অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাহক সুৰক্ষা আইন

গ্ৰাহক সুৰক্ষা আইন

কেৱল গ্ৰাহকেহে এই অভিযোগ দাখিল কৰিব পাৰিব।যদি লেনদেন ব্যৱসায় স্ংক্ৰান্তীয় হয় তেন্তে অভিযোগ দাখিল কৰিব নোৱাৰে।যদি নিজৰ ব্যৱসায়ৰ বাবে অৰ্থাৎ পুনৰ বিক্ৰীৰ বাবে কোনো সামগ্ৰী কিনে তেন্তে তেওঁক গ্ৰাহক বুলি বিবেচিত নহ’ব।কিন্তু যদি নিজৰ ব্যৱহাৰৰ বাবে সামগ্ৰী বা সেৱা ক্ৰয় কৰে তেন্তে তেওঁ গ্ৰাহক।গ্ৰহকৰ অধিকাৰৰ ববে যুঁজ কৰাৰ বাবে বিক্ৰেতাৰ দায়বদ্ধতাৰ প্ৰমাণৰ হেতু কেতবোৰ নথিপত্ৰ লগত ৰাখিব লাগেসেইবোৰ হ’ল বিল,ধন আদায়ৰ প্ৰমাণ যেনে ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেন্ট,সামগ্ৰী ৱাৰেন্টী কাৰ্ড,স্ংশ্লিষ্ট বিক্ৰেতা পক্ষৰ সৈতে যিকোনো যোগাযোগৰ কপি আদি।দ্বিতীয়তে,আপুনি যোগানকাৰী বা সেৱা প্ৰদানকাৰীক লিখিতভাৱে জাননী দি ভুল,আসোঁৱাহ আদি স্ংশোধনৰ বাবে ক’ব লাগিব।এই জাননী সৰল হ’ব লাগে,য’ত তেওঁৰ অভিযোগৰ কথা আঙুলিয়াই দিব লাগিব।সাধাৰণতে এমাহৰ জাননী দিয়া হয়।এনে জাননীৰে আদালতৰ বাহিৰতো বিষয়টো নিষ্পতি কৰিব পৰা হয়।যদি স্ংশ্লিষ্ট পক্ষই ক্ষতিপূৰণ নিদিয়ে তেতিয়া গ্ৰাহক আদালতৰ কাষ চাপিব পাৰি।তৃতীয়তে,অভিযোগ স্ংশ্লিষ্ট ঘটনাৰ দুবছৰৰ ভিতৰত দাখিল কৰিব লাগে।যদি অভিযোগ দাখিলত যুক্তিস্ংগত কাৰণত বিলম্ব হয় তেন্তে গ্ৰাহক আদালতক এই বিলম্বৰ বাবে মাৰ্জনা কৰাৰ অনুৰোধ জনাব পাৰে।

অভিযোগ দাখিলৰ প্ৰক্ৰিয়া

তলত জিলা আদালতত অভিযোগ দাখিলৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰা হৈছে(ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় আদালতত নিজস্ব বিধি থাকিলেও প্ৰক্ৰিয়া প্ৰায় একেই)।যদিও অভিযোগ টাইপ কৰাটো বাধ্যতামূলক নহয়,টাইপ হ’লে ভাল।কাগজত ডাবল স্পেছ দিয়া আৰু বাঁওফাল,ওপৰত আৰু তলত ডেৰ ইঞ্চিৰ মাৰ্জিনৰ ঠাই এৰা ভাল।প্ৰতিটো পৃষ্ঠাৰ নম্বৰ দিয়া উচিত

যদি আবেদন দাখিলত পলম হয় তাৰ কাৰণ দৰ্শাই,নটাৰীৰ দ্বাৰা উপযুক্ত প্ৰক্ৰিয়াৰে নিশ্চিত কৰিব লাগে।আবেদনত অভিযোগৰ বিৱৰণ কালক্ৰমানুসৰি দিয়া ভাল।কিহৰ ভিত্তিত ক্ষতিপূৰণ বিচৰা হৈছে তাৰো চমু বিৱৰণ থাকিব লাগে।আবেদনত অভিযোগকাৰীয়ে স্বাক্ষৰ কৰিব লাগে।

গ্ৰাহক আদালতত তেওঁ নিজেও হাজিৰ হ’ব পাৰে বা কোনো ঘনিষ্ঠ আত্মীয়ক হাজিৰ হোৱাৰ অনুমতি দিব পাৰে।যদি অধিবক্তাৰ সহায় লৈছে তেন্তে ওকালত নামা দখিল কৰিব লাগিব।তেতিয়া অধিবক্তাইহে সকলো পেপাৰ ৱৰ্ক কৰিব আৰু শুনানিত উপস্থিত থাকিব।যদি তেওঁৰ আত্মীয়ক দায়িত্ব দিছে তেন্তে কৰ্তৃত্ব পত্ৰ দাখিল কৰিব লাগিব।অভিযোগৰ বিষয়বস্তু সত্য বুলি শপতনামা,আপোনাৰ অভিযোগৰ সমৰ্থনত সকলো নথি-পত্ৰৰ প্ৰতিলিপিও দাখিল কৰিব লাগে।এনে নথিৰ এখন মৌলিক আৰু দুখন জেৰস্ক কপি হ’ব লাগিব।অভিযোগ গ্ৰহণ হ’লে পক্ষ অনুযায়ী প্ৰ্তিলিপি দাখিল কৰিব লাগিব।

২০লাখ টকা পৰ্য্যন্ত ক্ষতিপূৰণ দাবীৰ বাবে জিলা,২০লাখৰ পৰা ১ কোটি টকা পৰ্য্যন্ত ক্ষতিপূৰণৰ বাবে ৰাজ্যিক,১ কোটি টকাৰ অধিক ক্ষতিপূৰণৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাহক আদালতত আবেদন জনাব লাগে।জিলা আদালতত ক্ষতিপূৰণৰ পৰিমাণ অনুসৰি মাচুল হৈছে এনেধৰণৰ-

১।এক লাখ পৰ্য্যন্ত ১০০ টকা

২।দুই লাখৰ পৰা ৫ লাখ পৰ্য্যন্ত ২০০ টকা

৩।পাঁচ লাখৰপৰা ১০ লাখ টকা পৰ্য্যন্ত ৪০০ টকা

৪।দহ লাখৰপৰা ২০ লাখ টকা পৰ্য্যন্ত ৫০০ টকা।ৰাজ্যিক আদালতৰ ক্ষেত্ৰত ২০ লাখৰ পৰা ৫০ লাখ পৰ্য্যন্ত ২০০০ টকা,৫০ লাখৰপৰা ১কোটি টকা পৰ্য্যন্ত ৪০০০ টকা মাচুল ধাৰ্য্য হৈছে।ৰাষ্ট্ৰীয় আদালতৰ ক্ষেত্ৰত অৰ্থাৎ ১ কোটি টকাৰ ঊৰ্দ্ধত মাচুল হৈছে ৫০,০০০ টকা।

উৎস: গ্ৰাহক সুৰক্ষা আইন

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate