মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / চাহ জনজাতিৰ কল্যাণ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ জনজাতিৰ কল্যাণ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ

 

বহু সময়ত একোটা উদ্যোগক কেন্দ্ৰ কৰি এখন ৰাষ্ট্ৰ বা একোখন দেশৰ অৰ্থনীতি বিকশিত হৈ উঠে।চাহ অসমৰ কৃষিভিত্তিক অৰ্থনীতিৰ এটি সু-সংগঠিত সম্ভাৱনাময় উদ্যোগ।সমগ্ৰ বিশ্বতে অতি প্ৰিয় পানীয় হিচাপে পৰিগণিত চাহ অসমৰ জাতীয় সম্পদ।অসমৰ চাহৰ বৰ্ধিত জনপ্ৰিয়তাই ইয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে।ভাৰতৰ চাহ উদ্যোগত অসমৰ এখন সুকীয়া আসন বৰ্তমান।অসমৰ মাটি আৰু জলবায়ু চাহ খেতিৰ বাবে যথেষ্ট উপযোগী।ঊনৈশ শতিকাৰে পৰা গঢ়ি উঠা অসমৰ চাহ উদ্যোগৰ এক দীঘলীয়া ইতিহাস আছে।১৮৩৫ চনত ডিব্ৰুগড় জিলাত প্ৰথমখন চাহ বাগান স্থাপন কৰা হৈছিল।চাহ খেতিক এক অন্যতম সফল উদ্যোগ হিচাপে গঢ় দিয়াত ইংৰাজে আগভাগ লৈছিল।ব্ৰিটিছসকলক দেখি অসমৰ জনদিয়েক উদ্যোগী ব্যক্তি চাহ খেতিৰ প্ৰতি আকৃষ্ট হৈছিল।মণিৰাম দেৱান প্ৰথম অসমীয়া চাহ খেতিয়ক।পৃথিৱীৰ প্ৰায়বোৰ দেশতে চাহ পান কৰা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।আন্তৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ এক সুনাম আছে।চাহে মন আৰু শৰীৰৰ ক্লান্তি অৱসাদ দুৰ কৰি কৰ্মোদ্যম বৃদ্ধি কৰে।সমগ্ৰ বিশ্বৰ চাহ উৎপাদনকাৰী দেশৰ ভিতৰত অসমৰ চাহতেই ঔষধীয় গুণ আটাইতকৈ বেছি।চাহৰ পৰা “কেফেইন”নামৰ এবিধ দ্ৰব্য উলিয়াই দৰৱ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা হয়।

ব্ৰিটিছ আমোলত পাতনি মেলা চাহ খেতিয়ে আজিকোপিত আমাৰ সমাজত দখল কৰি আছে এখনি সম্ভ্ৰান্ত আসন।জীৱিকা হিচাপে চাহ খেতিৰ আছে এক সুকীয়া আৱেদন,আছে অভিজাত্যৰ গোন্ধ।চাহ খেতি আমাৰ বাবে আজি মাথোঁ উদ্যোগেই হৈ থকা নাই,ৰাজ্যখনৰ চুকে-কোণে,পাহাৰে-ভৈয়ামে সেউজ দলিচাসদৃশ বিস্তৃত এই বাগানবোৰে সততে ঘোষণা কৰে আমাৰ শতিকাজোৰা বৰ্ণিল ঐতিহ্য।অসমৰ ডিব্ৰুগড় ,শিৱসাগৰ,যোৰহাট,গোলাঘাট,তিনিচুকীয়া,গোৱালপাৰা,কামৰুপ,ধেমাজি,উত্তৰ লখিমপুৰ ,নগাওঁ,শোণিতপুৰ আৰু দৰং জিলাত অধিক চাহ উৎপাদন হয়।ৰাজ্যখনত প্ৰায় কুৰি শতাংশ লোক চাহ শিল্পৰ ওপৰত নিৰ্ভৰশীল।অসমৰ চাহ শিল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবা লাখো বণুৱা আৰু কৰ্মচাৰীৰ সংস্থাপনে ৰাজ্যখনৰ নিবনুৱা সমস্যা লাঘৱ হোৱাত প্ৰভুত অৰিহণা যোগাইছে।বৰ্তমান অসমত প্ৰায় কেইবাখনো ডাঙৰ চাহ বাগান থকাৰ উপৰি কেইবা হাজাৰো সৰু সৰু চাহ বাগিচা গঢ়ি উঠিছে।চাহ খেতি কৰিবৰ বাবে স্থানীয় বনুৱাৰ অভাৱ হোৱাত ব্ৰিটিছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বনুৱা আমদানি কৰিছিল।অতেজৰে পৰা বিভিন্ন জনগোষ্ঠীৰ লোক বিভিন্ন সময়ত অসমলৈ আহি ইয়াৰ সমাজ-সংস্কৃতিক আঁকোৱালি অসমৰ বায়ু-পানেৰ লগত মিলিযোৱাৰ সাক্ষ্য ইতিহাসে বহন কৰে।এইদৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহ শিল্পৰ অৱদান উলাই কৰিব নোৱাৰি।সুদীৰ্ঘ দিন ধৰি অসমত থাকি কালক্ৰমত ভিন্ন প্ৰান্তৰ পৰা অহা এই শ্ৰমিকসকলে অসমৰ মাটিক মাতৃবুলি আঁকোৱালি লৈ অসমৰ জাতীয় জীৱনৰ মুল সুঁতিৰ লগত মিলি বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ হিচাপে চাহ জনগোষ্ঠীৰুপে চিনাকি পালে।এইদৰে চাহ শ্ৰমিকসকল অসমীয়া সমাজ আৰু সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে।সম্প্ৰতি চাহ মজদুৰ জনগোষ্ঠীক বাদ দি বৃহত্তৰ অসমীয়া জাতিৰ আৰ্থ-সামাজিক,সাংস্কৃতিক তথা ৰাজনৈতিক জীৱনৰ কথা ভাবিব নোৱাৰি।

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চাহে গুৰুত্বপুৰ্ণ স্থান অধিকাৰ কৰি আছে।দেশখনত উৎপাদিত মুঠ চাহৰ প্ৰায় ৫৩ শতাংশ উৎপাদন হয় অসমত।ভাৰতে চাহ ৰপ্তানি কৰি বুজন পৰিমাণৰ বৈদেশিক বিনিময় মুদ্ৰা উপাৰ্জন কৰে।ভাৰতত উৎপাদিত ৬০ শতাংশ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়।চাহ শিল্পই অসম তথা ভাৰতৰ অৰ্থনীতিত যথেষ্ট অৱদান আগবঢ়াই আহিছে।চাহ উদ্যোগে প্লাইউড,কাঠফুলা কল,কয়লা,সাধাৰণ অভিযান্ত্ৰিক উদ্যোগ আদিৰ লেখীয়া আন কেতবোৰ আনুষংগিক উদ্যোগ গঢ়ি উঠাত সহায় কৰাৰ উপৰি পৰিবহণ আৰু যাতায়াত ব্যৱস্থাৰ উন্নয়নতো সহায় কৰিছে।চাহৰ বৈজ্ঞানিক গৱেষণা তথা গুণাগুণৰ উৎকৰ্ষ সাধনৰ বাবে যোৰহাটৰ টোকলাইত এটা চাহ গৱেষণা কেন্দ্ৰ আছে।এই গৱেষণাগাৰে চাহৰ উৎপাদন আৰু গুণগত মান বৃদ্ধি কৰাত উল্লেখযোগ্য অৰিহণা যোগাই আহিছে।সাধাৰণতে চাহপাত নিলাম কেন্দ্ৰৰ যোগেদি বাণিজ্যিক বজাৰলৈ যায়।১৯৭০ চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল।চিটিচি চাহৰ ক্ষেত্ৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰই গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰি আহিছে।সম্প্ৰতি অসমৰ নতুন প্ৰজন্ম এতি কলি দুটি পাতৰ এই ঐতিহাসিক শিল্পটিৰ প্ৰতি আকৰ্ষিত হৈছে।অসমীয়া যুৱ উদ্যোগীৰ এনে প্ৰচেষ্টাই বহু লোকৰ কৰ্ম সংস্থাপনৰ পথ মুকলি কৰি ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ দিশত ইতিবাচক অৰিহণা যোগোৱাৰ সম্ভাৱনা কঢ়িয়াই আনিছে।ভাৰতৰ উত্তৰ পুবৰ দুৱাৰমুখ অসমৰ বিস্তীৰ্ণ উপত্যকা,সেউজ পৰ্বতমালা,ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমুহৰ মনোৰম নৈসৰ্গিক শোভাৰ উপৰি লহপহীয়া সেউজীয়া চাহ বাগিচাসমুহে দেশী-বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰি আনি পৰ্যটনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সংযোজন ঘটাবলৈ সক্ষম হৈছে।

তেজক পানী আৰু হাড়ক মাটি কৰি সবাৰো অলক্ষিতে অসমক বিশ্বৰ উদ্যোগিক মানচিত্ৰত প্ৰতিষ্ঠিত কৰা সেইসকল সহজ-সৰল,শ্ৰমজীৱি চাহ জনগোষ্ঠী লোকৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ লগতে সামগ্ৰিক কল্যাণ সাধনৰ উদ্দেশ্যে বৰ্তমানৰ জনহিতৈষী কল্যাণকামী চৰকাৰখনে সম্ভাব্য সকলো প্ৰকাৰৰ ব্যৱস্থা হাতত লৈছে।এনে প্ৰচেষ্টাৰ ফলস্বৰুপে এই সম্প্ৰদায়টোৰ সৰ্বাত্মক উন্নয়ন অধিক গতিশীল হৈ উঠিছে।মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ নতুন চৰকাৰখনে ক্ষমতালৈ অহাৰে পৰা চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালসমুহৰ দীৰ্ঘদিনীয়া সমস্যাসমুহ সমাধানকল্পে ভালেসংখ্যক জনমুখী আঁচনি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে।চাহ জনজাতিৰ কল্যাণৰ বাবে গুৱাহাটীত ৰোগীৰ অতিথিশালা আৰু মহিলা হোষ্টেল স্থাপন কৰাৰ পদক্ষেপ লোৱা হৈছে।চাহ জনগোষ্ঠীৰ মহিলা সবলীকৰণৰ বাবে চৰকাৰী অনুমোদিত পেৰা মেডিকেল প্ৰতিষ্ঠান আদিত এ এন এম,জি এন এম,বি এছ চি নাৰ্ছিং আৰু অন্যান্য পেৰা মেডিকেল পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ সুবিধা আগবঢ়োৱা হৈছে।ৰাজ্যখনৰ চাহ বাগিচা অধ্যুষিত এলেকাকাসমুহত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্ব পদ্ধতিৰ অধীনত কাম-কাজ চলাই থকা ৫১ টা দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে চৰকাৰে নিয়োগ সৃষ্টি আঁচনি প্ৰৱৰ্তন কৰিছে।ইউনিচেফে আগবঢ়োৱা কাৰিকৰী সহযোগিতাত সম্পুৰ্ণ অনাময় কাৰ্যসুচী গ্ৰহণ কৰাৰ লগতে চাহ বাগিচা এলেকাৰ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ / দাৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ আৰু অন্যান্য যোগ্য চাহ জনজাতিৰ পৰিয়ালসমুহক নিৰাপদ আৰু স্বাস্থ্যসন্মত খোৱা পানী আৰু শৌচাগাৰ প্ৰদান কৰা হৈছে।২০১৬-১৭ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী কাপ আন্ত:বাগিচা ফুটবল টুৰ্নামেণ্ট,ফুটবল আৰু আৰ্চাৰী,প্ৰশিক্ষণ কেন্দ্ৰ,শক্তিৰাহি এল ই ডি বালব বিতৰণ,চাহ বাগিচা অঞ্চলত ৰংগমঞ্চ নিৰ্মাণ আদিৰ দৰে নতুন পদক্ষেপ হাতত লৈছে।ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ বাবে চৰকাৰে চাহ বাগিচা এলেকাত পুথিভঁৰালৰ সা-সুবিধাও সৃষ্টি কৰিছে।৬০০০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান তথা নিয়োগ আৰু স্ব-নিয়োজনৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।অভিলেখ সময়ৰ ভিতৰত চাহ বাগানসমুহত ৬ লাক্ষাধিক বেংক একাউণ্ট খুলি চাহ শ্ৰমিকৰ মজুৰি ডিজিটেল মাধ্যমেৰে প্ৰদান কৰা হৈছে।তদুপৰি চাহ শ্ৰমিকৰ আৱাসত ৩,৮২,০০০ টা বৈদ্যুতিক মিটাৰ সংস্থাপন,কৃষকসকললৈ পাৱাৰ টিলাৰ,পাম্প ছেট বিতৰণ,ছাত্ৰ-ছাত্ৰীসকললৈ চাইকেল আৰু সৌৰচাকি বিতৰণ,বিদেশত অধ্যয়নৰ লগতে উচ্চ শিক্ষাৰ বাবে বিত্তীয় সাহায্য,আত্ম নিয়োগৰ বাবে শিক্ষিত নিবনুৱা যুৱক-যুৱতীলৈ বিত্তীয় ৰাজসাহায্য ,অসমৰ ১৮৭ খন চাহ বাগিচাক সামৰি ২৮,০০০ টা দাৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ/ তলৰ পৰিয়াললৈ কম খৰচী অনাময়ৰ সা-সুবিধা ,৮৭ খন চাহ বাগিচাৰ শ্ৰমিকলৈ পানী যোগানৰ উৎসৰ ব্যৱস্থা,চাহ আৰু প্ৰাক্তন চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীলৈ ছাত্ৰাৱাস/ ছাত্ৰী নিৱাসৰ সুবিধাৰ ব্যৱস্থা,আত্মনিয়োগৰ বাবে চাহ বাগিচাৰ যুৱক-যুৱতীলৈ বৃত্তিমুলক সঁজুলিৰ টোপোলা বিতৰণ,ঘৰতে থকা মহিলাসকললৈ উপাৰ্জন সৃষ্টিকাৰী সা-সুবিধা প্ৰদানৰ বাবে হস্ততাঁত আৰু হস্তশিল্প উৎপাদন কেন্দ্ৰ নিৰ্মাণ আদি চাহ জনজাতিৰ কল্যাণৰ বাবে লোৱা চৰকাৰৰ কেতবোৰ উল্লেখযোগ্য সফলতা বুলিয়ে ক’ব লাগিব।ক্ষমতালৈ আহিয়েই ২০১৬ চনত চৰকাৰে চাহ বাগিচাৰ কৰ্মীসকলৰ বাবে বিশেষ স্বাস্থ্যসেৱাৰ আঁচনি ঘোষণা কৰিছিল।চাহ বাগিচাৰ শোচনীয় স্বাস্থ্য সেৱাৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি)আৰ্হিত ২৫০ খন বাগিচা সামৰি লৈছে।চলিত বৰ্ষতে ৰাজ্যৰ চাহ বাগিচা অঞ্চলত ১০০ খন হাইস্কুল স্থাপনৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমুহত চাহ সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ বাবে আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে।চাহ জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা সংৰক্ষণৰ বাবে ৭৫০ খন চাহ বাগিচাত এখনকৈ ৰংগমঞ্চ নিৰ্মাণৰ বাবে ১৫ লাখ টকাকৈ ব্যয় কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে।ৰাজ্য চৰকাৰে চাহ জনজাতিৰ ১০০০ দিব্যাংগৰ প্ৰত্যেকলৈ ২৫,০০০ টকাকৈ অনুদান প্ৰদানৰ প্ৰস্তাৱ কৰিছে।সকলো শ্ৰেণী ৰাইজৰ সমবিকাশ আৰু সৰ্বাত্মক উত্তৰণৰ হকে নিৰন্তৰ সাধনাত ব্ৰতী হোৱাৰ ফলস্বৰুপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ আজি সফলতা আৰু পৰিৱৰ্তনৰ এক নতুন বাতাবৰণৰ সৃষ্টি হোৱাটো সকলোৱে একমুখে স্বীকাৰ কৰিছে।জনসাধাৰণৰ জীৱনক চুই যোৱা সকলো দিশত মনোনিৱেশ কৰি ৰাজ্যখনত বহু  প্ৰতীক্ষিত মৌলিক পৰিৱৰ্তনৰ পথ সুগম কৰি তুলিবলৈ সক্ষম হোৱাত এই চৰকাৰখনৰ সকলোৰে আপোন আৰু আস্থাৰ চৰকাৰ হিচাপে পৰিগণিত হৈছে।

লেখক:চয়নিকা বৰ্মন (ৰাইজৰ বাতৰি)

2.85
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top