অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাঁও পঞ্চায়তৰ স্থাপন আৰু গঠন

গাঁও পঞ্চায়তৰ স্থাপন আৰু গঠন

গাঁও পঞ্চায়তৰ স্থাপন

(৫) (১) ৰাজ্য চৰকাৰে জাননী জাৰি কৰি যিকোনো স্থানীয় অঞ্চল এটাক গাঁও পঞ্চায়ত বুলি ঘোষোণা কৰিব পাৰে। এখন ৰাজহ গাঁও বা কেইবাখনো ৰাজহ গাঁও বা এখন বনগাঁও বা এটি চাহ বাগিচা অঞ্চল নাইবা অইন তেনে প্ৰশাসনীয় গোট বা ইয়াৰ অংশ এটাৰদ্বাৰা গাঁও পঞ্চায়ত বুলি ঘোষণা কৰা অঞ্চলটো গঠিত হ’ব। এখন গাঁও পঞ্চায়তত ৬০০০ তকৈ কম আৰু ১০,০০০ তকৈ বেছি জনস্ংখ্যা থাকিব নোৱাৰিব।

যেতিয়া কেইবাখনো ৰাজহ গাঁও বা বনগাঁও বা চাহ বাগিচা অঞ্চল বা চুবুৰী বা অইন তেনে প্ৰশাসনিক গোট বা ইয়াৰ কোনো অংশক গাঁও হিচাপে ঘোষণা কৰা হয়, তেতিয়া সেই গাঁওখন, ৰাজহ গাঁও, চুবা, প্ৰশাসনিক গোট নতুবা ইয়াৰ এটা অংশ, (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়) হিচাপে জনা যাব আৰু এনে গাঁওৰ জনস্ংখ্যাই সৰ্বাধিক হ’ব।

(২) যদিহে ৰাজহ গাঁও এখন গঠন কৰা হৈছে, তেনেহ’লে গাঁও পঞ্চায়তৰ সৈতে পৰামৰ্শ কৰাৰ পাছত চৰকাৰে একেধৰণৰ জাননী জাৰি কৰি যিকোনো সময়তে-

(ক) যিকোনো স্থানীয় অঞ্চল ইয়াৰপৰা বাদ দিব বা ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰে।

(খ) যিকোনো স্থানীয় অঞ্চল এটাই গাঁৱৰ মৰ্য্যদা হেৰোৱা বুলি ঘোষণা কৰিব পাৰে আৰু তেনেক্ষেত্ৰত স্থানীয় অঞ্চলটো তেনেদৰে পৰিৱৰ্তিত হোৱা গাঁওখন চাৰিসীমাৰ পৰা বাদ পৰিব।

(৩) প্ৰতিখন গাঁও পঞ্চায়ত, গাঁও পঞ্চায়ত নামৰ একোটা নিগম নিকায় হ’ব।প্প্ৰতিখন গাঁও পঞ্চায়তৰ নিৰবচ্ছিন্ন ধাৰাবাহিকতা আৰু এটা উমৈহতীয়া মোহৰ থাকিব। গাঁও পঞ্চায়তৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ দুয়োবিধকে আহৰণ কৰা আৰু আয়ত্বত ৰখাৰ ক্ষমতা থাকিব, তেনে সম্পত্তি লাগিলে গাঁও পঞ্চায়তৰ কৰ্তৃতৰ ভিতৰত থকা গাঁওখনৰ চাৰিসীমাৰ ভিতৰতেই থাকক বা বাহিৰতেই থাকক। গাঁও পঞ্চায়তে ইয়াৰ নিগম নিকায়টোৰ নামত মকৰ্দমা ৰুজু কৰিব পাৰে। তেনেদৰে গাঁও পঞ্চায়তৰ নিগম নিকায়টোৰ নামত ইয়াৰ ওপৰত কোনোবাই মকৰ্দমা কৰিবও পাৰে।

গাঁও পঞ্চায়তৰ গঠন

৬। (১) তলত দিয়া সদস্যৰদ্বাৰা গাঁও পঞ্চায়ত গঠিত হ’ব-

(ক) ১০ জন সদস্য- এইকেইজনক গাঁও পঞ্চায়ত অঞ্চলটোৰ আঞ্চলিক সমষ্টিৰ ভোটাৰ সকলে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰিব। নিৰ্দেশিত পদ্ধতিৰে প্ৰতিটো সমষ্টিৰ পৰা একোজনকৈ তেনে সদস্য নিৰ্বাচিত কৰা হ’ব।

(খ) নিৰ্দেশিত পদ্ধতিৰে আঞ্চলিক সমষ্টিসমূহৰ ভোটাৰে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা গাঁও পঞ্চায়তৰ সভাপতিসকল।

(২) এই ক্ষেত্ৰত চৰকাৰৰ দ্বাৰা নিৰ্দেশিত আইন অনুসৰি নিৰ্দিষ্ট কৰি দিয়া কৰ্তৃপক্ষই নিৰ্বাচনৰ সুবিধাৰ্থে গাঁও পঞ্চায়তৰ এলেকাটোক ১০ টা আঞ্চলিক সমষ্টিত বিভক্ত কৰিব। প্ৰতিটো সমষ্টিৰ বাবে একোখনকৈ আসন আবণ্টন কৰিব।

(৩) এই ধাৰাটোৰ অধীনত এখন গাঁও পঞ্চায়ত গঠন হ’লে, জিলা উপায়ুক্ত বা তেনে উদ্দেশ্যৰ বাবে জিলা উপায়ুক্তই (এই বৈঠকখনকে, ইয়াৰ পাছত গাঁও পঞ্চায়তৰ প্ৰথম বৈঠক বুলি জনা যাব) এই বৈঠকখনত নিৰ্বাচিত সদস্যসকলৰ মাজৰ পৰা নিৰ্দেশিত পদ্ধতিৰে এজন উপসভাপতি নিৰ্বাচন কৰা হ’ব।

গাঁও পঞ্চায়তৰ কাৰ্যকাল

৭। এই আইনত সন্নিবিষ্ট কৰা উপবন্ধসমূহৰ অন্যথা নহ’লে, এখন গাও পঞ্চায়তে ইয়াৰ প্ৰথম বৈঠক অনুষ্ঠিত হোৱা তাৰিখৰ পৰা ৫ বছৰীয়া কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰি থাকিব। যেতিয়া এখন গাঁও পঞ্চায়ত ভ্ংগ হয়, তেনে ক্ষেত্ৰত নতুনকৈ গঠিত হোৱা গাঁও পঞ্চায়তৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱা তাৰিখৰ পৰা আগৰখন পঞ্চায়তৰ উকলি যোৱা সময়খিনি নতুন পঞ্চায়তৰ কাৰ্যকালৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা বুলি ধৰি ল’ব লাগিব বুলি এই আইনত উপবন্ধ আছে।

গাঁও পঞ্চায়ত গঠন কৰিবলৈ নিৰ্বাচন:

৮। (১) গাঁও পঞ্চায়তৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব লাগিব-

(ক) ৭ নং ধাৰাত নিৰ্দ্ধাৰণ কৰি দিয়া অনুসৰি কাৰ্যকাল উকলি যোৱাৰ আগেয়ে

(খ) গাঁও পঞ্চায়ত ভ্ংগ হ’লে, ভ্ংগ হোৱা দিনটোৰ পৰা ৬ মাহ সময় উকলি যোৱাৰ আগেয়ে

যদিহে ভ্ংগ হোৱা গাঁও পঞ্চায়তৰ বাকী থকা কাৰ্যকাল ৬ মাহ সময়তকৈ কম হয়, তেনেহ’লে এই উপধাৰা অনুসৰি সেই সময়খিনিৰ বাবে গাঁও পঞ্চায়ত গঠন কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আৱশ্যকতা নাই। কাৰ্যকাল উকলি যোৱাৰ আগেয়ে গাঁও পঞ্চায়ত এখন ভ্ংগ হ’লে, তাৰ পাছত নতুন গাঁও পঞ্চায়ত গঠন হ’লে, ধাৰা ৭ অনুসৰি সেইখন পূৰ্বৰ গাঁও পঞ্চায়তখন যিমান সময়লৈ কাৰ্যক্ষম থাকিলেহেতেন, সিমান সময়লৈকে কাৰ্যক্ষম থাকিব।

গাঁও পঞ্চাতৰ বাবে আসন স্ংৰক্ষণ

৯। (১) প্ৰতিখন গাঁও পঞ্চায়ত

(ক) অনুসূচিত জাতি আৰু

(খ) অনুসূচিত জনজাতিৰ বাবে আসন স্ংৰক্ষণ কৰা হ’ব।

এটা গাঁও পঞ্চায়ত এলেকাৰ অনুসূচিত জাতিৰ জনস্ংখ্যাই নতুবা অনুসূচিত জনজাতিৰ জনস্ংখ্যাই সেই গাঁও পঞ্চায়তৰ মুঠ জনস্ংখ্যাৰ সৈতে যি অনুপাতৰ সৃষ্টি কৰে, তেওঁলোকৰ বাবে স্ংৰক্ষিত আসনৰ স্ংখ্যাই সেই গাঁও পঞ্চায়তৰ মুঠ আসনৰ সৈতে একে অনুপাতৰ সৃষ্টি কৰিব। তেনেদৰে স্ংৰক্ষিত আসন নিৰ্দেশিত পদ্ধতি অনুসৰি আৱৰ্তন প্ৰক্ৰিয়াৰে বেলেগ বেলেগ সমষ্টিৰ বাবে আৱণ্টন কৰা হ’ব।

(২) উপধাৰা ১ ৰ জৰিয়তে অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ বাবে স্ংৰক্ষণ আসনৰ ১/৩ অংশ আসন (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়), মহিলাৰ বাবে আসন স্ংৰক্ষণ কৰা হ্’ব। এনেদৰে স্ংৰক্ষণ কৰা আসনৰ স্ংখ্যা ১/৩ তকৈ কম হ’ব নোৱাৰিব।

(৩) এখন গাঁও পঞ্চায়তৰ বাবে নিৰ্বাচনৰদ্বাৰা প্ৰত্যক্ষভাৱে পূৰ কৰিবলগীয়া মুঠ আসনৰ ১/৩ অংশ আসন, (অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাৰ বাবে স্ংৰক্ষণ কৰা আসনো ইয়াৰ অন্তৰ্ভুক্ত হ’ব) আসন মহিলাৰ বাবে স্ংৰক্ষণ কৰা হ’ব। এনেদৰে স্ংৰক্ষণ কৰা আসনৰ স্ংখ্যা ১/৩ অংশতকৈ কম হ’ব নোৱাৰিব। তেনে পদ্ধতিৰে এটা গাঁও পঞ্চায়ত এলেকাত স্ংৰক্ষণ কৰা আসনসমূহ আৱৰ্তন প্ৰক্ৰিয়াৰ দ্বাৰা বেলেগ বেলেগ সমষ্টিলৈ আবণ্টন কৰা হ’ব। এই সম্পৰ্কে নিৰ্দেশ দিয়া হ’ব।

(৪) একে পদ্ধতিৰে, গাঁও পঞ্চায়ত সমূহৰ সভাপতিৰ পদবীও অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু মহিলাৰ বাবে স্ংৰক্ষণ কৰা হ’ব।

এখন ৰাজ্যৰ অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ জনস্ংখ্যাই সেই ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ সৈতে যি অনুপাতৰ সৃষ্টি কৰে, গাঁও পঞ্চায়তসমূহৰ বাবে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে স্ংৰক্ষিত পদবীৰ স্ংখ্যাও সেই গাঁও পঞ্চায়তৰ মুঠ আসনৰ স্ংখ্যাৰ সৈতে একে অনুপাত সৃষ্টি কৰিব।

গাঁও পঞ্চায়তসমূহৰ সভাপতি পদবীৰ মুঠ স্ংখ্যাৰ ১/৩ অংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব। তেনেদৰে সংৰক্ষিত আসনৰ স্ংখ্যা ১/৩ অংশতকৈ কম হ’ব নোৱাৰিব। এই উপধাৰা অনুসৰি স্ংৰক্ষণ কৰা আসনসমূহ বেলেগ বেলেগ পঞ্চায়তলৈ আৱৰ্তন প্ৰক্ৰিয়াৰে আবণ্টিত কৰা হ’ব। এই আইনখনত এনে ব্যৱস্থা ৰখা হৈছে।

গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ নিৰ্বাচন:

১০। (১) ধাৰা ৬(১) (খ) অনুসৰি সভাপতি আৰু ধাৰা ৬(৩) অনুসৰি উপসভাপতিৰ নিৰ্বাচন হোৱাৰ পাছত, মৃত্যু, পদত্যাগ নতুবা অপসাৰণৰদ্বাৰা যদিহে সভাপতি নতুবা উপসভাপতিৰ পদবীটো খালি হয়, তেনেহ’লে গাঁও পঞ্চায়তে ধাৰা ৬(১) (খ) অনুসৰি সভাপতি, ৬(৩) অনুসৰি উপসভাপতি (যি ক্ষেত্ৰত যিটো প্ৰযোজ্য হয়), নিৰ্বাচন কৰিব।

এক মাহতকৈ কম সময়ৰ বাবে পদবীটো খালি হ’লে, তেনে পদবীৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা নহ’ব।

(২) চৰকাৰৰ সাধাৰণ বা বিশেষ আদেশৰ অধীনত, জিলা উপায়ুক্তই-

(ক) জিলা এখনৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনস্ংখ্যাই জিলাখনৰ মুঠ জনস্ংখ্যাৰ সৈতে যি অনুপাতৰ সৃষ্টি কৰিব, যথা সম্ভৱ তেনে অনুপাতত জিলাখনৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে গাঁও পঞ্চায়তসমূহত সভাপতি আৰু উপসভাপতিৰ পদবী স্ংৰক্ষণ কৰিব।

(খ) জিলা এখনৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ব্যক্তিৰ বাবে স্ংৰক্ষণ কৰা সভাপতি আৰু উপসভাপতিৰ মুঠ আসন সমূহৰ ১/৩ অংশ মহিলাৰ বাবে স্ংৰক্ষণ কৰা আসনৰ স্ংখ্যা ১/৩ অংশতকৈ কম হ’ব নোৱাৰিব।

এই উপধাৰা অনুসৰি কৰা পদবীসমূহ নিৰ্দেশিত পদ্ধতিৰে বেলেগ বেলেগ গাঁও পঞ্চায়তলৈ আৱৰ্তন প্ৰক্ৰিয়াৰে আবণ্টন কৰা হ’ব। এনে আবৰ্তন নীতি এই আইন প্ৰচলন হোৱাৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমটো নিৰ্বাচনৰ পৰা প্ৰযোজ্য হ’ব।

১১। এই আইন অনুসৰি অনুষ্ঠিত হোৱা উপসভাপতিৰ নিৰ্বাচনৰ বৈধতা সম্পৰ্কে বিবাদৰ সৃষ্টি হ’লে, তেনে বিবাদ জিলা উপায়ুক্তই সমাধান কৰিব।

গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ পদবীৰ কাৰ্যকাল আৰু সেৱাৰ চৰ্ত:

১২। (১) এই আইনৰ উপবন্ধসমূহৰ অন্যথা নহ’লে, গাঁও পঞ্চায়তৰ এজন সদস্য হিচাপে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে প্ৰতিজন সভাপতি আৰু উপসভাপতিৰ পদবীৰ কাৰ্যকাল শেষ হ’ব।

(২) সভাপতি আৰু উপসভাপতিৰ ভাট্টা আৰু তেওঁ আগবঢ়োৱা সেৱাৰ অন্য চৰ্তসমূহ চৰকাৰে নিৰ্দেশ দিয়াৰ দৰেই হ’ব।

গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ ক্ষমতা, কাৰ্যাৱলী আৰু কৰ্তব্য:

১৩। (১) সভাপতিৰ

(ক) গাঁও সভাৰ বৈঠক আহ্বান কৰাৰ দায়িত্ব থাকিব।

(খ) গাঁও পঞ্চায়তৰ বৈঠক আহ্বান কৰাৰ দায়িত্ব থাকিব। তেওঁ গাঁও পঞ্চায়তৰ বৈঠকসমূহত সভাপতিত্ব কৰিব।

(গ) গাঁও পঞ্চায়তৰ নথি-পত্ৰ স্ংৰক্ষণৰ দায়িত্ব থাকিব।

(ঘ) গাঁও পঞ্চায়তৰ বিত্তীয় আৰু কাৰ্যবাহী প্ৰশাসনৰ সাধাৰণ দায়িত্ব থাকিব।

(ঙ) গাঁও পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু অইন কোনো কৰ্তৃপক্ষই যিবোৰ বিষয়া বা কৰ্মচাৰীৰ সেৱা গাঁও পঞ্চায়তৰ অধীনস্থ কৰিছে, তেনে বিষয়া বা কৰ্মচাৰীৰ কাম কাজৰ ওপৰত সভাপতিয়ে প্ৰশাসনিক তদাৰকি আৰু নিয়ন্ত্ৰণ ৰাখিব।

এই আইনৰ সৈতে জৰিত কামকাজ সম্পন্ন কৰিবলৈ নতুবা ইয়াৰদ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা যিকোনো আদেশ দিয়াৰ উদ্দেশ্যেৰে সভাপতিয়ে তেনে ক্ষমতা প্ৰয়োগ কৰিব পাৰে, তেনে কাৰ্য সম্পাদন কৰিব পাৰে, নতুবা তেনে কৰ্তব্য পালন কৰিব পাৰে যাৰ বিষয়ে চৰকাৰে এই আইনৰ ব্যৱস্থা অনুসৰি নিৰ্দেশ দিব পাৰে।

এই আইনৰ অধীনত প্ৰণয়ন কৰা আইনে যি যি ক্ষমতা, কাৰ্য আৰু কৰ্তব্য সম্পাদন নকৰিব।

(চ) এই স্ংক্ৰান্তত প্ৰণয়ন কৰা আইন অনুসৰি কোনো বিশেষ নাইবা সাধাৰণ প্ৰস্তাৱৰদ্বাৰা গাঁও পঞ্চায়তে নাইবা চৰকাৰে যেনেধৰণেৰে নিৰ্দেশ দিয়ে, তেনে ক্ষমতা প্ৰয়োগ কৰিব, তেনে কাৰ্যাৱলী সম্পাদন কৰিব আৰু তেনে কৰ্তব্য পালন কৰিব।

(২) উপসভাপতিয়ে

(ক) চৰকাৰে এই স্ংক্ৰান্তত প্ৰণয়ন কৰা আইন অনুসৰি সভাপতিয়ে সময়ে সময়ে যি যি ক্ষমতা, কাৰ্যাৱলী আৰু কৰ্তব্য হস্তান্তৰ কৰিব, তেওঁ তেনে ক্ষমতা প্ৰয়োগ কৰিব, তেনে কাৰ্যাৱলী সম্পাদন কৰিব আৰু তেনে কৰ্তব্য পালন কৰিব।

(খ) গাঁও পঞ্চায়তৰ সভাপতিৰ অনুমোদন সাপেক্ষে তেওঁৰ অনুপস্থিতিৰ সময়ছোৱাত উপসভাপাতিয়ে সভাপতিৰ সকলোবোৰ ক্ষমতা প্ৰয়োগ কৰিব, সকলোবোৰ কাৰ্য সম্পাদন কৰিব, সকলোবোৰ কৰ্তব্য পালন কৰিব।

(গ) কোনো সাধাৰণ বা বিশেষ প্ৰস্তাৱৰ যোগেৰে গাঁও পঞ্চায়তে নাইবা এই স্ংক্ৰান্তত প্ৰণয়ন কৰা কোনো নিয়মৰ দ্বাৰা চৰকাৰে যেনে ধৰণেৰে নিৰ্দেশ দিয়ে, তেনে আন আন ক্ষমতা প্ৰয়োগ কৰিব, তেনে আন কাৰ্যাৱলী সম্পাদন কৰিব আৰু তেনে কৰ্তব্য পালন কৰিব।

সভাপতি আৰু উপসভাপতিৰ পদত্যাগ আৰু অপসৰণ:

১৪। (১) গাঁও পঞ্চায়তৰ সভাপতিয়ে পদত্যাগ কৰিব পাৰে। এনে পদত্যাগ পত্ৰ সভাপতিয়ে নিজ হাতেৰে লিখা হ’ব লাগিব। এনে পদত্যাগ পত্ৰ জিলা উপায়ুক্তৰ নামত লিখা হ’ব লাগিব বা যি ক্ষেত্ৰত প্ৰযোজ্য হোৱা বুলি ভবা হয় সভাপতিৰ নামত ইয়াক লিখা হ’ব লাগিব বা যি ক্ষেত্ৰত প্ৰযোজ্য হোৱা বুলি ভৱা হয় সভাপতিৰ নামত ইয়াক লিখা হ’ব লাগিব।

(২) স্ংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰাপ্তি স্বীকাৰ কৰা দিনটোৰ পৰা ১৫ দিন উকলি যোৱাৰ লগে লগেই উপধাৰা ১ ৰ অধীনত কোনো সভাপতি বা উপসভাপতিয়ে পদত্যাগ কৰিলে, তেনে পদত্যাগ কাৰ্যকৰী হ’ব। উক্ত ১৫ দিন সময়ৰ ভিতৰত সভাপতিৰ ক্ষেত্ৰত উপায়ুক্তক আৰু উপসভাপতিৰ ক্ষেত্ৰত সভাপতিক সম্বোধন কৰি নিজৰ হাতৰ আখৰেৰে লিখিতভাৱে, সভাপতি নাইবা উপসভাপতিয়ে পদত্যাগ পত্ৰ উঠাই ল’ব পাৰে।

(৩) গাঁও পঞ্চায়তৰ সদস্য পদ অব্যাহত নাথাকিলে প্ৰতিজন উপসভাপতিয়ে তেওঁৰ পদবীটো খালি কৰি দিব।

সভাপতি আৰু উপসভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ:

১৫। (১) তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি উত্থাপন কৰা প্ৰস্তাৱ এটা গাঁও পঞ্চায়তৰ মুঠ সদস্য স্ংখ্যাৰ ২/৩ অংশই সমৰ্থন কৰি গৃহিত কৰিলে, প্ৰতিজন সভাপতি বা উপসভাপতিয়ে তেওঁৰ পদবীটো ততমূহুৰ্ততেই খালি কৰি দিয়া হ’ব বুলি বিবেচনা কৰা হ’ব।

গাঁও পঞ্চায়তৰ সম্পাদকে গাঁও পঞ্চায়তৰ সভাপতিৰ অনুমোদনক্ৰমে তেনে বৈঠক এখন আহ্বান কৰিব। তেনে বৈঠকত যদিহে প্ৰস্তাৱটো উপসভাপতিৰ বিৰুদ্ধে উত্থাপিত হয় তেনেহ’লে সভাপতিয়ে সভাপতিত্ব কৰিব। যদিহে জাননী পোৱা দিনটোৰ পৰা ১৫ দিনৰ ভিতৰত তেনে বৈঠক আহ্বান কৰা নহয়, তেনেহ’লে গাঁও পঞ্চায়তৰ সম্পাদকে বিষয়টো স্ংশ্লিষ্ট আঞ্চলিক পঞ্চায়তৰ সভাপতিলৈ প্ৰেৰণ কৰিব। স্ংশ্লিষ্ট আঞ্চলিক পঞ্চায়তৰ সভাপতিজনে তেতিয়া গাঁও পঞ্চায়তৰ সম্পাদকৰ জাননী পোৱা দিনটোৰ পৰা ১৫ দিনৰ ভিতৰত, সেই বৈঠকখন আহ্বান  কৰিব। তেনে বৈঠকখনত আঞ্চলিক পঞ্চায়তৰ সভাপতিয়ে সভাপতিত্ব কৰিব।

যদিহে স্ংশ্লিষ্ট আঞ্চলিক পঞ্চায়তৰ সভাপতিজনে নিৰ্দ্ধাৰিত ১৫ দিন সময়ৰ ভিতৰত ওপৰত কোৱা ধৰণে ব্যৱস্থা নলয়, তেনেহ’লে স্ংশ্লিষ্ট জিলাৰ উপায়ুক্ত গৰাকীয়ে বিষয়টো প্ৰয়োজনীয় নিস্পত্তিৰ বাবে জিলা পৰিষদলৈ প্ৰেৰণ কৰিব।

(২) উপধাৰা ১ ৰ অধীনত বিশেষ বৈঠকৰ বাবে দৰ্শোৱা অধিগ্ৰহণ পত্ৰত গাঁও পঞ্চায়তৰ মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশই চহী কৰিব লাগিব। জিলা উপায়ুক্তক বিষয়টোৰ বিষয়ে জনাই, তেনে অধিগ্ৰহণ পত্ৰ স্ংশ্লিষ্ট আঞ্চলিক পঞ্চায়তৰ সভাপতি বা উপসভাপতি জনক (যি ক্ষেত্ৰত যি প্ৰ্যযোজ্য হয়) দিব লাগিব।

(৩) এই আইনৰ অধনীত উপবন্ধসমূহৰ ক্ষতি নকৰাকৈ গাঁও পঞ্চায়তৰ এজন সভাপতি বা উপসভাপতিক, তেওঁ ত্ৰুটিপূৰ্ণভাৱে কৰ্তব্য পালন কৰিলে নাইবা কৰ্তব্য পালনত বাৰে বাৰে গাফিলতি দেখুৱালে নাইবা কোনো অপমানজনক আচৰণৰ বাবে দোষী সাব্যস্ত হ’লে, স্ংশ্লিষ্ট আঞ্চলিক পঞ্চায়তখনে জিলা পৰিষদৰ অনুমোদনক্ৰমে তেওঁক পদবীৰ পৰা অপসাৰণ কৰিব পাৰে। তেনেদৰে অপসাৰিত হোৱা সভাপতি বা উপসভাপতিয়ে, তেনে গাঁও পঞ্চায়তৰ সভাপতি বা উপসভাপতি হিচাবে তেওঁৰ পদবীৰ বাকী থকা কাৰ্যকালৰ বাবে সভাপতি বা উপসভাপতি হিচাপে পুনৰ নিৰ্বাচিত হ’বলৈ যোগ্য বুলি বিবেচনা নহ’ব।

যদিহে আঞ্চলিক পঞ্চায়তৰ ওচৰত নিজৰ কাৰণ দৰ্শাবলৈ যুক্তিস্ংগত সুবিধা দিয়া নহয়, তেনেহ’লে এখন গাঁও পঞ্চায়তৰ কোনো সভাপতি বা উপসভাপতিক তেওঁৰ পদবীৰ পৰা অপসাৰণ কৰিব পৰা নাযাব বুলি উপবন্ধ দিয়া আছে।

কাৰণ দৰ্শাবলৈ যুক্তিস্ংগত সুবিধা প্ৰদান কৰি, উপধাৰা ৩ অনুসৰি নিজৰ পদবীৰ পৰা অপসাৰিত হোৱা এজন উপসভাপতিক, চৰকাৰে গাঁও পঞ্চায়তখনৰ সদস্য পদৰ পৰাও অপসাৰিত কৰিব পাৰে।

সদস্যৰ পদত্যাগ:

১৬। গাঁও পঞ্চায়তৰ সভাপতিলৈ সম্বোধন কৰি নিজ হাতে লিখিতভাৱে আবেদন জনাই গাঁও পঞ্চায়তৰ সদস্য এজনে পদত্যাগ কৰিব পাৰে।

গাঁও পঞ্চায়তৰ বৈঠক

১৭। (১) সভাপতিয়ে নিৰ্দিষ্ট কৰি দিয়া সময়মতে আৰু গাঁও পঞ্চায়ত কাৰ্যালয়ত গাঁও পঞ্চায়তৰ কাম-কাজ সম্পন্ন কৰাৰ বিষয়ে আলোচনা কৰিবলৈ দুই মাহৰ ভিতৰত কম পক্ষেও এবাৰ গাঁও পঞ্চায়তৰ বৈঠক বহিব।

(২) যেতিয়া তেঁও উপযুক্ত বুলি ভাৱে আৰু মুঠ সদস্য স্ংখ্যাৰ ১/৩ অংশৰ লিখিত অনুৰোধ মৰ্মে, তেনে অনুৰোধ প্ৰাপ্তিৰ ১৫ দিনৰ ভিতৰত সভাপতিয়ে বিশেষ বৈঠক আহ্বান কৰিব।

(৩) সেই বৈঠকত সম্পন্ন কৰিবলগীয়া বিষয় আৰু বৈঠকখন অনুষ্ঠিত হ’বলগীয়া স্থান, তাৰিখ আৰু সময়ৰ উল্লেখ কৰি, সাধাৰণ বৈঠকৰ বাবে সম্পুৰ্ণ ৩ দিনৰ জাননীৰদ্বাৰা সম্পাদকে গাঁও পঞ্চায়তৰ বৈঠক আৰম্ভ কৰিব পাৰে।

(৪) উপধাৰা ৩ ৰ অধীনত যি বিষয়াক আৰু গাঁও পঞ্চায়তৰ প্ৰশাসনিক এলেকাৰ ভিতৰত থকা আন চৰকাৰী বিষয়াসকলক জাননী দিয়ে, তেওঁবিলাকে গাঁও পঞ্চায়তৰ বৈঠকত উপস্থিত থকাৰ অধিকাৰ পায় আৰু বৈঠকৰ কাৰ্যসূচীত ভাগ ল’ব পাৰিব। কিন্তু তেওঁৰ ভোট দিয়াৰ অধিকাৰ নাথাকিব।

(৫) উপধাৰা ২ ৰ অধীনত যদিহে সভাপতীয়ে এখন বিশেষ বৈঠক আহ্বান কৰিবলৈ ব্যৰ্থ হয়, তাৰ পাছত ১৫ দিন অতিবাহিত হৈ যোৱাৰ আগতে কোনো তাৰিখ এটাত উপসভাপতিয়ে নাইবা তেওঁৰ অনুপস্থিতত ১/৩ অংশ সদস্যই তেনে বৈঠক এখন আহ্বান কৰিব পাৰে। বৈঠকখনৰ বিষয়ে গাঁও পঞ্চায়তৰ সম্পাদকক সদস্যসকললৈ জাননী জাৰি কৰিবলৈ ব্যৱস্থা ল’বলৈ ক’ব পাৰে।

থূল আৰু প্ৰক্ৰিয়া:

১৮। (১) গাঁও পঞ্চায়তৰ সমূহ সদস্য স্ংখ্যাৰ ১/৩ অংশই থূল গঠন কৰিব।

(২) বৈঠকখনৰ বাবে নিযুক্ত সময়ত যদিহে থূলৰ অভাৱ হয়, তেনেহ’লে সভাপতিত্ব কৰা কৰ্তৃপক্ষই ৩০ মিনিট সময়ৰ বাবে অপেক্ষা কৰিব, আৰু যদি সেই সময়ৰ ভিতৰত থূল সৃষ্টি নহয়, তেনেহ’লে উক্ত কৰ্তৃপক্ষই পাছৰ দিনা তেনে সময়লৈ নতুবা তেওঁ নিৰ্দিষ্ট কৰি আগৰ তাৰিখ এটালৈ বৈঠকখন স্থগিত ৰাখিব পাৰে। স্থগিতকৰণ ১৫ দিন সময় অতিক্ৰম কৰিব নোৱাৰিব। অৱশ্যে পুনৰ অনুষ্ঠিত বৈঠকখনৰ বাবে কোনো থূলৰ প্ৰয়োজন নাথাকিব।

(৩) যিবোৰ বিষয় থূলৰ অভাৱত স্থগিত বৈঠকখনত বিবেচনা কৰিব পৰা নগ’ল, সেই বিষয়বোৰ এতিয়া এনেদৰে অনুষ্ঠিত কৰা বৈঠকত বিবেচনা কৰিব পৰা হ’ব।

(৪) এই আইনৰদ্বাৰা প্ৰণয়ন কৰা বা এই আইনৰ অধীনত থকা উপবন্ধসমূহৰ অন্যথা নহ’লে; গাঁও পঞ্চায়তৰ প্ৰতিখন বৈঠকত সভাপতিয়ে নাইবা তেওঁৰ অনুপস্থিতিত উপসভাপতিয়ে সভাপতিত্ব কৰিব।

(৫)  গাঁও পঞ্চায়তৰ কোনো বৈঠক এখনত ভোট দানৰ প্ৰয়োজন হ’লে ভোটদান হাত দাঙি সম্পন্ন কৰা হ’ব। কিন্তু অনস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা বৈঠকখনত ভোটদান গোপন বেলট কাকতৰদ্বাৰা সম্পন্ন কৰা হ’ব।

(৬)  যদি অইন ধৰণে বিশেষ কোনো উপবন্ধ দিয়া নাথাকে, তেনেহ’লে সকলো প্ৰশ্নৰ ওপৰত বৈঠকত উপস্থিত থকা সদস্যসকলৰ গৰিষ্ঠ স্ংখ্যক সদস্যৰ ভোটৰদ্বাৰা সিদ্ধান্ত লোৱা হ’ব। সভাপতিত্ব কৰা সভাপতি /উপসভাপতিয়ে, (যি ক্ষেত্ৰেত যিটো প্ৰযোজ্য হয়) কোনো এটা প্ৰশ্নৰ সপক্ষে আৰু বিপক্ষে কিমান সংখ্যক ভোট পৰিছে, তাক ঘোষণা কৰাৰ আগতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু যদিহে প্ৰশ্নটোৰ সপক্ষে আৰু বিপক্ষে সমান স্ংখ্যক ভোট পৰে, তেনেহ’লে তেওঁ নিৰ্ণায়ক ভোট প্ৰদান কৰিব পাৰে।

(৭)  সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থজৰিত হৈ থকা প্ৰশ্নৰ ওপৰত আলোচনা চলিলে, গাঁও পঞ্চায়তৰ সদস্য এজনে উক্ত আলোচনাত অংশগ্ৰহন কৰিব। কিন্তু আলোচিত প্ৰশ্নটো সম্পৰ্কত যদিহে সদস্যজনৰ কোনো অৰ্থকৰী স্বাৰ্থ জৰিত হৈ থাকে, তেনেহ’লে তেওঁ উক্ত বৈঠকত ভাগ ল’ব নোৱাৰিব। তাৰোপৰি, সভাপতিত্ব কৰা ব্যক্তিজনৰো প্ৰশ্নটো স্ংক্ৰান্তত তেনে কোনো স্বাৰ্থ জৰিত হৈ থাকিলে, তেওঁ উক্ত বৈঠকত সভাপতিত্ব কৰিব নোৱাৰিব।

(৮)  সভাপতিত্ব কৰা ব্যক্তিজনৰ আলোচনা হৈ থকা বিষয়টো স্ংক্ৰান্তত কোনো অৰ্থকৰী স্বাৰ্থ জৰিত হৈ থকা বুলি যদি কোনো এজন সদস্যই বিশ্বাস কৰে, আৰু তেনে সম্পৰ্কীয় প্ৰস্তাৱ এটা যদি গ্ৰহণ কৰিব লগা হয়, তেনেহ’লে সভাপতিত্ব কৰা ব্যক্তিজনে বিষয়টোৰ ওপৰত আলোচনা চলি থকা সময়ছোৱাত বৈঠকখনত সভাপতিত্ব কৰিব নোৱাৰিব, বা ভোট দিব নোৱাৰিব, নতুবা তাত অংশ ল’ব নোৱাৰিব। আলোচনা চলাই নিয়াৰ বাবে গাঁও পঞ্চায়তৰ যিকোনো এজন সদস্যই বৈঠকখনত সভাপতিত্ব কৰিব।

গাঁও পঞ্চায়তৰ কাৰ্যাৱলী

১৯। চৰকাৰে সময়ে সময়ে নিৰ্দেশ দিয়া চৰ্ত সাপেক্ষে, গাঁও পঞ্চায়তে তলত নিৰ্দিষ্ট কৰি দিয়া কাৰ্যাৱলী সম্পাদন কৰিব।

(i)  সাধাৰণ কাৰ্য

(১) গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বছৰেকীয়া পৰিকল্পনা প্ৰস্তুত কৰা।

(২) গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰা।

(৩) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য স্ংগ্ৰহৰ ব্যৱস্থা কৰিব।

(৪) ৰাজহুৱা সম্পতিৰ ওপৰত হোৱা অনাধিকাৰ হস্তক্ষেপ উচ্ছেদ কৰা।

(৫) ৰাজহুৱা কামৰ বাবে স্বেচ্ছামূলক শ্ৰম আৰু বৰঙণি স্ংগ্ৰহ কৰা।

(৬) গাঁওসমূহৰ আৱশ্যকীয় তথ্য-পাতিৰ হিচাব ৰখা।

(ii)  কৃষি সম্প্ৰসাৰণকে ধৰি কৃষি কাৰ্য:

(১) গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে পঞ্চাছ হাজাৰ (৫০,০০০টকা) টকাৰ তলৰ বিভিন্ন কৃষি ভিত্তিক আঁচনিৰ চিনাক্ত কৰা আৰু কাৰ্যকৰী কৰা।

(২) পৰিত্যক্ত মাটিৰ উন্নয়ন।

(৩) গাঁও অঞ্চলৰ চৰণীয়া পথাৰসমূহৰ উন্নয়ন আৰু স্ংৰক্ষণ।

(iii) পশুপালন, দুগ্দ্ধ উত্পাদন আৰু হাঁহ, কুকুৰা পালন:

(১) গৰু-গাই, হাঁহ, কুকুৰা আৰু অন্যান্য পোহনীয়া জীৱজন্তু আদিৰ সচঁৰ উন্নয়ন।

(২) দুগ্দ্ধ পাম, হাঁহ, কুকুৰা পাম আৰু গাহৰি পামৰ উন্নয়ন।

(৩) ঘাঁহনি পথাৰৰ উন্নয়ন।

(iv) মীন পালন:

(১) গাঁও সমূহত মাছ পোহাৰ বাবে পুখুৰীৰ উন্নয়ন।

(v) সামাজিক আৰু পাম বনানিকৰণ/ক্ষুদ্ৰ বনজ সামগ্ৰী, ইন্ধন কাঠ আৰু ঘাঁহ:

(১) নিজৰ অধীনত থকা অন্যান্য ৰাজহুৱা মাটি আৰু পথৰ দুয়ো দাতিত গছ ৰোৱা আৰু তাৰ প্ৰতিপালন কৰা।

(২) ইন্ধন কাঠৰ বাবে গছ ৰোপণ আৰু ঘাঁহনিৰ উন্নয়ন।

(৩) পাম বনানিকৰণৰ উন্নয়ন।

(৪) সামাজিক বনানীকৰণৰ উন্নয়ন।

(vi) খাদী, গ্ৰাম্য আৰু কুটীৰ উদ্যোগ :

(১) গ্ৰাম্য আৰু কুটীৰ উদ্যোগৰ উন্নয়ন।

(২) সচেতনতা শিবিৰ, আলোচনা চক্ৰ, প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰা, গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে কৃষি আৰু উদ্যোগজাত সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা।

(vii) গ্ৰাম্য গৃহ নিৰ্মাণ আঁচনি:

(১) ইয়াৰ প্ৰশাসনিক এলেকাৰ ভিতৰত বস্তি মাটিৰ বিতৰণ।

(২ ঘৰ, বস্তি অন্যান্য ব্যক্তিগত/ৰাজহুৱা সম্পতিৰ সম্পৰ্কে তথ্য পাতি ৰখাৰ ব্যৱস্থা কৰা।

(viii) খোৱা পানী:

(১) খোৱা পানীৰ বাবে নাদ, খাল, পুখুৰী আৰু দমকলৰ ব্যৱস্থা কৰা, মেৰামতি কৰা আৰু চোৱাচিতা কৰা।

(২) পানী দূষিত কৰণ ৰোধ আৰু নিয়ন্ত্ৰণ কৰা।

(৩) গ্ৰাম্য পানী যোগান আঁচনিৰ চোৱাচিতা কৰা।

(ix) ৰাস্তা, বিল্‌ডিং, কালভাৰ্ট, দলং, ফেৰী, জলপথ আৰু অন্যান্য যোগাযোগৰ উপায়:

(১) গ্ৰাম্য পথ, গড়খাৱৈ, আৰু কালভাৰ্ট প্ৰস্তুত কৰা আৰু চোৱাচিতা কৰা।

(২) চৰকাৰ বা অন্য কোনো ৰাজহুৱা কৰ্তৃপক্ষই হস্তান্তৰ কৰা বা ইয়াৰ অধীনত থকা বিল্‌ডিঙৰ প্ৰস্তুতি আৰু ৰক্ষণাবেক্ষণ কৰা।

(৩) নাও, ফেৰী আৰু জলপথৰ ৰক্ষণাবেক্ষণ কৰা।

(x) গ্ৰাম্য বৈদ্যুতিকৰণ :

(১) বিদ্যুতৰ বিতৰণৰ বাবে স্থান চিনাক্তকৰণকে ধৰি, ৰাজহুৱা ৰাস্তা ঘাটৰ আৰু আন আন ঠাইত পোহৰৰ ব্যৱস্থা আৰু তাৰ ৰক্ষণাৱেক্ষণ কৰা।

(xi) অপৰম্পৰাগত শক্তিৰ উত্স:

(১) অপৰম্পৰাগত শক্তিৰ উৎসৰ সম্প্ৰসাৰণ আৰু উন্নয়ন।

(২) জৈৱ গেছ প্ৰকল্পকে ধৰি ৰাজহূৱা অপৰম্পৰাগত শক্তি উত্পাদনকাৰী যতনৰ ৰক্ষণাবেক্ষণ।

(৩) উন্নত চুলা আৰু অন্যান্য ফলদায়ক শক্তিৰ যতনৰ প্ৰচাৰ।

(xii)দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনি :

(১) পূৰ্ণ নিয়োগ আৰু ৰাইজৰ বাবে উত্পাদনশীল সম্পদ সৃষ্টি কৰাৰ বাবে জনগণৰ মাজত সচেতনতা বঢ়োৱা আৰু দৰিদ্ৰতা নিৰাময় আঁচনি সমূহত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰা।

(২) গাঁওসভাৰ জৰিয়তে সমন্বিত গ্ৰাম্য উন্নয়ন আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ বাবে হিতকাৰী নিৰ্বাচন।

(৩) বিভিন্ন আঁচনিৰ ফলপ্ৰসু ৰুপায়ণত জনসাধৰণৰ অংশগ্ৰহণ আৰু ইয়াৰ সমাকৰণ।

(xiii) প্ৰাথমিক বিদ্যালয়কে ধৰি শিক্ষা:

(১) প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত জনসাধৰণৰ অংশগ্ৰহণ আৰু এই সম্পৰ্কে জনসাধৰণৰ সচেতনতা বৃদ্ধি কৰা।

(২) প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ উপস্থিতিকে ধৰি ইয়াৰ ব্যৱস্থাপনা কৰা আৰু বিদ্যালয়ত গাঁওখনৰ সকলো ল’ৰা-ছোৱালীৰ নাম ভৰ্তি আৰু তেওঁলোকৰ উপস্থিতি সুনিশ্চিত কৰা।

(xiv) বয়স্ক শিক্ষাৰ সম্প্ৰসাৰণ:

(xv) পুঠি ভৰাল :

(১) গ্ৰাম্য পুথিভৰাল আৰু অধ্যয়ন কক্ষৰ ব্যৱস্থা কৰা।

(xvi) সাংস্কৃতিক কাৰ্য:

(১) সামাজিক আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ প্ৰসাৰণ ঘটোৱা।

(xvii) বজাৰ আৰু মেলা :

(১) গৰূৰ মেলা আৰু উত্সৱকে ধৰি মেলাৰ নিয়ন্ত্ৰণ।

(xviii) গ্ৰাম্য অনাময়:

(১) ৰাজহুৱা অনাময়, শ্মশান আৰু কবৰ স্থানৰ ৰক্ষণাবেক্ষণ।

(২) ৰাজহুৱা ৰাস্তা-ঘাট, নৰ্দমা, খাল, পুখুৰী, নাদ আৰু অন্য ৰাজহুৱা স্থান চাফ চিকুনকৈ ৰখা।

(৩) শ্মশান আৰু কবৰ স্থানৰ নিয়ন্ত্ৰণ আৰু ৰক্ষণাবেক্ষণ।

(৫) অভিভাৱকহীন ব্যক্তি বা জন্তু-জানোৱাৰৰ মৃতদেহৰ নিস্ক্ৰমণ।

(৬) গা ধোৱা আৰু কাপোৰ ধোৱা ঘাটৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ।

(xix) জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ:

(১) পৰিয়াল কল্যাণ আঁচনিৰ কাৰ্যকৰীকৰণ।

(২) মহামাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ আৰু নিৰময় ব্যৱস্থা গ্ৰহণ কৰা।

(৩) মাংস, মাছ আৰু অইন ক্ষণস্থায়ী বস্তুৰ বিক্ৰী নিয়ন্ত্ৰণ কৰা।

(৪) মানুহ আৰু জীৱ-জন্তুক প্ৰতিষেধক চিটা দিয়া কাৰ্যসূচীত অংশগ্ৰহণ।

(৫) খোৱালোৱাৰ ব্যৱস্থা থকা আৰু আমোদ-প্ৰমোদৰ আয়োজন কৰা অনুষ্ঠানসমূহক অনুজ্ঞা পত্ৰ প্ৰদান।

(৬) গৰাকীবিহীন কুকুৰ নিধন কৰা।

(৭) জন্তুৰ ছাল আৰু আইন বিৰুদ্ধ ব্যৱসায়ৰ নিয়ন্ত্ৰণ।

(৮) বিপদজনক আৰু চামৰাৰ বিশুদ্ধিকৰণ, শুকুৱা আৰু ৰ্ং দিয়া।

(xx) মহিলা আৰু শিশুৰ উন্নয়ন:

(১) মহিলা আৰু শিশু কল্যাণ আঁচনিসমূহৰ কাৰ্যকৰীকৰণত অংশ লোৱা।

(২) বিদ্যালয়ত স্বাস্থ্য আৰু পুষ্টি যোগান আঁচনিসমূহৰ সম্প্ৰসাৰণ ঘটোৱা।

(xxi) শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্থ ব্যক্তিসকলৰ কল্যাণকে ধৰি সামাজিক কল্যাণ:

(১) শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্থ ব্যক্তিসকলৰ কল্যাণ, দৰিদ্ৰসকলৰ কল্যাণ আৰু সমাজ কল্যাণ কাৰ্যসূচীৰ অন্তৰ্গত খাদ্য সামগ্ৰী বিতৰণকে ধৰি সমাজ কল্যাণ আঁচনি সমূহৰ কাৰ্যকৰীকৰণত অংশগ্ৰহণ।

(২) হিতাধিকাৰীসকলৰ নিৰ্বাচন আৰু বৃদ্ধ বয়সৰ আৰু বিধৱা পেঞ্চন আঁচনিৰ সমাকৰণ।

(xxii) সমাজৰ দুৰ্বল শ্ৰেণীসমূহৰ কল্যাণ আৰু বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতিৰ কল্যাণ:

(১) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সমাজৰ অইন দুৰ্বল শ্ৰেণীসমূহৰ কল্যাণ সম্পৰ্কে জনসচেতনতা বৃধি কৰা।

(xxiii) ৰাজহুৱা বিতৰণ ব্যৱস্থা:

(১) অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বিতৰণ সম্পৰ্কে জনসচেতনতা বঢ়োৱা।

(২) চৰকাৰে আগবঢ়োৱা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ সম্পূৰ্ণ আৰু সমবিতৰণ নিশ্চিত কৰিবলৈ কঠোৰভাৱে সতৰ্ক হৈ থকাকে ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থা সমাকৰণ কৰা।

(xxiv)ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণ:

(১) ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণ কৰা।

(২) অন্যান্য ৰাজহুৱা সম্পদৰ স্ংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ কৰা।

(xxv) ধৰমশালা আৰু তেনে জাতীয় অনুষ্ঠান প্ৰতিস্থানসমূহৰ প্ৰতিস্থা কৰা আৰু ৰক্ষণাবেক্ষণ কৰা।

(xxvi) জন্তুৱে টনা গাড়ী ৰখোৱা আস্থান আৰু গৰু-গাইৰ বাবে খোৱাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ।

(xxvii) ৰাজহুৱা উদ্যান আৰু খেল পথাৰৰ নিৰ্মাণ।

(xxviii) কচাইখানাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ।

(xxix)  সাৰৰ ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণ।

(xxx)  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ স্ংক্ৰান্তত চৰকাৰে সময়ে সময়ে জাৰি কৰিব পৰা আদেশ মৰ্মে অন্য সকলো কাৰ্য সম্পাদন কৰা।

কাৰ্যাৱলী অৰ্পণ

২০। (১) জাননী জাৰিকৰণ আৰু ইয়াৰ দ্বাৰা নিৰ্দেশ দিব পৰা তেনে চৰ্তাৱলী সাপেক্ষে চৰকাৰে –

(ক) পঞ্চায়ত এলেকাৰ ভিতৰৰ বনাঞ্চলৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ভাৰ গাঁও পঞ্চায়তলৈ হস্তান্তৰ কৰিব পাৰে।

(খ) পঞ্চায়ত এলেকাৰ অন্তৰ্গত পতিত মাটি, চৰণিয়া পথাৰ, খালি ঠাইৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব গাঁও পঞ্চায়তলৈ হস্তান্তৰ কৰিব পাৰে।

(গ) উপবন্ধৰ ব্যৱস্থা ৰখা হৈছে যে যেতিয়া এটি বনাঞ্চলৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ভাৰ দফা ক অনুসাৰে হস্তান্তৰ কৰা হয়, তেনে পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় ধন অথবা তেনে বনাঞ্চলৰ পৰা লাভ কৰা আয়ৰ পৰ্যাপ্ত অংশ এটা পঞ্চায়তৰ অধীনত ন্যস্ত্য কৰিব লাগে।

(২)  এই ধাৰাৰ দ্বাৰা প্ৰদান কৰা কোনো কাৰ্য চৰকাৰে জাননী জাৰি কৰি পৰিৱৰ্তন কৰিব পাৰে।

গাঁও পঞ্চায়তৰ সাধাৰণ ক্ষমতা

২১। এখন গাওঁ পঞ্চায়তৰ হাতত ন্যস্ত কৰা, প্ৰদান কৰা বা অৰ্পণ কৰা কাৰ্যাৱলী সম্পাদন কৰাৰ বাবে আৱশ্যকীয় বা আনুষংগিক সকলো প্ৰকাৰৰ কামকাজ কৰিবলৈ গাঁও পঞ্চায়তে ক্ষমতা লাভ কৰিব, আৰু বিশেষকৈ ওপৰোক্ত ক্ষমতাৱলীৰ কোনো ক্ষতি নকৰাকৈ এই আইন অনুসৰি নিৰ্দিষ্ট কৰি দিয়া সকলোবোৰ ক্ষমতা গাঁও পঞ্চায়তে প্ৰয়োগ কৰিব পাৰিব।

উপসমিতিসমূহ

২২। (১) গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যসমূহৰ মাজৰপৰা নিৰ্বাচনৰ জৰিয়তে প্ৰতিখন গাঁও পঞ্চায়তে তলত দিয়া স্থায়ী উপসমিতিসমূহ গঠন কৰি দিব-

(i) উন্নয়ন উপসমিতি: কৃষি উতপাদন, পশুপালন,গ্ৰাম্যউদ্যোগ আৰু দৰিদ্ৰতা দূৰীকৰণ আঁচনি স্ংক্ৰান্তীয় কাৰ্যাৱলী সম্পাদন কৰিব।

(ii) সামাজিক ন্যায় উপসমিতি: সামাজিক ন্যায় উপসমিতিয়ে তলত দিয়া কাৰ্য সম্পাদন কৰিব-

(ক) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অনুন্নত জাতিসমূহৰ শিক্ষা, অৰ্থনীতি, সামাজিক, সাংস্কৃতিক আৰু অন্য বিষয়সমূহৰ সম্প্ৰসাৰণ ঘটোৱা।

(খ) সামাজিক অন্যায় আৰু যিকোনো প্ৰকাৰৰ শোষণৰ পৰা তেনে জাতিসমূহক সুৰক্ষা প্ৰদান কৰা।

(গ) মহিলা আৰু শিশু কল্যাণ।

(iii) সামাজিক কল্যাণ উপসমিতি: সামাজিক কল্যাণ উপসমিতিয়ে গাঁও পঞ্চায়তৰ অধীনত শিক্ষা, জনস্বাস্থ্য, গড়কাপ্তানি সম্পৰ্কীয় আৰু অন্যান্য কাৰ্যাৱলী সম্পাদন কৰিব।

২। (ক) যি ক্ষেত্ৰত যিটো প্ৰাস্ংগিক সেই অনুসাৰে প্ৰতিখন উপসমিতি, সভাপতি বা উপসভাপতিকে ধৰি তিনিজনতকৈ কম নাইবা চাৰিজনতকৈ বেছি সদস্যৰে গঠিত হ’ব নোৱাৰিব। গাঁও পঞ্চায়তৰ সভাপতিজন প্ৰতিখন সমিতিৰে পদেন সদস্য আৰু অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ ফালৰপৰা এগৰাকী সদস্য থাকিব।

(খ) চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত পথাৰ পৰিচালনা সমিতি, মহিলা সমিতি আৰু যুৱক স্ংঘ আৰু অইন তেনেধৰণৰ স্ংগঠনৰ পৰা প্ৰতিখন স্থায়ী উপসমিতিলৈ সদস্য সহনিযুক্ত কৰিবলৈ গাঁও পঞ্চায়তৰ ক্ষমতা থকিব। গৰিষ্ঠ স্ংখ্যক সদস্যৰ সমৰ্থনত গৃহীত প্ৰস্তাৱৰদ্বাৰা গাঁও পঞ্চায়তে তেনে সহনিযুক্তিৰ বিষয়ে সিদ্ধান্ত ল’ব লাগিব।

(গ) পঞ্চায়ত এলেকাৰ ভিতৰত সমবায় সমিতিসমূহৰপৰা এগৰাকী প্ৰতিনিধি উন্নয়ন সমিতিলৈ, গাঁও পঞ্চায়তে সহনিযুক্ত কৰিব। সহনিযুক্ত সদস্যসকলৰ গাঁও পঞ্চায়তৰ আলোচনাত অংশগ্ৰহন কৰাৰ অধিকাৰ থাকিব। কিন্তু তেওঁলোকৰ ভোটাধিকাৰ নাথাকিব।

(৩) ওপৰত উল্লেখ কৰা কাৰ্যাৱলী স্থায়ী উপসমিতি সমূহে সম্পাসদন কৰিব। তেনে ক্ষমতাসমূহৰ পৰিসৰ গাঁও পঞ্চায়তে বান্ধি দিব।

গাঁও পঞ্চায়তৰ সাধাৰণ ক্ষমতা

২৩। (১) সম্পতি আহৰণ, নিজৰ অধীনত ৰখা আৰু হস্তান্তৰ কৰাৰ ক্ষমতা গাঁও পঞ্চায়তৰ থাকিব। গাঁও পঞ্চায়তে চুক্তিপত্ৰ প্ৰস্তুত কৰিব পাৰিব।

স্থাৱৰ সম্পত্তি আহৰণ কৰা আৰু হস্তান্তৰ স্ংক্ৰান্তীয় সকলোবোৰ বিষয়ৰ ক্ষত্ৰত, গাঁও পঞ্চায়তে চাৰকাৰৰ অনুমোদন লাভ কৰিব লাগিব।

(২) ইয়াৰ পাছত এই ধাৰাত নিৰ্দিষ্ট কৰি দিয়া প্ৰকৃতিৰ আৰু গাঁও পঞ্চায়তৰ প্ৰশাসনিক এলেকাৰ ভিতৰত থকা সকলোবোৰ সম্পত্তি গাঁও পঞ্চায়তৰ ওপৰত ন্যস্ত কৰা হ’ব। গাঁও পঞ্চায়ত এই সকলোবোৰ সম্পত্তিৰ গৰাকী হ’ব। তেনে সম্পত্তি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় কৰ্তৃপক্ষ নাইবা অন্য যিকোনো পঞ্চায়তৰ অধীনস্থ হ’ব নালাগিব। এই সকলোবোৰ সম্পত্তি অইন যিকোনো প্ৰকৃতিৰ বা প্ৰকাৰৰ সকলোবোৰ সম্পত্তিৰ সৈতে গাঁও পঞ্চায়তৰ ক্ষমতাৰ অধীনলৈ আহিব আৰু গাঁও পঞ্চায়তে ইয়াৰ পৰিচালনা, নিয়ন্ত্ৰণ আৰু দিশ নিৰ্দেশন কৰিব। পাৰিব।

এই সম্পত্তিসমূহ তলত দিয়া প্ৰকৃতিৰ হ’ব-

(ক) সকলোবোৰ ৰাজহুৱা সম্পতি।

(খ) সকলোবোৰ ৰাজহুৱা ৰাস্তা ঘাট, মাটি শিল আৰু সেই সম্পৰ্কীয় অইন সামগ্ৰী, আটাইবোৰ নৰ্দমা, দলং, কালভাৰ্ট, গছ-গছনি, মাটিৰ ওপৰলৈ বিস্তৃত গঠন, অইন সামগ্ৰী, সঁজুলিকে ধৰি ৰাস্তা-ঘাটৰ বাবে প্ৰয়োজনীয় আন সকলোবোৰ উপাদান ইয়াৰ অন্তৰ্ভুক্ত হ’ব।

(গ) সকলোবোৰ ৰাজহুৱা নলীনাদ, জলধাৰ, নিজৰা, খাল, ঘাট, পানী ৰখা যতন-তেনে আঁচনিবোৰ পঞ্চায়তৰ খৰচৰে তৈয়াৰ কৰা বা স্থাপন কৰাই হওক নাইবা অন্য ধৰণেৰে কৰাই হওক- আটাইবোৰ দলং, ঘৰ, যন্ত্ৰ, যতন আৰু ইয়াৰ সৈতে জৰিত সকলো উপাদান, ৰাঝুৱা পুখুৰী, কাষৰীয়া মাটি, তেনে মাটি ব্যক্তিগত গৰাকীৰ অধিনস্থ হ’ব নালাগিব।

(ঘ) ৰাস্তাৰ আৰু অইন ঠাইৰপৰা স্ংগ্ৰহ কৰা সকলো প্ৰকাৰৰ পেলনীয়া পানী, আৱৰ্জনা আৰু পচনশীল পদাৰ্থ।

(ঙ) সকলোবোৰ ৰাজহুৱা বিজুলী বাতি। বিজুলী খুটা আৰু তাৰ সৈতে জৰিত বা সম্পৰ্কীয় সঁজুলিসমূহ।

(চ) গাঁও পঞ্চায়তে সজোৱা সকলোবোৰ ঘৰ, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে গাঁও পঞ্চায়তলৈ হস্তান্তৰ কৰা নতুবা স্থানীয় ৰাইজৰ ব্যৱহাৰৰ বাবে দান হিচাপে বা ক্ৰয়ৰদ্বাৰা বা অন্য ধৰণে আহৰণ কৰা আটাইবোৰ মাটি আৰু ঘৰ নতুবা আন সম্পত্তি।

(৩) এই আইন বা এই আইনৰ কোনো নিৰ্দিষ্ট ধাৰাৰ নিয়ন্ত্ৰণৰ পৰা কোনো ৰাস্তা, দলং, নতুবা নৰ্দমা চৰকাৰে বাদ দিব পাৰে।

যদিহে তেনে সম্পত্তিবোৰৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰাৰ নাইবা অইন কোনো অভিকৰণে গাঁও পঞ্চায়ত পুঁজিৰ বাহিৰে অইন কোনো সম্পদেৰে কৰিছে, এই আইনৰ উপলব্ধ অনুসৰি, যদিহে তেনে সম্পত্তি নিৰ্মাণ কৰাৰ বাবে হোৱা খৰচ, গাঁও পঞ্চায়তৰ পুঁজিৰ পৰা বহন কৰা হয়, তেনেহ’লে এনে সম্পত্তিবোৰ এই আইন বা এই আইনৰ কোনো বিশেষ ধাৰা নিয়ন্ত্ৰৰণৰ বহিৰ্ভুত কৰিব পৰা নাযাব। গাঁও পঞ্চায়তৰ বৈঠক এখনত এনে মতৰ ওপৰত আলোচনা নকৰাকৈ অইন ধৰণে ওপৰোক্ত দিদ্ধান্ত ল’ব পৰা নাযাব।

(৪) স্থানীয় প্ৰশাসনিক এলেকাৰ ভিতৰত থকা কোনো ৰাজহুৱা সম্পত্তি চৰকাৰে গাঁও পঞ্চায়তৰ ওপৰত অৰ্পণ কৰিব পাৰে। এনে অৰ্পণৰ ততমুহুৰ্ততেই তেনে সম্পত্তি গাঁও পঞ্চায়তৰ ওপৰত নস্ত্য হ’ব আৰু ইয়াৰ নিয়ন্ত্ৰণৰ ভিতৰলৈ আহিব।

গাঁও পঞ্চায়তৰ পুঁজি

২৪। (১) প্ৰতিখন গাঁও পঞ্চায়তৰ বাবে একোটা গাঁও পঞ্চায়ত পুঁজি গঠন কৰা হ’ব। গাঁও পঞ্চায়ত পুঁজিক সেই গাঁও পঞ্চায়তৰ নামেৰে জনা যাব।গাঁও পঞ্চায়তৰ জমা বহীত তলত দিয়া পুজিসমূহ অন্তৰ্ভুক্ত কৰা হ’ব-

(ক) কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে আগবঢ়োৱা কোনো বৰঙণি বা অনুদান, যদিহে তেনে বৰঙণি বা অনুদান আগবঢ়োৱা হয়।

(খ) জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত নতুবা আন কোনো স্থানীয় কৰ্তৃপক্ষই আগবঢ়োৱা বৰঙণি আৰু অনুদান আগবঢ়োৱা হয়।

(গ) কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে আগবঢ়োৱা ঋণ, যদিহে আগবঢ়োৱা হৈছে,

(ঘ) কৰ, স্থানীয় নিৰিখ আৰু মাচুল হিচাবে গাঁও পঞ্চায়তে আৰোপ কৰা সকলো প্ৰকাৰৰ প্ৰাপ্তি।

(ঙ) গাঁও পঞ্চায়তৰ ওপৰত ন্যস্ত কৰা বা গাঁও পঞ্চায়তে সজোৱা নাইবা গাঁও পঞ্চায়তৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ অধীনলৈ অনা যিকোনো বিদ্যালয়, চিকিতসালয়, ডিচ্‌পেঞ্চাৰী, ঘৰ, অনুষ্ঠান বা কাম স্ংক্ৰান্তীয় সকলো প্ৰকাৰৰ প্ৰাপ্তি।

(চ) গাঁও পঞ্চায়তলৈ আগবঢ়োৱা সকলো প্ৰকাৰৰ বৰঙণি নাইবা দান আৰু কোনো ন্যাস বা নিধিৰ পৰা অহা সকলো প্ৰকাৰৰ আয় স্ংক্ৰান্তীয় সকলো ধন।

(ছ)  যি যি জৰিমনা আৰু দণ্ডৰ নিৰ্দেশ দিয়া হয়, এই আইনৰ উপলব্ধ অনুসৰি আদায় কৰা বা আৰোপ কৰা তেনে জৰিমনা বা দণ্ড।

(জ) আন গাঁও পঞ্চায়তৰ সপক্ষে বা আন গাঁও পঞ্চায়তৰ দ্বাৰা প্ৰাপ্ত অইন সকলো প্ৰকাৰৰ ধন।

(২) প্ৰতিখন গাঁও পঞ্চায়তে নিজৰ প্ৰশাসনৰ বাবে হোৱা খৰচ পূৰাবলৈ যি পৰিমাণৰ ধন প্ৰয়োজনীয় বুলি ভাৱে সিমান পৰিমাণৰ ধন প্ৰতি বছৰে আছুতিয়াকৈ ৰাখিব বা ব্যৱহাৰ কৰিব।

মজুৰি, আছবাব পত্ৰ আৰু কাৰ্যালয়ৰ বাবে প্ৰ্যোজনীয় অইন সঁজুলি ক্ৰয় কৰা লিখন সামগ্ৰী, ডাক-তাঁৰ আৰু বিজুলীৰ বাবে হোৱা খৰচ, তেল ইত্যাদি আন আন আনুষংগিক ব্যয় প্ৰতিবছৰে আছুতীয়াকৈ ৰখা ধনৰ পৰা বহন কৰা হ’ব। গাঁও পঞ্চায়তে নিজা কাৰ্যালয় আদিৰ বাবদ কৰা খৰচ গাঁও পঞ্চায়তখনে গোটেই বছৰৰ ভিতৰত কৰা মুঠ ব্যয়ৰ ১/৩ অংশতকৈ বেছি হ’ব নালাগিব।

(৩)  এই আইনৰ উদ্দেশ্য পৰিপূৰ্ণ কৰিবলৈ প্ৰত্ৰিখন গাঁও পঞ্চায়তে যিমান পৰিমাণৰ ধন প্ৰয়োজনীয় বুলি ভাৱে, সিমান পৰিমাণৰ ধন ব্যয় কৰিবলৈ তেওঁলোকৰ ক্ষমতা থাকিব।

(৪) গাঁও পঞ্চায়াৰ পুঁজি গাঁও পঞ্চায়তৰ হাতত থাকিব। গাঁও পঞ্চায়তৰ জমা বহীত থকা ৰাহি ধন (উদ্বৃত্ত) গাঁও পঞ্চায়তৰ সম্পাদকৰ জিন্মাত (তত্ত্বাৱধনাত) থাকিব।

কৰ আৰোপণ

২৫। (১) এই স্ংক্ৰান্তত বিধিবদ্ধ কৰা আইন অনুসৰি গাঁও পঞ্চায়তে প্ৰতিবছৰে তলত দিয়া ধৰণে কৰ স্ংগ্ৰহ কৰিব পাৰিব।

(ক) স্থানীয় পৰিসীমাৰ ভিতৰত থকা ঘৰ বা তেনে গাথঁনিসমূহৰ ওপৰত

(খ) গাঁও পঞ্চা্য়তৰ প্ৰশাসনিক এলেকাৰ পৰিসীমাৰ ভিতৰত কোনো ব্যক্তিয়ে পৰিচালনা কৰা বা মালিকী চৰ্তত ৰখা ব্যৱসায় আৰু বৃত্তি বা পেচাৰ ওপৰত ভিত্তি কৰি নিৰ্দ্ধাৰণ কৰা হ’ব।

(২) এনে আইনৰ চৰ্ত সাপেক্ষে, এখন গাঁও পঞ্চায়তে তলত দিয়া ধৰণে কৰ আৰোপ কৰিব-

(ক) কোনো মনোৰঞ্জক অনুষ্ঠানৰ প্ৰৱেশ মূল্যৰ ওপৰত ওপৰঞ্চি হিচাবে আৰোপ কৰা শুল্ক।

(খ) চৰকাৰে নিৰ্দিষ্ট কৰি দিব পৰা ধৰণে ইয়াৰ প্ৰশাসনিক এলেকাৰ ভিতৰত অৱস্থিত কোনো উপাসনাস্থলী বা তীৰ্থস্থান, ৰাজহুৱা উতসৱ আৰু মেলাৰ স্থলীত অনাময় ব্যৱস্থাৰ আয়োজন কৰাৰ বাবদ মাচুল।

(গ) পানীকৰ, যি ক্ষেত্ৰত গাঁও পঞ্চায়তে নিজৰ প্ৰশাসনিক এলেকাৰ ভিতৰত খোৱাৰ বাবে, জলসিঞ্চনৰ বাবে নাইবা অইন কোনো উদ্দেশ্যেৰে তেনে পানী যোগানৰ ব্যৱস্থা কৰে।

(ঘ) পোহৰ কৰ, যি ক্ষেত্ৰত গাঁও পঞ্চায়তে নিজৰ প্ৰশাসনিক এলেকাৰ ভিতৰত থকা ৰাজহুৱা পথ আৰু স্থানত পোহৰৰ ব্যৱস্থা কৰে।

(ঙ) নিজৰ প্ৰশাসনিক এলেকাৰ ভিতৰত থকা ব্যক্তিগত পায়খানা, প্ৰসাৱখানা পৰিস্কাৰ কৰাৰ ব্যৱস্থা কৰিলে, গাঁও পঞ্চায়তে তাৰ বাবে চাফাই কৰ আৰোপ কৰিব পাৰে।

(৩) এই পৰিপ্ৰেক্ষিতত প্ৰস্তুত কৰা বিধি আৰু উপবিধিসমূহৰ চৰ্ত সাপেক্ষে, এখন গাঁও পঞ্চায়তে তলত দিয়া কৰ সমূহ আৰোপ কৰিব পাৰে-

(ক) খৰি আৰু খেৰৰ বিক্ৰীৰ ওপৰত, কচাইখানাৰ ৰক্ষণাবেক্ষণৰ বাবদ।

(খ) ব্যক্তিগত বজাৰ আৰু ব্যক্তিগত মাছপোহা পুখুৰীৰ বাবদ।

(গ) দোকান, ঔষধৰ দোকান, কাপোৰ চিলোৱা প্ৰতিষ্ঠান, ধোবাৰ দোকান, চুলিকটা চেলুন, কাঠৰ আছবাব তৈয়াৰ কৰা দোকান, মটৰ গাড়ী ভাল কৰা কাৰখানা, টি.ভি.চি.আৰ., ৰেডিঅ’ আৰু টেপ ৰেকৰ্ডাৰ ভাল কৰা দোকানৰ ওপৰত।

(ঘ) দুই বছৰ একেৰাহে ব্যৱহাৰ নকৰা কৃষি আৱাদ যোগ্য মাটিৰ প্ৰতিবিঘা হিচাবে বছৰেকীয়া হাৰত কৰ। তেনে কৰৰ পৰিমাণ বিঘাই প্ৰতি ২৫ পইচাৰ বেছি হ’ব নোৱাৰিব।

তেনে কৰ, তেনে মাটিৰ মালিকসকলে সমূহীয়া ভাৱে বা ব্যক্তিগতভাৱে আদায় দিব পাৰিব।

(ঙ) তলৰ বিষয়সমূহৰ ওপৰত আৰোপ কৰা কৰ বা মাচুল-

(i)  স্থানীয় এলেকাৰ ভিতৰত কিন-বেচা হোৱা গৰু-গাইৰ পঞ্জীয়নৰ ওপৰত

(ii)  চাহৰ দোকান, হোটেল, মিঠাইৰ দোকান, ৰেষ্টুৰেণ্ট খুলিবলৈ অনুজ্ঞাপতেৰ দিয়াৰ বাবদ

(iii)  গৰুৰ গাড়ী, বাহন, দুচকীয়া যান, নাও আৰু যিকোনো প্ৰকাৰৰ ৰিক্সাৰ ওপৰত।

(৪) যি ধৰণে নিৰ্দেশ দিয়া হয়, তেনে সময় আৰু তেনে পদ্ধতিৰে কৰ ইত্যাদি আৰোপ কৰা হ’ব, নিৰ্দ্ধাৰণ কৰা হ’ব আৰু আদায় কৰা হ’ব।

(৫) কোনো কৰ নাইবা মাচুল নিৰ্দ্ধাৰণ কৰা বা আৰোপ কৰা সম্পৰ্কে কোনো ব্যক্তিৰ অস্ন্তুষ্টি থাকিলে তেওঁ আঞ্চলিক পঞ্চায়তৰ ওচৰত আবেদন কৰিব পাৰে। তেনে আবেদনকাৰী কোনো ব্যক্তিয়ে আঞ্চলিক পঞ্চায়তৰ নিৰ্দেশ সম্পৰ্কে সন্তুষ্ট নহ’লে, তেওঁ জিলা পৰিষদৰ ওচৰত আবেদন কৰিব পাৰে। এনে ক্ষেত্ৰত জিলা পৰিষদৰ সিদ্ধান্তই চুৰান্ত হ’ব।

(৬) জিলা পৰিষদৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে, গাঁও পঞ্চায়তে আৰোপ কৰা যিকোনো কৰ বা মাচুল যিকোনো সময়ত সাময়িক ভাৱে বৰখাস্ত কৰিব পাৰে নতুবা তেনে কৰ বা মাচুল প্ৰত্যাহাৰ কৰিব পাৰে।

(৭) এই স্ংক্ৰান্তত প্ৰণয়ন কৰিব পৰা নিয়ম অনুসৰি এখন গাঁও পঞ্চায়তে কোনো এটা বিশেষ ব্যৱসায় বা বাণিজ্যৰ ওপৰত কৰ আৰোপ কৰিব পাৰে। এনেদৰে স্ংগৃহিত কৰ উক্ত ব্যৱসায় বা বাণিজ্যৰ উন্নয়নৰ হকে ব্যৱহাৰ কৰিব লাগিব। এনে কৰ আৰোপ কৰাৰ আগেয়ে স্ংশ্লিষ্ট আঞ্চলিক পঞ্চায়তখনৰ অনুমতি ল’ব লাগিব।

গাঁও পঞ্চায়তলৈ আৰ্থিক সাহাৰ্য

২৬। এই ধাৰাৰ উপবন্ধ সাপেক্ষে, প্ৰতিখন গাঁও নিৰ্দেশিত ধৰণে ৰাজ্যৰ একীকৃত নিধিৰ পৰা ভূমি ৰাজহ কৰ/সহায়ক অনুদানৰ অংশৰ পৰিমাণ এই আইনৰ ১১৩ নং ধাৰা মৰ্মে গঠন কৰি দিয়া ৰাজ্যিক বিত্ত আয়োগে দিয়া অনুমোদন/পৰামৰ্শ অনুসৰি স্থিৰ কৰা হ’ব।

বাজেট

২৭। (১) নিৰ্দেশিত তেনে সময় আৰু পদ্ধতিৰে, প্ৰতিখন গাঁও পঞ্চায়তে প্ৰতি বছৰে পাছৰটো বছৰৰ বাবে আনুমানিক আয় আৰু ব্যয়ৰ এখন বাজেট প্ৰস্তুত কৰিব। গাঁও পঞ্চায়তে, ইয়াৰ ওপৰত প্ৰশাসনিক প্ৰভাৱ থকা আঞ্চলিক পঞ্চায়তখনৰ বাজেটখন দাখিল কৰিব।

(২) আঞ্চলিক পঞ্চায়তে, যি সময় নিৰ্দিষ্ট কৰি দিয়া হয়, সেই সময়ৰ ভিতৰত হয় বাজেটখন অনুমোদন কৰি পঠিয়াব পাৰে নহ’লে, তেওঁলোকে নিৰ্দেশ দিয়া ধৰণে তেনে পৰিৱৰ্তন বা সলনিৰ বাবে গাঁও পঞ্চায়তলৈ ওভোতাই পঠিয়াব পাৰে। তেনে সলনি বা পৰিৱৰ্তন কৰি দিয়াৰ পাছত নিৰ্দেশিত তেনে সময়ৰ ভিতৰত গাঁও পঞ্চায়তে অনুমোদনৰ বাবে আঞ্চলিক পঞ্চায়তৰ ওচৰত বাজেটখন পুনৰ দাখিল কৰিব।

(৩) আঞ্চলিক পঞ্চায়তে বাজেটখন অনুমোদন নকৰা পৰ্যন্ত্য গাঁও পঞ্চায়তে কোনো খৰচ হাতত ল’ব নোৱাৰিব। তেনে উদ্দেশ্যেৰে নিৰ্দেশ দিয়া সময়ৰ ভিতৰত যদি আঞ্চলিক পঞ্চায়তে বাজেটখন অনুমোদন কৰি পঠিয়াবলৈ ব্যৰ্থ হয়,তেনেহ’লে বাজেটখন আঞ্চলিক পঞ্চায়তে অনুমোদন কৰি দিয়া বুলি ধৰি লোৱা হ’ব।

গাঁও পঞ্চায়তৰ হিচাব

২৮। (১) যি ধৰণে নিৰ্দেশ দিয়া হয় তেনে ৰুপত অৰু তেনে পদ্ধতিৰে প্ৰতিওখন গাঁও পঞ্চায়তে আয় আৰু ব্যয়ৰ হিচাব ৰাখিব লাগিব। গাঁও পঞ্চায়তৰ সম্পাদকে গাঁও পঞ্চায়তৰ হিচাব-নিকাচ সঠিকভাৱে ৰখাৰ দায়িত্ব বহন কৰিব।

(২) গাঁও পঞ্চায়তৰ সভাপতিৰ অনুমোদন নোহোৱাকৈ গাঁও পঞ্চায়তৰ সম্পাদকে কোনো খৰচ হাতত ল’ব নোৱাৰিব।

হিচাব পৰীক্ষণ

২৯। (১) চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া কৰ্তৃপক্ষই গাঁও পঞ্চায়তৰ হিচাব পৰীক্ষা কৰিব। হিচাব পৰীক্ষা হোৱাৰ এমাহৰ ভিতৰত তেনে হিচাব পৰীক্ষা খতিয়ানৰ প্ৰতিবেদনৰ কপি এটা গাঁও পঞ্চায়তলৈ প্ৰেৰণ কৰিব লাগিব।

(২) তিনিমাহ সময়ৰ ভিতৰত সেইখন আঞ্চলিক পঞ্চায়ত আৰু সঞ্চালক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ওচৰলৈ পঠিয়াই দিব। নতুবা উল্লেখিত সময়ৰ ভিতৰত ইচ্ছা কৰিলে উক্ত প্ৰতিবেদনখনত আঙুলিয়াই দিয়া ভুল বা আসোৱাহসমূহৰ বিষয়ে কোনো বাখ্যাও আগবঢ়াব পাৰে।

গাঁও পঞ্চায়তৰ কৰ্মচাৰী

৩০। (১) গাঁও পঞ্চায়তৰ বাবে এজন সম্পাদক আৰু আন আন কৰ্মচাৰী থাকিব। ১৪০(১) নং ধাৰা উপবন্ধ মতে গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলক নিযুক্তি দিয়া হ’ব নাইবা সময়ে সময়ে চৰকাৰৰ আন বিভাগৰ পৰা উঅক্ত কাৰ্যাৱলী পৰিচালনাৰ বাবে অইন কৰ্মচাৰীক এই বিভাগত নিযুক্তি দিব পাৰে। প্ৰাদশিকৃত চাকৰিয়াল সকলৰ ক্ষেত্ৰত সঞ্চালক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, নিযুক্তিকাৰী কৰ্তৃপক্ষ হ’ব।

(২) সাম্পাদকজন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ দায়িত্বত থাকিব। এই আইনৰ অধীনত প্ৰস্তুত কৰা কোনো নিয়ম/বিধি বা উপনিয়ম/ বিধিৰদ্বাৰা বা অধীনত আৰোপ কৰা বা প্ৰদান কৰা সকলোবোৰ ক্ষমতা আৰু কৰ্তব্য গাঁও পঞ্চায়তৰ সম্পাদকে সম্পাদন আৰু প্ৰয়োগ কৰিব।

(৩) চৰকাৰে নিৰ্দেশ দিয়া ধৰণৰ পদ্ধতিৰে গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলক দৰমহা ইত্যাদি দিয়া হ’ব।

(৪) গাঁও পঞ্চায়তৰ পদৱীত, গাঁও পঞ্চায়তে কোনো ব্যক্তিক নিযুক্তি দিব বা নিয়োগ কৰিব নোৱাৰিব।

(৫) অনুশাসন আৰু নিয়ন্ত্ৰণ সম্পৰ্কত, সম্পাদকে গাঁও পঞ্চায়তৰ সভাপতিৰ নিয়ন্ত্ৰণ থকা সকলোবোৰ বিষয়ৰ ওপৰত কাৰ্যব্যৱস্থা ল’ব। সভাপতিৰ জৰিয়তে সম্পাদকজন গাঁও পঞ্চায়তৰ ওচৰত দায়বদ্ধ থাকিব।

অসম পঞ্চায়ত আইন (পিডিএফ)

উৎস: অসম পঞ্চায়ত আইন

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate