মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গৰ্ভৱতী মহিলাৰ বাবে ৬ হাজাৰ টকাৰ সাহায্য:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গৰ্ভৱতী মহিলাৰ বাবে ৬ হাজাৰ টকাৰ সাহায্য:

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গৰ্ভৱতী মহিলাৰ বাবে ৬ হাজাৰ টকাৰ সাহায্য

 

দেশৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালবোৰৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। বিমুদ্ৰাকৰণৰ ৫০ দিন সম্পূৰ্ণ হোৱাৰ পাছত যোৱা ৩১ ডিচেম্বৰত দেশবাসীক সম্বোধি দিয়া ভাষণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৰ্ভৱতী মহিলাসকলৰ বাবে ৬ হাজাৰকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা কথা ঘোষণা কৰে। দেশৰ প্ৰতিটো প্ৰান্তৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গৰ্ভৱতী আৰু কেঁচুৱাক গাখীৰ খুৱাই থকা মাতৃসকলক এই আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৪(বি)নং ধাৰাৰ সৈতে সংগতি ৰাখি এই আৰ্থিক সাহায্য আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শ্ৰমজীৱী মহিলাসকলে গৰ্ভাৱস্থাৰ সময়ছোৱাৰ লগতে সন্তান জন্মৰ পিছতো শাৰীৰিক দুৰ্বলতাৰ বাবে আৰ্থিক উপাৰ্জনমুখী শ্ৰম কৰিব নোৱাৰে। ফলত পাৰিশ্ৰমিকৰ অভাৱত উপযুক্ত খাদ্যৰ পৰা বঞ্চিত হ’বলগীয়াত পৰে। গৰ্ভাৱস্থাৰ লগতে প্ৰসৱৰ পাছতো উপযুক্ত পৰিপুষ্টিৰ অভাৱত ভুগিবলগীয়া হয় তেওঁলোকে। ইয়াৰ ফলত গৰ্ভাৱস্থাত সন্তানটিৰ লগতে ভূমিস্থ হোৱা কেঁচুৱাৰ পৰিপুষ্টিতো বিসংগতি অহাটো স্বাভাৱিক। এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মহিলাসকলৰ বাবে ৬ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ পদক্ষেপ লোৱা হৈছে। এই ধন প্ৰতিগৰাকী মহিলাৰ বেংক একাউন্টত জমা দিয়া হ’ব। এইক্ষেত্ৰত অৱশ্যে কেতবোৰ চৰ্ত আৰোপৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰায়লে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি এই ধনৰাশি প্ৰতিগৰাকী মহিলাক মুঠ তিনিটা কিস্তিত প্ৰদান কৰা হ’ব। প্ৰথম কিস্তিত ৩ হাজাৰ টকা প্ৰদানৰ বিপৰীতে বাকী দ্বিতীয় আৰু তৃতীয় কিস্তিত ১৫০০ টকাকৈ প্ৰদান কৰা হ’ব। এই ধন প্ৰদানত আৰোপিত চৰ্ত অনুসৰি সংশ্লিষ্ট মহিলাগৰাকীয়ে গৰ্ভাৱস্থাত আৰম্ভণিৰ সময়তে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। গৰ্ভাৱস্থাত প্ৰথম তিনিমাহৰ আৰম্ভণিৰ সময়তে নিজৰ নাম পঞ্জীয়নৰ পাছত তেওঁক প্ৰথম কিস্তিত ৩ হাজাৰ টকা বেংক একাউন্টযোগে প্ৰদান কৰা হ’ব। চিকিৎসালয়ত প্ৰসৱৰ সময়ৰ ভিতৰতে তেওঁক ১৫০০ টকাৰ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ’ব। আনহাতে প্ৰসৱৰ তিনিমাহৰ পাছত বেংক একাউন্টত জমা কৰা হ’ব তৃতীয় কিস্তিৰ ১৫০০ টকা। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ অধীনস্থ মহিলা কৰ্মচাৰী, ৰাজহুৱা প্ৰতিষ্ঠানত কৰ্মৰত মহিলাসকলক এই আৰ্থিক সাহায্য আগবঢ়োৱা নহ’ব। কাৰণ আৰ্থিক দুৰ্বলতাৰ বাবে নিজৰ লগতে গৰ্ভস্থ অথা সন্তানৰ পৰিপুষ্টিজনিত সমস্যাত ভোগা মহিলাসকলৰ বাবে প্ৰৱৰ্তন কৰা হৈছে এই আঁচনি।

উৎস-ৰাইজৰ বাতৰি

2.86363636364
পিংকু ডেকা Sep 22, 2017 11:45 AM

মই মোৰ মইনা জন্ম পোৱা পিছতো আচনিৰ ধন পোৱা নাই , জন্ম পাইছিল =১৬/০২/২০১৭, কিয় মই জানিব পাৰো নে?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top