মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধান মন্ত্ৰী জন-ধন যোজনা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰী জন-ধন যোজনা:

প্ৰধান মন্ত্ৰী জন-ধন যোজনাৰ বিষয়ে লিখা হৈছে

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন শাসনলৈ অহাৰ পৰাই সবকা সাথ সবকা বিকাশ নীতিৰে সকলো ধৰ্মাৱলম্বী, জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকক স্পৰ্শ কৰাৰ উপৰি সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ব্যক্তিজনকো উন্নয়নৰ সমভাগী হ’বলৈ অধিকাৰ প্ৰদান কৰিছে। প্ৰধান মন্ত্ৰীগৰাকীৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন গতিশীল আঁচনিয়ে আমাৰ দেশ তথা ৰাজ্যখনৰ প্ৰগতিত এক নতুন দিশৰ সূচনা কৰিছে।

কেন্দ্ৰীয় চৰকাৰখনে ৰূপায়ণ কৰা এখন ধ্বজাবাহী আঁচনি হ’ল প্ৰধান মন্ত্ৰী জন-ধন যোজনা। উল্লেখযোগ্য যে আমাৰ দেশৰ দৰিদ্ৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২৮ আগষ্টত প্ৰধান মন্ত্ৰী জন-ধন যোজনা শীৰ্ষক আঁচনিখন শুভাৰম্ভ কৰে।

মুঠৰ ওপৰত দৰিদ্ৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে আঁচনিখন ৰূপায়ণ কৰা হৈছে। উক্ত আঁচনিখনৰ জৰিয়তে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ আত্মবিশ্বাস তথা দেশৰ ধন সুৰক্ষিত হোৱাৰ লগতে জনহিতকৰ কামৰ পয়োভৰ বৃদ্ধি হ’ব।

প্ৰধান মন্ত্ৰী জন-ধন যোজনাৰ সুবিধাসমূহ হৈছে-

 

  • ১ লাখ টকা দুৰ্ঘটনা বীমা সুৰক্ষা।
  • ন্যূনতম বেলেঞ্চ প্ৰয়োজনীয় নহয়।
  • শূন্য বেলেঞ্জ একাউন্টৰ সুবিধা।
  • ৩০ হাজাৰ টকাৰ জীৱন বীমাৰ সুবিধা।

ভাৰতবৰ্ষৰ যিকোনো প্ৰান্ততে সোনকালে টকা-পইচা স্থানাত্নৰ কৰাৰ সুবিধা।

ঋণ লাভ-

 

ছয় মাহৰ পিছত ৫০০০ টকাৰ ঋণ প্ৰদানৰ সুবিধা(হিতাধিকাৰী)।

এই আঁচনিৰ অধীনত বেংক একাউন্টত থকা জমা ধনৰাশিতকৈ ৫ হাজাৰ অতিৰিক্ত ধন মোকলাব পৰিব। উক্ত সুবিধা কেৱল এটা ঘৰৰ এজন একাউন্টতহে প্ৰযোজ্য হ’ব।

ৰূপে কাৰ্ডৰ সুবিধা-

 

উক্ত আঁচনিৰ অধীনত হিতাধিকাৰীসকলক ৰূপে প্ৰদান কৰা হ’ব। তেওঁলোকে ৭৪৫ দিনৰ ভিতৰত এবাৰ এই ৰূপে কাৰ্ড ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়।

  • জমা ধনৰ ওপৰত সুদৰ সুবিধা।
  • মোবাইল বেংকিঙৰ সুবিধা।

এই প্ৰধান মন্ত্ৰী জন-ধন যোজনাৰ সুবিধা লাভ কৰিবলৈ বা একাউন্ট খুলিবলৈ তলৰ পত্ৰসমূহ প্ৰয়োজনীয়-

  • গেজেটেড অফিচাৰৰ স্বাক্ষৰ সম্বলিত নথিপত্ৰ, উদাহৰণস্বৰূপে- পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, ভোটাৰ কাৰ্ড জৰুৰী।
  • হিতাধিকাৰীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • ১০ বছৰৰ ওপৰৰ সকলো ল’ৰা-ছোৱালীয়ে এই জন-ধন যোজনাৰ বেংক একাউন্ট খুলিব পাৰিব।
  • পূৰ্বৰ বেংক একাউন্ট থকা ব্যক্তিসকলেও তেওঁলোকৰ বেংক একাউন্ট প্ৰধান মন্ত্ৰী জন-ধন যোজনাৰ একাউন্টলৈ স্থানান্তৰিত কৰিব পাৰিব।

 

এই জন-ধন যোজনাৰ আৱেদনপত্ৰসমূহ ইংৰাজী, হিন্দী ভাষাত উপলব্ধ। আৱেদন পত্ৰৰ বাবে তলৰ ৱেবছাইটত যোগাযোগ কৰক-

http://www.pmjdy.gov.in/pdf/account-form

উক্ত প্ৰধান মন্ত্ৰী যোজনাৰ বিষয়ে বিতংভাৱে জানিবলৈ হ’লে তলৰ ট’লফ্ৰী নম্বৰ দুটাত যোগাযোগ কৰক

১৮০০১১০০১/১৮০০১৮০১১১১ ।

উৎস: ৰাইজৰ বাতৰি

 

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top