অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দীন দয়াল উপাধ্যায় গ্ৰামীণ কুশল যোজনা

দীন দয়াল উপাধ্যায় গ্ৰামীণ কুশল যোজনা

দীন দয়াল উপাধ্যায় গ্ৰামীণ কুশল যোজনা

১) দীন দয়াল উপাধ্যায় গ্ৰামীণ কুশল যোজনাৰ বৈশিষ্ট্য

২) হিতাধিকাৰীৰ যোগ্যতা

৩) কাৰ্যকৰী আৰ্হি

৪) প্ৰকল্প কাৰ্যকৰী মাধ্যম

৫) প্ৰকল্প পুঁজিৰ সহাৰি

৬) প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা

৭) পৰিসৰ আৰু প্ৰভাৱ

৮) সম্পৰ্কীয় বিষয়সমুহ

লোকপিয়ল ২০১১ ৰ মতে ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলত ১৫ ৰ পৰা ৩৫ বছৰ বয়সৰ মাজত কমেও প্ৰায় ৫৫ নিযুত সম্ভাৱনীয় বনুৱা আছে| ২০২০ চনৰ ভিতৰত সমগ্ৰ বিশ্বত কমেও প্ৰায় ৫৭ নিযুত বনুৱাৰ প্ৰয়োজন হ’ব| ই বৰ্ধিত জনসংখ্যাক লাভদায়ক জনসংখ্যালৈ পৰিৱৰ্তন ঘটোৱাত ভাৰতবৰ্ষত এক ঐতিহাসিক সূত্ৰপাতৰ সূচনা ঘটাব| গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে DDU-GKY কাৰ্যকৰী কৰিব বিচৰাৰ মূলতে হ’ল কলা-কৌশল আৰু সৃজনমুলক কাৰ্যৰ উন্নয়নৰ সুত্ৰে গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মাজৰ যুৱ প্ৰজন্মক অন্তৰ্ভুক্ত ঘটোৱা|

যথাযুক্ত প্ৰাথমিক শিক্ষা আৰু ব্যৱসায়িক দক্ষতাৰ অভাৱত ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ শ্ৰেণীয়ে বৰ্তমানৰ আধুনিক বজাৰখনৰ সৈতে ফেৰ মাৰিবলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হবলগীয়াত পৰিছে| এই সৃষ্টি হোৱা প্ৰভেদ সমুহ নাইকিয়া কৰিবলৈ নিযুক্তি কৰণ, বিদেশত সংস্থাপন আদিৰ উদ্দেশ্যে দীন দয়াল উপাধ্যায় গ্ৰামীণ কুশল যোজনা য়ে আন্ত:ৰাষ্ট্ৰীয় মানযুক্ত প্ৰশিক্ষণমুলক প্ৰকল্প বোৰক পুঁজি প্ৰদান কৰিছে|

দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ বৈশিষ্ট:- দৰিদ্ৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ অন্তৰ্ভুক্ত শ্ৰেণীক লাভাম্বিত কৰা-

. চাহিদা বৃদ্ধিৰ অৰ্থে আৰ্থিক খৰচ অবিহনে গ্ৰামাঞ্চলৰ দৰিদ্ৰ শ্ৰেণীক দক্ষতামুলক প্ৰশিক্ষণ প্ৰদান কৰা|

সন্নিবিষ্ট কাৰ্যক্ৰমৰ প্ৰস্তুতিকৰণ:-

. সামাজিক ভাৱে পিছপৰা শ্ৰেণী (ST/SC ৫০ শতাংশ, সংখ্যালঘু ১৫ শতাংশ, মহিলা ৩৩ শতাংশ)

প্ৰশিক্ষণক পেচাদাৰী বৃত্তিলৈ পৰিৱৰ্তন কৰাত গুৰুত্বাৰুপণ, কাৰ্যস্থবিৰতা, জীৱিকা পথৰ উন্নীতকৰণ আৰু বৈদেশিক নিয়োগকৰণক উদগনি যোগোৱা|

নিযুক্তিত প্ৰাৰ্থীক যথেষ্ট সহায় আগবঢ়োৱা

. নিযুক্তি প্ৰক্ৰিয়াৰ পিছতো সকলো ধৰণৰ সহায় আগবঢ়োৱা আনকি ঠাই স্থানান্তৰ আদিৰ ক্ষেত্ৰতো সহাঁৰি জনোৱা|

নিয়োগজনিত অংশীদাৰী ব্যৱসায় গঢ়াত সক্ৰিয় প্ৰচেষ্টা

. ৭৫% প্ৰশিক্ষিত প্ৰাৰ্থীৰ বাবে নিয়োগৰ ব্যৱস্থা|

অংশীদাৰীৰ সক্ষমতা বঢ়োৱাৰ প্ৰচেষ্টা:-

. ন ন প্ৰশিক্ষণ কেন্দ্ৰৰ সম্প্ৰাসৰণ ঘটায় দক্ষতামুলক কৌশলৰ বৃদ্ধি কৰা|

আঞ্চলিক ভিত্তিক গুৰুত্ব:-

. জম্মু-কাশ্মীৰৰ পিছপৰা দুখীয়া ল’ৰা-ছোৱালী সকলৰ বাবে বিভিন্ন প্ৰকল্পৰ ওপৰত গুৰুত্বৰোপন (হিমায়ট)|

. উত্তৰ-পূৱ সীমান্ত আৰু ২৭খন বাওঁপন্থী অধ্যুষিত সন্ত্ৰাসবাদী জৰ্জৰিত জিলাৰ ওপৰত (ৰোচিনি)

মানবিশিষ্ট সেৱা প্ৰদান:-

সকলো কাৰ্যক্ৰম কিছুমান মানবিশিষ্ট কাৰ্য পদ্ধতিৰে পৰিচালিত যিবোৰ স্থানীয় পৰিদৰ্শকৰ দ্বাৰা নিৰ্দ্ধাৰিত নহয়| সকলো পৰিদৰ্শন ভৌগলিক অৱস্থান সময় চিহ্নযুক্ত ভিডিও ফুটেজল/ফটোৰ দ্বাৰা কাৰ্যকৰী হয়|

২) হিতাধিকাৰীৰ যোগ্যতা:-

গ্ৰাম্য যুৱ প্ৰজন্ম: ১৫ ৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰত

অনুসুচীত জাতি-জনজাতি/ মহিলা/ PCTG/ শাৰীৰিকভাৱে অক্ষম লোক: ৪৫ বছৰ বয়সলৈ

৩) কাৰ্যকৰী আৰ্হি

DDU-GKY য়ে তিনি শাৰীযুক্ত কাৰ্যকৰী আৰ্হি অনুসৰণ কৰে| গ্ৰামাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ DDU-GKY হৈছে এটা আঁচনি গ্ৰহণ| কাৰীকৰি সহযোগ আৰু সুবিধাগত মাধ্যম হিচাপে কাম কৰা এটা ৰাষ্ট্ৰীয় গোট| DDU-GKY ৰাজ্যিক নিয়ন্ত্ৰণ কেন্দ্ৰই DDU-GKY ক কাৰ্যকৰী সহাৰি আগবঢ়ায় আৰু প্ৰকল্প কাৰ্যকৰী মাধ্যমবোৰে কলা কৌশলী মুলক বিভিন্ন প্ৰশিক্ষণ আৰু নিয়োগ প্ৰকল্পৰ যোগেদি এই আঁচনি কাৰ্যকৰী কৰে|

৪) প্ৰকল্প কাৰ্যকৰী মাধ্যমবোৰ:-

আৱশ্যকীয় চুক্তি আৰু যোগ্যতা

. ইণ্ডিয়ান ট্ৰাষ্ট আইন বা যিকোনো ৰাজ্যিক সমিতিৰ পঞ্জীয়ন আইন বা যিকোনো ৰাজ্যিক সমবায় সমিতি বা সমুহীয়া ৰাজ্যিক সমবায় আইন বা কোম্পানী আইন ২০১৩ বা সীমিত দায়বদ্ধ অংশীদাৰী আইন ২০০৮ বা ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰকাৰী বা অৰ্দ্ধ-চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পঞ্জিয়নভুক্ত|

. ভাৰতবৰ্ষ তিনিটা বিত্তিয় বৰ্ষতকৈ বেছি বৰ্তি থকা কাৰ্যকৰী বৈধ সংস্থা সমুহ (NSDC অংশীদাৰীৰ বাবে অপ্ৰয়োজ্য)

. বিগত ৩ টা বিত্তিয় বৰ্ষৰ ২টা বছৰত যোগাত্মক মূলক পুঁজি ধাৰ্য কৰা (NSDC অংশীদাৰৰ বাবে অপ্ৰয়োজ্য)

. প্ৰস্তাৱিত প্ৰকল্পসমুহৰ কমেও ২৫ শতাংশ মুলধন ওভতাই পোৱা|

প্ৰকল্পসমুহৰ পুঁজি প্ৰদানৰ ক্ষেত্ৰত প্ৰকল্প কাৰ্যকৰী মাধ্যমক অগ্ৰাধিকাৰ দিয়া

. বৈদেশিক নিয়োগ

. সক্ৰিয় নিযুক্তিকৰণ: প্ৰকল্প কাৰ্যকৰী মাধ্যম বা প্ৰতিষ্ঠান সমুহে চলিত আভ্যন্তৰীণ মানৱ সম্পদৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দক্ষতা মুলক প্ৰশিক্ষণ দিয়া|

. উদ্যোগিক প্ৰশিক্ষণ

প্ৰশিক্ষণ মুলক কাৰ্যবোৰক উদ্যোগ বোৰৰ পৰা পুঁজি প্ৰদান কৰি সহাৰি আগবঢ়োৱা|

. শ্ৰেষ্ঠ নিয়োগকাৰী: যিবোৰ প্ৰকল্প কাৰ্যকৰী মাধ্যমে ২ বছৰৰ ভিতৰত ২০,০০০ DDU-GKY প্ৰশিক্ষণ কাৰীৰ দক্ষতামুলক প্ৰশিক্ষণ আৰু সংস্থাপন দিয়া|

. উচ্চমান বিশিষ্ট শৈক্ষিক প্ৰশিক্ষণ সমুহ ৰাষ্ট্ৰীয় মুল্যায়ন আৰু এক্ৰেডিটেচন পৰিষদ (NAAC) ৰ পৰা ৩৫ ৰে মুল্যায়িত হোৱা প্ৰতিস্থান বা বিশ্ববিদ্যালয়ৰ মঞ্জুৰী কমিচন / অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত মহাবিদ্যালয় সমুহ DDU-GKY ৰ প্ৰকল্পবোৰ গ্ৰহণ কৰিব পাৰে|

৫) প্ৰকল্প পুঁজিৰ সহাৰি: বহিৰাগত-অবহিৰাগত প্ৰকল্পৰ ভিত্তিত DDU-GKY য়ে দক্ষতামুলক প্ৰকল্পবোৰ সংস্থাপনৰ উদ্দেশ্যে প্ৰকল্পৰ সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিবিশেষে কমেও ২৫,৬৯৬ ৰ পৰা ১ লাখৰ উৰ্দ্ধত পুঁজি প্ৰদান কৰে| DDU-GKY ৰ অন্তৰ্ভুক্ত প্ৰকল্পবোৰৰ প্ৰশিক্ষণৰ সময়সীমা ৫৭৬ ঘণ্টাৰ (৩ মাহ) পৰা ২৩০৪ ঘণ্টা (১২ মাহ)|

ইয়াৰ ভিতৰত প্ৰশিক্ষণৰ খৰচ, থকা-মেলাৰ খৰচ, অহা-যোৱা খৰচ, সংস্থাপনৰ পাছতো আৰ্থিক সহায়, জীৱিকাৰ উন্নতিকৰণ আদি|

৬) প্ৰশিক্ষণৰ প্ৰয়োজনীতা

DDU-GKY য়ে খুচুৰা, আতিথ্য, স্বাস্থ্য, নিৰ্মাণ, স্বয়ংক্ৰিয় গতি, চামৰা, বৈদ্যুতিক, আ-অলংকাৰ, পানী-যোগান আদিক সামৰি ২৫০ ৰো অধিক উদ্যোগক দক্ষতামুলক প্ৰশিক্ষণৰ উদ্দেশ্যে পুঁজি প্ৰদান কৰে| এই প্ৰশিক্ষণ সমুহৰ চৰ্ত হ’ল- কমেও ৭৫% প্ৰশিক্ষাৰ্থীক সংস্থাপন দিয়া|

. বাণিজ্যমুলক কলা-কৌশল পাঠ্যক্ৰম বোৰে কিছুমান নিৰ্দ্দিষ্ট ৰাষ্ট্ৰীয় মাধ্যমৰ দ্বাৰা নিৰ্ধাৰিত যেনে ৰাষ্ট্ৰীয় বৃত্তি মুলক প্ৰশিক্ষণ পৰিষদ আৰু দক্ষতা খণ্ড পৰিষদ|

. বাণিজ্যযুক্ত কলা কৌশলৰ ওপৰিও প্ৰশিক্ষণত বিভিন্ন ধৰণৰ মৃদুজ্ঞান যেনে ইংৰাজী শিক্ষা, তথ্য প্ৰযুক্তি শিক্ষাৰ জ্ঞান দিয়া হয় যাতে প্ৰশিক্ষণ সকলোখিনি প্ৰয়োজনীয় যোগ্যতা সামৰি লয়|

পৰিসৰ আৰু প্ৰভাৱ:

DDU-GKY সমগ্ৰ দেশৰ কাৰণে প্ৰয়োজ্য| এই যোজনা বৰ্তমান ১৩ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৬০ খন জিলাৰ ৮২ টা প্ৰকল্প কাৰ্যকৰী মাধ্যম ১৮ টা খণ্ডত প্ৰয়োগ হৈছে|

 

উৎস: http://ddugky.gov.in/

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate