মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনি :

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনিৰ বিষয়ে লিখা হৈছে ।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অসমৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ হকে ৰূপায়ণ কৰি থকা ধ্বজাবাহী আঁচনি কেইখন হʼল-

প্ৰধান মন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ:

মুখ্য উদ্দেশ্য

২০২২ চনৰ ভিতৰত সকলো গৃহহীন লোককে একোটাকৈ গৃহ প্ৰদান কৰা।

মূল বৈশিষ্ট্যসমূহ:

আৰ্থ-সামাজিক জাতি পিয়ল অনুসৰি হিতাধিকাৰী বাছনি কৰা হয়। এই আঁচনিখন হিতাধিকাৰীৰ দ্বাৰা পৰিচালিত এখন আঁচনি অৰ্থাৎ আঁচনিৰ অধীনৰ গৃহসমূহ হিতাধিকাৰীয়ে কোনো ঠিকাদাৰ নিয়োগ নকৰাকৈ নিজৰ তত্বাৱধানত সাজে। একোটা গৃহ নিৰ্মাণৰ বাবদ হিতাধিকাৰীয়ে তিনিটা কিস্তিত ১,৩০,০০০ টকা নিজৰ একাউন্টত লাভ কৰে। গৃহ নিৰ্মাণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আধুনিক প্ৰযুক্তিৰে নিৰীক্ষণ কৰাৰ লগতে জিঅ’ টেগ কৰা হয়।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি

মুখ্য উদ্দেশ্য:

গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানেৰে জনসাধাৰণৰ জীৱন আৰ্থিকভাৱে টনকিয়াল কৰা।

মূল বৈশিষ্ট্যসমূহ:

এই আঁচনিৰ অধীনত অনা কৌশলী কাম কৰাৰ বাবে ইচ্ছুক লোকে বছৰত ১০০ দিনৰ কাম লাভ কৰে। অনা-কৌশলী কাম কৰিবলৈ আগ্ৰহী প্ৰতিটো পৰিয়ালে এখনকৈ জবকাৰ্ড ল’ব পাৰে আৰু পৰিয়ালটোৰ প্ৰতিজন প্ৰাপ্তবয়স্ক সদস্যই এই জবকাৰ্ডতে নাম অন্তৰ্ভুক্ত কৰি প্ৰত্যেকে শ্ৰম কৰিব পাৰে। প্ৰতিগৰাকী জবকাৰ্ড থকা লোকে আবেদন কৰাৰ ১৫ দিনৰ ভিতৰত কাম পোৱাৰ লগতে ১৫ দিনৰ ভিতৰত মজুৰি লাভ কৰাটোও নিশ্চিত। প্ৰত্যেক গৰাকী শ্ৰমিকে দৈনিক ১৮৯ টকাকৈ মজুৰী লাভ কৰিব। প্ৰতিটো কামতেই গাঁওসভাৰ অনুমোদন থকাটো বাঞ্চনীয়। জব কাৰ্ডৰ গৰাকীয়ে বেংক/ডাকঘৰত থকা নিজা একাউন্টৰ জৰিয়তে মজুৰী লাভ কৰিব। আমাৰ গাঁও আমাৰ আঁচনিৰ অধীনত এইবাৰ ৰাইজে গ্ৰহণ কৰা আঁচনিসমূহত ইতিমধ্যে মঞ্জুৰি দিয়া হৈছে। আগ্ৰহী লোকসকলে কাম বিচাৰি গাওঁ পঞ্চায়তত আবেদন কৰিব পাৰে।

ৰাষ্ট্ৰীফ্য সামাজিক সাহায্য কাৰ্যসূচী(এন এছ এ পি)

মুখ্য উদ্দেশ্য:

সামাজিক সুৰক্ষা আৰু সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ বৃদ্ধ, পুৰুষ-মহিলা, বিধৱা আৰু দিব্যাংগসকললৈ পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এন এছ এ পি ৰ অধীনত ৰূপায়িত হৈ থকা আঁচনি পাঁচখন হ’ল-

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি

এই আঁচনিৰ অধীনত ৬০ৰ পৰা ৭৯ বছৰ বয়সৰ হিতাধিকাৰীয়ে প্ৰতিমাহে ২৫০ টকা আৰু ৮০ বছৰ বয়সৰ পৰা প্ৰ্তিমাহে ৫৫০ টকা লাভ কৰে।

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি

এই আঁচনিৰ অধীনত ১৮ৰ পৰা ৭৯ বছৰৰ খিতধিকাৰীয়ে প্ৰতিমাহে ৩০০ টকা আৰু ৮০ বছৰ বয়সৰ পৰা প্ৰ্তিমাহে ৫৫০ টকা লাভ কৰে।

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি:

এই আঁচনিৰ অধীনত ৮০ শতাংশ অক্ষমতা থকা ১৮ৰ পৰা ৭৯ বছৰ বয়সৰ প্ৰতিমাহে ৩০০ টকা আৰু ৮০ বছৰ বয়সৰ পৰা প্ৰ্তিমাহে ৫৫০ টকা লাভ কৰে।

ৰাষ্ট্ৰীয় পৰিয়াল সাহায্য আঁচনি:

এই আঁচনিৰ অধীনত ১৮ বছৰৰ ঊৰ্দ্ধৰ আৰু ৬০ বছৰৰ তলৰ পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ অকল মৃত্যুত সেই পৰিয়ালক ২০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।

এন এছ এ পিৰ অধীনত হিতাধিকাৰীয়ে পাব লগা সাহায্যৰ ধন তেওঁলোকৰ একাউন্টলৈ পোনপতীয়াকৈ হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত প্ৰতিমাহে পেঞ্চন প্ৰদান ব্যৱস্থাটো নিশ্চিত হৈছে।

ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান(এন আৰ এল এম)

এন আৰ এল এম আঁচনিখনৰ মূল কম কাজবোৰ হৈছে-

  • বৰ্তমান চলিত জীৱিকাৰ সম্প্ৰসাৰণ
  • বাহ্যিক জগতত খাপ পাব পৰাকৈ কৰ্ম দক্ষতাৰ সৃষ্টি
  • আত্ম সংস্থাপন আৰু ক্ষুদ্ৰ উদ্যোগৰ সৃষ্টি
  • ২০১৫ চনৰ পৰা এন আৰ এল এমক দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান হিচাপে পুনৰ নামকৰণ কৰা হয়।

দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ বৈশিষ্ট্যসমূহ

  • আত্মসহায়ক গোটৰ প্ৰসাৰ আৰু উন্নয়ন
  • আত্মসহায়ক গোটসমূহলৈ পুঁজিৰ যোগান।

দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা:

এই আঁচনিৰ অধীনত গাওঁ এলেকাৰ ১৫ৰ পৰা ৩৫ বছৰ বয়সৰ ল’ৰা ছোৱালীক বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ লগতে সংস্থাপণৰ ব্যৱস্থা কৰি দিয়া হয়। ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৮ চনৰ মাৰ্চলৈ মুঠ ১৬,৯৪২ গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ১১,২৪৭ গৰাকী প্ৰশিক্ষাৰ্থীক চাকৰিত মকৰল কৰা হৈছে।

কনকলতা মহিলা সবলীকৰণ যোজনা

এই আঁচনিৰ অধীনত এক লাখ বহনক্ষম মহিলা আত্মসহায়ক গোট বিকশাই তোলাৰ লক্ষ্যৰে গোটসমূহক ৫ লাখ টকা পৰ্যন্ত ৰাজসাহায্যযুক্ত ঋণ আগবঢ়োৱাৰ বাবে ৰাজ্যিক কেবিনেট অনুমোদন কৰিছে। এই আঁচনি গ্ৰামীণ মহিলাসকলৰ সবলীকৰণত পথ নিৰ্দেশক হ’ব বুলি আশা কৰা হৈছে।

চতুৰ্দশবিত্তীয় আয়োগ:

চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা গাওঁ অঞ্চলৰ বুনিয়াদী ব্যৱস্থাৰ সৱলীকৰন কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে গাওঁ পঞ্চায়তক প্ৰত্যক্ষভাবে পুঁজিৰ যোগান ধৰিব।

আমাৰ গাওঁ আমাৰ আঁচনি

গাওঁসমূহৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে গাঁৱৰ অভাৱসমূহ চিনাক্ত কৰি সেইবোৰ দূৰ কৰিবলৈ গাঁৱৰ ৰাইজক উন্নয়নী প্ৰক্ৰিয়াত জড়িত কৰাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া গাঁৱৰ ৰাইজে নিজ নিজ অঞ্চলৰ সমস্যাসমূহ ৱাৰ্ডসভা আৰু গাওঁসভাত আলোচনা কৰি অনুমোদন কৰিব পাৰে। গাওঁসভাৰ অনুমোদন সাপেক্ষে আঁচনিসমূহ পঞ্চায়তৰ লগতে বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ সম্ভৱ হ’ব। এই প্ৰক্ৰিয়াৰ জৰিয়তে জনসাধাৰণে উন্নয়নী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ লগতে গণতান্ত্ৰিক ব্যৱস্থা সঁচা অৰ্থত তৃণমূল পৰ্যায়ত প্ৰতিষ্ঠিত কৰা সম্ভৱ হৈ উঠিব।

এই আঁচনিসমূহৰ পৰা সুফল লাভ কৰিবলৈ আপোনাৰ নিকটৱৰ্তী গাওঁ পঞ্চায়ত অথবা উন্নয়ন খণ্ডৰ সৈতে যোগাযোগ কৰিব পাৰে।

যোগাযোগ:

ফোন নং: ০৩৬১- ২৩৩৩৬৪৫,

ট’ল ফ্ৰি নং- ১৮০০৩৪৫৩৭১৪

ম’বাইল নং: ৯৪০১০-১৩২২২, ৯৪০১২-৭১৭৭৭

ৱাটচ এপ নং: ৯৪০১৮-৮৯০২৫,

এছ এম এছ নং: ৯৪০১৮-৮৯০২৪

Website: www.rural.assam.gov.in/ www.sird.assam.gov.in/

E-mail: ruralassam@yahoo.co.in

উৎস: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম(Panchayat & Rural Development Department, Govt. of Assam)

2.96153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top