অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধান মন্ত্ৰী জনবিকাশ কাৰ্যক্ৰম আঁচনি :

প্ৰধান মন্ত্ৰী জনবিকাশ কাৰ্যক্ৰম আঁচনি :

 

যদি এটা জাতিৰ সৰ্বাংগীণ কল্যাণৰ কথা ভবা হয়, তেন্তে সেই বৃহৎ জাতিৰ সংখ্যালঘু উন্নতি হ’লেহে সমগ্ৰ জাতিটোক উন্নত জাতি বুলি ক’ব পৰা যাব। ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে এইক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ হাতত লৈছে। ২০১৮ চনৰ ৩ মে’ত কেন্দ্ৰীয় চৰকাৰে এক অৰ্থনৈতিক বিশেষ মন্ত্ৰালয় গঠন কৰিছে। প্ৰধান মন্ত্ৰীয়ে ২০২০ চনলৈকে আঁচনিসমূহ ৰূপায়ণৰ সময়সীমা বৃদ্ধি কৰিছে। প্ৰধান মন্ত্ৰীৰ এই আঁচনিখনৰ উদ্দেশ্য হৈছে যিহেতু সংখ্যালঘু সম্প্ৰদায়টো আৰ্থিকভাৱে দুৰ্বল গতিকে শিক্ষা, দক্ষতা বিকাশ আৰু স্বাস্থ্য সম্পৰ্কত তেওঁলোক মুঠেও সজাগ আৰু সচেতন নহয়। এই আঁচনিৰ জৰিয়তে সেই বিশেষ সম্প্ৰদায়টোক আৰ্থিক সাহায্য প্ৰদান কৰি লোকসকলৰ আৰ্থ সামাজিক দিশটোক টনকিয়াল কৰাৰ এক লক্ষ্য হাতত লোৱা হৈছে।

সংখ্যালঘুসকলক সমভাৱাপন্ন সামাজিক মৰ্যাদা দিয়াৰ লগতে অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হ’ব। যাৰ জৰিয়তে স্বাস্থ্য, কৰ্মসংস্থাপন আৰু আৰ্থিকভাৱে সংখ্যালঘু লোকসকল লাভাৱান্বিত হ’ব পাৰিব। সাধাৰণতে সংখ্যালঘু লোকসকলৰ মূলসূঁতিৰ লোকসকলৰ মাজত ব্যৱধান থাকে, গতিকে এই ব্যৱধানটো দূৰ কৰিবৰ নিমিত্তে আঁচনিখনে সহায় কৰিব।

আঁচনিখনৰ দ্ৰুত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱা হ’ব। প্ৰধান মন্ত্ৰীয়ে প্ৰায় ৮০ শতাংশ সম্পদ এই লোকসকলৰ কল্যাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবৰ বাবে পদক্ষেপ লোৱাৰ কথা কৈছে। তদুপৰি ৩৩ শতাংশৰ পৰা ৪০ শতাংশ সম্পদৰ ব্যৱহাৰ সংখ্যালঘু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত ধাৰ্য কৰা হৈছে।

সংখ্যালঘুসকলৰ তাৎক্ষণিক উন্নয়ন সম্ভৱ কৰিবৰ কাৰণে নিৰ্দিষ্ট এলেকাসমূহ চিনাক্ত কৰা দৰকাৰ। কেন্দ্ৰীয় চৰকাৰে সেই বিশেষ অঞ্চলসমূহ চিনাক্ত কৰি চহৰাঞ্চলৰ দৰে সকলো সা-সুবিধা প্ৰ্দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান সময়লৈকে প্ৰায় ১৯৬ খন জিলা এই আঁচনিখনৰ দ্বাৰা সামৰি লোৱা হৈছে। প্ৰধান মন্ত্ৰীয়ে আৰু অধিক ৩০৮ খন এই আঁচনিৰ অধীনলৈ অনাৰ বাবে ব্যৱস্থা কৰিছে। প্ৰায় ৫০ শতাংশ সংখ্যালঘু লোকৰ বসতি অঞ্চল যাতে ২৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰি তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে। মুঠৰ ওপৰত সামাজিক, অৰ্থনৈতিকভাৱে পিছপৰা এই সংখ্যালঘু লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে।

এই আঁচনিখন প্ৰকৃতাৰ্থত ৰূপায়ণ হৈছেনে নাই তাৰ পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হৈছে সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ক। আঁচনিখনৰ ৰূপায়ণৰ বাবে মুঠ ৩,৯৭২ কোটি টকা ধাৰ্য কৰা হৈছে।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate