ৰয়োজনীয় ব্যৱস্থা  গ্ৰহণৰ বাবে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আঁচনি বিষয়া আৰু জিলা পঞ্চায়তত দাখিল কৰিব লাগিব।

-সামাজিক হিচাপ ফ’ৰামৰ সময়ত তথ্য জনাৰ অধিকাৰ আইন আৰু সামাজিক হিচাপ পৰীক্ষণৰ নিয়মাৱলী পুস্তিকা প্ৰচাৰ কৰিব লাগিব যাতে ফ’ৰামে ৰাজহুৱা অনুসন্ধান প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ হিচাপেও কাম কৰিব পাৰে।

(২) সামাজিক হিচাপ পৰীক্ষণ আহ্বান কৰাটো নিশ্চিত কৰাৰ দায়িত্ব আঁচনি বিষয়াৰ । সামাজিক হিচাপ পৰীক্ষণ অনুষ্ঠিত কৰা সন্দৰ্ভত জিলা আঁচনি সমন্বয়কে নিয়মীয়াকৈ পৰ্যালোচনা কৰিব । এছ ই জি চি আৰু চি ই জি চিয়েও সামাজিক হিচাপ পৰীক্ষণ ব্যৱস্থা আৰু প্ৰক্ৰিয়াবোৰ সময়ে সময়ে পুনৰীক্ষণ কৰিব । সামাজিক হিচাপ পৰীক্ষণ সন্দৰ্ভত পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ প্ৰতিটো পৰ্যায়তে নিশ্চিত কৰিব লাগিব।

১২.৫.৩ সামাজিক হিচাপ ফৰাম  বাধ্যতামূলক কাৰ্যসূচী

(১) ‘বাধ্যতামূলক কাৰ্যসূচী’য়ে গাঁওসভাৰ দ্বাৰা সম্পাদিত প্ৰতিটো সামাজিক হিচাপ পৰীক্ষণৰ ন্যূনতম কাৰ্যসূচীয়ে বুজায় । উক্ত আঁচনি, বিধি আৰু নীতি-নিৰ্দেশনাসমূহ মানি চলা হৈছে নে নাই সেয়া পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা চেকলিষ্ট-এ সহায় কৰিব।

(২) বাধ্যতামূলক কাৰ্যসূচীত নিম্নোক্ত প্ৰশ্ন/বিষয়সমূহ অন্তৰ্ভুক্ত হ’ব লাগিব ।

(ক) পঞ্জীয়ন স্বচ্ছভাৱে সম্পাদন কৰা হৈছিলনে ?

-পঞ্জীয়ন বিচাৰিব পৰা সম্ভাৱ্য সকলো পৰিয়ালৰ তালিকা গাঁও পঞ্চায়তে প্ৰস্তুত কৰিছিল নে ?

-এক বিশেষ গাঁও সভাত প্ৰথম বাৰৰ বাবে পঞ্জীয়ন কৰা হৈছিলনে ?

-সত্যাপনৰ বাবে পঞ্জীয়নভুক্ত লোকৰ তালিকাখন গাঁওসভাত পাঠ কৰি দিয়া হৈছিল নে ?

-গাঁও পঞ্চায়ত অবিৰত ৰূপত পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি আছিলনে ?

-পঞ্জীয়ন তালিকা নিয়মীয়াকৈ নবীকৰণ কৰাৰ লগতে গাঁও পঞ্চায়তৰ জাননী ফলকত আঁৰি দিয়া হৈছিলনে?

-পঞ্জীয়ন কৰিব বিচৰা কোনো ব্যক্তি এতিয়াও পঞ্জীয়ন নোহোৱাকৈ থাকিল নেকি?

(খ) জবকাৰ্ডসমূহৰ প্ৰস্তুতি, জাৰি তথা নবীকৰণ স্বচ্ছ প্ৰক্ৰিয়াৰে কৰা হৈছিল নে?

-পঞ্জীয়নৰ এমাহৰ ভিতৰতে জবকাৰ্ড জাৰি কৰা হৈছিল নে?

-জবকাৰ্ডসমূহ নিয়মীয়াকৈ নবীকৰণ কৰাই গাঁও পঞ্চায়তৰ জাননী ফলকত প্ৰদৰ্শন কৰা হৈছিল নে ?

  • পৰীক্ষাৰ বাবে সকলো জবকাৰ্ডৰ ফটোকপি সন্নিবিষ্ট ফাইল এটা গাঁও পঞ্চায়ত কাৰ্যালয়ত ৰখা হৈছেনে?
  • জবকাৰ্ড বিনামূলীয়াকৈ জাৰি কৰা হৈছিল নে অথবা জবকাৰ্ড জাৰি কৰাৰ বিপৰীতে কোনো মাছুল লোৱা হৈছিল নেকি?
  • জবকাৰ্ড নোপোৱাকৈ কোনো ব্যক্তি আছে নেকি ?  অথবা কোনো অভিযোগ নিষ্পত্তি নোহোৱাকৈ আছে নেকি?

(গ) কামৰ আবেদন সমূহৰ ক্ষেত্ৰত নীতিগতভাৱে ব্যৱস্থা লোৱা হৈছেনে ?

  • কামৰ আবেদনৰ বিপৰীতে সংশ্লিষ্ট লোকসকলে তাৰিখ সম্বলিত ৰছিদ লাভ কৰিছেনে?
  • লোকসকলক সময়মতে কাম দিয়া হৈছেনে ?
  • কাম আবন্টনৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰা হৈছেনে, কাম আবন্টনৰ তালিকাসমূহ ৰাজহুৱা জাননী তথা প্ৰদৰ্শনৰ বাবে পঞ্চায়তৰ জাননী ফলকত আঁৰি দিয়া হৈছেনে?
  • সময়মতে কাম লাভ নকৰা লোকসকলে নিবনুৱা ভাট্টা লাভ কৰিছেনে? কিমান সংখ্যক লোকে নিবনুৱা ভাট্টা পাবলৈ বাকী আছে আৰু ভাট্টা প্ৰদানত পলম হোৱা বাবে যাবতীয় নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছেনে ?
  • বিগত ছমাহত নিবনুৱা ভাট্টা লাভ নকৰা শ্ৰমিকৰ তালিকা (যদি আছে)-ৰ লগতে বিতৰণ কৰা ধনৰ পৰিমাণ তথা সেই ধনৰ পৰিমাণ নিৰ্দ্ধাৰণৰ ভিত্তিৰ বিষয়ে উচ্ছস্বৰে পাঠ কৰা হৈছেনে ?
  • কামৰ আবেদন গ্ৰহণ, কামৰ আবন্টন আৰু নিবনুৱা ভাট্টা প্ৰদান সম্পৰ্কীয় কোনো অভিযোগ নিষ্পত্তি নোহোৱাকৈ আছে নেকি?
  • কাম আবন্টনৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ মানি চলা হৈছেনে ?
  • কাম আবন্টনৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ তাৰিখ অনুসৰি প্ৰস্তুত কৰা সূচীখন মানি চলা হৈছেনে?
  • পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰৰ এলেকাত কাম আবন্টন দিয়া শ্ৰমিকসকলক ন্যূনতম মজুৰি ১০ শতাংশ হিচাপত অহা-যোৱা আৰু জীৱন ধাৰণৰ ভাট্টা প্ৰদান কৰা হৈছেনে ?

(ঘ)  কামৰ মজুৰিৰ ক্ষেত্ৰত স্বচ্ছতা

  • বিভিন্ন প্ৰকল্পৰ তালিকা গাওঁসভাত প্ৰস্তুত কৰা হৈছিলনে?
  • গাঁওৰ বাসিন্দা সকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে কনিষ্ঠ অভিযন্তাই কাৰিকৰী মূল্যাংকণ প্ৰস্তুত কৰিছিলনে?
  • নিৰ্দ্ধাৰিত নীতি মতেই প্ৰকল্পৰ তালিকাৰ পৰা কামৰ মজুৰি দিয়া হৈছিলনে?
  • বিগত ছমাহত মজুৰি দিয়া সকলো এন আৰ ই জি এছ কামৰ তালিকাৰ লগতে গাঁও পঞ্চায়ত এলেকাৰ কামৰ বাবে মঞ্জুৰি লাভ কৰা আৰু ব্যয় কৰা ধনৰাশিৰ বিষয়ে উচ্চস্বৰত পাঠ কৰা হৈছিলনে?
  • কামৰ তালিকাৰ সৈতে গাঁও পঞ্চায়তৰ ফলকখন নবীকৰণ কৰি থকা হৈছেনে ?

(ঙ) কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা :

  • পৰ্যাপ্ত প্ৰচাৰেৰে ‘ৱৰ্ক অৰ্ডাৰ’ সমূহ শুদ্ধ তথা স্বচ্ছ প্ৰক্ৰিয়া জাৰি কৰা হৈছিলনে ?
  • মঞ্জুৰিপ্ৰাপ্ত ধনৰ পৰিমাণ, কামৰ পৰিসৰ আৰু লগতে যাবতীয় অন্যান্য তথ্যসমূহ বিতংভাৱে সন্নিবিষ্ট ফলক এখন কাম চলা এলেকাত স্থাপন কৰা হৈছিলনে ?
  • কামৰ বিভিন্ন প্ৰয়োজনীয়তাৰ লগতে কাৰিকৰী মঞ্জুৰি অনুসৰি শ্ৰম আৰু সা-সামগ্ৰীৰ মূল্যাংকণৰ বিষয়ে শ্ৰমিক সকলৰ আগত ব্যাখ্যা কৰাৰ বাবে কাম আৰম্ভ কৰাৰ আগতে এখন মুকলি “প্ৰকল্প বৈঠক” অনুষ্ঠিত কৰা হৈছিলনে?
  • ৰাজহুৱা পুনৰীক্ষণৰ বাবে কৰ্মস্থলীত মাষ্টাৰৰোল উপলব্ধ কৰা হৈছিলনে ?
  • কৰ্মস্থলীলৈ সা-সামগ্ৰী অহাৰ লগে লগে কমেও পাঁচজন শ্ৰমিকৰ দ্বাৰা সত্যাপনৰ লগতে কৰ্মস্থলীৰ সামগ্ৰী ৰেজিষ্টাৰ এখন ৰখা হৈছিলনে?
  • “পিচ-ৰেট” নীতি কাৰ্যকৰী হোৱা কামৰ ক্ষেত্ৰত কামৰ দৈনিক জোখ-মাপ স্বচ্ছভাৱে লোৱা হৈছিলনে?
  • কামৰ চূড়ান্ত জোখ-মাপ (সাপ্তাহিক মজুৰি প্ৰদানৰ বাবে) এটা শ্ৰমিক গোটৰ উপস্থিতিত কনিষ্ঠ অভিযন্তাৰ দ্বাৰা লোৱা হৈছিলনে?
  • অনুসন্ধান সমিতিৰ সদস্যসকলে কৰ্মস্থলী নিয়মীয়াকৈ  পৰিদৰ্শন তথা কামৰ বিভিন্ন দিশ ৰূপায়ণৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিছেনে?
  • কোনো অভিযোগ দাখিল হৈছে নেকি? আইনত নিৰ্দেশ কৰা ধৰণে সেই অভিযোগ সমূহ অভিযোগ-নিষ্পত্তি কৰ্তৃপক্ষই সাত দিনৰ ভিতৰতে নিষ্পত্তি কৰিছিলনে?
  • কাম সম্পূৰ্ণ হোৱাৰ এসপ্তাহৰ ভিতৰতে এখন মুকলি প্ৰকল্প বৈঠক অনুষ্ঠিত কৰা হৈছিলনে ? সংশ্লিষ্ট কৰ্মস্থলীত কাম কৰা সকলো শ্ৰমিক আৰু কাম চলা গাঁওৰ আবাসীসকলক উক্ত বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছিলনে?

(চ)   মজুৰি প্ৰদানঃ

  • সাত দিনৰ ভিতৰত মজুৰি প্ৰদান কৰা হৈছিলনে?
  • কোনো এক ৰাজহুৱা ঠাইত তথা নিৰ্দিষ্ট সময়ত মজুৰি প্ৰদান কৰা হৈছিলনে?
  • মজুৰি প্ৰদান কৰাৰ আগতে ৰাজহুৱা পুনৰীক্ষণৰ বাবে পেমেণ্ট সম্পৰ্কীয় বিস্তৃত তথ্য উপলব্ধ কৰোৱা হৈছিলনে (মাষ্টাৰৰোলৰ প্ৰতিলিপি জাননী ফলকত আঁৰি দিয়া ইত্যাদি)?
  • মজুৰি প্ৰদানৰ সময়ত মজুৰি সম্পৰ্কীয় যাৱতীয় তথ্য ৰাজহুৱাভাৱে পাঠ কৰা হৈছিলনে?
  • ৰূপায়ণ সংস্থাৰ বাহিৰে বেলেগ কোনো সংস্থাই মজুৰি প্ৰদান কৰিছিল নেকি?
  • নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰা পেমেণ্টৰ যাৱতীয় তথ্য-পাতি ৰখা হৈছিলনে?
  • পলমকৈ মজুৰি প্ৰদানৰ ক্ষেত্ৰত মজুৰি প্ৰদানন আইন, ১৯৩৬-ৰ আধাৰত ক্ষতিপূৰণ দিয়া হৈছেনে?
  • এতিয়াও কোনো মজুৰি দিবলৈ বাকী আছে নেকি?
  • শ্ৰমিকসকলে নিৰ্দ্ধাৰিত ন্যূনতম মজুৰিতকৈ কম পৰিমাণত মজুৰি লাভৰ কিবা উদাহৰণ আছে নেকি? যদি আছে তাৰ কাৰণ কি?

(ছ) সম্পাদনৰ পাছত প্ৰতিটো কামৰ নথি আৰু একাউণ্টৰ সত্যাপনমূলক পৰীক্ষণঃ

  • প্ৰয়োজনীয় সকলো নথিপত্ৰ ফাইলত আছেনে?
  • সামাজিক অডিটফৰামৰ কমেও ১৫ দিন আগতে পুনৰীক্ষণৰ বাবে সকলো তথ্য উপলব্ধ কৰোৱা হৈছিলনে?
  • সামাজিক অডিটফৰামৰ সময়ত আৰু তাৰ আগতে ৰাজহুৱা প্ৰদৰ্শন তথা পুনৰীক্ষণৰ বাবে সাৰাংশ তালিকাৰ চাৰ্টসমূহ উপলব্ধ কৰা হৈছিলনে?
  • অনিয়ম ৰোধৰ বাবে বিল সমূহৰ সাৰাংশ উচ্চ স্বৰত পাঠ কৰিব লাগিব।
  • জোখ-মাপ বহীৰ সাৰাংশ উচ্চ স্বৰত পঢ়ি দিব লাগিব।
  • কামৰ আৰম্ভণিৰ আগতে, কাম চলা সময়ত আৰু কাম সম্পূৰ্ণ হোৱাৰ পাছত লোৱা ফটোসমূহ সামাজিক অডিট ফৰামত ৰাজহুৱা প্ৰদৰ্শন আৰু পুনৰীক্ষণৰ বাবে উপলব্ধ কৰাব লাগিব।
  • যাৱতীয় নিয়ম অনুসৰি নিৰীক্ষণ আৰু অনুসন্ধান সমিতিসমূহ গঠন কৰা হৈছিলনে?
  • অনুসন্ধান সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছেনে ?

জ)  এন আৰ ই জি এছ কামৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহঃ

  • গাঁওসভাত আলোচনাৰ ভিত্তি নিৰ্দ্ধাৰণৰ উদ্দেশ্যে কামৰ নিম্নোক্ত দিশসমূহৰ সৈতে জড়িত অনুসন্ধান সমিতিৰ প্ৰতিবেদনৰ সংশ্লিষ্ট অংশবোৰ উচ্চ স্বৰত পঢ়ি দিব লাগিব।
  • কামৰ মান।
  • কামৰ পৰিসৰ।
  • ঠাই বাচনি।
  • ন্যূনতম মজুৰি প্ৰদান কৰা হৈছেনে ?
  • মজুৰি সময়মতে প্ৰদান কৰা হৈছেনে ?
  • সকলো বিলৰ পেমেণ্ট কৰা হৈছেনে ?
  • কামৰ সময়ত কোনো অভিযোগ দাখিল কৰা হৈছিল নেকি ?
  • সংশ্লিষ্ট অভিযোগ সন্দৰ্ভত কি ধৰণে নিষ্পত্তি কৰা হৈছে ?
  • কৰ্মস্থলীত নিৰ্দ্ধাৰিত সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছিলনে ?
  • প্ৰকল্পটোৰ ক্ষেত্ৰত কেনে ধৰণৰ চোৱা চিতাৰ প্ৰয়োজন ?
  • গাঁও পঞ্চায়তৰ উন্নয়নমূলক কামৰ সৈতে জড়িত সাধাৰণ চোৱা চিতাৰ বিষয়সমূহ ডাঙি ধৰাৰ লগতে সামাজিক অডিট ফ’ৰামত আলোচনা কৰিব লাগিব।
  • অসম্পূৰ্ণ কাম আৰু চলি নথকা কামবোৰত এখন তালিকা গাঁও পঞ্চায়তৰ সচিবে প্ৰস্তুত কৰিব লাগিব আৰু বিবেচনা তথা সংশোধনমূলক ব্যৱহাৰৰ বাবে সামাজিক হিচাপ ফ’ৰামৰ উপস্থাপন কৰিব লাগিব।
  • শেহতীয়া হিচাপ পৰীক্ষাৰ প্ৰতিবেদন সামাজিক অডিট ফৰামত উপলব্ধ কৰিব লাগিব । হিচাপ পৰীক্ষা সন্দৰ্ভত উত্থাপিত যিকোনো অভিযোগ উচ্চস্বৰে পাঠ কৰি দিব লাগিব ।
  • শেহতীয়া সামাজিক অডিট ফৰামৰ পাছত জাৰি কৰা ব্যৱহাৰৰ প্ৰমাণপত্ৰ (ইউ চি) অথবা সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ (চি চি) উচ্চ স্বৰত পাঠ কৰিব লাগিব।
  • যদি কাৰোবাক মজুৰি অথবা নিবনুৱা ভাট্টা দিবলগীয়া হৈ আছে তেন্তে তাৰ তালিকা প্ৰস্তুত কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আঁচনি বিষয়াক দাখিল কৰিব লাগিব।
  • গাঁও পঞ্চায়তৰ ফলকসমূহ প্ৰয়োজনমতে নবীকৰণ কৰা হৈছে নে নাই সেয়া পৰীক্ষা এটা কৰাৰ সুযোগ দিয়ে সামাজিক অডিট ফৰামে।
  • মানসম্পন্ন হোৱাৰ বাবে গ্ৰামৰোজগাৰ সেৱক, কনিষ্ঠ অভিযন্তা আদিকে ধৰি এন আৰ ই জি এছৰ বিভিন্ন কৰ্মচাৰীৰ সেৱাৰো হিচাপ পৰীক্ষা কৰিব লাগিব।
  • আঁচনি বিষয়াৰ পৰা গাঁও পঞ্চায়তলৈ সময়মতে পুঁজিৰ প্ৰবাহৰ ওপৰতো চকু ৰাখিব লাগিব।

উৎস: অসম চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate