অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অক্ষমতাত ভোগা ব্যক্তিৰ অধিকাৰ আইন ২০১৬

অক্ষমতাত ভোগা ব্যক্তিৰ অধিকাৰ আইন ২০১৬

 

সমাজৰ সৰ্বাংগীন উন্নয়ন সাধিবলৈ হ’লে দিব্যাংগসকলকো অন্যান্যসকলৰ সৈতে সমানে আগুৱাই নিবই লাগিব।দিব্যাংগসকলক বাদ দি সমাজৰ বিকাশ আধৰুৱা।বিশেষ ক্ষেত্ৰৰ অক্ষমতাক বাদ দি নিজস্ব অৰ্হতা আৰু দক্ষতাৰে দিব্যাংগসকলেও সমাজৰ প্ৰতি আগবঢ়াব পাৰে অৰিহণা।সেয়েহে তেওঁলোকক এলাগী কৰি নথৈ তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতাৰ বিকাশ সাধনেৰে সবলীকৰণৰ ব্যৱস্থা কৰাটো অত্যন্ত জৰুৰী।এইখিনিয়েই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সব কা সাথ,সব কা বিকাশ’অৰ্থাৎসকলোৰে সৈতে সকলোৰে বিকাশ নীতিৰো সাৰ্থকতা নিৰ্ভৰ কৰে।সেইবাবেই চৰকাৰে দিব্যাংগসকলৰ সবলীকৰণতো সমানেই গুৰুত্ব আৰোপ কৰিছে।দিব্যাংগসকলৰ সবলীকৰণৰ ক্ষেত্ৰত আইনগত নিশ্চিতি প্ৰদানৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰণয়ন কৰিছে ‘অক্ষমতাত ভোগা ব্যক্তিৰ অধিকাৰ আইন ,২০১৬ (Right of Persons with Disabilities Act,2016))আৰু ২০১৭ বৰ্ষৰ ১৯ এপ্ৰিলৰ পৰা আইনখন বলৱৎ কৰা হৈছে।এই আইনখনৰ সন্দৰ্ভত কেন্দ্ৰীয় বিধিসমুহৰ অধিসুচনা জাৰি কৰা হৈছে যোৱা ১৫ জুনত।দিব্যাংগ ব্যক্তিসকলে বিভিন্ন ক্ষেত্ৰৰ অক্ষমতাত ভুগিব পাৰে।সেয়েহে এই আইনখনৰ আওতাত দিব্যাংগসকলৰ অক্ষমতাৰ ধৰণসমুহ বৰ্তমানৰ ৭ ৰ পৰা তিনিগুণ বঢ়াই ২১ কৰা হৈছে।এই আইনখনে সামৰি লোৱা এনে অক্ষমতাৰ ধৰণসমুহ হ’ল-কুষ্ঠ ৰোগৰ পৰা আৰোগ্য হোৱা ব্যক্তি,অটিজিম স্পেক্ট্ৰাম ডিজঅৰ্ডাৰ (শিশুৰ মানসিক ৰোগ বিশেষ),নিৰ্দিষ্ট শিকন অক্ষমতা,বাক আৰু ভাষাসম্পৰ্কীয় অক্ষমতা,দীৰ্ঘদিনীয়া স্নায়বিক অসুস্থতা,শ্ৰবণ অক্ষমতা (কলা আৰু কমকৈ শুনা),কলা আৰু অন্ধত্বকে ধৰি বহুধা অক্ষমতা,বিভিন্ন ধৰণৰ (ধমনীৰ)কলা-কাঠিন্য ৰোগ (স্কলৰ’ছিছ),কাঁচি দঁৰিয়া (ছিকল চেল)ৰোগ,পাৰ্কিনছনছ ৰোগ,বৌদ্ধিক অক্ষমতা ,মাছকুলাৰ ডাইষ্ট্ৰফী,এচিড আক্ৰমণৰ বলি হোৱা লিক,লক’মটৰ অক্ষমতা,অন্ধত্ব,বামন,দৃসটি শক্তি কম হোৱা,থেলাছিমিয়া,হেম’ফিলিয়া ,মানসিক অসুস্থতা আৰু চেৰেব্ৰেল পালছি।এনেবোৰ অক্ষমতাত  ভোগা লোকসকলক এই আইনখনে সামৰি লৈছে।

দিব্যাংগসকলৰ সংস্থাপনৰ দিশটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছে আইনখনত ।সেয়েহে চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত দিব্যাংগসকলৰ বাবে সংৰক্ষৰণৰ হাৰ পুৰ্বৰ তিনি শতাংশৰ পৰা চাৰি শতাংশলৈকে বৃদ্ধি কৰা হৈছে।

সমাজৰ বিভিন্ন ক্ষেত্ৰত দিব্যাংগসকলেও যাতে সমানে সমানে খোজ দিব পাৰে তাৰ বাবে প্ৰধান মন্ত্ৰীৰ সুগম্য ভাৰত অভিযান (একছেছিবল ইণ্ডিয়া কেম্পেইন),চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই হওক সকলো ৰাজহুৱা ভৱনত প্ৰৱেশৰ ব্যৱস্থা ,পৰিবহণ আৰু তথ্য তথা যোগাযোগ প্ৰযুক্তিবিদ্যাক (আই চি টি)শক্তিশালী কৰি তোলাৰো ব্যৱস্থা ৰখা হৈছে।

শিক্ষাৰ ক্ষেত্ৰতো দিব্যাংগসকলৰ বাবে ব্যৱস্থা ৰখা হৈছে আইনখনত।বিশেষ ধৰণৰ অক্ষমতাত ভোগা ৬ ৰ পৰা ১৮ বছৰ বয়সসীমাৰ মাজৰ ল’ৰা-ছোৱালীৰ বাবে বিনামুলীয়া শিক্ষাৰ ব্যৱস্থা ৰখা হৈছে।তদুপৰি চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত উচ্চ শিক্ষানুষ্ঠানত ৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰখা হৈছে।

এই আইন ভংগকাৰীসকলৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থাৰো বিধান আছে আইনখনত।এই বিষয়ে সবিশেষ জানিবলৈ বিচাৰিলে বিভাগীয় ৱেবছাইট www.disabilityaffairs.gov.in,www.socialjustice.nic.in,www.pmindia.gov.in আৰু  www.mygov.in চাব পাৰে।

উৎস:ৰাইজৰ বাতৰি

 

 

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate