মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি:

কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিৰ বিষয়ে লিখা হৈছে

 

দিব্যাংগসকলৰ বাবে বিশেষ জলপানি

 

আঁচনি(ক)-

দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিকপূৰ্ব জলপানি-

  • নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম সামৰি ল’ব।
  • প্ৰতিবৰ্ষত ছাত্ৰ বৃত্তিৰ সংখ্যা ৪৬,০০০ জন।
  • পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকা।
  • ছাত্ৰ বৃত্তিৰ হাৰ- ঘৰত থাকি শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে মাহেকত ৩৫০ টকা আৰু হোষ্টেল আৱাসীৰ বাবে মাহে ৬০০ টকাৰ লগতে কিতাপ-পত্ৰ আৰু থকা-খোৱাৰ খৰচ তথা অন্যান্য ভাত্তা, পৰিবহণ, ৰীডাৰ ভাত্তা ইত্যাদি প্ৰদান।

আঁচনি(খ)-

দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিকোত্তৰ জলপানি-

 

  • একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল’মা পৰ্যায় পৰ্যন্ত(পাঠ্যক্ৰম)।
  • প্ৰতিবৰ্ষত ছাত্ৰ বৃত্তিৰ সংখ্যা ১৬.৬৫০ জন।
  • পৰিয়ালৰ বাৰ্ষিক আয় ২.৫০ লাখ টকা হ’ব লাগিব।
  • ছাত্ৰ বৃত্তিৰ হাৰ- বিভিন্ন বিভাগৰ স্নাতকোত্তৰ, স্নাতক, ডিপ্ল’মা, ডিগ্ৰীধাৰীৰ বাবে পৃথক হাৰত জলপানি প্ৰদান কৰা হ’ব। হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে মাহে ৬৫০-১২০০ টকা তথা আৱাসিক ছাত্ৰৰ বাবে মাহে ৪০০-৫৫০ টকাৰ লগতে টিউচন মাচুল(বছৰত সৰ্বোচ্চ ১.৫ লাখ), কিতাপ-পত্ৰ ক্ৰয়ৰ খৰচ আৰু অন্যান্য ভাত্তা যেনে- পৰিবহণ, ৰীডাৰ ভাত্তা আদিও প্ৰযোজ্য হ’ব।

আঁচনি(গ)-

দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ জলপানি-

 

  • স্নাতকোত্তৰ ডিগ্ৰী বা ২৪০ খন স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ডিপ্ল’মা পৰ্যায় পৰ্যন্ত(পাঠ্যক্ৰম)।
  • প্ৰতিবৰ্ষত ছাত্ৰ বৃত্তিৰ সংখ্যা ১৬০ জন।
  • পৰিয়ালৰ বাৰ্ষিক আয় ৬ লাখ হ’ব লাগিব।
  • ছাত্ৰ বৃত্তিৰ হাৰ- হোষ্টেলত থকাসকলৰ বাবে মাহে ৩০০০ টকা, হোষ্টেলত নথকাসকলৰ বাবে ১৫০০ টকা, মাহে ২০০০ টকাকৈ বিশেষভাৱে সক্ষম ভাত্তা, বছৰত ৫০০০ টকাৰ কিতাপ ক্ৰয়ত খৰচ আৰু বছৰি ২ লাখ টকা পৰ্যন্ত টিউচন মাচুল প্ৰদান।

আঁচনি(ঘ)-

দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় উপসাগৰীয় জলপানি

  • বিদেশত বসবাস কৰাসকলৰ বাবে বিদেশী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্টৰেট পাঠ্যক্ৰম সামৰিব।
  • প্ৰতিবৰ্ষত ছাত্ৰ বৃত্তিৰ সংখ্যা ২০ জন।
  • পৰিয়ালৰ বাৰ্ষিক আয় ৬ লাখ টকা হ’ব লাগিব।
  • ছাত্ৰ বৃত্তি হাৰ- ইউ কেত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি ৯,৯০০ পাউণ্ড(গ্ৰেট ব্ৰিটেইন) আৰু অন্যান্য দেশৰ বাবে ১৫,৪০০ আমেৰিকান ডলাৰ তথা ইটিউচন মাচুল, আকস্কিক ভাত্তা, বিমান পৰিবহণৰ ভাত্তা প্ৰদানৰ ব্যৱস্থা।

আঁচনি(ঙ)-

দিব্যাংগজনৰ বাবে ৰাষ্ট্ৰীয় ফেল’শ্বিপ

  • এল ফিল/পি এইচ ডিৰ পাঠ্যক্ৰম সামৰি লোৱা হ’ব।
  • প্ৰতিবৰ্ষত ছাত্ৰ বৃত্তিৰ সংখ্যা ২০০ জন।
  • পৰিয়ালৰ আয়ৰ কোনো সীমা নাই।
  • ছাত্ৰ বৃত্তিৰ হাৰ- জে আৰ এফ(প্ৰথম ২ বছৰৰ) বাবে ২৫,০০০ টকা আৰু এছ আৰ এফ(৩ বছৰৰ বাবে পাঠ্যক্ৰম শেষ হোৱালৈ)ৰ বাবে ২৮,০০০ টকা আৰু আকস্কিক ভাত্তা, সুৰক্ষা ভাত্তা/ৰীডাৰ ভাত্তা তথা ভাৰাঘৰৰ মাচুল(প্ৰযোজ্য দৰত) প্ৰদানৰ ব্যৱস্থা। উল্লেখযোগ্য যে উপৰোক্ত সকলো জলপানি আঁচনি ৪০ শতাংশতকৈ অধিক অক্ষম দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। সেই কাৰণে আৱেদনকাৰী প্ৰাৰ্থীসকলে বিশ্বাযোগ্য চিকিৎসক প্ৰাধিকৰণৰ দ্বাৰা জাতিকৃত দিব্যাংগৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব।

আৱেদন কৰিবৰ বাবে-

উপৰোক্ত জলপানি আঁচনি নেচনেল স্ক’লাৰশ্বিপ পৰ্টেলৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। অনলাইন উক্ত পৰ্টেল(www.scholarship.gov.in) ৰ জৰিয়তে আৱেদন কৰিব পাৰিব। অনলাইন আৱেদন ইতিমধ্যে পহিলা জুনৰ পৰা আৰম্ভ হৈছে। আৱেদন দাখিলৰ অন্তিম তাৰিখ হ’ল-

আঁচনি

নতুন আৱেদন

পুনৰীক্ষণ আৱেদন

মেট্ৰিক পূৰ্ব

৩০-০৯-২০১৭

৩১-০৭-২০১৭

মেট্ৰিকোত্তৰ

৩১-১০-২০১৭

৩১-০৭-২০১৭

উচ্চ শ্ৰেণীৰ শিক্ষা

৩১-১০-২০১৭

৩১-০৭-২০১৭

 

আৱেদন পত্ৰৰ আৰ্হি আৰু দাখিলৰ প্ৰক্ৰিয়া বিভাগৰ ৱেবছাইট www.disabilityaffairs.gov.in ত উপলব্ধ। নিৰ্ধাৰিত প্ৰ-পত্ৰ Under Secretary(scholarship), Department of Empowerment of Persons with Disabilities ঠিকনাত দাখিল কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ ২০১৭।

 

উৎস-ৰাইজৰ বাতৰি

3.36
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top