মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / দীনদয়াল দিৰ্ব্যাংগ পুনৰ্বাস যোজনা(ডিডিআৰএছ)ত সংশোধন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দীনদয়াল দিৰ্ব্যাংগ পুনৰ্বাস যোজনা(ডিডিআৰএছ)ত সংশোধন :

দীনদয়াল দিৰ্ব্যাংগ পুনৰ্বাস যোজনা(ডিডিআৰএছ)ত সংশোধনৰ বিষয়ে লিখা হৈছে ।

 

ভাৰত চৰকাৰৰ দিব্যাংগজন সবলীকৰণ বিভাগে দিব্যাংগ লোকসকলৰ সবলীকৰণ তথা সহায়ৰ অৰ্থে হিতাধিকাৰীৰ সহযোগেৰে বিভিন্ন প্ৰকল্প/কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইক্ষেত্ৰত বেচৰকাৰী সংস্থাসমূহৰ ভূমিকা আৰু দক্ষতাক কৃতজ্ঞতা জনাই বিভাগে দীনদয়াল দিব্যাংগ পুনৰ্বাস যোজনা শীৰ্ষক এক আঁচনি কাৰ্যকৰী কৰিছে। উক্ত আঁচনিৰ জৰিয়তে শীঘ্ৰতাৰে হস্তক্ষেপ, বিশেষ শিক্ষা, সামাজিক সহায় আদিৰ ক্ষেত্ৰত দিব্যাংগজনৰ পুনৰ্বাসৰ হেতু শৈক্ষিক সংস্থাসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হয়।

এই যোজনাত অলপতে যুক্তিসংগত কৰা হয় আৰু বিত্তীয় সাহায্যও যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হয়। সংশোধিত এই যোজনা ১ এপ্ৰিল, ২০১৮ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে। যোজনাৰ মুখ্য বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

ক)বিত্তীয় সাহায্য প্ৰদান কৰা আৰ্হি প্ৰকল্পসমূহ-

১)বিদ্যালয়-পূৰ্ব আৰু শীঘ্ৰে হস্তক্ষেপ তথা প্ৰশিক্ষণ

২)নিম্নলিখিত দিব্যাংগসকলৰ বাবে বিশেষ বিদ্যালয়:

ক)বৌদ্ধিক দিব্যাংগতা

খ)শ্ৰৱণ আৰু বাক দিব্যাংগতা

গ)দৃষ্টিশক্তিবাধিত দিব্যাংগতা

৩)পক্ষাঘাতগ্ৰস্ত শিশুৰ বাবে বিশেষ প্ৰকল্প

৪)কুষ্ঠৰোগৰ পৰা আৰোগ্য লভা ব্যক্তিৰ পুনৰ্বাস

৫)উপচাৰিত আৰু নিয়ন্ত্ৰিত মানসিকভাৱে ৰুগ্ন ব্যক্তিৰ মনস্তাত্ত্বিক

৬)গৃহ আধাৰিত পুনৰ্বাস আৰু গৃহ প্ৰবন্ধন

৭)সামাজিক পুবৰ্বাস কাৰ্যসূচী

৮)নিম্ন দৃষ্টিশক্তি কেন্দ্ৰ আৰু

৯)মানৱ সম্পদ উন্নয়ন

খ)প্ৰকল্প কৰ্মচাৰীসকলৰ পাৰিতোষিককে ধৰি আঁচনিৰ সামগ্ৰিক ব্যয়ৰ দৰ বৰ্তমানৰ হাৰতকৈ ২.৫ শতাংশ বৃদ্ধি কৰা হৈছে।

গ)প্ৰকল্প ৰূপায়ণ এজেন্সী(এনজিঅ’) সমূহক প্ৰকল্পৰ সামগ্ৰিক ব্যয়ৰ আধাৰত ধাৰ্য হোৱা পৰিকালীন ৰাশিৰ ৯০ শতাংশ অংশীদায়িত্ব প্ৰদান কৰা হ’ব।

অৱশ্যে ‘বিশেষ ক্ষেত্ৰ’(আঁচনিত বিশেষভাৱে উল্লিখিত)সমূহৰ বাবে ১০০ শতাংশৰ অনুমতি দিয়া হ’ব।

ঘ)হিতাধিকাৰীৰ বাৰ্ষিক সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কোনো সীমা ধাৰ্য নাথাকিব, প্ৰদান কৰিবলগীয়া আন্তঃগাঁথনি উপলব্ধ কৰোৱা হ’ব।

ঙ)প্ৰকল্প ৰূপায়ণ কৰা এজেন্সীসমূহৰ সুবিধাৰ বাবে সম্পূৰ্ণ যোজনাৰ এক ৱেব প’ৰ্টেল(ই-অনুদান www.ngograntsje.gov.in)ৰ জৰিয়তে কাৰ্যকৰী কৰা হ’ব। আবেদন কেৱল এই ৱেব প’ৰ্টেলৰ মাধ্যমেৰে অনলাইনযোগে গ্ৰহণ আৰু কাৰ্যকৰী হ’ব।

চ)আবেদন প্ৰ-পত্ৰৰ প্ৰচেছিং আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰেৰিত অনুমোদন প্ৰক্ৰিয়া সবল কৰা হৈছে।

আঁচনিৰ সবিশেষ নীতি-নিৰ্দেশনাৱলী বিভাগৰ ৱেবছাইট www.disabilityaffairs.gov.in ত উপলব্ধ।

উৎস: সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় দিব্যাংগজন সবলীকৰণ বিভাগ ভাৰত চৰকাৰ(নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top