মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / নেচনেল ৰুৰবান মিচন (এন আৰ ইউ এম)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেচনেল ৰুৰবান মিচন (এন আৰ ইউ এম)

নেচনেল ৰুৰবান আচঁনিৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

দেশৰ গ্ৰাম্য অঞ্চলৰ বেচিভাগে নিৰাশয় বা নি:সংগ বসতিস্থান নহয়, বৰং ওচৰা-ওচৰিকৈ থকা লোকৰ বাসস্থানৰ এটা সমস্তি| এই লোকসকলে সেই অঞ্চলৰ বিকাশ আৰু অৰ্থনৈতিক উন্নতিৰ বাবে চেষ্টা কৰি আহিছে| এই অঞ্চলসমূহ যেতিয়া উন্নত হ’ব তেতিয়া ইয়াক “ৰুৰবান” বুলি শ্ৰেণীভুক্ত কৰা হ’ব| গতিকে এই বিবেচনা কৰিয়ে ভাৰত চৰকাৰে শ্যামাপ্ৰসাদ মুখাৰ্জী ৰুৰবান মিচন নামেৰে এখন আঁচনি প্ৰৱৰ্তন কৰিছে যাৰ দ্বাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁওলীয়া অঞ্চল সমূহত বসবাস কৰা লোকসকলৰ আৰ্থিক, সামাজিক আৰু পাৰিবাৰীক উন্নতি সাধন কৰিব পাৰিব| এই লক্ষ্যত উপনীত হ’বৰ বাবে ২০১৬ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখত এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল|

এই বিশেষ আঁচনিৰ লক্ষ্য হৈছে যে অহা পাঁচ বছৰৰ ভিতৰত তিনিশ খন গাঁওলীয়া অঞ্চলৰ উন্নতি সাধন কৰা| এই অঞ্চলসমূহত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কাৰ্যকৰী কৰি এই অঞ্চল সমূহত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰি অঞ্চলটোৰ উন্নতি সকলোৰে চকুতলগা কৰিব লাগিব|

দৰ্শনঃ-

নেচনেল ৰুৰবান মিচনৰ উদ্দেশ্য হ’ল যাতে নগৰত বসবাস কৰা লোকসকলৰ জীৱন-যাপনৰ বাবে যিবোৰ আৱশ্যকীয় সা-সুবিধাৰ দৰকাৰ সেইবোৰ যাতে গাঁও অঞ্চলত বসবাস কৰা লোকসকলৰ পৰা পৃথক নহয় তেতিয়াহে ‘ৰুৰবান ভিলেজ’ৰ সৃষ্টি সাৰ্থক হ’ব|

উদ্দেশ্যঃ-

আঞ্চলিক অৰ্থনৈতিক উন্নতি আৰু গাঁও অঞ্চলত বসবাস কৰা লোকসকলৰ সু-পৰিকল্পিত উন্নতি সাধন কৰাটোৱে হৈছে নেচনেল ৰুৰবান মিচনৰ উদ্দেশ্য|

ফলাফলঃ-

এই আঁচনিৰ বৃহৎ ফলাফল সমূহ হ’ল এই ধৰণৰ-

১) গাঁও আৰু নগৰৰ মাজত থকা বৈষম্য বা প্ৰভেদ দূৰ কৰা যেনে- অৰ্থনৈতিক, কাৰিকৰী আৰু অন্যান্য সা-সুবিধা|

২) গাঁওলীয়া অঞ্চলত দৰিদ্ৰতা হ্ৰাস আৰু নিৱনুৱা সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি গাঁও অঞ্চলৰ আৰ্থিক উন্নতি সাধন কৰাটোৱে হৈছে নেচনেল ৰুৰবান মিচনৰ উদ্দেশ্য|

৩) অঞ্চলটোৰ বিকাশ সম্প্ৰসাৰণ কৰা|

৪) উন্নতিমূলক কাম কাজত টকা খটুৱাই ৰাইজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাটোৱে হৈছে এই আঁচনিৰ উদ্দেশ্য|

একত্ৰিত গাঁওঃ-

ভৌগলিক ভাৱে একে লেঠাৰিয়ে থকা গাঁও সমূহক লৈ একোখন একত্ৰিত গাঁও গঠন কৰা হয়| সমতল ভূমী আৰু উপকূল অঞ্চলত পঁচিশ হেজাৰৰ পৰা পঞ্চাশ হেজাৰ আৰু মৰুভূমি, পাহাৰিয়া অঞ্চল বা জনজাতীয় অঞ্চলত পাঁচহেজাৰৰ পৰা পোন্ধৰ জন জনসংখ্যাক লৈ এখন একত্ৰিত গাঁও গঠন কৰা হয়| যিমানদূৰ সম্ভৱ হয় এই একত্ৰিত গাঁও সমূহ এখন গাঁও পঞ্চায়তৰ অধীনত হোৱাটো উচিত আৰু শাসনৰ সুবিধাৰ বাবে একেটা খণ্ডৰ ভিতৰত পৰটো বাঞ্ছনীয়|

বাচনি পদ্ধতি:-

এন আৰ ইউ এমত দুই ধৰণৰ একত্ৰিত গাঁও থাকিব, যেনে-অ-জনজাতি আৰু জনজাতি| প্ৰতিটো শ্ৰেণীৰ বাচনি পদ্ধতি বেলেগ বেলেগ হ’ব| একেত্ৰিত গাঁও গঠন কৰোতে ৰাজ্যই বা চৰকাৰে ডাংৰ গাঁও /গাঁও পঞ্চায়ত যিবোৰক অৰ্থসংগ্ৰহৰ কেন্দ্ৰ বুলি বিবেচিত কৰা হয় সেইবোৰ প্ৰথমতে চিহ্নিত কৰিব লাগিব অৰ্থাৎ কোনখন ডাঙৰ গাঁও বা গাঁও পঞ্চায়তক লৈ একত্ৰিত গাঁও গঠিত হ’ব| ডাঙৰ গাঁও বা গাঁও পঞ্চায়তক অৰ্থ সংগ্ৰহৰ কেন্দ্ৰ বুলি এই কাৰণে কোৱা হৈছে যে তাত থকা উৎস সমূহৰ পৰা পোৱা ধনেৰে সেই অঞ্চলৰ আৰ্থিক অৱস্থা উন্নত কৰিব লাগিব| এই অৰ্থকেন্দ্ৰবোৰে হ’ব গাঁওৰ খণ্ড মুখ্য কাৰ্য্যালয়| অৰ্থকেন্দ্ৰৰ পৰা পাঁচ কি:মি: ৰ পৰা দহ কি:মি:ৰৰ ভিতৰত একেলেথাৰিয়ে থকা গাঁও সমূহক লৈ এখন একত্ৰিত গাঁও গঠন কৰিব পাৰি|

অ-জনজাতিঃ

অ-জনজাতি একত্ৰিত গাঁওৰ বাবে বিভাগীয় কতৃপক্ষই প্ৰতিখন ৰাজ্যৰ জিলা, উপ-জিলা সমূহৰ তালিকা প্ৰদান কৰিব যাতে একত্ৰিত গাঁও বুলি চিহ্নিত কৰা হ’ব| কতৃপক্ষই নিৰ্দ্ধাৰিত কৰা উপ-জিলাসমূহ নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত বাচনি কৰিব যেনে-

ক) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে গাঁওৰ জনসংখ্যা বৃদ্ধি|

খ) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে কৃষিক্ষেত্ৰৰ বাহিৰে চৰকাৰী, বে-চৰকাৰী নাইবা শিল্প উদ্যোগ আদিত নিয়োজিত শ্ৰমিকৰ সংখ্যা বৃদ্ধি|

গ) অৰ্থনৈতিক কেন্দ্ৰৰ উপস্থিতি|

ঘ) পৰ্যটক আৰু ধাৰ্মিক লোকক আকৃষ্ট কৰিব পৰা ঠাইৰ উপস্থিতি|

ঙ) যাতায়তৰ সা-সুবিধা|

নিৰ্দ্দিষ্ট পৰিসীমাৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব| কতৃপক্ষই চিহ্নিত কৰা উপ-জিলা সমূহত ৰাজ্যিক চৰকাৰে একত্ৰিত গাঁও বাচি ল’ব পাৰে| একত্ৰিত গাঁও নিৰুপণ বা নিৰ্ধাৰণ কৰোতে তলত উল্লেখ কৰা উপাদান সমূহ বিবেচনা কৰিব লাগিব, যেনে-

১) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে গাঁওৰ জনসংখ্যা বৃদ্ধি|

২) মাতিৰ মূল্য বৃদ্ধি|

৩) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে চৰকাৰী, বে-চৰকাৰী আৰু বেলেগ বেলেগ শিল্প উদ্যোগত কাম কৰা লোকৰ সংখ্যা বৃদ্ধি|

৪) মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰা ছোৱালীৰ শতকৰা হিচাব|

৫) প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনাৰ আধাৰত খোলা ঘৰুৱা কাম কৰা লোকে খোলা বেংক একাউণ্টৰ শতকৰা হিচাব|

৬) স্বচ্ছ ভাৰত মিচনত কাৰ্য্য সম্পাদন|

৭) গাঁও পঞ্চায়তৰ দ্বাৰা সু-শাসনৰ নেতৃত্ব বহন|

ইয়াৰ উপৰি ৰাজ্যিক চৰকাৰে অন্য কিছুমান স্বৰ্ত্ত আৰোপ কৰিব পাৰে-

জনজাতিঃ-

দেশৰ জনজাতিৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি গঠিত হোৱা ১০০ খন শীৰ্ষ জনজাতীয় জিলাৰ ভিতৰত অৱস্থিত উপ-জিলাসমূহ বাচনি কৰি একত্ৰিত জন-জাতি গাঁওগঠন কৰিব লাগে| এই উপ-জিলাসমূহ নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত থাকিব লাগিব, যেনে-

১) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে জনজাতীয় লোকৰ বৃদ্ধি|

২) বৰ্তমান জনজাতীয় লোকৰ শিক্ষাৰ হাৰ|

৩) চৰকাৰী, বে-চৰকাৰী আৰু শিল্প উদ্যোগ আদিত কাম কৰা কৰ্মচাৰীৰ সংখ্যা|

৪) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে গাঁওৰ জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক অনুষ্ঠানৰ সংখ্যা বৃদ্ধি|

জনজাতীয় একত্ৰিত গাঁও গঠন কৰিবলৈ হ’লে তলত উল্লেখ কৰা কথাখিনি মন কৰিব লাগিব, যেনে-

১) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে জনজাতীয় লোকৰ সংখ্যা বৃদ্ধি|

২) জনজাতীয় লোকৰ শিক্ষাৰ হাৰ বৃদ্ধি|

৩) প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে চৰকাৰী, বে-চৰকাৰী আৰু উদ্যোগ সমূহত কাম কৰা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি|

ইয়াৰ উপৰি ৰাজ্যিক চৰকাৰে যদি অন্য কোনো কাৰক প্ৰাসংগিক বুলি বিবেচনা কৰে তেনেকুৱা কোনো কাৰক সংলগ্ন কৰিব পাৰে, কিন্তু তেনেকুৱা ক্ষেত্ৰত ওপৰত উল্লেখ কৰা চৰ্ত সমুহৰ কোনো পক্ষে ৮০ শতাংশৰ তলত হ’ব নোৱাৰিব|

উৎস: National Rurban Mission

3.04
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top