অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসম পঞ্চায়ত আইন, ১৯৯৪

প্ৰস্তাৱনা

এইখন আইনৰদ্বাৰা অসমৰ পঞ্চায়ত সম্পৰ্কীয় আইনকানুনসমূহৰ স্ংশোধন আৰু স্ংহতকৰণ কৰিবলৈ বিচৰা হৈছে।

অসমৰ পঞ্চায়তসমূহৰ আইনকানুনবোৰ স্ংশোধন আৰু স্ংহতকৰণ কৰিবলৈ আৱশ্যকীয় বুলি বিবেচনা কৰি, ভাৰত গণৰাজ্যৰ ৪৫ তম বছৰটোত অসম পঞ্চায়ত আইনখন তলত দিয়া ধৰণে বিধিবদ্ধ কৰা হৈছে—

(১) এইখন আইনক অসম পঞ্চায়ত আইন ১৯৯৪ বুলি কোৱা হ’ব।

(২) অসমৰ গ্ৰামাঞ্চলৰ সকলো ঠাইতে ই প্ৰযোজ্য হ’ব। স্ংবিধানৰ ষষ্ঠ অনূসূচিত অন্তৰ্ভুক্ত অসমৰ স্বায়ত্ব শাসিত জিলা কেইখন এই আইনৰ পৰিসৰৰ বাহিৰত থাকিব। ১৯৫৬ চনৰ অসম পৌৰ আইন আৰু ১৯২৪ চনৰ অসম ‘কেন্টনমেন্টৰ আইন অনুসৰি গঠিত হোৱা পৌৰ সভা নতুবা নগৰ সমিতি অথবা কেন্ট’নমেন্টৰ অন্তৰ্ভুক্ত কৰা বা কৰিবলৈ বিচৰা অঞ্চলসমূহ এই আইনৰ পৰিসৰৰ বাহিৰত থাকিব।

(৩) তৎমুহূৰ্ততে ই আইনত পৰিণত হ’ব।

স্ংজ্ঞা

২। বিষয়বস্তু আৰু প্ৰস্ংগৰ কোনো ধৰণৰ বিস্ংগতি নাথাকিলে এই আইন অনুসৰি:

(১) গাওঁ পঞ্চায়ত এলেকাৰ ভিতৰুৱা এখন গাঁওৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসমূহৰ দ্বাৰা গঠিত নিকায়টোক গাওঁসভা বুলি বুজোৱা হ’ব।

(২) এই আইনৰদ্বাৰা স্থাপিত গাঁও পঞ্চায়তকে, ‘গাঁও পঞ্চায়ত’ বুলি বুজোৱা হ’ব।

(৩) এই আইন অনুসৰি গঠন কৰা আঞ্চলিক পঞ্চায়তেই হ’ল ‘আঞ্চলিক পঞ্চায়ত’।

(৪) এই আইন অনুসৰি প্ৰতিষ্ঠা কৰা ‘জিলা পৰিষদকে ‘জিলা পৰিষদ বুলি বুজোৱা হ’ব।

(৫)  ‘স্থনীয় কৰ্তৃপক্ষই’ গাঁও সভা, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতিক অন্তৰ্ভুক্ত কৰে।

(৬) চৰকাৰী ৰাজপত্ৰত প্ৰকাশিত জাননীকেই জাননী বোলা হয়।

(৭) পঞ্চায়তীৰাজ নিকায় বুলিলে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক বুজায়।

(৮) মহিলাই হওক বা পুৰুষেই হওক, যিজন ব্যক্তিৰ ১৮ বছৰ পুৰ হৈছে, তেওঁক প্ৰাপ্তবয়স্ক বোলা হ’ব।

(৯) এখন জিলাৰ ৰাজস্ব তথ্য বহীত গাঁও হিচাপে লিখিত থকা যিকোনো স্থানীয় অঞ্চল বা এলেকাকে গাঁও বুলি বুজোৱা হ’ব। এই আইনখনৰ উদ্দেশ্যৰ সৈতে স্ংগতি ৰাখি ৰাজ্য চৰকাৰে কোনো বিশেষ বা সধাৰণ আদেশৰ দ্বাৰা যিকোনো অঞ্চল এটাক গাঁও হিচাপে ঘোষণা কৰিব পাৰে।

(১০) সমবয় সমিতিসমূহক নিয়ন্ত্ৰিত কৰা যিকোনো কেন্দ্ৰীয় আইন নতুবা অসম সমবায় সমিতিসমূহ আইন, ১৯৪৯ অনুসৰি পঞ্জীভূত হ’ল বুলি ধৰি লোৱা এখন সমিতিকে ‘সমবায় সমিতি’ বুলি বুজোৱা হ’ব।

(১১) গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ এজন সদস্যক ‘সদস্য’ বুলি ধৰা হ’ব।

(১২) গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ বাবে তেওঁৰ পদবীৰ গুণত নিযুক্ত হোৱা এজন সদস্যক ‘পদেন সদস্য’ বুলি বুজোৱা হ’ব। স্ংসদ সদস্য, বিধান সভাৰ সদস্য, ৰাজ্য চৰকাৰৰ বিষয়া, স্থানীয় সমবায় সমিতি সমূহৰ প্ৰতিনিধি আৰু স্থনীয় অনূসূচিত আৰু অনূসূচিত নোহোৱা বেংক সমূহৰ প্ৰতিনিধিও এনে সদস্য অন্তৰ্ভুক্ত হ’ব পাৰে।

(১৩)  গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ সদস্য হিচাপে সহ নিযুক্ত কৰা সদস্যৰ অন্তৰ্ভুক্ত হ’ব পাৰে।

(১৪) অসম ৰাজ্য সাপেক্ষে ভাৰতীয় সংবিধানৰ ৩৪১ নং অনুচ্ছেদ অনুসৰি যি জাতি, প্ৰজাতি বা জনজাতি বা তেনে জাতি, প্ৰজাতি বা জনজাতিৰ ভিতৰুৱা এটা অংশ বা দলক ‘অনুসূচিত জাতি’ বুলি বুজোৱা হ’ব।

(১৫) অসম ৰাজ্য সাপেক্ষে ভাৰতীয় সংবিধানৰ ৩৪২ নং অনুচ্ছেদ অনুসৰি যি জনজাতি বা জনজাতীয় সম্প্ৰদায়ক অনূসূচিত জনজাতি বুলি ধৰি লোৱা হৈছে, তেনে জনজাতি বা জনজাতীয় সম্প্ৰদায়ক ‘অনুসূচিত জনজাতি’ বুলি ধৰি লোৱা হ’ব।

(১৬) ভাৰতীয় পেনেলকোড, ১৮৬০ ৰ ২১ নং ধাৰাত বৰ্ণিত অসামৰিক বিষয়াক ‘অসমাৰিক বিষয়া’ বুলি বুজোৱা হ’ব।

(১৭)  যিকোনো স্থানীয় কৰ্তৃপক্ষ বা চৰকাৰৰ অধীনস্থ সম্পত্তিকেই ৰাজহুৱা সম্পত্তি বুলি বুজোৱা হ’ব।

(১৮)  এখন ৰাজ্যৰ জিলা এখনকে জিলা বুলি বুজোৱা হ’ব।

(১৯)  স্থানীয় কৰ্তৃপক্ষৰ প্ৰশাসনিক এলেকাৰ ভিতৰুৱা যিকোনো এখন ঠাইকে, য’ত সমূহ ৰাইজে নিজৰ বা পোহনীয়া গৰু-গাইৰ ভোগ্য সামগ্ৰী নতুবা পোহনীয়া জীৱ-জন্তু বা অইন পণ্য সমগ্ৰী কিনিবলৈ বা বেচিবলৈ, দৈনিক বা দ্বিসাপ্তাহিক বা সময়ে সময়ে মিলিত হয়, তাকেই ‘বজাৰ, হাট বা মাৰ্কেট’ বুলি বুজোৱা হ’ব।

(২০) মানুহ অনা নিয়া কৰিবলৈ স্প্ৰীং হিচাবে বা সাধাৰণভাৱে ব্যৱহাৰ কৰা স্প্ৰীংযুক্ত যিকোনো চকা লগোৱা যানকে ‘বাহন’ বুলি বুজোৱা হ’ব। সকলো প্ৰকাৰৰ দুচকীয়া যান, তিনিচকীয়া যান, ৰিক্সা আৰু ইঞ্জিন চালিত বা ইঞ্জিন বিহীন সাধাৰণ শ্ৰেণীৰ নাও ‘বাহন’ৰ অন্তৰ্ভুক্ত হ’ব। কিন্তু মটৰ গাড়ী আৰু পেৰালম্বুলেটৰ ইয়াৰ ভিতৰত নপৰে।

(২১)  উপধাৰা ৩ ত অন্তৰ্ভুক্ত নথকা স্প্ৰীংযুক্ত চকা লগোৱা বা ঘোৰা চালিত যিকোনো গাড়ীকে গাড়ী বুলি বুজাব।

(২২)  গৰু-গাই অনুপ্ৰৱেশ আইন, ১৯৮১ ৰ অন্তৰ্ভুক্ত চাৰিঠেঙীয়া জন্তুকে ‘গৰু-গাই’ বুলি বুজোৱা হ’ব।

(২৩)  ‘অভিযোগ’ আৰু ‘অপৰাধ’ শব্দ দুটাই ‘ডি ক’ড অৱ ক্ৰিমিনেল প্ৰচিডিঅ’ৰ ১৯৭৩ ৰ ধাৰা ২ ত নিৰ্দ্ধাৰিত কৰি দিয়া অৰ্থ বহন কৰিব।

(২৪) ‘উপবিধি’য়ে এই আইন অনুসৰি বিধিবদ্ধ কৰা আৰু অনুমোদিত হোৱা উপবিধিক বুজাব।

(২৫) ‘ডিগ্ৰী ধাৰক’, ‘ৰায়দান,’ ধৰুৱা, ন্যায়িক প্ৰতিনিধি আৰু ‘অস্থাৱৰ সম্পতি’শব্দ কেইটাই দি ক’ড অৱ চিভিল প্ৰচিডিঅৰ, ১৯৮৮ ৰ ধাৰা ২য়ে নিৰ্দ্ধাৰণ কৰি দিয়া অৰ্থ বহন কৰিব।

(২৬)(ক) প্ৰত্যেক বছৰৰে এপ্ৰিল মাহৰ ১ তাৰিখে আৰম্ভ হৈ পাছৰ বছৰৰ মাৰ্চ মাহৰ ৩১ তাৰিখে শেহ হোৱা বছৰটোকে ‘বিত্তীয় বছৰ’ বুলি ধৰা হ’ব।

(খ)  জুলাই মাহৰ ১ তাৰিখে নতুবা ৰাজ্য চৰকাৰে জাননী জাৰি কৰি নিৰ্দ্ধাৰণ কৰি দিয়া তেনে অন্য কোনো তাৰিখে আৰম্ভ হোৱা বছৰটোকে ‘পঞ্চায়ত বছৰ’ বুলি বুজোৱা হ’ব।

(২৭) বসবাস কৰি থকাৰ উদ্দেশ্যেৰে এটা পৰিয়ালে ব্যৱহাৰ কৰি থকা বা ততোধিক ঘৰকে গৃহস্থী বুলি বুজোৱা হ’ব।

(২৮) এই আইন অনুসৰি প্ৰণয়ন কৰা নিয়মকে ৰাজ্য চৰকাৰে দিয়া লিখিত নিৰ্দেশ বুলি বুজোৱা হ’ব।

(২৯) ‘মকৰ্দমা’, বিহিত ব্যৱস্থা নতুবা গোচৰৰ বাহিৰে এই আইনে বিশেষভাৱে সূচিত কৰি দিয়া যিকোনো মকৰ্দমাকে মকৰ্দমা বুলি ধৰি লোৱা হ’ব।

(৩০) নদী, সূঁতি, নলা, খাল, নাদ আৰু পকী নলা, জল প্ৰৱাহৰ অন্তৰ্গত হ’ব।

(৩১) ওপৰঞ্চি আৰোপে অতিৰিক্ত আৰোপ বা পৰিশোধক পৰিশোধনকে বুজাব।

(৩২) ৰাজ্য চৰকাৰে সময়ে সময়ে জাননী জাৰি কৰি গঠন কৰি দিব পৰা বিভাগসমূহ, এই আইনৰ ব্যৱস্থাৱলীৰ অধনীৰ ‘উন্নয়ন বিভাগসমূহৰ’ অন্তৰ্ভুক্ত হ’ব।

(৩৩)  পঞ্চায়ত আৰু গ্ৰমোন্নয়ণ বিভাগ, অসমৰ সৈতে জৰিত বিভাগকে ৰাজ্য চৰকাৰ বুলি বুজোৱা হ’ব।

(৩৪)  গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিসদৰ নিৰ্বাচিত সভাপতিজনকে, (যিজন চৰকাৰী বিষয়া নহয়) ‘সভাপতি” বুলি বুজোৱা হ’ব।

(৩৫) গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিসদৰ উপসভাপতি হিচাপে নিৰ্বাচিত হোৱা চৰকাৰী বিষয়াৰ বাব নথকা ব্যক্তিজনকে ‘সভাপতি’ বুলি বুজোৱা হ’ব।

(৩৬) পুৰুষেই হওক বা মহিলাই হওক, (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ বা জিলা পৰিকল্পনা সমিতিৰ চৰকাৰী বিষয়াৰ খিতাপ নথকা নিৰ্বাচিত ব্যক্তি গৰাকীক সভাপতি বুলি বুজোৱা হ’ব।

(৩৯)  “কাৰ্যবাহী বিষয়া” বুলিলে খণ্ড উন্নয়ণ বিষয়াজনকে বুজোৱা হ’ব। তেখেতে এটা আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়া হিচাপে কাম-কাজ চলাব। আঞ্চলিক পঞ্চায়তৰ চাৰিসীমা, উন্নয়ন খণ্ডটোৰ চাৰিসীমাৰ সৈতে একে হ’ব।

(৪০)  ‘সম্পাদক বুলিলে গাঁও পঞ্চায়তৰ সম্পাদককে বুজোৱা হ’ব।

(৪১)  চৰকাৰে তেনেদৰে জাননী জাৰি কৰি নিযুক্তি দিয়া জিলা উপায়ুক্তকে ‘জিলা উপায়ুক্ত’ বুলি বুজোৱা হ’ব। ‘জিলা উপায়ুক্ত’ পাৰিভাষিক শব্দটোৱে অতিৰিক্ত উপায়ুক্ত এটা দূৰৱৰ্তী মহকুমাৰ মহকুমাধিপতিকো বুজাব।

জিলা পৰিকল্পনা সমিতিৰ গঠন

৩।(১) জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত, নগৰ সমিতি, পৌৰসভা, পৌঅৰ নিগমে প্ৰস্তুত কৰা পৰিকল্পনাক একীকৃত ৰুপ দিবলৈ আৰু সমগ্ৰ জিলাখনত বাবে এটি ৰ্চৰা উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ, চৰকাৰে প্ৰতিখন জিলাৰ বাবে এখনকৈ জিলা পৰিকল্পনা সমিতি গঠন কৰি দিব।

২। তলত উল্লেখজ কৰা সদস্যসমূহৰে জিলা পৰিকল্পনা সমিতি গঠন হ’ব:

(ক) হজিলাখনক আংশিকভাৱে বা সামগ্ৰীকভাৱে [প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় স্ংসসদৰ সদস্য।

(খ) অসম বিধান সভাৰ সদস্য। তেওঁৰ সমষ্টিৰ বেছিভাগ অঞ্চল জিল;আখনৰ চাৰিসীমাৰ ভিতৰত থাকিব।

(গ) জিলা পৰিষদৰ সভাপতি।

(ঘ) মেয়ৰ ব পৌৰ নিগম/পৌৰ সভা/ নগৰ সমিতিৰ সভাপতি(যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হ)।তেওঁৰ ক্ষমতাৰ পৰিসৰ জিলা সদৰলৈ বিস্তৃত।

(ঙ)জিলা পৰিকল্পনা সমিতিৰ মুঠ সদস্য স্ংখ্যাৰ, যিটো চৰকাৰে বিশেষভাৱে নুইৰ্ধাৰণ কৰিব দিব পাৰে, ৪/৫ অংশতকৈ কম নোহোৱাকৈ সিমান স্ংখ্যক সদস্য। এই সদস্য সকল চৰকাৰে লিখিতব্ভৱে নিৰ্দিষ্ট কৰি দিয়া পদ্ধতিৰে জিলাখনৰ জিলা পৰিষদৰ সদস্য, পৌৰ নিগমৰ কাউঞ্চিলৰ বা পৌৰ সভাৰ সদস্য(যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) আৰু নগৰ সমিতিৰ সদস্য সকলৰ মাজৰ পৰা আৱৰ্তিত প্ৰক্ৰিয়া অনুসৰি বছৰেকীয়া হিচাবে নিৰ্বাশিত হ’ব লাগিব। এনে সদস্য স্ংখ্যা আৰু চহৰ অঞ্চলৰ জনস্ংখ্যাৰ সামানুপাতিক হোৱাকৈ নিৰ্দ্ধাৰিত কৰ হ’ব।

(৩) পদেন সদস্য হিচাপে জিলা উপায়ুক্তজন এই সমিতিৰ স্থায়ী আমন্ত্ৰিত বিষয়া হ’ব।

(৪) জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজকন সস্মিতিৰ পদেন সদস্য হ’ব।

(৫) জিলা পৰিঅদৰ সভাপতিজন জিলা [পৰিকল্পনা সমিতিৰ পদেন সভাপতি হ’ব।

(৬) জিলা পৰিকল্প্না সমিতিয়ে জিলাখনৰ অন্তৰ্গত জিলা পৰিষদ, আঞ্চলিক পঞ্চয়ত আৰু গাওঁ পঞ্চায়ত নগৰ সমিতুই পৌৰ সভা পৌৰ নিগমসমূহে প্ৰস্তুত কৰা আচনি সমূহ প্ৰস্তুত কৰিব। সমিতিখনে সমগ্ৰ জিলাখনৰ বাবে অএখন খচৰা উন্নয়ন আচনি প্ৰস্তুত কৰিব।

(৭) খচৰা উন্নয়ন আচনি খন প্ৰস্তুত কৰোতে প্ৰতিখন জিলা পৰিকল্পনা সমিতিয়ে তলৰ বিষয় সমূহলৈ লক্ষ কৰিব।

(ক) (১) জিলাখনৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত, পৌৰ সভা বা পৌৰ নিগম (যি ক্ষেত্ৰত যিটো ম্প্ৰযোজ্য হয়) আৰু নগৰ সমিতিৰ উমৈহতীয়া স্বাৰ্থ জড়িত থকা বিষয়সমূহ, খণ্ডভিত্তিক পৰিকল্পনা, পানীৰ বিতৰণ আৰু অইন ভৌতিক আৰু প্ৰাকৃতিক সম্পদ সমূহৰ সমবিতৰণ, পৰিবেশ স্ংৰক্ষণ আৰু আন্ত:গাঠনি সমূহৰ সমন্বিত উন্নয়নো ইয়াৰ অন্তৰ্ভুক্ত হ’ব।

(২) বিত্ত বিষয়কে হওক নতুবা অন্যধৰণৰে হওক ব্যৱহাৰ কৰিব পৰা অৱস্থাত থকা সম্পদৰ পৰিসৰ আৰু প্ৰকাৰ।

(৩) ৰাজ্যপালে নিৰ্দেশৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিয়া ধৰণৰ পৰামৰ্শ মানি চলা আৰু কোনো স্ংস্থাৰ সৈতে পৰামৰ্শ কৰা।

(৮) ৰাজ্য চৰকাৰে বান্ধি দিয়া নিৰ্দ্ধাৰিত সময়ৰ ভিতৰতে অনুমোদন কৰিবলৈ, প্ৰতিখন জিলা পৰিকক্ল্পনা সমিতিৰ সভাপতিয়ে জিলা পৰিকল্পনা আচঁনিখন চৰকাৰলৈ প্ৰেৰণ কৰিব।

অসম পঞ্চায়ত আইন (পিডিএফ)

উৎস: অসম পঞ্চায়ত আইন

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate