মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা:

পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ বইষয়ে লিখা হৈছে

 

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সবকা সাথ সবকা বিকাশ নীতিৰে শাসনলৈ অহাৰ পৰাই সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়নত গুৰুত্ব প্ৰদান কৰি আহিছে। বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নত চৰকাৰখনে আৰম্ভণিৰ পৰাই গুৰুত্ব প্ৰদান কৰি আহিছে। গ্ৰাম্য উন্নয়ন হৈছে এখন দেশ বা ৰাজ্যৰ সফলতাৰ প্ৰথম মাপকাঠী। দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা শীৰ্ষক আঁচনিখন কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ ২৫ জুলাইত মুকলি কৰিছিল। ভাৰত চৰকাৰৰ এই যোজনাৰ অধীনত গ্ৰাম্য বৈদ্যুতিকৰণ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ঘৰত বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰা হয়। উল্লেখ্য যে বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ উদ্দেশ্যে ৫০০ কোটি টকাৰ প্ৰাথমিক আবন্টনেৰে মুকলি কৰা হৈছিল উক্ত আঁচনি। উক্ত আঁচনিখন ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ আঁচনিৰ সালনি ৰূপায়ণ কৰা হয়। এই যোজনাৰ মুঠ খৰচৰ পৰিমাণ হ’ব ৭৬ হাজাৰ কোটি। এই আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিছিল।

উক্ত আঁচনিৰ অধীনত স্বাধীনতাৰ ৭০ বছৰ পিছতো বিদ্যুতৰ পোহৰ নোপোৱা গাঁওসমূহলৈ বিদ্যুৎ যোগান ধৰা হয়। কৃষকসকললৈ বিদ্যুৎ যোগান দিয়াৰ ফলত তেওঁলোক বহু উপকৃত হৈছে। এই আঁচনিৰ সফল ৰূপায়ণৰ ফলত মিটাৰৰ খৰচ কম হোৱাৰ লগতে সম্প্ৰচাৰ আৰু বিতৰণ পদ্ধতিৰ উন্নীতকৰণৰ ফলত বিদ্যুৎ যোগান ব্যৱস্থাৰ উন্নত হ’ব। উক্ত আঁচনিখনৰ সফল ৰূপায়ণৰ ফলত গ্ৰামাঞ্চলৰ ৰূপৰেখা সলনি হৈ যাব। গ্ৰামাঞ্চলত কৰ্মসংস্কৃতি বৃদ্ধি পোৱাৰ লগতে সম্প্ৰচাৰ সেৱা উন্নত হ’ব। স্বাস্থ্য, শিক্ষা, বেংকিং(এ টি এম) সেৱা সুলভ হ’ব। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ব্যৱস্থা উন্নত হ’ব। দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ দ্বাদশ পৰিকল্পনাৰ অধীনত অসমৰ সকলো জিলাত গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম চলি আছে আৰু এই আঁচনিত সকলো গাওঁ, চুবুৰিত পৰ্যায়ক্ৰমে বিদ্যুৎ সংযোগ কৰা হ’ব।

এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালক বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়াৰ লগতে তলত দিয়া সামগ্ৰীসমূহ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব-

উল্লেখযোগ্য যে অসমৰ ২৫,৩৭২ খন লোক পিয়ল গাঁৱৰ ২৪,৯১৮ খন গাঁৱত ইতিমধ্যে বিদ্যুৎ সংযোজনৰ ব্যৱস্থা সম্পূৰ্ণ হৈছে।

এই আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰক।

বৈদ্যুতিক মিটাৰ

১ টা

পি ভি চি তাঁৰ

৪০ মিটাৰ

জি আই তাঁৰ

৬ কেঃজিঃ

জি আই আৰ্থ পাইপ

(২৫*১৫০০)

মিলিলিটাৰ- ১ দাল

কাট আউট

১ টা

চুইচ

২ টা

চুইচ ব’ৰ্ড

২ টা

এল ই ডি বালব ৭/৯ ৱাট

১ টা

বালব হোলডাৰ ১টা/চকেট

১ টা

এম চি বি°

১ টা

 

উৎস:ৰাইজৰ বাতৰি

3.31578947368
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top