অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চহৰৰ মহিলাৰ আত্মসহায়ক গোট

ঋণ আৰু অনুদান

এই আঁচনিত ব্যক্তিগতভাৱে নহয় সামূহিক হিচাপে দৰিদ্ৰ মহিলাসকলে গঠন কৰা গোটক বিশেষভাৱে উৎসাহিত কৰা হয়। দৰিদ্ৰ মহিলাসকলে গঠন কৰা গোটে মহিলাসকলৰ বিভিন্ন পাৰদৰ্শিতাক ভেটি হিচাপে লৈ স্বাবলম্বী হ’ব পাৰে। আয়ৰ উৎস বঢ়োৱাৰ উপৰিও এনেবোৰ দৰিদ্ৰ মহিলাৰ গোটে মহিলা সৱলীকৰণত বিশেষ ভূমিকা লয় আৰু স্ব-নিয়োজনৰ বাবে এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰে। চহৰীয়া মহিলাৰ আত্মসহায়ক গোটৰ অধীনত গঠন কৰা গোটসমূহে মাইক্ৰ ফাইনেন্সৰ বাবে নিৰ্দিষ্ট কাৰ্য্যপ্ৰণালীৰ এক ক্ষেত্ৰ তৈয়াৰ কৰে।

চহৰীয়া মহিলাৰ আত্মসহায়ক আঁচনিৰ পৰা গোটক অনুদান সাহাৰ্য্যৰ বাবে কমেও ৫ গৰাকী দৰিদ্ৰ মহিলা এক গোট হ’ব লাগিব। এই মহিলাসকলে আয় কৰিব পৰা উৎস প্ৰতিষ্ঠা কৰাৰ আগতে তেওঁলোকে প্ৰত্যেকে প্ৰত্যেকক বুজি পোৱা, কাৰিকৰী বা কুটীৰ শিল্পৰ বা ঘৰুৱা সামগ্ৰী নিৰ্মাণ আদিৰ বিষয়ে বিশেষভাৱে নিজৰ ভিতৰতে জনাজনি হোৱাটো প্ৰয়োজনীয়। তেওঁলোকে সদস্যসকলৰ মাজৰ পৰা এগৰাকী সদস্য মনোনীত কৰিব লাগিব। গোটটোৱে কাৰ্য্যপ্ৰণালী ঠিক কৰি ল’ব। এই কাম নিৰ্বাচন কৰোতে চকু ৰাখিব লাগে, কাৰণ গোটৰ ভৱিষ্যত ইয়াৰ ওপৰতে নিৰ্ভৰশীল। নগৰ-দৰিদ্ৰতা দূৰীকৰণ কক্ষৰ দ্বাৰা প্ৰতিপালিত কোনো ক্ষেত্ৰত আগতে চিনাক্ত কৰি ৰখা কোনো প্ৰকল্প পৰাপক্ষত কাৰ্য্যকৰীকৰণৰ বাবে ল’ব লাগে। ইয়াৰোপৰি এই গোটসমূহ আত্মসহায়ক হ’ব পৰাকৈ ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতি গঠন কৰি সঞ্চয়ৰ অভ্যাস কৰিবলৈ দিব লাগে।

চহৰীয়া মহিলা আত্মসহায়ক গোটসমূহ গঠন কৰিলে ৩,০০,০০০ (তিনি লাখ) টকা বা গোটৰ মুঠ খৰছৰ ৩৫ শতাংশ বা গোটৰ প্ৰতিগৰাকী সদস্যাৰ বাবে ৬০,০০০ (ষাঠি হাজাৰ) টকাকৈ (যিটোৱে কম হয়)অনুদান হিচাপে পাব পাৰি। বাকী ধনৰাশি বেংক ঋণ বা মাৰ্জিন মানি হিচাপে ব্যৱহাৰ কৰিব লাগে। (চহৰীয়া মহিলাৰ আত্মসহায়ক আঁচনিৰ সম্পূৰ্ণ কাৰ্য্য বিৱৰণী অনুবন্ধ-৩ চাব পাৰিব)

চহৰীয়া মহিলাৰ আত্মসহায়ক আঁচনিত ৰাজসাহাৰ্য্য

চহৰীয়া মহিলাৰ আত্মসহায়ক আঁচনিত ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতিৰ পৰা কাৰ্য্যক্ৰম নিয়মিতভাৱে চলি থাকে তেতিয়া চৰকাৰে ৰাজসাহাৰ্য্য হিচাপে প্ৰতি সদস্যৰ বাবে দুহেজাৰ টকা বা গোটে প্ৰতি সৰ্বোচ্চ ২৫ হাজাৰ টকাৰ অনুদান পাব পাৰে। চহৰীয়া মহিলাৰ আত্মসহায়ক আঁচনিৰ লগত সম্বন্ধ নথকা দৰিদ্ৰ মহিলাৰ আত্মসহায়ক গোটেও এই অনুদান পাব পাৰে। এই পুঁজি ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতিৰ বাবে এনেধৰণৰ হয়………

ক) কেঁচামাল কিনাৰ বাবে বা মাৰ্কেটিঙৰ বাবে।

খ) আয়ৰ উৎসৰ আন্ত:গাঁঠনি গঠন কৰিবৰ বাবে।

গ) শিশুৰ খৰছৰ বাবে বা কৰ্মচাৰীৰ মজুৰি আদিৰ বাবে এই পুঁজি প্ৰযোজ্য নহয়।

ঘ) সদস্যসকলৰ ভ্ৰমণ বানচ হিচাপে ৫০০ টকা নিৰ্দ্ধাৰিত কৰা আছে।

ঙ) ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতি/আত্মসহায়ক গোটৰ কোনো সদস্যই যদি কমপক্ষেও ৫০০ টকা চ’চাইটি বা গোটত বাৰ মাহৰ বাবে ফিক্স ডিপোজিট কৰিব পাৰে তেন্তে তেঁও লাভ কৰিব ৩০ টকাৰ এক অনুদান যাক তেঁওৰ হৈ স্বাস্থ্য/জীৱন/দূৰ্ঘটনা বা আন কোনো বীমাৰ বাবে জমা দিব পাৰিব। আকৌ যদি বাৰ মাহত কমেও ৭৫০ টকা কোনো সদস্যই নিশ্চিত জমা কৰে তেন্তে তেঁওৰ স্বামীৰ স্বাস্থ্য/জীৱন/দূৰ্ঘটনা বা আন কোনো বীমাত জমা দিব পাৰিব আৰু নাবালিকা কন্যা সন্তান আৰু স্বাস্থ্য/দূৰ্ঘটনাৰ বাবেও এই ৩০ টকা জমা কৰিব পাৰিব। এই খৰছ ৰাজসাহাৰ্য্যত বাকী থাকিলে জমা কৰিবও পাৰিব।

চ) এই ধনৰাশি ৰাজ্য বা পৌৰ সভাই নিৰ্দ্ধাৰণ কৰি দিয়া সমিতি বা গোটটো জমা কৰিব পাৰিব। সামূহিক ভেটি হিচাপে লৈ।

আত্মসহায়ক গোট বা ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতি (যাক চহৰীয়া মহিলাৰ আত্মসহায়ক আঁচনিৰ লগত সংযোজিত কৰা হৈছে) গঠনৰ এবছৰৰ পিছতহে ৰাজসাহাৰ্য্যৰ বাবে উপযুক্ত বুলি ধৰা হ’ব। এনে একোটা গোট গোটেই বছৰ কাৰ্য্যক্ষম হৈ আছেনে নাই তাক বাৰ্ষিক ৰেকৰ্ড, সময়ে সময়ে হোৱা সভাৰ প্ৰতিবেদন আদি পৰীক্ষা কৰি নিৰ্বাচন কৰিব পাৰিব। গোটসমূহ ৰেজিষ্টাৰ কৰিব পাৰিলে ভাল হয়। ৰাজসাহাৰ্য্যৰ বাবে গোট বা ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতিৰসমূহৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশাৱলী দ্ৰষ্টব্য।

আত্মসহায়ক গোট আৰু ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতিৰ বাবে কাৰ্য্যক্ষমতা আৰু প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি বেংক ঋণৰ ব্যৱস্থা থাকিব। স্বৰ্ণ জয়ন্তী চহৰীয়া ৰোজগাৰ যোজনাৰ লক্ষ্যৰ দ্বাৰা আত্মসহায়ক গোট ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতিসমূহক বেংকৰ লগত যোগাযোগ ৰক্ষা কৰাটো অগ্ৰগণ্য হিচাবে ধৰিছে। মহিলাৰ আত্মসহায়ক গোটক সহায়ৰ বাবে ৰাজ্যসমূহক মুক্ত ক্ষমতা দিয়া হৈছে যাতে, কো-অপাৰেটিভ বেংক/কো-অপাৰেটিভ/মাইক্ৰ’ ক্ৰেডিট ৰ লগত জড়িত বেচৰকাৰী সংস্থাসমূহ নাইবা ৰাষ্ট্ৰীয় মহিলা কোষ সেৱা, নাৱাৰ্ড, এছআইডিবিআই, আইচিআইচিআই বেংক আদিক এই ক্ষেত্ৰত জড়িত কৰিব পাৰে। এই ক্ষেত্ৰত উপযুক্ত নিৰ্দেশাৱলী গৃহ আৰু নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা সময়ে সময়ে বিতৰণ কৰা হয়।

চহৰীয়া দৰিদ্ৰৰ স্ব-নিয়োজনৰ বাবে দক্ষতাৰ প্ৰশিক্ষণ

স্বৰ্ণ জয়ন্তী চহৰীয়া ৰোজগাৰ যোজনাৰ দ্বাৰা স্ব-নিযুক্তি প্ৰকল্পৰ লগত জড়িত ব্যক্তিসকলক প্ৰাধান্য দিয়া হৈছে যাতে কাৰিকৰী আৰু উদ্যোগীক দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণৰ পিচত তেওঁলোক স্ব-নিয়োজন বা মজুৰিভিত্তিক নিয়োজনৰ সুবিধা লাভ কৰিব পাৰে।

চহৰীয়া দৰিদ্ৰৰ স্ব-নিয়োজনৰ বাবে দক্ষতাৰ প্ৰশিক্ষণৰ মূল লক্ষ্য হ’ব চহৰীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সফল। এই প্ৰকল্পত মহিলা হিতাধিকাৰীৰ বাবেও ৩০ শতাংশ সংৰক্ষিত হ’ব লাগিব। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকসকল স্থানীয় জনসংখ্যাৰ ভিত্তিক এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব। কিন্তু তেওঁলোকো দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হ’ব লাগিব। প্ৰতিবন্ধীসকলৰ বাবে ৩ শতাংশ বিশেষভাৱে সংৰক্ষিত থাকিব। প্ৰধানমন্ত্ৰীৰ সংখ্যালঘু আঁচনিৰ বাবে প্ৰস্তুত কৰা ১৫ দফীয়া আঁচনিৰ সকলো দফা এই আঁচনিটো অন্তৰ্ভূক্ত থাকিব।

চহৰীয়া দৰিদ্ৰসকলে যাতে স্ব-নিয়োজিত হ’ব পাৰে বা বৰ্ধিত হাৰৰ মজুৰি লাভ কৰিব পৰা হয় তাৰ বাবে চহৰীয়া দৰিদ্ৰৰ স্ব-নিয়োজনৰ বাবে দক্ষতাৰ প্ৰশিক্ষণৰ আঁচনিয়ে তেওঁলোকৰ বাবে বহুল ধৰণে কৰ্মদক্ষতাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা ৰাখিছে। বিভিন্ন ধৰণৰ কৰ্মসেৱা, ব্যৱসায়, উদ্যোগিক প্ৰশিক্ষণ আদিৰ বাদেও নিৰ্মাণ বা ইয়াক সংলগ্ন কাঠমিস্ত্ৰী, পানী পাইপ মিস্ত্ৰী, বৈদ্যুতিক মিস্ত্ৰী, কম মূল্যত দিব পৰা গৃহ নিৰ্মাণৰ আচবাব কাৰিকৰ আদিৰ বাবেও প্ৰশিক্ষণ দিয়া হয়।

ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰৰ অংশগ্ৰহণৰ  দ্বাৰা আইআইটিএচ, ইঞ্জিনীয়াৰিং কলেজ, মেনেজমেন্ট অনুষ্ঠান আদিক অধিক অংশগ্ৰহণ কৰোৱাই প্ৰমাণ পত্ৰ আদিৰ ব্যৱস্থা কৰি বৃত্তি প্ৰশিক্ষণক দিব লাগে। এনে প্ৰশিক্ষণসমূহ সাধাৰণতে চৰকাৰী অনুমোদন লাভ কৰা কেন্দ্ৰ যেনে আই.টি.আই., পলিটেকনিক, ইঞ্জিনীয়াৰিং কলেজ, শ্ৰমিক বিদ্যাপীঠ আদিত কৰাই ভাল।

প্ৰতিজন প্ৰশিক্ষাৰ্থীৰ বাবে সমূহ খা-খৰছ ধৰি ১০,০০০ টকাতকৈ অধিক হ’ব নেলাগে। এই বিষয়ে পৰৱৰ্তী পৰ্য্যায়ত উল্লেখ কৰা হৈছে।

চহৰীয়া মজুৰি ভিত্তিক কৰ্মসংস্থান আঁচনি

এই প্ৰকল্পৰ পৰিধি হ’ল চহৰৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকল। এওঁলোকৰ দক্ষতাৰ ভিত্তিত সমূহীয়া কেন্দ্ৰ, ক্ষীপ্ৰ পানী যোৱা নলা, নৈশ গৃহ, প্ৰাথমিক স্কুলত পাকঘৰ নিৰ্মাণ, স্কুলৰ দুপৰীয়া আহাৰ প্ৰদান আঁচনি আদিত ব্যৱহাৰ কৰিব পাৰি। চহৰীয়া মহিলা মজুৰি ভিত্তিক আঁচনিৰ বাবে যোগ্যতাৰ ভিত্তিক যিবোৰ চহৰৰ জনসংখ্যা ১৯৯১ চনৰ লোক পিয়ল অনুযায়ী ৫ লাখৰ তলত।

যিবোৰ প্ৰকল্প ৰূপায়নৰ জৰিয়তে জনসাধাৰণৰ সামাজিক আৰু আৰ্থিকভাৱে উপযোগী সম্পদ “মজুৰি ভিত্তিক কৰ্মসংস্থান আঁচনিত” তাকে সামৰি লোৱা হয়।

কামৰ (সা-সামগ্ৰী) আৰু মজুৰিজনিত ব্যয়ৰ অনুপাত ৬০-৪০ হ’ব। সময়ে সময়ে চৰকাৰে জাৰি কৰা জাননী মৰ্মে শ্ৰমিকৰ নিম্নতম মজুৰি দিয়া হ’ব। চৰকাৰে উপৰোক্ত ৬০-৪০ অংশক বা জৰুৰী বুজি ১০ শতাংশ দুয়োপিনে সুলভ কৰি দিব পাৰিব।

সামূহিক উন্নয়ন সমিতিয়ে সেই এলেকাৰ নূন্যতম জৰুৰী উপাদানসমূহৰ বিষয়ে জৰীপ কৰিব আৰু কিবা যদি উপাদান থাকি যায় তাক বিচাৰ বিবেচনাৰ পিচত জৰুৰী তালিকা এখন প্ৰণয়ন কৰিব।

যতদূৰ সম্ভৱ পৌৰ নিকায়ৰ দ্বাৰা কাৰ্য্যপ্ৰণালীসমূহ নিৰীক্ষণৰ মাজেৰে সামূহিক উন্নয়ন সমিতিয়ে কাৰ্য্যকৰীকৰণ কৰিব। এনে কাৰ্য্যসমূহ বিভাগীয়ভাৱে সম্পন্ন হ’ব লাগিব আৰু এইবাবে সামাজিক হিচাব পৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰি নিৰ্দেশাৱলী প্ৰস্তুত কৰিব। যিবিলাক ৰাজ্য চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰে। বিশেষ প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত বিভাগীয় ভাৱে সামগ্ৰীৰ যোগান সম্ভৱ নহ’লে নিবিদা আহ্বান কৰি যিকোনো সংগঠনৰ দ্বাৰা যোগান ধৰিব পাৰিব।

স্বৰ্ণ জয়ন্তী মজুৰি ভিত্তিক নিয়োগ আঁচনিৰ আলমত কৰা সকলো কাম সময়মতে ৰূপায়ন কৰিব লাগিব আৰু তাক আধাৰুৱাকৈ ৰাখিব নোৱাৰিব। প্ৰয়োজন বোধে স্থানীয় পৌৰ নিকায়, জিলা নগৰ উন্নয়ন প্ৰতিষ্ঠান আদিৰ পৰামৰ্শ প্ৰযোজ্য হ’ব।

মজুৰি ভিত্তিক নিয়োজন নেহাৎ জৰুৰী হ’লেহে প্ৰযোজ্য হ’ব যাতে স্ব-নিয়োজন হ’ব যাতে স্ব-নিয়োজন প্ৰক্ৰিয়া ইয়াৰ দ্বাৰা বাধাগ্ৰস্ত নহয়।

লিখকৰ নাম: বৰ্ণালী শৰ্মা

উৎস: অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate