অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৰঙৰ মাৰৈ-পূজাৰ দেওধনীৰ দঁক

 

দৰঙৰ দেওধনী নৃত্য এক অতি আকৰ্ষণীয় আপুৰুগীয়া সাংস্কৃতিক অনুষ্ঠান। আজি কিছু বছৰৰ আগলৈ মাৰৈ পূজাত দেওধনী অপৰিহাৰ্য্য অংগ স্বৰুপ আছিল। মাৰৈ পূজা (তিনি দিনৰ পৰা পোন্ধৰ দিন পৰ্য্যন্ত বিয়পা মনসা পূজা)-ত ওজাপালি আৰু দেওধনীয়ে নৃত্য – গীতৰ লগতে দঁক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা আছিল। দৰঙীয়া মনসা – পূজা বা মাৰৈ – পূজাৰ বিভিন্ন দিশ পৰ্য্যবেক্ষণ কৰিলে এইটো প্ৰতীয়মান হয় যে এই পূজাটোৱেই এটা বৃহৎ সাংস্কৃতিক অনুষ্ঠান। ধৰ্মীয় ক্ৰিয়া – কলাপৰ স’তে ইয়াত সংস্কৃতি ওতপ্ৰোত ভাৱে জড়িত হৈ আছে। মাৰৈ পূজাৰ ভৰ দঁকৰ পূজাৰ দিনা পৰিবেশন কৰা দেওধা – দেওধনী উঠা, মেচা – মেচেমী নৃত্য, কছাৰী পূজা প্ৰভৃতি অনুষ্ঠানে আদিবাসীৰ পৰা গ্ৰহণ কৰি মাৰৈ পূজাক সাৰ্বজনীন মৰ্য্যাদা দান কৰা হৈছে বুলি ন – দি ক’ব পাৰি। ভৰ দঁকৰ দিনা নিশা দঁক প্ৰদৰ্শন কৰা হয়। ওজাপালিৰ ভাষাত সেয়া দঁক পাৰা। ওজাপালিয়ে গোৱা সুকনান্নীৰ কিছুমান পদক দেওধনীয়ে মূৰ্চ্ছা যোৱাৰ অভিনয় কৰি ঢলি পৰে। তাকে দঁক বোলে। যি পদ গালে দেওধনীৰ মূৰ্চ্ছা ভংগ হয় আৰু উঠি বহে তাকে ‘দঁক তোলা পদ’ বোলে। এই দঁক চাৰিটা –

১) শিৱ দঁক বা গোসাঁই দঁক

২) দুৰ্গা দঁক

৩) ছায়া – মায়া দঁক

৪) ভৰ দঁক বা বৰ দঁক।

ভৰ দঁকৰ দিনা আবেলি দেওধনীয়ে নচা প্ৰত্যেকটো নৃত্যৰে একোটা নাম আছে, যেনে – মৈতাছালি, পৰোৱা ঘূৰ্ণি, টঙাল – মোচৰা, হাৰিণী নাচ, শিৱ – নৃত্য, কেঁচাইখাঁতী – নৃত্য, ধনতোলা – নৃত্য, দুৰ্গা – নৃত্য ইত্যাদি। নৃত্যৰ আগতে দেওধনী পূজা – মণ্ডপৰ ওচৰত এখন আগলতি কলপাতত বহি থাকে। ওজাপালিয়ে জয়ঢোলত দেওবাদি বজালে দেওধনীয়ে চুলিকোচা চোঁৱৰৰ দৰে ঘূৰাই থাকে। তাৰ পাছত ওজাপালিয়ে তাল বজাই ‘দেওমাতা’ (দেৱতা আহ্বান জনোৱা) পদবোৰ গালে দেওধনীয়ে নানান অংগি – ভংগি কৰি নাচে। দেওধনীৰ লগতে বিভিন্ন অংগি - ভংগিৰে সমানে নাচ দিয়া পালি এজন থাকে, তেওঁক ‘দেওধা’ বোলে। বিভিন্ন নাচবোৰৰ শেষত মাগন – মাগা, কছাৰী – পূজা মেচা – মেচেমী নৃত্য ইত্যাদি অনুষ্ঠান পৰিবেশন কৰে। এইবোৰ অনুষ্ঠানৰ অন্ত পৰিলে দেওধনী দঁকত পৰিবলৈ সাঁজু হয়।

আগতে আমি উল্লেখ কৰি অহা প্ৰত্যেকটো দঁকৰে একোটা কাহিনী আছে। সেই কাহিনী কেইটা সুকবি নাৰায়ণ দেৱৰ দ্বাৰা ৰচিত ‘পদ্মা – পুৰাণ’ৰ পৰা লোৱা। ওজাপালি আৰু দেওধনীয়ে সেই কাহিনী নৃত্য, গীত আৰু দঁকৰ দ্বাৰা দশৰ্কৰ আগত পৰিৱেশন কৰে।

‘গোঁসাই দঁক’ বা ‘শিক দঁক’ত ওজাপালিয়ে পদ্মা – পুৰাণৰ ‘সমুদ্ৰ-মন্থন’ খণ্ডৰ পদ গায়। ঋষি দুৰ্বাসাৰ অভিশাপত ত্ৰিলোক লক্ষ্মীভ্ৰষ্ট হোৱাত দেৱতা আৰু অসুৰ বিলাকে বাসুকী নগৰক মথনী জৰী কৰি সমুদ্ৰ মন্থন কৰিছিল। মন্থনৰ ফল সমুদ্ৰ গৰ্ভৰ পৰা ঐৰাৱত হস্তী, উচ্চৈশ্ৰেবা ঘোঁৰা, কৌস্তুঅভ মণি, পাৰিজাত পুষ্প, লক্ষ্মীদেৱী, অমৃতকুম্ভ প্ৰভৃতি ওলাল। পুনৰবাৰ সমুদ্ৰ মন্থন কৰোঁতে নাগৰাজ বাসুকীৰ মুখেদি হলাহল বিষ ওলাব ধৰিলে। বিষৰ জ্বালত ত্ৰিভুবন ছাৰ – খাৰ হোৱাৰ উপক্ৰম হোৱাত দেৱতা সকলে সেই বিষ পান কৰি ত্ৰিজগত ৰক্ষা কৰিবৰ বাবে শিৱক প্ৰাৰ্থনা জনালে। দেৱতা সকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ শিৱই সেই বিষ পান কৰি বিষৰ জ্বালাত মূৰ্চ্ছিত হৈ পৰি যায়। ওজাপালিয়ে শিৱ মূৰ্চ্ছিত হোৱা পদটো গাই থাকিলে দেওধনীয়ে মূৰ্চ্ছা যোৱা অভিনয় কৰি পৰি যায়। তাকে দঁকত পৰা বোলে। ওজাই শিৱৰ মূৰ্চ্ছা ভংগ হোৱাৰ পদ গালে দেওধনীৰ দঁক ভংগ হয় বা দেওধনী দঁকৰ পৰা উঠে। দেওধনী দঁকত পৰিলে এজন পালিয়ে তেওঁক গাত আওজাই ধৰি থাকে। সেই পালি জনক দঁক ধৰা পালি বোলে। তলত শিৱ দঁকৰ পদ কেইটামান দিয়া হ’ল –

১) দিহা : শুনিয়া শৌনকৰবাণী লোমেশে বুলিলা পুনি / শুনা গুৰু আমাৰ বচন। অনৰু গৰুড়ৰ বাণী তাহা আমি কিছু জানি / লক্ষ্মী জন্মৰ কহ বিৱৰণ।।

২) দিহা : অ’ আন নন্দেৰ নন্দন হৰি দেখিলাম কৈ।

৩) দিহা : সৃষ্টি ৰাখিবাৰ ভৰে ঐ আ, অ’ মিলে গৈ ক্ষীৰোদৰ তীৰে।

৪) দিহা : অ’ এ ভুবন মুহিলা কাল বিষে ঐ আ। / জগত মুহিলা কালবিষে।

পদ : দেৱগণে মিলি বোলে শিৱৰ গোচৰ।/ আপুনি স্ৰজিছা বিষ আপুনি সামৰ।/ তুমি বিষ্ণু তুমি মহেশ্বৰ।/ চৰাচৰ জগতৰ তুমিসে ঈশ্বৰ।/ দেৱৰ বচন শুনি দেৱ ত্ৰিনয়ন।/ অৰ্দ্ধেক বিষক শিৰে কৰিলা ভক্ষণ।। ইত্যাদি।

দুৰ্গা দঁকৰ কাহিনী ‘পদ্মা – পুৰাণ’ৰ ‘পুষ্পধাৰী খণ্ড’ৰ পৰা লোৱা। কমল বনত স্থলিত হোৱা শিৱৰ বীৰ্য্যৰ পৰা পাতালত পদ্মাৱতী বা বিষহৰিৰ জন্ম হয়। শিৱই নিজ কন্যা বুলি পৰিচয় পাই পদ্মাৱতীক নিজ ঘৰলৈ নি ভাৰ্য্যা দুৰ্গাৰ ভয়ত গোসাঁই ঘৰৰ আটালতলুকাই থ’লে। পাছত দেৱৰ্ষি নাৰদৰ কূট – নাটত দুৰ্গাই গোসাঁই ঘৰৰ আটালৰ পৰা বিষহৰিক বিচাৰি উলিয়াই সতনী কৰি চৰ, ভুকু, ঢকা ভালকৈয়ে দিলে। পদ্মাৱতীয়ে তেওঁ যে শিৱৰেই কন্যা সেই কথা কোৱাতো কোনো ফল নধৰিলে। দুৰ্গা দেৱীয়ে হাতৰ কংকন এপাতেৰে পদ্মাৱতীৰ চকুত প্ৰহাৰ কৰি তেওঁৰ এটা চকু কণা কৰাত তেওঁ (পদ্মাই) নাগিনী ৰুপ ধাৰণ কৰিলে আৰু তৎক্ষণাৎ দুৰ্গাক দংশন কৰি বাৰীৰ চুকৰ সিজু গছ এজোপাত লুকাই থাকিলগৈ। পাছত মহাদেৱ আহি দুৰ্গা মুৰ্চ্ছিত হৈ পৰি থকা দেখি নানান বিলাপ কৰি কান্দিব ধৰিলে। তেতিয়া বিষহৰিয়ে সিজু গছৰ পৰা নামি আহি নিজ ৰুপ ধৰি চণ্ডিকাক নিৰ্বিষ কৰি জীয়াই দিয়ে। ওজাপালিয়ে পদ্মাই চণ্ডিকাক দংশন কৰাৰ পদ গালে দেওধনী দঁকত পৰে আৰু তেওঁ দুৰ্গাক পুনৰ প্ৰাণদান দিয়াৰ পদ গালে দেওধনীৰ দঁক ভংগ হয়।

দুৰ্গা দঁকৰ পদ :

১) দিহা : দয়াৰ কলীয়া হেৰ শিৱ ৰাম ৰাম বুলি বীণা বজায়।

পদ : … কোপে জ্বলি চণ্ডিকা অগ্নিৰ সমান।/ কংকনৰ বালা মাৰি চক্ষু কৈলা কাণা।/ চক্ষুৰ বেথা পায়া জয় বিষহৰি। দংশিলেক চণ্ডিকাক সৰ্পৰুপ ধৰি।।

২) দিহা : উঠা উঠা জাগা প্ৰিয়া গিৰিৰাজ সূতা।

কুক্ষণে গৃহক মই আনিছোঁ দুহিতা।।

৩) দিহা : দেখি চণ্ডিৰ যৌৱন স্থিৰ নহে মোৰ মন / কান্দে শিৱ লোটায়া ধৰণী।

… শুনিয়া বাপৰ বাণী গছহৈতে নামে পুনি / হুংকাৰে বিষ নমাইলা. ।উঠিয়া ধুইল মুখ খণ্ডিল মৰণ দুঃখ সুকবি নাৰায়ণদেৱে কৈলা।।

‘ছায়া – মায়া দঁক’ত ‘পদ্মা – পুৰাণ’ৰ ‘বাহী বিয়া’ খণ্ডৰ পদ ওজাপালিয়ে গায়। উজনি নগৰৰ শাহে ৰজাৰ ঘৰলৈ বেউল – লখিন্দাৰৰ বিয়া চাবলৈ যাওঁতে পদ্মাই বিষধৰ নাগ বিলাক লগত ল্পো গৈছিল। সেই নাগ বিলাকৰ বিষ নিশ্বাসত লাগি লখিন্দাৰ বিবাহ – মণ্ডপত ঢলি পৰে। তেতিয়া উজনি নগৰত হাহাকাৰ লাগিল। এই কথা বেফুলাৰ কাণত পৰাত তেওঁ কান্দি কান্দি গোঁসাই ঘৰত সোমাই পদ্মাৱতীক অনেক তুতি – মিনতি কৰিলে। তথাপিতো বিষহৰিয়ে দেখা নিদিয়াত বেফুলাই ডিঙিত কটাৰিৰে ৰেপি মৰিবলৈ ওলোৱাত তেওঁ বেফুলাক দেখা দি পুষ্পজন প্ৰদান কৰিলে। সেই পুষ্পজল নি বেউলাই লখিন্দাৰ শিৰত দিয়াত তেওঁ সংজ্ঞা ঘুৰাই পাই উঠি বহিল। ওজাই বিষৰ জ্বালাত লখিন্দাৰ ঢলি পৰাৰ পদ গালে দেওধনী দঁকত পৰে। আকৌ লখিন্দাৰে পুনৰ্জীৱন লাভ কৰা পদ গালে দেওধনী দঁকৰ পৰা উঠে।

ছাঁয়া – মায়া দঁকৰ পদ :

১) দিহা : নেতা নেতা বুলি ডাকে জয় বিষহৰি / শুন বৈনী আমাৰ বচন। য’ত আছে নাগ আনা তুমি সব উজানে কৰাহা গমন।।

২) দিহা : অ’ প্ৰাণ সয়না, হে প্ৰাণ সয়না।

৩) দিহা : কান্দোতে চন্দ্ৰধৰ উজনি নগৰ।

৪) দিহা : অ’ মনসা দেৱী অ’ মনসা দেৱী, কেনে মোক নেদাহা উত্তৰ ।

৫) দিহা : অ’ আহ পুষ্পজল লৈ বেউলা চলিলা সত্বৰে।

পদ : পুষ্পজল লৈয়া বেফুলা আইল ঘৰে।/ যত বিৱৰণ কহে মাৱৰ গোচৰে। পুষ্পজল দিলা নিয়া লখিন্দাৰৰ শিৰে। উঠিয়া বসিলা লখাই সভাৰ ভিতৰে।। থিৰ হৈয়া লখিন্দাৰ চাহে চাৰি ভিত। তাহা দেখি সৰ্বলোক হৈলা হৰষিত।।

লখিন্দাৰ মূৰ্চ্ছিত হৈ ঢলি পৰা বাবে বিয়াখন বাহী হ’ল বাবে এইছোৱা পদক বাহী বিয়াৰ পদ আখ্যা দিয়া হৈছে।

আমি আগতে কৈ আহিছো যে মাৰৈ – পূজাৰ ঘাই পূজাৰ দিনা ভৰ দঁক বা বৰ দঁক প্ৰদৰ্শন কৰা হয়। সেই দিনাৰ পূজাকো ভৰ দঁকৰ পূজা বোলা হয়। এই দঁক আৰম্ভ হোৱাৰ আগতে আমি ওপৰত উল্লেখ কৰি অহা দঁক তিনিটা শেষ কৰিব লাগে। ওজাই পদ্মা – পুৰাণৰ ভাটীয়ালী খণ্ডৰ পদেৰে ভৰ দঁকৰ কাৰ্য্য আৰম্ভ কৰে। বিয়াৰ পাছত বেউলা – লখিন্দাৰৰ কেশাই কমাৰে নিৰ্মাণ কৰা মেৰঘৰত প্ৰৱেশ কৰাৰ পাচহতে ‘ভাটীয়ালী খণ্ডৰ’ৰ পদ আৰম্ভ হয়। এই খণ্ডৰ প্ৰথম পদটো তলত দিয়া হ’ল –

দিহা : নেতাৰ গলে ধৰি কান্দয় বিষহৰি অ’ কান্দয় বিষহৰি।/ বিবাদ কৰিলোঁ অকাৰণ।।

পদ : চান্দো নামে অধিকাৰ সৰ্ব নাগে খাইলা তাৰ / খাঙ্খাৰ ৰাখিলো ত্ৰিভুবন।

আদিয়া লোকৰা গোমা কেউটিয়া যে কাচিমা / খৈয়া খনিয়া অজগৰ।

চান্দো সদাগৰে কেশাই কমাৰৰ দ্বাৰা মেৰঘৰ নিৰ্মাণ কৰাই ফুলশয্যাৰ নিশা বেউলা – লখিন্দাৰক তাত ৰাখিলে। পদ্মাৱতীয়ে অনন্ত, তক্ষক, পাণ্ডু, উদয়কাল, ঝংকৰাজ, ব্ৰহ্মজাল প্ৰভৃতিৰ নাগ বিলাকক মেৰঘৰত প্ৰৱেশ কৰি লখিন্দাৰক দংশন কৰিবলৈ আদেশ দিলে। তেতিয়া অনন্ত আৰু কৰ্কোটক নাগে কালীনাগৰ হাততহে লখিন্দাৰ মৃত্যু হ’ব বুলি পূৰ্বতে পদ্মাই মুক্তেশ্বৰ তীৰ্থত বেউলাক দিয়া অভিশাপৰ কথা সোঁৱৰাই দিলে। পদ্মাই তেতিয়া ধেমাই নাগক কালীদহ হ্ৰদৰ পৰা কালীনাগক আনিবলৈ আদেশ দিলে। ধেমাই নাগে কালীক পদ্মাৰ ওচৰলৈ আনিলে। বিষহৰিয়ে কালী নাগক মেৰত প্ৰৱেশ কৰি লখিন্দাৰক দংশিবলৈ আদেশ দিলে। মেৰৰ ঈশান কোণত কেশাই কমাৰে পদ্মাৰ আদেশত ৰখা ছিদ্ৰৰ দ্বাৰা মেৰত প্ৰৱেশ কৰি কালীনাগে লখিন্দাৰক দংশন কৰিলে। নিদ্ৰাত অচেতন হৈ থকা বেফুলাই এই কথা গমকে নাপালে। বিষৰ জ্বালাত ছটফটাই বিনাই বিনাই বেফুলাক মাতি লখিন্দাৰে দেহত্যাগ কৰিলে। ওজাপালিয়ে এই পদ খিনি গাই থাকিলে দঁক ধৰা পালিজনে দেওধনীক নিজৰ গাত আওজাই ধৰি থাকে। লখাইৰ মৃত্যু হোৱা পদ গোৱাৰ লগে লগে দেওধনী মূৰ্চ্ছা গৈ পালিজনৰ কোলাত ঢলি পৰে। তেতিয়া ওজাপালিয়ে পদ গাবলৈ জয়ঢোলত ‘দেওবাদী’ মাৰে আৰু তাৰ পাছত দেওধনীক পূজা – মণ্ডপৰ সমুখত মাটিত বিছনা এখন পাৰি উত্তৰমুৱা কৰি শুৱাই থয়। এখন বগা কাপোৰেৰে দেওধনীক মূৰৰ পৰা ভৰিলৈ সম্পূৰ্ণ ৰুপে ঢাকি দিয়ে। বিছনা খন চাৰিও ফালে পিঠাগুৰিৰে সীমাৰেখা আঁকি দিয়ে। এয়ে হ’ল দেওধনীৰ হৰ দঁক। তাৰ পাছত ওজাপালিয়ে ভাটীয়ালী খণ্ডৰ বাকী পদবোৰ একাদিক্ৰমে গাব ধৰে। শেষত যেতিয়া ওজাই তলত দিয়া পদটো গাবলৈ আৰম্ভ কৰে তেতিয়া দঁক ধৰা পালিজনে নতুন গামোচা এখনেৰে দেওধনীক বিচি থাকে :

দিহা : ঝাৰো বিষ নাই ঐ ঝাৰো বিষ নাই

লখাইৰ হাৰৰ বিষ ঝাৰো পদুমাই।।

পদ : এক হস্তে ধৰিলেক বেফুলা সুন্দৰী।

আৰ হস্তে ধৰে পদ্মা শিৱৰ কুমাৰী।।

… কেশ মুকলিয়া বোলে আস্তিকৰ মাই।

সুস্থ হৈলা লখাই সৰ্বাংগৰ বিষ নাই।।

নামিলা পাতালে বিষ পদ্মাৰ হুংকাৰে।

উঠিয়া বসিলা লখাই সভাৰ ভিতৰে।।

অমৃত নয়নে পদ্মা আখিও দিলা চুম।

দুই চক্ষু প্ৰকাশিল গুচিল কাল ঘুম।।

এই পদটো শেষ হোৱাৰ পাছতে ওজাপালিয়ে পুনৰ ঢোলত দেওবাদি মাৰে আৰু তেতিয়া দেওধনী দঁকৰ পৰা উঠে। ভঠিয়েলী (ভাটীয়ালী) খণ্ডৰ পদখিনিয়েই পদ্মা – পুৰাণৰ আটাইতকৈ আকাৰ্ষণীয় আৰু কৰুণ পদ। ইয়াৰ দিহাবোৰো চুটি। ওজাপালিয়ে এই পদ খিনি খুব খৰকৈ গায়। মাজনিশা ভাঠিয়েলী খণ্ডৰ পদ শুনিলে পলৰীয়া তিৰোতায়ো বাটত ৰৈ কাণ পাতি শুনে আৰু শিয়ালেও হোৱা দিবলৈ পাহৰে বুলি জনবিশ্বাস আছে। ইয়াৰ ভালেখিনি পদ কৰুণ ৰসসিক্ত। কালীনাগৰ দংশনৰ পাছত বিষৰ জ্বালাত অস্থিৰ হৈ লখিন্দাৰে বেউলাক জগোৱা বিলাপ কেইটা শুনিলে চমজদাৰ শ্ৰোতাৰ অপোনা – আপুনি চকুৰ পানী ওলায় –

দিহা : অ’ কি বেফুলা জাগ – অ, উঠা মোৰ প্ৰিয়া।

পদ : উঠা উঠা প্ৰিয়া তুমি কত নিদ্ৰা যাস।/ মোক খাইলা কালীনাগে চক্ষু মেলি চাস। নহৈলেক মাস পক্ষ দিন অষ্ট চাৰি। কালিৰাত্ৰি পদ্মাৱতী তোকে কৈলা বাৰী। তুমি হেন অভাগিনী নাহি ক্ষিতি তলে। অকালতে ৰাণ্ডি ভৈলি খণ্ড ব্ৰত ফলে।। ইত্যাদি।

দিহা : ঐ আৰে উঠ কমলমুখি অ হে প্ৰিয়া / কত নিদ্ৰা জাস সুখে।।

পদ : তোৰ মোৰ বিদায় বিষে মোৰ প্ৰাণ যাই / আমি চলো যমৰ নগৰে।

উঠা বানিয়াৰ ঝি নিদ্ৰা সুখে কৰা কি / পুৰোহিত অনাহা সত্বৰে।।

… মুখ মান পাইলা বিষে নাজানিলো খাইলা কিসে / যাই বিষ উজান কোবাই।

গলমান পাইলা বিষে নাজানিলো খাইলা কিসে / যাই বিষ গগন উধাই।

বেউলাৰ বিলাপ, সনেকাৰ বিলাপ, চন্দ্ৰধৰৰ বিলাপ – পদবোৰে মাজনিশা পূজাথলিত এক হাহাকাৰ পূৰ্ণ কৰুণ পৰিৱেশৰ সৃষ্টি কৰি শ্ৰোতাৰ চকুত চকুলোৰ ঢল বোৱায়। অৱশ্যে এই পদ গোৱা ওজাও পটু হ’ব লাগিব। ভৰ দঁকৰ পদৰ পিছৰ পদবোৰো আকৰ্ষণীয়। সেইবোৰৰ ভিতৰত ‘গৃধিনিৰ পাক’, ‘শৃগালীৰ পাক’, ‘গোধাৰ পাক’, ‘ধন – মনাৰ পাক’, ‘বাঘ্ৰৰ পাক’, ‘তৃপানিৰ পাক’ ইত্যাদি পদ বিশেষভাৱে উল্লেখযোগ্য। তৃপানিৰ চৰতে বেউলাৰ নেতাৰ স’তে সাক্ষাৎ হয় আৰু নেতাই বেউলাক দেৱৰপুৰলৈ লৈ যায়। দেৱৰপুৰত বেউলাই নৃত্যৰ দ্বাৰা শিৱ প্ৰভৃতি দেৱতা সকলক সন্তষ্ট কৰিলে। শেষত শিৱৰ আদেশত নাগমাতা বিষহৰিয়ে বেফুলাৰ স্বামী লখিন্দাৰক জীয়াই দিলে। লখিন্দাৰে পুনৰ্জীৱন লাভ কৰাৰ লগে লগে দেওধনী দঁকৰ পৰা উঠি বহে। ভৰ দঁকৰ পূজাৰ দিনা মাজনিশা দেওধনী দঁকত পৰে আৰু পুৱতী নিশা দঁকৰ পৰা উঠে।

পদ্মা – পুৰাণৰ যিছোৱা পদ গালে দেওধনী দঁকত পৰে সেই পদ খিনিক দঁকপাৰা পদ আৰু যি পদ গালে দঁকৰ পৰা উঠে সেই পদক দঁক তোলা পদ বোলে। আমি আগতে কৈ আহিছোঁ যে, দঁক আৰম্ভ হোৱাৰ আগতে ওজাপালি আৰু দেওধনীয়ে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। ওজাপালিৰ জয়ঢোলৰ প্ৰতিটো বাদিৰ লগত আৰু তাল বজাই গোৱা কিছুমান পদত দেওধনীয়ে নৃত্য কৰে। দেওধনী নৃত্যুৰ সময়ত গোৱা কিছুমান বিশেষ গীত আছে, সেইবোৰক দেওমাতা পদ (দেৱতাক আহ্বান জনোৱা) বোলে। সেইবোৰৰ প্ৰথম গীত হ’ল : ‘অ’ হৰি বন্দো দেও বন্দিবো’। এই গীত গাই ওজাপালিয়ে বিভিন্ন দেৱতাক প্ৰণাম জনায়। দ্বিতীয় গীতত স্বৰ্গৰ পৰা নৃত্য চাবলৈ অহা দেৱতা সকলৰ বিৱৰণ আছে। সেই পদটো হ’ল – অ’ দেও আইচ, হংসৰ বাহনে দেও নামে / অ’ আহ আনন্দ কৰিয়া দেও নামে।

ওজাপালিয়ে ‘হাৰিণী নৃত্য’ৰ পদ গালে দেওধনীয়ে এখন হাতত খেৰৰ বাঢ়নি আৰু এখন হাতত কলদোনাৰ কোডাল লৈ নাচে। সেইদৰে শিৱ – নৃত্যত কলঠৰুৱাৰ টকা, ৰণচণ্ডী – নৃত্যত বলি – কটা দা, হাতী – খেদা নৃত্যত হাতত জ্বলন্ত জোৰ লৈ নাচে। মেচা – মেচেমী নৃত্যত দেওধনী আৰু দেওধাই হাতত জাকৈ – খালৈ লৈ মাছ মৰাৰ অভিনয় কৰে। তাৰ পাছত ওজাপালিয়ে কছাৰী – পূজা নামৰ অনুষ্ঠান এটা পাতে। তেতিয়া দেওধা – দেওধনীয়ে কছাৰী-নৃত্য কৰে আৰু ওজাপালিয়ে ঢোলত মাদলৰ বাদি মাৰে। এইবোৰ মনসা-পূজাৰ বিধিৰ বৰ্হিভূত হ’লেও মাৰৈ – পূজাৰ ভৰ দঁকৰ ই অপৰিহাৰ্য্য অংগ যেন হৈ পৰিছে। এই  অনুষ্ঠানবোৰে মাৰৈ পূজাক এক সাৰ্বজনীন সাংস্কৃতিক অনুষ্ঠানৰ মৰ্য্যাদা দান কৰিছে।

আজি কিছু বছৰ আগলৈ দেওধনীৰ অভাৱ নাছিল বাবে তিনিদিনীয়া, পাঁচদিনীয়া বা সাতদিনীয়া মনসা-পূজাত দেওধনী নৃত্য আৰু দঁক পূৰ্ণোদ্যমে চলি আছিল। বৰ্তমান দেওধনীৰ অভাৱত এই আড়ম্ভৰপূৰ্ণ আৰু আকৰ্ষণীয় অনুষ্ঠানটিৰ সৌষ্ঠৱ একেবাৰে কমি গৈছে। পাঁচদিনীয়া বা সাতদিনীয়া মাৰৈ-পূজাৰ প্ৰচলনো প্ৰায় নাইকিয়া হৈছে। তিনিদিনীয়া পূজা বা ‘ৰঙীয়াল মাৰৈ’ত ওজাপালিয়ে দঁকৰ পদখিনি গাই কোনোমতে নিয়মটো ৰক্ষা কৰি আছে।

 

লেখক : তৰুণ চন্দ্ৰ শৰ্মা।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

 

 

3.03448275862
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top