মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক আইন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক আইন

গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক আইনৰ বিষয়ে লিখা হৈছে

 

অসম চৰকাৰৰ শ্ৰম আৰু কল্যাণ বিভাগে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ উদ্যোগত গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক (নিয়োগ নিয়ামক আৰু সেৱা চৰ্ত)আইন ১৯৯৬ বলৱৎ কৰিছে।উক্ত আইনৰ শ্ৰমিকসকলে কিছু সংখ্যক সুবিধা লাভ কৰিব পাৰে।যদি কাম কৰা শ্ৰমিকজনৰ বয়স ১৮-৫৫ বছৰৰ ভিতৰত হয় আৰু শ্ৰমিকজন বছৰটোৰ ৯০ দিন নিৰ্মাণ কাৰ্যত জড়িত হয়,তেন্তে শ্ৰমিকজনে উক্ত আইনৰ অধীনত প্ৰয়োজনীয় নথি-পত্ৰসমুহ ওচৰৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত দাখিল কৰি নিজৰ নাম পঞ্জীয়ন কৰিব লাগে।নাম পঞ্জীয়নভুক্ত কৰিবলৈ তলত দিয়া নথি-পত্ৰসমুহৰ প্ৰয়োজন হয়।

*নাগৰিকত্ব,বাসিন্দাৰ আৰু বয়সৰ নথি-পত্ৰ।

*চাৰিখন পাছপ’ৰ্ট আকাৰৰ ফটো।

*মনোনীত ব্যক্তিৰ দুখন ফটো।

উক্ত নথি-পত্ৰসমুহ দাখিল কৰিলে শ্ৰমিকজন পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিক হিচাপে মনোনীত হ’ব পাৰিব।

পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰ্মিকে তলত উল্লেখ কৰা সুবিধাসমুহ লাভ কৰিব-

*নিৰ্মাণ শ্ৰমিকৰ পৰিচয় পত্ৰ।

*৬০ বছৰ বয়সপুৰ্ণ হলে মাহিলি কাৰ্যাৱসৰ বৃত্তি।

*পৰিয়াল কাৰ্যাৱসৰ বৃত্তি।

*চিকিৎসা সাহায্য।

*শ্ৰমিকজনৰ মৃত্যু হ’লে আৰ্থিক সাহায্য পোৱাৰ লগতে অন্ত্যোষ্টিক্ৰিয়া সম্বন্ধীয় সা-সুবিধা লাভ কৰিব।

*শ্ৰমিকজনৰ ল’ৰা-ছোৱালীক এককালীন শিক্ষা সাহায্য প্ৰদান।

*মেধাসম্পন্ন ল’ৰা-ছোৱালীক নগদ পুৰষ্কাৰ।

*শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে মাহিলি কাৰ্যক্ষম বৃত্তি।

*মহিলা শ্ৰমিকক প্ৰসুতি সাহায্য।

*অবিবাহিত মহিলা শ্ৰমিক আৰু শ্ৰমিকৰ দুটা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বিবাহ-সাহায্য।

*গৃহ নিৰ্মাণৰ বাবে গৃহ ঋণ প্ৰদান।

*সা-সৰঞ্জাম ক্ৰয়ৰ বাবে ঋণ প্ৰদান।

*শ্ৰমিক তথা ল’ৰা-ছোৱালীৰ কৰ্মদক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা।

উক্ত সাহায্যসমুহ কল্যাণ পৰিষদৰ দ্বাৰা সংগৃহীত পুঁজিৰ পৰা প্ৰদান কৰা হ’ব।

উক্ত আঁচনি সন্দৰ্ভত সবিশেষ জানিবলৈ শ্ৰম বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰক।

উৎস:ৰাইজৰ বাতৰি

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top