মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / অসম আলহী গ্ৰাম্য গৃহনিবাস আচঁনি ২০১৭-১৮
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসম আলহী গ্ৰাম্য গৃহনিবাস আচঁনি ২০১৭-১৮

অসম আলহী গ্ৰাম্য গৃহনিবাস আচঁনি ২০১৭-১৮ৰ বিষয়ে লিখা

 

 

অসম পৰ্যটনৰ দ্বাৰা আগ্ৰহী যুৱক-যুৱতী আৰু পৰিয়ালক “আমাৰ আলহী গ্ৰাম্য গৃহনিবাস আঁচনি ২০১৭-১৮ৰ অধীনত” নতুন গৃহনিবাস স্থাপন আৰু বৰ্ত্তমানে থকা গৃহনিবাসসমূহৰ পঞ্জীয়নৰ বাবে আবেদনপত্ৰ বিচৰা হৈছে।

উদ্দেশ্য:

 

অসমৰ গৃহনিবাস পৰ্যটনক নতুন মাত্ৰা দিয়া তথা গ্ৰাম্য আৰু অৰ্ধচহৰীয়া অঞ্চলসমূহৰ পৰ্যটনক্ষেত্ৰত শিক্ষিত নিবনুৱাসকলৰ কাৰণে স্বনিয়োজন সৃষ্টিৰ বাবে “আমাৰ আলহী গ্ৰাম্য গৃহনিবাস আঁচনি”খন অসম চৰকাৰৰ পৰ্যটন বিভাগে হাতত লৈছে। অসম পৰ্যটন উন্নয়ন নিগমে ২০১৭-১৮ বৰ্ষৰ বাবে আমাৰ আলহী গ্ৰাম্য গৃহনিবাস আঁচনিৰ অধীনত নতুন গৃহনিবাস স্থাপন আৰু বৰ্ত্তমানে থকা গৃহনিবাস পঞ্জীয়নৰ কাৰণে আগ্ৰহী যুৱক-যুৱতী আৰু পৰিয়ালৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে।

১)নতুন গৃহনিবাস স্থাপন:

যোগ্যতা:

 

  • আবেদনকাৰীৰ নিম্নতম শিক্ষাগত অৰ্হতা হ’ব লাগিব দ্বাদশ শ্ৰেণী।
  • এটা পৰিয়ালৰ এজনহে আবেদনকাৰী এই আঁচনিৰ বাবে যোগ্য হ’ব।
  • আবেদনকাৰীৰ বয়স ১ জানুৱাৰী, ২০১৭ হিচাবত ২৬ বছৰৰ কম আৰু ৪০ বছৰৰ অধিক হ’ব লাগিব।

পুঁজি বিন্যাস:

১)অসম আৰ্হিৰ কুটিৰ(প্ৰকাৰ ১): সংলগ্ন- IV নিৰ্দেশিত প্ৰকল্প খৰচৰ ৮০% খৰচ ৰাজসাহাৰ্য্য।

২)অসম আৰ্হিৰ চাংঘৰ(প্ৰকাৰ ২): সংলগ্ন- V নিৰ্দেশিত প্ৰকল্প খৰচৰ ৮০% খৰচ ৰাজসাহাৰ্য্য।

বাকী ৩০% পুঁজি হিতাধিকাৰীয়ে নিজৰ উৎসৰ পৰা অথবা বেংকৰ পৰা ঋণলৈ অথবা অন্য উৎসৰ পৰা যোগাৰ কৰিব লাগিব। অসম চৰকাৰ অথবা অসম পৰ্যটন উন্নয়ন নিগমে কোনোধৰণৰ ঋণৰ বাবে কোনোধৰণৰ জামিন নিদিয়ে অথবা হিতাধিকাৰীৰহৈ কোনোধৰণৰ আৰ্থিক দায়বদ্ধ নহয়।

২)বৰ্ত্তমানে থকা গৃহনিবাসৰ পঞ্জীয়ন:

যোগ্যতা: অসমৰ যিকোনো পৰিয়ালে দস্তাবেজ আৰু প্ৰমাণপত্ৰৰ সৈতে এই আঁচনিৰ অধীনত নিজৰ বৰ্ত্তমানে উথকা গৃহনিবাস পঞ্জীয়ন কৰাব পাৰিব।

আঁচনিৰ উঅধীনত উপলব্ধ হব পৰা সুবিধাসমূহ: পঞ্জীয়নৰ দ্বাৰা পৰ্যটক প্ৰতিষ্ঠানটোৱে অসম পৰ্যটনৰ স্বীকৃতি লাভ কৰিব; গৃহনিবাস উন্নয়ন আৰু আলহী সেৱাৰ পেশাদাৰী পৰামৰ্শ পাব; গৃহনিবাস আৰু আতিথ্য সেৱা, সাধাৰণ হিচাপ-নিকাচ, মনোভাৱ নিৰ্মাণ, বজাৰীকৰণ ইত্যাদিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ পাব; অসম পৰ্যটনৰ ৱেৱচাইটত বিনামূলীয়া প্ৰচাৰ আৰু বিপননৰ সুবিধা পাব; উপযুক্ত গৃহনিবাসে অসম পৰ্যটনৰ স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান হিচাপে “আমাৰ আলহী গ্ৰাম্য গৃহনিবাস”ৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব পাৰিব।

বাচনি প্ৰক্ৰিয়া:

 

প্ৰথম প্ৰক্ৰিয়া: মান আৰু গুণমান আশ্বাসন কমিটিয়ে দুয়োপ্ৰকাৰৰ আবেদনকাৰীৰ সকলোবিলাক কথা চাই-চিতি মুখ্যত: ঠাইটুকুৰা/অৱস্থান চাই যোগ্য আবেদনকাৰীক বাছনি কৰিব।

দ্বিতীয় প্ৰক্ৰিয়া: নিৰ্বাচিত আবেদনকাৰীৰ বাবে প্ৰশিক্ষণ কাৰ্য্যক্ৰম আনুষ্ঠিত কৰিব আৰু আতিথ্য, গৃহব্যৱস্থা সেৱা, গৃহনিবাস পৰিচালনা দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হব।

তৃতীয় প্ৰক্ৰিয়া: প্ৰশিক্ষণৰ পাছত, বাচনি কমিটিয়ে আস্বাসন কমিটিৰ প্ৰতিবেদন আৰু প্ৰশিক্ষণৰ কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি নতুন গৃহনিবাস স্থাপনৰ বাবে ৰাজসাহাৰ্য্য/ নিৰ্ধাৰিত ৰাশিৰ সহায় প্ৰদান কৰাৰ অথবা বৰ্ত্তমানে থকা গৃহনিবাহৰ পঞ্জীয়নৰ বাবে বাচনি কৰিব।

আবেদনৰ প্ৰক্ৰিয়া: দুয়োপ্ৰকাৰৰ আবেদন প্ৰ-পত্ৰৰ লগতে নিৰ্দেশিকাৰ বাবে আমাৰ আধিকাৰিক ৱেৱচাইট www.assamtourismonline.com ত ৫ মে’ৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ৩১ মে’ ২০১৭ তাৰিখৰ ভিতৰত সকলোবোৰ নিৰ্ধাৰিত দস্তাবেজ আৰু প্ৰমাণপত্ৰৰ সৈতে নিম্নলিখিত ঠিকনাত জমা দিব লাগিব। ২০১৬-১৭ বৰ্ষৰ প্ৰথম পৰ্য্যায়ত এই আঁচনিৰ অধীনত নতুন গৃহনিবাস স্থাপনৰ বাবে কেইখনমান ঠাই চিনাক্ত কৰা হৈছে- ডিব্ৰু-চৌখোৱা, মাজুলী, কাজিৰঙা, পবিতৰা, নামেৰী-ভালুকপুং, মানস আৰু ওৰাং।

মাচুল: দুয়োপ্ৰকাৰৰ আবেদনকাৰীয়ে, প্ৰসংস্কৰণ মাচুল ১০০০ টকাৰ ডিমাণ্ড ড্ৰাফটৰ সৈতে আবেদনপত্ৰৰ লগত জমা দিব লাগিব। বৰ্ত্তমানে থকা গৃহনিবাসসমূহ প্ৰথম এবছৰৰ বাবে পঞ্জীয়ন কৰিব আৰু এটা সৰু মূল্য দি পাছৰ বছৰৰ বাবে পঞ্জীয়ন নৱীকৰণৰ কৰিব লাগিব। মাচুল পৰিশোধৰ ডিমাণ্ড ড্ৰাফট হ’ব “Managing Director, Assam Tourism Development Corporation Limited” নামত।

বিতৰক

অসম পৰ্যটন উন্নয়ন নিগম

(অসম চৰকাৰৰ অধীনস্থ আৰু আই.এচ.অ. ৯০০১:২০১৫ স্বীকৃতিপ্ৰাপ্ত সংস্থা)

অসম পৰ্যটন ভৱন, চতুৰ্থ মহলা, এ.কে. আজাদ ৰোড, পল্টন বজাৰ, গুৱাহাটী-৭৮১০০৮

ৱেৱচাইট: assamtourismonline.com, ই-মেইল: atdcltd@gmail.com,

ফোন: +৯১-৩৬১-২৬৩৩৬৫৪

3.04347826087
পল্লৱ জোতি বৰা May 22, 2017 05:21 PM

সুন্দৰ
মইও অাগ্ৰহী

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top