মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / দীনদয়াল অন্টোদয়া যোজনা(NULM)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দীনদয়াল অন্টোদয়া যোজনা(NULM)

ইয়াত দীনদয়াল অন্টোদয়া আচঁনিৰ বিষয়ে উল্লেখ কৰা হৈছে।

 

পাতনি:

 

অৰ্থনৈতিক উন্নতি আৰু চহৰীয়া জীৱনৰ লগত অভিন্ন সম্পৰ্ক।ভাৰতৰ অৰ্থনৈতিক উন্নতিত চহৰবোৰে 60 শতাংশতকৈও অধিক জি দি পিয়ে মূল চালিকাশক্তি ৰূপে গন্য হৈ আহিছে।2011 চনৰ লোকপিয়লৰ পৰিসংখ্যা মতে বৰ্ত্তমান চহৰাঞ্চলত বাস কৰা লোকৰ সংখ্যা 377 মিলিয়ন যিটো 2001 চনতকৈ 31 শতাংশ অধিক।বিভিন্ন বৃত্তি আৰু জীৱন ধাৰনৰ ওপৰত ৰাষ্ট্ৰীয় আয়োগে 2007 চনত সদৰি কৰা মতে ভাৰত্ৰ মূল শ্ৰম শক্তি 92 শতাংশ লোক অসংগঠিত ৰূপত নীতি বিৰোদ্ধ ভাৱে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত নিয়োযিত হোৱাটো 2004-2005 চনতে প্ৰকাশ পায়।চহৰৰ বেছিভাগ লোকেই কৃষিৰ লগৰ জড়িত হৈ পৰে।যাৰ বাবে সময়ৰ লগত নিজকে মিলাব নোৱাৰি বিভিন্ন সুযোগ সুবিধাৰ পৰা বঞ্চিত হয়।ফলত দৰিদ্ৰলোক সকলে চহৰাঞ্চালত উন্নত জীৱন ধাৰনৰ মানদণ্ড বৰ্তাই ৰাখিব নোৱাৰে।

অনিয়ন্ত্ৰিত ভাৱে চহৰৰ নিম্ন বৃত্তিৰ লোক সকল বিভিন্ন ব্যত্তিগত প্ৰতিষ্ঠানত নিয়োযিত হৈ কোনো সামাজিক শান্তি অনুভৱ নকৰে যদিও আৰ্থিক উন্নতি লাভ কৰে।ফলত এইসকল লোক সময়ৰ লগত খোজ মিলাই চহৰত জীৱন যাপন কৰাত অপাৰগ হয় ফলত মানসিক অৰ্ন্তদন্দত ভুগি বিভিন্ন অসামাজিক কামত লিপ্ত হৈ পৰে।

চহৰ অঞ্চলত নিম্ন আয়ৰ লোক সকলক তিনিটা শ্ৰেনীত ভাগ কৰিব পাৰি:

 

যিসকলৰ কোনো স্থায়ী বাসস্থান,স্থায়ী-আয়ৰ সুবিধা নাথাকে।2)যাৰ কোনো সামাজিক মূল্যবোধ নাথাকে ফলত ৰাষ্ট্ৰ নিৰ্মানত কোনো অৰিহনা যোগাব নোৱাৰে।3)স্থায়ী নিযোক্তি অবিহনে জীৱন ধাৰনৰ মানদন্দ নিম্নগামী হয় যিহেতু তেঁওলোকৰ নিয়োগ ব্যৱস্থাও সুৰক্ষিত নহয়।এই তিনি শ্ৰেনীত পুৰুষ,মহিলা,শিশু আৰু বিভিন্ন জাতিৰ দ্বাৰা অন্তৰ্ভূক্ত।চৰকাৰে চহৰৰ উক্ত উপেক্ষিত দৰিদ্ৰলোক সকলৰ কল্যানৰ বাবে The Ministry Of Housing and Unban Poverty Allevation ৰ দ্বাৰা 1997ত প্ৰতিস্থা লাভ কৰা Swarna Jayanti Shahari Rozgar Yojana(SJSRY)ক নতুন ৰূপত National Urban Livelihoods Mission(NULM)নামেৰে 2013 চনৰ 24 চেপ্তেম্বৰৰ পৰা একলাখতকৈ অধিক চহৰক সামৰি চহৰৰ দৰিদ্ৰ লোক সকলৰ কল্যাণৰ বাবে বিভিন্ন আচনি যুগুত কৰি উলিয়াইছে।

NULM মিচন-

 

চহৰৰ দুৰ্ব্বল শ্ৰেনীলোকৰ আৰ্থ-সামাজিক উন্নতি,থকা খোৱাৰ সুব্যৱস্থা আৰু উন্নত নিয়োগ সৃষ্টিৰ জৰিয়তে জীৱনৰ মান উন্নত কৰাটোৱে NULM ৰ মূখ্য উদ্দেশ্য।

নীতি-আদৰ্শ-

 

চহৰৰ আৰ্থিকভাৱে দুৰ্ব্বল শ্ৰেনীৰ লোকক আৰ্থিক স্বচ্ছলতা প্ৰদান কৰাটোয়েই NULM ৰ মূক্ষ্য উদ্দেশ্য।চৰকাৰে ইয়াৰ বাবে এটা বাতাবৰন সৃষ্টি কৰি সাৰ্থক জীৱন প্ৰদান কৰিবলৈ এটা প্ৰত্যাহবান হিচাপে গ্ৰহণ কৰিছে।বিভিন্ন সুযোগ সুবিধা সৃষ্টিৰে দৰিদ্ৰ লোক সকলৰ বৃত্তিগত কৌশল প্ৰয়োগ কৰি দাৰিদ্ৰতাৰ পৰা মুক্ত কৰাটো ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য।

NULM এ বিশ্বাস কৰে যে বিভিন্ন উৎপাদন মূলক বৃক্তি দ্বাৰা দৰিদ্ৰলোক সকলৰ সম-মৰ্য্যদা প্ৰদান কৰি মানৱীয় মূল্যবোধেৰে চহৰাঞ্চলত ভেদহীন ভাৱে জীয়াই থাকিব পাৰিব। NULM এ বিশ্বাস কৰে যে দৰিদ্ৰৰ দ্বাৰা পৰিচালিত অনুষ্ঠান সমূহৰ জৰিয়তে হে যিকোনো জীৱন নিৰ্বাহৰ উন্নয়ন কাৰ্য্যসূচী জুখিব পাৰি।উক্ত শক্তিশালী অনুস্থানৰ মঞ্চ সমুহে স্ব-মানৱ,সামাজিক,বিত্তীয় আৰু অন্যান্য সম্পদ সমুহৰ গঠনত সমৰ্থন কৰে।ইয়ে সিহতক ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ পৰা অধিকাৰ,সা-সুবিধা আৰু সেৱা লৱলৈ সক্ষম কৰে,যাৰ ফলত উচ্চকাংশা,মাত মতা আৰু দাহ-দাসৰ ক্ষমতা পায়।

  • সংবিধান(74 সংখ্যক সংশোধন)আইন,1992ৰ মতে,নগৰীয় দৰিদ্ৰতা নিৱাৰন হল Urban Local Bodies(ULB)সমূহৰ এক অপৰিহাৰ্য্য কাৰ্য্য।গতিকে উক্ত ULB সমূহে নগৰীয় দৰিদ্ৰৰ বিভিন্ন সমস্যা লগতে কৌশল আৰু জীৱন নিৰ্বাহৰ আৱণ্যকতা আহি পৰিছে।
  • NULM এ নগৰীয় দৰিদ্ৰ সমূহ কৌশল বিকাশ ঋণ সুবিধা প্ৰদান কৰাৰ বাবে সামগ্ৰিক লক্ষ্য ৰাখিব।ইয়ে নগৰীয় দৰিদ্ৰ সমূহৰ বজাৰ ভিত্তিক সংস্থাপন আৰু আত্ম নিয়োগ সহজ খাপৰ বাবে কৌশল প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব।
  • পদপথ ব্যৱসায়ী সমূহ নগৰীয় জনসাধাৰণৰ পিৰামিডৰ নিম্নখাপৰ এক অপৰিহাৰ্য্য অংশ।পদপথ ব্যৱসায়ে আত্ম নিয়োগৰ এক উৎস প্ৰদান কৰে,আৰু যিয়ে কোনো বিশেষ চৰকাৰী সহায় অবিহনে নগৰীয় দৰিদ্ৰতা নিবাৰণৰ এক মাধ্যম হিচাপে কাৰ্য্য কৰে।তেঁওলোকে নগৰীয় যোগানত এক অগ্ৰনী স্থান লয় আৰু নগৰীয় এলেকাৰ অৰ্থনৈতিক উন্নয়ণ বক্তিয়াৰ এক অপৰিহাৰ্য্য অংশ।এই ক্ষেত্ৰত পদপথ ব্যৱসায়ী সমূহক উপযুক্ত দান,আনুষ্ঠানিক ঋণ,সামাজিক নিৰাপত্তা আৰু কৌশলৰ সুবিধাৰ বাবে লক্ষ্য ৰাখিব।
  • ৰাজ্য চৰকাৰে বিভাগীয় মন্দ্ৰিত আৰু বিভাগৰ তত্তাৱধানত বিভিন্ন সংগঠনৰ অধীনত স্বাস্থ্য,শিক্ষা আদিত বিভিন্ন কৌশল প্ৰয়োগ কৰি চহৰ আৰু নগৰ অঞ্চলৰ লোকসকলক সামৰি এটা সেতু সৃষ্টি কৰি জীৱন ধাৰনৰ উন্নতি প্ৰয়াস কৰিছে।
  • NULMৰ মূখ্য উদ্দেশ্য যাতে বিভিন্ন প্ৰশিক্ষনৰ জৰিয়তে উন্নত মানদন্দ প্ৰয়োগ কৰি স্বনিযোজনৰে চহৰৰ দৰিদ্ৰ লোকসকলৰ উন্নতি সাধন কৰিব পাৰি।

 

NULM যোজনাৰ গুৰুত্ব সমূহ এনেধৰনৰ:-

 

  • চহৰৰ দৰিদ্ৰ লোকসকলৰ নিজস্ব ভাৱে উৎপাদন মূলক কামত বিভিন্ন প্ৰকাৰে নিয়োগ কৰা।উক্ত নিয়োগ নীতি স্বচ্ছভাৱে প্ৰয়োগ কৰি দৰিদ্ৰলোক সকলৰ শক্তি বৃদ্ধি কৰা।ইয়াৰ দ্বাৰা তেঁওলোকৰ নিয়মানুৱৰ্ত্তি স্বকীয়তা গঢ়ি উঠাত সহায় হ’ব।

 

 

NULMৰ প্ৰয়োগ এনেধৰনৰ:

 

  • বিভিন্ন উন্নয়নমূলক আচনিৰ জৰিয়তে নিৰ্দিষ্ট সুযোগ সুবিধা ব্যৱস্থা কৰা যাৰ দ্বাৰা চহৰৰ দৰিদ্ৰ লোকসকলৰ উন্নতি সম্ভৱ হয়।বিভিন্ন প্ৰশিক্ষন আদি প্ৰয়োগ কৰি তেওঁলোকৰ সুপ্ত কৌশলবোৰৰ বাস্তৱয়িত কৰা।যাৰ দ্বাৰা বৃদ্ধ,বিশেষভাৱে সক্ষম,শিশু আদি বিভিন্ন শ্ৰেনী লোকসকলৰ সহায়ক হয়।

 

 

উৎস: Ministry of Housing and Urban Poverty Alleviation

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top