অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এম জি এনৰেগা আঁচনি:

এম জি এনৰেগা আঁচনিৰ বিষয়ে লিখা হৈছে

 

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি এখন সুদূৰপ্ৰসাৰী আঁচনি। এই আঁচনিৰ অধীনত গাঁৱত বসবাস কৰা প্ৰতিটো পৰিয়ালকে এটা বিত্তীয় বৰ্ষত ১০০ দিনৰ কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলত বাস কৰা লোকৰ জীৱিকাৰ নিৰাপত্তা প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত কাম কৰিব বিচৰা পৰিয়াল/ব্যক্তিসকলে নাম পঞ্জীয়নৰ বাবপে পঞ্চায়তলৈ গৈ আৱেদন কৰিব লাগে। পঞ্চায়তৰ ফালৰ পৰা পৰিয়ালটোক এখন জবকাৰ্ড প্ৰদান কৰা হয়।

উক্ত আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে-

 

১)দুখীয়া ৰাইজক জড়িত কৰোৱা।

২)পঞ্চায়তীৰাজ ব্যৱস্থাক ৰাইজৰ কাষ চপাই অনাত শক্তিশালী ভূমিকা পালন কৰা।

এম জি এনৰেগা আঁচনিৰ অনুমোদিত কামসমূহ হ’ল-

 

পানী সংৰক্ষণ আৰু আহৰণৰ ব্যৱস্থা, কৃষিভূমিৰ বাবে নলা বা বান্ধৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থা, পুৰণি বিল-পিতনি-পুখুৰী চাফা কৰি মৎস্য পালনৰ ব্যৱস্থা কৰা, সমূহীয়া ব্যক্তিগত মাটি আৰু ৰাস্তা-ঘাটৰ কাষত বৃক্ষ ৰোপণ, কৃষি ভূমি উন্নয়ন, জীৱিকা নিৰ্বাহৰ বাবে উদ্যান শস্যৰ খেতি, ৰেচমকাৰ্য, প্ৰধান মন্ত্ৰী আবাস জগৃহত অ-কাৰিকৰী কাম কৰা, পশুপালনৰ বাবে গোহালি নিৰ্মাণ কাৰ্য, মাছ শুকুৱাৰ বাবে চোতাল আৰু গুডাম নিৰ্মাণ কৰা, জৈৱিক সাৰ উৎপাদনৰ আন্তঃগাঁথনি নিৰ্মাণ, আত্মসহায়ক গোটৰ প্ৰয়োজনীয় চালি নিৰ্মাণ, দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ ঘৰ/অংগনৱাড়ী কেন্দ্ৰ/বিদ্যালয়ত শৌচালয় নিৰ্মাণ কৰা, সকলো বতৰৰ উপযোগী গ্ৰাম্য পথ নিৰ্মাণ, খেলপথাৰ নিৰ্মাণ, বানপানীৰ বাবে ৰিং বান্ধৰ ব্যৱস্থা কৰা, বিদ্যালয়/অংগনৱাড়ী কেন্দ্ৰ/বজাৰ গৃহ নিৰ্মাণ, শ্মশান নিৰ্মাণ, সমূহীয়া ভঁৰাল নিৰ্মাণ কৰা ইত্যাদি।

গ্ৰামাঞ্চলত বসবাস কৰা পৰিয়ালৰ ১৮ বছৰৰ ওপৰৰ পুৰুষ-মহিলা, বৃদ্ধসকলেও এই আঁচনিৰ অধীনত জবকাৰ্ড লৈ ব্যক্তিগত আৰু সামাজিক সম্পদ সৃষ্টি কৰাৰ লগতে নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব পাৰে।

আপুনি জানেনে এম জি এনৰেগা আঁচনিৰ ক্ষেত্ৰত-

 

১)গাঁওসভাৰ অনুমোদন নথকা কোনো কাম হাতত ল’ব নোৱাৰি।

২)ঠিকদাৰ নিয়োগ কৰিব নোৱাৰি।

৩)অনা-কৌশলী শ্ৰমিকে কৰিব পৰা কামত আধুনিক যন্ত্ৰ-পাতি ব্যৱহাৰ কৰাটো আইনমতে দণ্ডনীয়।

৪)জব কাৰ্ড সদায় নিজৰ লগত ৰাখিব লাগে আৰু জব কাৰ্ডত আপুনি কৰা খতিয়ান নিয়মীয়াকৈ ভৰাব লাগে।

আপোনাৰ জব কাৰ্ড আন মানুহৰ হাতত থকাটোও আইন মতে দণ্ডনীয়।

১)জব কাৰ্ডৰ গৰাকীয়ে বেংক/ডাকঘৰ একাউন্টৰ পৰা নিজে টকা উলিয়াব লাগে।

২)অনা-কৌশলী কাম কৰিবলৈ আগ্ৰহী প্ৰতিটো পৰিয়ালে এখনকৈ জব কাৰ্ড ল’ব পাৰে। পৰিয়ালটোৰ প্ৰাপ্তবয়স্ক প্ৰতিজন সদস্যই এই জব কাৰ্ডখনতে নাম অন্তৰ্ভুক্ত কৰি প্ৰত্যেকে শ্ৰম কৰিব পাৰে।

৩) ‘আমাৰ গাঁও আমাৰ আঁচনি’ৰ অধীনত এইবাৰ ৰাইজে গ্ৰহণ কৰা আঁচনিসমূহত ইতিমধ্যে মঞ্জুৰি দিয়া হৈছে। আগ্ৰহী লোকসকলে কাম বিচাৰি নিজৰ গাঁও পঞ্চায়তত আৱেদন কৰিব পাৰে।

৪)আপুনি আৱেদন কৰাৰ ১৫ দিনৰ ভিতৰত কাম পোৱাটো নিশ্চিত।

৫)কাম কৰাৰ পৰা ১৫ দিনৰ ভিতৰত মজুৰি লাভ কৰাটোও নিশ্চিত।

৬)প্ৰতিটো কামৰ আৰম্ভণিতে প্ৰকল্পস্থলীত বিশদ বিৱৰণসহ পকী তথ্য ফলক নিৰ্মাণ কৰাটো বাধ্যতামূলক।

৭)www.nrega.nic.in ৰ জৰিয়তে এম জি এনৰেগা আঁচনি সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব পাৰে।

৮)Janmanerega এপ্লিকেইচন ব্যৱহাৰ কৰি এম জি এনৰেগাৰ অধীনত আপোনাৰ অঞ্চলত সৃষ্টি কৰা সম্পদ চাই আপুনি মন্তব্য প্ৰকাশ কৰিব পাৰে।

উল্লেখযোগ্য যে ৰাজ্যখনতে এই আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত সৰ্বাধিক ১৫০০.৬১ কোটি টকা ব্যয় কৰা হয়। কৰ্মদিনৰ সংখ্যা ২০১৭-১৮ বৰ্ষত ৫ কোটিলৈ বৃদ্ধি পাইছে। ২০১৬-১৭ বৰ্ষত এই আঁচনিৰ অধীনত ১৫.৭৪ লাখ পৰিয়ালক কৰ্মসংস্থাপন দিয়া হৈছে। বৰ্তমানলৈ ৪৩.৮৯ লাখ জবকাৰ্ড প্ৰ্দান কৰা হৈছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ বিষয়ে বিতংভাৱে জানিবলৈ আয়ুক্তৰ কাৰ্যালয়, পঞ্চায়ত আৰু গ্ৰামোণ্ণয়ন বিভাগ, জুৰিপাৰ, পাঞ্জাবাৰী, গুৱাহাটী-৩৭ৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top