অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চহৰীয়া সামূহিক উন্নয়ন নেটৱৰ্ক

চহৰীয়া সামূহিক উন্নয়ন নেটৱৰ্ক, সামূহিক কাথামো, সামূহিক উন্নয়ন আৰু সৱলীকৰণ

সামূহিক উন্নয়ন সমিতি বিলাক হিতাধিকাৰী চিনাক্তকৰণ ঋণৰ বাবে দায়বদ্ধ। মহিলাৰ আত্ম সহায়ক গোট স্থাপনৰ বেলিকা সামূহিক উন্নয়ন সমিতিয়ে সম্পূৰ্ণ দায়িত্বৰে কৰ্ম পালন কৰিব লাগে।

সামূহিক গোটসমূহে নিজকে আত্ম সহায়ক গোট বা ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান সমিতি হিচাবে গঢ়ি তুলিব পাৰে। এই ক্ষেত্ৰত সামূহিক উন্নয়ন সমিতিসমূহে নডেল এজেন্সিৰ ভূমিকা পালন কৰি সেই অঞ্চলত বসবাস কৰা সকলৰ বাবে শিক্ষা, পানীযোগান, সামাজিক নিৰাপত্তা, কাৰিকৰী উন্নয়ন, অনাময় আঁচনি ৰূপায়ন আদি সকলো দিশ সামৰি এক সুস্থ বাতাবৰণ গঢ়ি তুলিব পাৰে।

চিনাক্তকৰণ কৰা প্ৰায় ২০০০ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বা এগৰাকী কমিউনিটি অৰ্গেনাইজাৰ নিয়োগ কৰিব লাগে। কমিউনিটি অৰ্গেনাইজাৰ গৰাকী মহিলা হ’লে ভাল আৰু তেওঁৰ শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি মাননি দিব লাগে।

দৰিদ্ৰ পৰিয়ালৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা যিকোনো আঁচনি কমিউনিটি অৰ্গেনাইজাৰসকলৰ দ্বাৰা কৰোৱা হ’ব। আন কথাত কমিউনিটি অৰ্গেনাইজাৰসকল দৰিদ্ৰ পৰিয়াল আৰু সাহাৰ্য্য প্ৰদানকাৰী স্থানীয় নিকায় বা চৰকাৰ আদিৰ মাজত যোগসূত্ৰ হ’ব। কমিউনিটি অৰ্গেনাইজাৰ বিলাকৰ প্ৰধান দায়িত্ব হ’ল:

  • সামূহিক গোটসমূহক একগোট কৰি আঁচনিসমূহ অৱগত কৰোৱা।
  • এনে গোটসমূহে সামূহিকভাৱে কিদৰে উন্নতি কৰিব পাৰে সেই বিষয়ে থকা নিৰ্দেশাৱলী বুজাই দিয়া।
  • বস্তি অঞ্চল আৰু গৃহত বাস কৰা সকলৰ মাজত এক সমন্বয় গঢ়ি তোলা।
  • স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ আঁচনিসমূহ কিদৰে ৰূপায়ন কৰিব পাৰি তাক ৰাইজৰ মাজত বুজাই দিয়া।
  • চহৰীয়া দৰিদ্ৰসকলৰ পাৰদৰ্শিতাক চিনাক্ত কৰি সেই বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
  • বিভিন্ন বিভাগসমূহ আৰু সামূহিক গোটসমূহৰ মাজত সঘন যোগাযোগৰ আঁচনিসমূহক বোধগম্য হোৱাত সহায় কৰা।
  • প্ৰয়োজন বোধে তেওঁলোকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
  • স্ব-নিয়োজনৰ বাবে যোগ্য হিতাধিকাৰীক নিৰ্বাচন কৰি তেওঁলোকৰ প্ৰকল্প পৌৰ নিকায়, বেংক, প্ৰশাসন আদিৰ অফিচত কিদৰে আগবাঢ়িব তাৰ বাবে হিতাধিকাৰীসকলৰ স’তে সেই অফিচত যোগাযোগ ৰখা (যেতিয়ালৈকে মঞ্জুৰ হৈ নাহে)।
  • স্ব-নিয়োজন প্ৰক্ৰিয়াৰ হিতাধিকাৰীসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰি তেওঁলোকৰ খতিয়ান/বেংকৰ ঋণ প্ৰদান আদি বিষয়ত চকু ৰখা।
  • এই সংক্ৰান্তত সম্পৰ্ক থকা যিকোনো কাৰ্য্যাৱলী।

সামূহিক গোট স্থাপন/উন্নয়ন আদিৰ বাবে ইউচিদিএন ৰ পৰা পুঁজিৰ ব্যৱস্থা বেলেগেও কৰিব পাৰিব। এই পুঁজি কমিউনিটি অৰ্গেনাইজাৰবিলাকৰ মাননি/সজাগতা শিবিৰ গঠন/কৰ্মশালা/চেমিনাৰ/ৰাজহুৱা ভিত্তিক সংগঠন’ আৰু বেচৰকাৰী সংস্থা বিলাকৰ লগত হোৱা সভা আদিৰ বাবে ব্যয় কৰিব পাৰিব।

প্ৰকল্প ৰূপায়ন: প্ৰশাসনিক আৰু অন্যান্য ব্যয়

ৰাজ্য চৰকাৰে এই শিতানত মিতব্যয়িতা অৱলম্বন কৰি ব্যয় কৰিব। প্ৰশাসনিক গোট আৰু প্ৰকল্প ৰূপায়ন গোটৰ বাবে স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনাত ৰাজ্য চৰকাৰে লাভ কৰা মুঠ ধনৰ শতকৰা ৫ শতাংশ ভাগ খৰছ কৰিব পাৰিব।

স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনাৰ প্ৰকল্পসমূহ ৰূপায়নৰ বাবে এক যোগ্য প্ৰশাসনিক গোট স্থাপন কৰি ল’ব লাগে। এনে ধৰণৰ আন আন প্ৰকল্প যেনে-জৰুৰীকালীন নেহেৰু নেচনেল আৰবান ৰিনিউৱেল মিচন আদিৰ লগত ই একাকাৰ হৈ নাযায় তাৰ প্ৰতি ৰাজ্য চৰকাৰৰ চকু থাকিব লাগে।

পৌৰ নিগমৰ বিষয়া বা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াৰ অধীনত এটা ইউপিএ চেল থাকিব লাগে। সহায়ক হিচাবে প্ৰকল্প বিষয়া, সহকাৰী প্ৰকল্প বিষয়া থাকিব আৰু তেওঁলোকে সামূহিক উন্নয়ন গোট আৰু কমিউনিটি অৰ্গেনাইজাৰ বিলাকে তেওঁলোকে অঞ্চলত কি ধৰণে কাম চলাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি সহযোগ কৰিব। ইয়াৰ উপৰি দৰিদ্ৰসকলৰ উন্নয়নৰ বাবে বাজেট প্ৰস্তুত বিষয়া আৰু সহকাৰী প্ৰকল্প বিষয়াসকলৰ কৰ্মৰাজিত পৰিব।

জিলাভিত্তিক নগৰ উন্নয়ন পৰিষদ স্থাপন কৰি জিলাসমূহে প্ৰকল্প উন্নয়নৰ কাম-কাজ চলাই নিব পাৰিব। জিলাৰ সকলো পৌৰ নিকায়ৰ বাবে এজন জিলা প্ৰকল্প বিষয় থাকিব আৰু প্ৰয়োজনবোধে জিলা নগৰ উন্নয়ন প্ৰতিস্থানৰ পৰা তেখেতক লাগতিয়াল কৰ্মচাৰীৰ যোগান ধৰিব। সকলো ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিব লাগিব।

স্বৰ্ণ জয়ন্তী আঁচনিৰ অধীনৰ স্ব-নিয়োজন আঁচনিৰ কাম-কাজত সহায়ক হিচাবে (যেনে, বেংক আদিৰ লগত যোগাযোগ) দিইউদিএ জড়িত থাকিব।

ৰাজ্য চৰকাৰৰ পৌৰ প্ৰশাসন সঞ্চালকালয়ে নডেল এজেন্সি হিচাবে ৰাজ্যৰ আটাইতকৈ পৌৰ সভা/নিকায় আদিত এচজেএচআৰওৱাই ৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ সকলো খাতিয়ান ৰাখিব। সঞ্চালকালয়ে মনিটৰিং/নিৰ্দেশাৱলীৰ প্ৰস্তুতি/প্ৰকল্পসমূহ পৌৰ সভাবিলাকে বুজিব পৰাকৈ প্ৰয়োজনবোধে সভা-সমিতি, প্ৰশিক্ষণ আদিৰ বিষয়ে লক্ষ্য ৰাখিব। এচইউদিএ/দিইউদিএ/এলএলবিএচ বিলাকত স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ কাম কাজ কিদৰে চলিছে, ৰাজ্য চৰকাৰৰ বিত্ত যোগানৰ খতিয়ান, আদি সকলো বিষয়ে পৌৰ প্ৰশাসন সঞ্চালকালয়ে নডেল এজেন্সি হিচাবে দৃষ্টি ৰাখিব। স্বৰ্ণ জয়ন্তী যোজনাৰ নডেলৰ অফিচাৰ গৰাকী প্ৰশাসনিক সেৱাৰ উচ্চ পদবীধাৰী হ’ব লাগিব। তেখেতক বিভিন্ন ধৰণে বেলেগ বেলেগ সহায়কাৰীয়ে সহায় কৰিব।

এই প্ৰকল্পৰ অধীনত এনএইচজি/এনএইচচি/চিডিএচ আদি স্থাপন কৰি পৰ্য্যায়ক্ৰমে বিস্তীৰ্ণ এলেকালৈ প্ৰসাৰিত কৰিব লাগে যাতে চহৰীয়া দৰিদ্ৰসকল উপকৃত হয়। ৰাজ্য চৰকাৰ আৰু নডেল এজেন্সীয়ে জেএনএনইউআৰএম ৰ অধীনৰ কৰ্মকুশলী সকলোকে স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ আঁচনি ৰূপায়নৰ বাবে অংশীদাৰ কৰিব পাৰিব।

প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে সচিবৰ তত্বাৱধানত থকা ৰাজ্যিক পৰ্য্যায়ৰ মনিটৰিং সমিটিৰ সিদ্ধান্ত মৰ্মে অগ্ৰগতিৰ পৰ্য্যালোচনা কৰিব।

ৰাষ্ট্ৰীয় নডেল এজেন্সী হ’ল কেন্দ্ৰীয় দৰিদ্ৰতা দূৰীকৰণ মন্ত্ৰনালয় স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনাৰ অন্তৰ্গত আঁচনিৰ বিত্ত যোগান, ৰূপায়ন আদি সকলো দিশ এই মন্ত্ৰানালয়ে সামৰি লয়।

অভিজ্ঞতা সম্পন্ন যোগ্যবান ব্যক্তিৰ অধীনত ৰাজ্য চৰকাৰে স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ কাম-কাজ, প্ৰকল্প ৰূপায়ন আদি চলাই নিব।

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ প্ৰকল্প ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰএ নিৰ্দেশাৱলী প্ৰস্তুত কৰি বিতৰণ কৰিব।

বিশিষ্ট মানদণ্ড থকা এনজিঅ’এচ/চিবিঅ’এচ আদিক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক চিনাক্তকৰণ, স্ব-নিয়োজনৰ বাবে উপলব্ধ সকলো আঁচনিত অংশগ্ৰহণ আদিৰ বাবে নিয়োগ কৰিব পাৰিব ৰাজ্য চৰকাৰে।

তথ্য, শিক্ষা আৰু যোগাযোগ

কেন্দ্ৰই ৰাজ্যলৈ অনুবৰ্ন্তন কৰা মুঠ ধনৰাশিৰ পৰা শতকৰা ২ শতাংশ উৎসতে (কেন্দ্ৰত) কাটি ৰাখিব। এই ৩ শতাংশ ধনৰাশিক তথ্য, শিক্ষা আৰু যোগাযোগৰ ক্ষেত্ৰত ব্যয় কৰা হয়। বিভিন্ন আঁচনিৰ বাবে গৱেষণা, বিজ্ঞাপন, গৱেষকৰ মাননি, ভ্ৰমন বানচ আদি নানান কাৰণত এই ৩ শতাংশ ধনৰাশি ব্যয় কৰা হয়।

কেন্দ্ৰীয় চৰকাৰে তথ্য, শিক্ষা, যোগাযোগৰ পুঁজি প্ৰশিক্ষণ, দেশৰ বা বিদেশৰ মাজত বিনিময় ভ্ৰমণ ৰেয়াৰ ফৰাম আদিৰ বাবে গঠন কৰিব পাৰে।

ৰাজ্য চৰকাৰেও অনুমোদিত ধনৰাশিৰ পৰা শতকৰা ৩ শতাংশ কেন্দ্ৰৰ দৰেই ব্যৱহাৰ কৰিব পাৰে।

কেন্দ্ৰই নেচনেল ৰিচাৰ্চ চেন্টাৰৰ দ্বাৰা এনে ধৰণৰ প্ৰশিক্ষণবিলাক বিষয়াসকলক দিয়াব পাৰে।

ৰাজ্য চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ দৰেই পৌৰ নিকায়ৰ কৰ্মচাৰী, চিঅ’ চিডিএচ ৰ সদস্যসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ নডেল এজেন্সীয়ে এটা বা ততোধিক ৰাজ্যিক ৰিচৰ্চ চেন্টাৰক নিয়োগ কৰিব পাৰিব যাতে প্ৰশিক্ষণ আদি সুকলমে হয়। ভাৰত চৰকাৰৰ পৰা বিতৰণ কৰা পুস্তিকাসমূহ ৰাজ্য চৰকাৰে মাতৃভাষালৈ অনুবাদ কৰাটো ৰাজ্য চৰকাৰৰ প্ৰধান কৰ্তব্য। মাতৃভাষাৰ নিৰ্দেশাৱলী পঢ়িবলৈ পালেহে সাধাৰণ হিতাধিকাৰীয়ে সকলো কথা বুজি পাব।

এচইউডিএ/ৰাজ্যিক ইউপিএ চেল/নডেল এজেন্সী/ডিইউডিএ/ইউএলবি ৰ বিষয়া আৰু কৰ্মচাৰীক (নিৰ্দিষ্টকৈ বাচনি কৰিলৈ) বিশেষভাৱে প্ৰশিক্ষণ দি স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনাৰ প্ৰকল্প ৰূপায়নত ভাগ লোৱাব লাগে যাতে বাহিৰৰ কোনো ব্যক্তি, এজেন্সী আদিৰ ওপৰত নিৰ্ভৰশীল হ’ব নেলাগে।

ৰাজ্য চৰকাৰে স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা আৰু জৱাহৰলাল নেহেৰু নেচনেল আৰবান ৰিনিউৱেল মিচন আদিৰ বেলেগ বেলেগ প্ৰকল্পসমূহ একাকাৰ হৈ নেযাবৰ বাবে চকু ৰাখিব।

মূল্যাংকন আৰু মনিটৰিং

স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনাৰ আঁচনিসমূহ ক্ষীপ্ৰতৰভাৱে আৰু প্ৰাধান্য সহকাৰে মনিটৰিং আৰু মূল্যাংকনৰ ব্যৱস্থা কৰিবলৈ স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনাৰ নিৰ্দেশাৱলীত স্পষ্টকৈ আছে। ৰাজ্য চৰকাৰে তিনিমাহৰ মূৰে মূৰে উন্নয়ন প্ৰতিবেদন পঠাব লাগিব। এই প্ৰতিবেদনৰ বাবে নিৰ্দিষ্ট ফৰ্ম আছে।

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ মনিটৰিং আৰু মূল্যাংকনৰ খৰতকীয়া আৰু শুদ্ধ হোৱাটো ভাৰত চৰকাৰে নিদেশ কৰে।

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ মনিটৰিং আৰু মূল্যাংকন বাবে ব্যয় কৰিব লগা ধনৰাশি ৰাজ্য চৰকাৰে আইইচি কোষৰ পৰা ব্যয় কৰিব। এই সংক্ৰান্তত আৰু জানিব লগা থাকিলে ভাৰত চৰকাৰৰ নিৰ্দেশাৱলী প্ৰযোজ্য হ’ব।

লিখকৰ নাম: সঞ্জীৱ খাতি

উৎস: অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate