মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)(PMAY-G)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)(PMAY-G)

প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)(PMAY-G)ৰ বিষয়ে লিখা হৈছে

 

সকলোৰে বাবে ঘৰ

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন সুদূৰপ্ৰসাৰী আঁচনি হ’ল-

প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ), চমুকৈ পি এম এ ৱাই(জি)। এই আঁচনিৰ মূল লক্ষ্য হ’ল ২০২২ চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ বাসোপযোগী গৃহ নিশ্চিত কৰণ।

  • ২০১১ বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতি পিয়লৰ আধাৰত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। তালিকাৰ সকলো দিশ চাই গাওঁ সভাই অগ্ৰাধিকাৰ ভিত্তিত শুদ্ধ তালিকাখন অনুমোদন জনাইছে। এই অনুসৰি অসমত ঘৰ পাবলগীয়া হিতাধিকাৰীৰ সংখ্যা ৮,৮৪,৭২৫।
  • যোৱা বৰ্ষত পূৰ্বৰ ইন্দিৰা আৱাস যোজনা আঁচনিখন প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ) নামেৰে পুনৰ নামকৰণ কৰা হৈছে। সেই অনুসৰি ২০১৫-১৬ বৰ্ষত ১,২৩,১৯৩ টা আই এ ৱাই ঘৰৰ আৱন্টন লাভ কৰাৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত ২,১৯,৬৯৫ টা পি এম এ ৱাই ঘৰৰ আবন্টন লাভ কৰা হৈছে আৰু ইয়াৰ বাবে বিত্তীয় আৱন্টনৰ পৰিমাণ হ’ল ২,৮৫৬,০৪ কোটি টকা যিটো ২০১৫-১৬ বৰ্ষতকৈ প্ৰায় ১,৯৩৩ কোটি বেছি।
  • চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ ৪০,১১৯ টা পি এম এ ৱাই ঘৰৰ আবন্টন লাভ কৰা হৈছে-

  • এই ধ্বজাবাহী আঁচনিখন ৰূপায়ণৰ বাবে পুনৰীক্ষণ, জিঅ’ টেগিং, পঞ্জীকৰণ আৰু অনুমোদন আদি কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। আৰু বৰ্তমানলৈ ১৮০ টা ঘৰ সম্পূৰ্ণ কৰা হৈছে। ২০১৬-১৭ বৰ্ষত জিঅ’ টেগিঙ পদ্ধতি প্ৰৱৰ্তন কৰি এই আঁচনিৰ অধীনত সকলো ঘৰ Geo tag কৰা হৈছে। ইয়াৰ ফলত ঘৰসমূহ দেখুওৱাৰ ক্ষেত্ৰত কোনো স্তৰৰ কৰ্তৃপক্ষই প্ৰৱঞ্চনাৰ আশ্ৰৱ ল’ব নোৱাৰিব। এই পদ্ধতিৰ অধীনত সকলো ঘৰ সৰ্বসাধাৰণৰ বাবে Public Domianত উপলব্ধ হৈছে।
  • ২০১২-১৩ বৰ্ষৰ পৰা ইন্দিৰা আৱাস যোজনাৰ অধীনত আধৰুৱা হৈ থকা ঘৰৰ ভিতৰত ২০১৬-১৭ বৰ্ষত ১ লাখ ৭১ হাজাৰ ৮৫৮ টা ঘৰ সম্পূৰ্ণ কৰা হৈছে যিটো ২০১৫-১৬ বৰ্ষৰ ৭১,৮২৬ টা ঘৰৰ তুলনাত প্ৰায় তিনিগুণ বেছি। বৰ্তমানলৈ এই সংখ্যা ২,৩৪,১৮৩ টা হৈছেগৈ।
  • এই আঁচনিৰ অধীনত হিতাধিকাৰীক ২৫ বৰ্গ মিটাৰ আকাৰৰ ঘৰ সাজিবৰ বাবে ১,৩০,০০০.০০ টকা দিয়া হয়।
  • এই আঁচনিৰ অধীনত ঘৰ লাভ কৰা হিতাধিকাৰীসকলক তেওঁলোকৰ বেংক একাউন্টত তিনিটা কিস্তিত অনুদানৰ টকা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।

প্ৰথম কিস্তি- ৩২,৫০০.০০ টকা(এই কিস্তিৰে ঘৰৰ ভেটি পৰ্যায়লৈকে কাম কৰিব লাগিব)

দ্বিতীয় কিস্তি- ৭৮,০০০.০০ টকা(এই কিস্তিৰে ঘৰৰ গাঁথনি, দুৱাৰ-খিৰিকি আৰু টিনপাত লগোৱা কাম সম্পূৰ্ণ হ’ব লাগিব)

তৃতীয় কিস্তি- ১৯,৫০০.০০ টকা(দ্বিতীয় কিস্তিৰ কাম সম্পূৰ্ণ হোৱাৰ ৯পিছত এই ধন মুকলি কৰি দিয়া হ’ব)

  • সাহায্যৰ টকা হিতাধিকাৰীৰ বেংক একাউন্ট ইলেক্ট্ৰনিক ব্যৱস্থাৰ জৰিয়তে পোন পটীয়াকৈ দিয়া হৈছে।
  • ঘৰৰ লগত শৌচালয় সজাটো বাধ্যতামূলক।
  • শৌচালয় সাজিবলৈ অতিৰিক্ত ১২ হাজাৰ টকা এমজিএনৰেগা আঁচনিৰ অধীনত দিয়া হয়।
  • হিতাধিকাৰীয়ে ঘৰ সজা কামত নিজৰ শ্ৰমৰ বিনিময়ত এমজিএনৰেগাৰ অধৰ্নত ৯৫ দিনৰ মজুৰি লাভ কৰিব পাৰে। এই অনুসৰি প্ৰথম কিস্তিত কামত ২৪ দিনৰ, দ্বিতীয় কিস্তিত ৩৬ দিনৰ আৰু তৃতীয় কিস্তিত ৩৫ দিনৰ মজুৰি লাভ কৰিব পাৰিব।
  • প্ৰতিটো কিস্তিত টকা ব্যৱহাৰ কৰাৰ অন্তত ফটো তুলি কামৰ খতিয়ান দিলেহে পিছৰ কিস্তি মুকলি কৰি দিয়া হয়।

ঘৰ সজাৰ বাবে কিস্তিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা পালে ৯৪০১২৭১৭৭৭ অথবা ৯৪০১০১৩২২২ নম্বৰত যোগাযোগ কৰিব পাৰে।

উৎস: ৰাইজৰ বাতৰি

3.35294117647
আজিবৰ ৰহমান Jul 12, 2019 07:19 PM

গাওঁ-কাছুমাৰা ননকে ডাক ঘৰ:কাছুমাৰা জিলা- বৰপেটা অসম

মানিক ৰ্াজখোৱা Mar 03, 2019 10:01 PM

সবিশেষ জানিব বিচাৰো

জিয়াদুল ইছলাম Aug 09, 2018 11:19 AM

সবিশেষ জানিবৰ বাবে আগ্ৰহী

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top