মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিশেষ আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিশেষ আঁচনি :

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিশেষ আঁচনিৰ বিষয়ে লিখা হৈছে ।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰামাঞ্চলৰ সাৰ্বজনীন বিকাশৰ লগতে মহিলাসকলৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। মহিলাসকল হৈছে মাতৃ শক্তি। মহিলাসকলক(গ্ৰামাঞ্চলৰ) বহনক্ষমভাৱে জীৱিকা নিৰ্বাহ কৰিব পৰাকৈ সক্ষম কৰি তুলিবলৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ‘কনকলতা মহিলা সবলীকৰণ আঁচনি’ ৰূপায়ণ কৰিছে।

উক্ত আঁচনিৰ অধীনত ৰাজ্যত ১ লাখ ২৬ হাজাৰ মহিলা আত্মসহায়ক গোটক সহায় আগবঢ়াব ৰাজ্য চৰকাৰে। মহিলাসকলৰ বাবে উপাৰ্জনৰ পথ বাছি উলিওৱাৰ উদ্দেশ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এক আঁচনি ৰূপয়ণ কৰিবলৈ আগবাঢ়িছে।

এই আঁচনিৰ অধীনত মজুৰিৰ ক্ষতিপূৰণসহ মহিলাসকললৈ ৰাজমিস্ত্ৰীৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। মহিলাসকলৰ লগতে পুৰুষসকলেও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰদান কৰিবলগীয়া এই প্ৰশিক্ষণৰ সুবিধাসমূহ হ’ল-

*প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত গৃহ নিৰ্মাণৰ বাবে এই বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

*ইচ্ছুক মহিলাসকলক উন্নয়ন খণ্ড পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ’ব।

*নতুনকৈ ৰাজ মিস্ত্ৰী হ’বলৈ ইচ্ছা কৰা মহিলাসকল্ক ৪৫ দিনৰ প্ৰশিক্ষণ।

*ৰাজ মিস্ত্ৰী হিচাপে অভিজ্ঞসকলক ১৪-২১ দিনৰ প্ৰশিক্ষণ প্ৰদান।

*কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰশিশকে উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

*প্ৰশিক্ষণৰ সময়ছোৱাৰ বাবে প্ৰদান কৰা দৈনিক মহুৰিৰ ক্ষতিপূৰণৰ বাবে ধন প্ৰশিক্ষাৰ্থীৰ বেংক একাউন্টত পোনপটীয়কৈ জমা দিয়াৰ ব্যৱস্থা।

*হিতাধিকাৰীয়ে প্ৰশিক্ষণপ্ৰাপ্ত ৰাজ মিস্ত্ৰীসকলক গৃহ নিৰ্মাণ কাৰ্যত নিয়োগ কৰিব।

১৮ বছৰৰ ঊৰ্ধ্বৰ ইচ্ছুক মহিলাসকলে এই প্ৰশিক্ষনৰ সুবিধা গ্ৰহণ কৰিব পাৰে। আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ উন্নয়ন খণ্ড/গাওঁ পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে।

উৎস: ৰাইজৰ বাতৰি

2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top