মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / উদ্যোগ বিভাগৰ বিপণী আঁচনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উদ্যোগ বিভাগৰ বিপণী আঁচনি

 

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন শাসনলৈ অহাৰ পৰাই দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন কল্যাণকামী আঁচনি ৰুপায়ণ কৰিছে।অসমৰ ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ ব্যৱসায়ৰ সুবিধাৰ্থে অসমৰ উদ্যোগ বিভাগে গ্ৰহণ কৰিছে ‘বিপণী’নামৰ এক নতুন আঁচনি।এই আঁচনিখনৰ উদ্দেশ্য হ’ল ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগীসকলৰ উৎপাদিত সামগ্ৰী ৰাজ্যখনৰ ভিতৰত,দেশৰ বিভিন্ন প্ৰান্ত আৰু বিদেশতো বিপণনৰ সুবিধা কৰি দিয়া।এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমুহৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ ঘটাবলৈ বিচৰা হৈছে।তাৰ বাবে ৰাজ্যখনৰ ভিতৰত অথবা দেশৰ যিকোনো প্ৰান্তত বা বিদেশত অনুষ্ঠিত হোৱা বিভিন্ন বাণিজ্যমেলা আৰু তেনে ধৰণৰ অন্যান্য উপলক্ষত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগীসকলক এই আঁচনিখনৰ জৰিয়তে সহায় আগবঢ়াবলৈ বিচৰা হৈছে।

ৰাজ্যখনৰ ভিতৰতে বিপণন সম্প্ৰসাৰণ

 

ক)ৰাজ্যখনৰ বিভিন্ন জিলাত ব্যাপক জনসমাগন হোৱা গুৰুত্বপুৰ্ণ মেলা অথবা প্ৰদৰ্শনীমুলক ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগীসকলৰ উৎপাদিত সামগ্ৰী বিপণনৰ সুবিধা কৰি দিয়াৰ বাবে তেনে ঠাইসমুহ চিনাক্ত কৰিব জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধকে।অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা এনে কিছুমান গুৰুত্বপুৰ্ণ অনুসঠান হ’ল-নলবাৰীৰ ৰাস মহোৎসৱ,অসম সাহিত্য সভাৰ বাৰ্ষিক অনুষ্ঠান,বড়ো সাহিত্য সভাৰ বাৰ্ষিক অনুষ্ঠান,কামাখ্যা ধামৰ বছৰেকীয়া অম্বুবাচী মেলা,বৰপেটাৰ দৌল উৎসৱ,ধুবুৰীৰ অশোকাষ্টমী মেলা,শ্ৰীমন্ত শ্ংকৰ সংঘৰ বছৰেকীয়া অনুষ্ঠান,শিৱসাগৰৰ শিৱৰাত্ৰি মেলা,জাগুনৰ দিহিং পাটকাই উৎসৱ,তিনিচুকীয়াৰ ডিব্ৰু-চৈখোৱা উৎসৱ ইত্যাদি।অৱশ্যে এই তালিকাখন পৰামৰ্শমুলকহে।ইয়াৰ বাহিৰেও অন্যান্য অনুষ্ঠানতো ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ ব্যৱসায়ীসকলক নিজৰ উৎপাদিত সামগ্ৰী বিপণনৰ সুবিধা কৰি দিয়াৰ অৱকাশ আছে।

খ)চিনাক্ত কৰি উলিওৱা বিভিন্ন অনুষ্ঠান/প্ৰদৰ্শনীত ভাগ লোৱাৰ বাবে সকলো জিলাকে সামৰি এশগৰাকী অংশগ্ৰহণকাৰীক বাছনি কৰা হ’ব।

গ)অনুষ্ঠানৰ আয়োজকৰ সহযোগত ষ্টলসমুহৰ ব্যৱস্থা কৰিব সংশ্লিষ্ট জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধকে।প্ৰতিগৰাকী উদ্যোগীৰ বিপৰীতে ষ্টলৰ ভাৰা হিচাপে সৰ্বাধিক পাঁচ হাজাৰ টকা পৰ্যন্ত ধন আয়োজকসকলক চেকযোগে পোনপটীয়াকৈ প্ৰদান কৰা হ’ব।অনুষ্ঠান অনুষ্ঠিত হোৱা জিলাখনৰ বাহিৰৰ অংশগ্ৰহণকাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ অহা-যোৱা আৰু খোৱা-বোৱা ইত্যাদি খচৰ বাবদ মেলা বা প্ৰদৰ্শনী চলি থকা দিনকেইটাত প্ৰতিদিনেই ৫০০ টকাকৈ প্ৰদান কৰা হ’ব।

ঘ)জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধকে অন্যান্য জিলাৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰো পৃষ্ঠপোষকতা কৰিব পাৰে।উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তই অগ্ৰাধিকাৰ ভিত্তিত জনসংখ্যাৰ তথ্য অনুসৰি জিলাভিত্তিক লক্ষ্য নিৰ্ধাৰণ কৰিব।

ৰাজ্যৰ বাহিৰত বিপণন সম্প্ৰসাৰণ

 

ক)ৰাজ্যখনৰ বাহিৰত অনুষ্ঠিত সুৰজকুণ্ড,মেলা,দিল্লী হাট,ভাৰত আন্ত:ৰাষ্ট্ৰীয় উপহাৰ মেলা ইত্যাদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীৰ এখন তালিকা উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তই যুগুত কৰিব।

খ)চিনাক্ত কৰা বাণিজ্য মেলাসমুহত অংশগ্ৰহণৰ বাবে আগ্ৰহী অংশগ্ৰহণকাৰীসকলৰ পৰা বাতৰি কাকতত দিয়া বিজ্ঞাপনযোগে আৱেদন পত্ৰ আহ্বান কৰা হ’ব।

গ)এই মেলাসমুহৰ বাবে অংশগ্ৰহণকাৰীসকলৰ তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মান,ৰাজ্যখনৰ ভিতৰত অনুষ্ঠিত হোৱা মেলা/প্ৰদৰ্শনীত দেখুওৱা তেওঁলোকৰ পাৰদৰ্শিতা আদিৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হ’ব।

ঘ)বাছনি কৰা অংশগ্ৰহণকাৰীসকলক এহেজাৰ টকাৰ চিলিং সাপেক্ষে ষ্টলৰ ভাৰাৰ আৰু প্ৰতিটো গোটত দুজনকৈ ব্যক্তিৰ বাবে ৰে’লযোগে শ্লিপাৰ ক্লাছত অহা-যোৱাৰ ব্যয়ৰ ৫০ শতাংশ ওভতাই দিয়া হ’ব।তদুপৰি মেলা চলি থকা দিনকেইটাত প্ৰতিদিনে খোৱা-বোৱাৰ ব্যয়ৰ বাবদ প্ৰতিগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ’ব ৩০০ টকাকৈ।

ঙ)যদিহে কোনো এখন মেলাত অংশগ্ৰহণকাৰীৰ সংখ্যা দহজনৰ অধিক হয়,তেন্তে বিভাগৰ এগৰাকী বিষয়াই অংশগ্ৰহণকাৰীসকলক সংগ দিব আৰু বিষয়াগৰাকীৰ ভ্ৰমণ আৰু থকা-খোৱাৰ ব্যয় আঁচনিখনৰ যোগেদি প্ৰদান কৰা হ’ব।

দেশৰ বাহিৰত বিপণন সম্প্ৰ্সাৰণ

 

ক) ‘ব্ৰেণ্ড আছাম’ৰ প্ৰচাৰৰ বাবে দেশৰ বাহিৰত বিপণন প্ৰসাৰৰ উদ্দেশ্যে কিছুসংখ্যক পণ্য চিনাক্ত কৰা হ’ব।

খ)চিনাক্ত কৰা পণ্যসমুহ বিপণনৰ বাবে উপযুক্ত আন্ত:ৰাষ্ট্ৰীয় মেলা/প্ৰদৰ্শনীৰ এখন তালিকা উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তই যুগুত কৰিব।

গ)বাছনি কৰা বাণিজ্য মেলাসমুহত অংশগ্ৰহণৰ বাবে চিনাক্ত কৰা পণ্যসমুহৰ উৎপাদনকাৰী আগ্ৰহী উদ্যোগীৰ পৰা বাতৰি কাকতত প্ৰকাশ কৰা বিজ্ঞাপনযোগে আৱেদন পত্ৰ আহ্বান কৰা হ’ব।

ঘ)এই মেলাসমুহৰ বাবে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মান,ৰাজ্যখনৰ ভিতৰত আৰু বাহিৰত অনুষ্ঠিত হোৱা মেলা/প্ৰদৰ্শনীসমুহত তেওঁলোকৰ পাৰদৰ্শিতাৰ ভিত্তিত বাছনি কৰা হ’ব।

ঙ)বাছনি কৰা অংশগ্ৰহণকাৰীসকলৰ ভাগ-বটোৱাৰাৰ ভিত্তিত বিনামুলীয়াকৈ ষ্টলৰ ঠাইৰ ব্যৱস্থা কৰা হ’ব।তদুপৰি মেলা চলি থকা দিনকেইটাত প্ৰতিদিনেই প্ৰতিগৰাকী ব্যক্তিক খোৱা-বোৱাৰ ব্যয়ৰ বাবদ এহেজাৰ টকাকৈ দিয়া হ’ব।

চ)অংশগ্ৰহণকাৰীসকলৰ লগত যদিহে বিভাগীয় বিষয়াও যাবলগীয়া হয়,তেন্তে তেওঁলোকৰ অহা-যোৱাৰ আৰু খোৱা-বোৱাৰ ব্যয় আঁচনিখনৰ পৰা কৰা হ’ব।

বিজ্ঞাপন আৰু প্ৰচাৰ

 

গুৰুত্বপুৰ্ণ মেলাসমুহত বিভাগীয় ষ্টল স্থাপন,তথ্য প্ৰকাশক পুস্তিকাৰ মুদ্ৰণ,অংশগ্ৰহণকাৰীৰ বিশদ প্ৰচাৰ আদিকে ধৰি ৰাজ্যখনৰ বিনিয়োগ সম্ভাৱনাৰ পৰ্যাপ্ত বিজ্ঞাপন আৰু প্ৰচাৰ এই আঁচনিখনৰ জৰিয়তে নিশ্চিত কৰাৰ লগতে ব্যয়ো বহন কৰা হ’ব।

উৎস:ৰাইজৰ বাতৰি

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top