মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধান মন্ত্ৰী জন ঔষধি কেন্দ্ৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰী জন ঔষধি কেন্দ্ৰ:

প্ৰধান মন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ বিষয়ে লিখা হৈছে

 

বৰ্তমান চৰকাৰে চিকিৎসা সেৱা ব্যয়বহুল হোৱা বিষয়ত দৃষ্টি দি জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে কম মূল্যতে বিভিন্ন দৰব যোগান দিয়াৰ ব্যৱস্থা কৰিছে-

 

বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা উন্নতমানৰ জেনেৰিক দৰব বজাৰ মূল্যতকৈ ৬০-৭০ শতাংশ কম দামত উপলব্ধ হোৱাকৈ সমগ্ৰ দেশতে এক বিশেষ ধৰণৰ দৰবৰ বিপণী বা ফাৰ্মাচী মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধান মন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ নামেৰে নামকৰণ কৰা এই ফাৰ্মাচীবোৰত কম মূল্যত উপলব্ধ হ’ব বিভিন্ন ধৰণৰ জেনেৰিক দৰব। কেন্দ্ৰীয় ৰসায়ন আৰু জন ঔষধি আঁচনিৰ অধীনত এনে ফাৰ্মাচী খুলি ব্যৱসায়ৰ যোগেদি কৰ্মসংস্থাপিত হ’ব পৰা যায়। বৰ্তমান ফাৰ্মাচী খুলি জনসাধাৰণক কম দৰত ঔষধ প্ৰদান কৰাৰ উপৰি স্বাৱলম্বীও হ’ব পাৰিছে। বহু শিক্ষিত যুৱক-যুৱতী, ফাৰ্মাচিষ্ট আদিয়েও জন ঔষধি ফাৰ্মাচী খুলিবলৈ আগ্ৰহ কৰি আগবাঢ়ি অহা দেখা পোৱা গৈছে। এই প্ৰধান মন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ বৰ্তমান সমগ্ৰ ভাৰত ১০০০ অধিক স্থাপন কৰা হৈছে আৰু এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে দৰ্ব, অস্ত্ৰোপচাৰৰ সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী। এইজন ঔষধি কেন্দ্ৰ খুলিবলৈ ব্যক্তি বিশেষ, ব্যৱসায়ী, হস্পিতাল, এন জি অ’, চেৰিটিচনাৰে আৱেদন কৰিব পাৰে। ফাৰ্মাচী বিষয়ত ডিপ্ল’মা অথবা ডিগ্ৰীধাৰীসকলেও ফাৰ্মাচী খুলিব পাৰিব। অনুসূচিত জাতি/জনজাতি, দিব্যাংগ আৱেদনকাৰীসকলক এই আঁচনিৰ কেন্দ্ৰ খুলিবলৈ ৫০ হাজাৰ টকাৰ ঔষধ আগতীয়াকৈ প্ৰদান কৰা হ’ব। প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত আধাৰ কাৰ্ড, পেন কাৰ্ড, পঞ্জীয়ন প্ৰমাণ পত্ৰই প্ৰধান। এই কেন্দ্ৰসমূহ খুলিবলৈ ১০ বৰ্গমিটাৰ অঞ্চলৰ প্ৰয়োজন। প্ৰয়োজন সাপেক্ষে ভাৰাঘৰ ল’ব পাৰিব।

প্ৰধান মন্ত্ৰী জন ঔষধি কেন্দ্ৰ খুলিলে তলৰ সুবিধাসমূহ লাভ কৰিব:

 

১)দৰবত লিখিত মূল্যতকৈ ১৬ শতাংশ লাভ।

২)২.৫ লাখ টকাৰ এককালীন বিত্তীয় সাহায্য।

৩)জন ঔষধি কেন্দ্ৰসমূহক এবছৰৰ বাবে তেওঁলোকৰ বিক্ৰীৰ ওপৰত ১০ শতাংশ অতিৰিক্ত ভাত্তা প্ৰদান কৰা হ’ব। ১০,০০০ টকা মাহিলি লাভ্ কৰিব।

৪)উত্তৰ পূবৰ ৰাজ্য/জনজাতি প্ৰধান অঞ্চল/নক্সাল প্ৰভাৱিত অঞ্চলসমূহত এই অতিৰিক্ত ভাত্তা ১০ শতাংশ বৃদ্ধি মুঠ(১৫০০০ টকা) লাভ কৰিব। আৱেদনকাৰীসকলে আৱেদনৰ সৈতে ড্ৰাগ লাইচেন্সৰ লগতে ফাৰ্মাচী স্থাপনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ গাঠি দিব লাগিব। ইতিমধ্যে সমগ্ৰ দেশতে ৩০০০ খন জন ঔষধি ষ্ট’ৰ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। উক্ত প্ৰধান মন্ত্ৰী জন ঔষধি যোজনাৰ বিষয়ে তথা বিতংভাৱে জানিবলৈ http://janaoushadhi.gov.in ত লগ অন কৰক।

উৎস: ৰাইজৰ বাতৰি

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top