অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কনকলতা মহিলা সবলীকৰণ যোজনা :

কনকলতা মহিলা সবলীকৰণ যোজনা :

 

এখন ৰাজ্যৰ বিকাশৰ স্বাৰ্থত মহিলাসকলে যথেষ্ট ত্যাগ আৰু অৰিহণা আগবঢ়ায়। এখন ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মহিলাসকলৰ শক্তি আৰু সামৰ্থ্যক উচিত ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকক শাৰীৰিক আৰু মানসিক দিশত সবল কৰি তোলাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদায় মহিলাসকলৰ স্বাৱলম্বনৰ ক্ষেত্ৰত বিশেষ দৃষ্টি প্ৰদান কৰি আহিছে। মহিলাসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰখনে যথেষ্ট সংখ্যক কল্যাণকামী আঁচনি ৰূপয়ণ কৰিছে। আঁচনিসমূহৰ দ্বাৰা ৰাজ্যখনৰ মহিলাসকলৰ উন্নয়ন সম্ভৱপৰ হৈছে। শেহতীয়াকৈ কনকলতা মহিলা সবলীকৰণ যোজনা শীৰ্ষক এক ধ্বজাবাহী আঁচনি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে এক লাখ মহিলা আত্মসহায়ক গোট গঠন কৰি প্ৰতিটো আত্মসহায়ক গোটক মূলধনী ৰাজসাহায্যযুক্ত ঋণ হিচাপে ৫ লাখ টকাকৈ আগবঢ়াব। এই আঁচনিৰ অধীনত ঋণ লাভ কৰি মহিলাসকলে আৰ্থিক দিশত যথেষ্ট স্বাৱলম্বী হ’ব পাৰিব। গ্ৰামাঞ্চলৰ মহিলাসকলে আত্মসহায়ক গোট খুলি বিভিন্ন ধৰণৰ কাৰ্যপ্ৰণালী, বিপণনৰ দ্বাৰা দৰিদ্ৰতাৰ কবলৰ পৰা মুক্তি লাভ কৰিব। এই আঁচনিত মহিলাসকলৰ দক্ষতা বিকাশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব। এই আঁচনিয়ে প্ৰত্যক্ষভাৱে ৰাজ্যৰ ১০ লাখ মহিলাক উপকৃত কৰিব বুলি অসম চৰকাৰৰ বিত্তমন্ত্ৰী ড° হিমন্ত শৰ্মাই তেওঁৰ ২০১৭-১৮ বৰ্ষৰ বাজেটত উল্লেখ কৰিছে। ইতিমধ্যে এই আঁচনিৰ সফল ৰূপায়ণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে ২৫০ কোটি টকা আবন্টন দিছে। কনকলতা মহিলা সবলীকৰণ যোজনাখনৰ দ্বাৰা যে ৰাজ্যখনৰ মহিলাসকল উপকৃত হ’ব পাৰিব তাত কোনো সন্দেহ নাই। এই আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰক- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম, জুৰিপাৰ, পাঞ্জাবাৰী- ৭৮১০৩৭।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate