অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাঁওসভা

গাঁওসভা

৪। (১) চৰকাৰৰ সাধাৰণ নিৰ্দেশৰ তলতীয়া

(ক) এখন গাঁওসভাৰ বৈঠক সময়ে সময়ে অনুষ্ঠিত হ’ব। কিন্তু দুখন যিকোনো বৈঠকৰ অৰ্ন্তবৰ্তী সময় ৩ মাহৰ বেছি হ’ব নোৱাৰে।

(খ) এখন গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন বা কেইবাখনো গাৱৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসমূহৰে গাওঁসভা গঠিত হ’ব।

(গ) গাঁওসভাই তলত দিয়া বিষয়সমূহ বিচাৰ কৰি চাব। গাঁওসভাই গাঁও পঞ্চায়তলৈ অনুমোদন আৰু পৰামৰ্শ পঠিয়াব পাৰে।

(১) চলিত বছৰৰ বাবে হাতত লবলগীয়া আৰু আগৰ বছৰৰ উন্নয়ন আঁচনি সমূহৰ প্ৰতিবেদন।

(২) গাঁওখনৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত একতা আৰু সমন্বয়ৰ ভাৱ বৃদ্ধি কৰা।

(৩) তেনেকুৱা যিকোনো বিষয়, যিবোৰ নিৰ্দেশিত কৰি দিয়া হ’ব।

(২) গাঁওসভাই পঠিওৱা অনুমোদন, পৰামৰ্শৰ বিষয়ে গাঁও পঞ্চায়তে বিহিত বিচাৰ কৰিব।

(৩) স্ংশ্লিষ্ট গাঁও পঞ্চায়তৰ সভাপতি, তেওঁৰ অনুপস্থিতিত উপসভাপতিয়ে নতুবা সেইখন সভাত উপস্থিত থকা গাঁও সভাৰ সদস্য সকলৰ গৰিষ্ঠ স্ংখ্যকে বাছি দিয়া ব্যক্তিজনে প্ৰতিখন গাঁওসভাত সভাপতিত্ব কৰিব।

(৪) গাঁও পঞ্চায়তৰ সভাপতিৰ বিহিত অনুমোদন অনুসৰি আৰু স্ংশ্লিষ্ট খণ্ডউন্নয়ন বিষয়াজনৰ সৈতে পৰামৰ্শ কৰি গাঁও পঞ্চায়তৰ সম্পাদকে গাঁওসভাৰ বৈঠক আহ্বন কৰিব। এনে বৈঠক অনুষ্ঠিত হোৱাৰ ১৫ দিন আগতে এনে বৈঠক সম্পৰ্কে বহুল প্ৰচাৰ কৰিব লাগিব।

(৫) যদিহে গাঁও পঞ্চায়তৰ সভাপতিয়ে গাঁওসভাৰ বৈঠক আহ্বান কৰিবলৈ অনুমোদন দিয়াত ব্যৰ্থ হয়, তেনেহ’লে সম্পাদকে খণ্ড উন্নয়ন বিষয়াৰ সৈতে পৰামৰ্শ কৰি সময়মতে গাঁওসভাৰ বৈঠক আৰম্ভ কৰিব। যেতিয়া আঞ্চলিক পঞ্চায়তে গ্ৰাম্য উন্নয়ন আঁচনিৰ বাবে প্ৰয়োজনীয় হিতাধিকাৰী নিৰ্বাচনৰ কাৰণে গাঁওসভাৰ বৈঠক আহ্বান কৰিবলৈ নিৰ্দেশ দিয়ে, তেনেক্ষেত্ৰত গাঁও পঞ্চায়তৰ সম্পাদকে গাঁওসভাৰ বৈঠক ২০ দিনৰ দিনৰ ভিতৰত আহ্বান কৰিব।

(৬) (ক) কোনো এখন গাঁওসভাৰ মুঠ ভোটাৰৰ এক দশমাংশ বা ১০০ (এশ) ভোটাৰে, গাঁওসভাৰ বৈঠকৰ থুল নিৰ্ণয় কৰিব।

(খ) এখন সভাৰ বৈঠক আহ্বান কৰা সময়টোত যদিহে থুলৰ অভাৱ হয়, তেনেহ’লে সভাপতিত্ব কৰা কৰ্তৃপক্ষই ৩০ মিনিট সময় অপেক্ষা কৰিব লাগিব। যদিহে সেই সময়খিনিৰ ভিতৰত থুল নহয়, তেনেহ’লে সভাপতিত্ব কৰা কৰ্তৃপক্ষই বৈঠকখন পাছৰ সপ্তাহৰ একে বাৰলৈ নতুবা অন্য যিকোনো তাৰিখ বা সময়লৈ স্থগিত ৰাখিব। কিন্তু এই সময় ২৪ ঘণ্টাৰ কম আৰু ৭ দিনৰ বেছি হ’ব নোৱাৰিব। স্থগিত বৈঠক খন পুনৰ অনুষ্ঠিত হ’লে, তাত থুলৰ প্ৰয়োজন নাই আৰু বৈঠকে পূৰ্বৰ বৈঠকত বিচাৰ কৰিবলগীয়া বিষয়বোৰ আলোচনা কৰিব পাৰিব।

সিদ্ধান্ত

৭) এই আইন অনূসৰি গাঁওসভাৰ ওপৰত ন্যস্ত্ কৰা বিষয়ৰ ওপৰত লোৱা সিদ্ধান্ত সভাত উপষ্ঠিত থকা সদস্য সকলৰ গৰিষ্ঠ স্ংখ্যকৰ সমৰ্থনত গৃহিত হ’ব লাগিব।

(৮) গাঁওসভাই তলত উল্লেখ কৰা কাৰ্যৱলী সম্পাদন কৰিব।

(ক)ৰাইজৰ কল্যাণকামী আঁচনিসমূহৰ বাবে স্বেচ্ছামূলক শ্ৰ্মৰ ব্যৱস্থা কৰিব। নগদ আৰু সামগ্ৰীৰ ৰুপত বৰঙণি স্ংগ্ৰহ কৰিব।

(খ) গাঁও স্ংক্ৰান্তীয় উন্নয়নমূলক আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ হিতাধিকাৰী চিনাক্ত কৰা। এই আইনৰ ব্যৱস্থা অনুসৰি যদিহে গাঁওসভাই এটা যুক্তিস্ংগত সময়ৰ ভিতৰত হিতাধিকাৰী চিনাক্ত কৰিবলৈ ব্যৰ্থ হয়, তেনেহ’লে গাঁও পঞ্চায়তৰ সম্পাদকে গাঁও পঞ্চায়তৰ সভাপতি আৰু স্ংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াজনৰ সৈতে পৰামৰ্শ কৰি সমন্বিত গ্ৰাম্য উন্নয়ন আঁচনিৰ হিতাধিকাৰী চিনাক্তকৰণ কৰিব।

(খ) গাঁও স্ংক্ৰান্তীয় উন্নয়ন আঁচনিসমূহ ৰুপয়াণ কৰিবলৈ প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱা। গাঁৱৰ সেৱা কৰা।

(৯) গাঁওসভাৰ বৈঠকত উপস্থিত থকাৰ বাবদ গাঁও পঞ্চায়ত/আঞ্চলিক পঞ্চায়তৰ সভাপতি বা উপসভাপতি আৰু সদস্যসকলে কোনো ধৰণৰ বৈঠকী ভাট্টা নপাব।

অসম পঞ্চায়ত আইন (পিডিএফ)

উৎস: অসম পঞ্চায়ত আইন

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate