অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসম আদৰ্শ গ্ৰাম যোজনা :

অসম আদৰ্শ গ্ৰাম যোজনাৰ বিষয়ে লিখা হৈছে ।

 

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ প্ৰতি যোজনাৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিৰ বাবেই ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত অসম আদৰ্শ গ্ৰাম যোজনা’ শীৰ্ষক এক নতুন আঁচনিৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ‘গাৱৰ উন্নয়ন হ’লেহে অসমৰ উন্নয়ন সম্ভৱ। সেয়েহে সৰ্বানন্দ সোণোৱালে নেতৃত্বাধীন চৰকাৰখনে গাঁৱৰ সৰ্বাংগীণ বিকাশত গুৰুত্ব প্ৰদান কৰিছে। এই ‘অসম আদৰ্শ গ্ৰাম যোজনা’ আঁচনিৰ অধীনত কিছুসংখ্যক আদৰ্শ গাঁও গঢ়ি তোলা হ’ব। যি আদৰ্শ গাওঁ গঢ়ি তোলা হ’ব। যি আদৰ্শ গাওঁসমূহৰ সকলো নাগৰিকলৈ অনাময়ৰ সা-সুবিধা, পথ, নলা-নৰ্দমা, বিদ্যুৎ, খোৱাপানী, বিদ্যালয় স্বাস্থ্যসেৱা প্ৰতিষ্ঠান নিৰ্মাণৰ লেখীয়া উন্নতমানৰ ৰাজহুৱা সেৱাসমূহ উপলব্ধ কৰা হ’ব। অহা তিনি বছৰত চৰকাৰে ৰাজ্যখনৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰতিটোৰে ২ খনকৈ গাঁও বাছনি কৰিব। সামগ্ৰিক বিকাশৰ জৰিয়তে গাঁও দুখনৰ সৰ্বাত্মক সামাজিক তথা অৰ্থনৈতিক বিকাশৰ জৰিয়তে আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব। প্ৰতিখন আদৰ্শ গাঁৱলৈ অহা তিনি বছৰত ৫ কোটি টকাকৈ আগবঢ়োৱা হ’ব। আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

3.55555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top