অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা

প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা

 

২০১৪ চনত জনসাধাৰণৰ বিপুল সঁহাৰি লাভ কৰি কেন্দ্ৰত শাসনলৈ আহিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখন।এই চৰকাৰখনে দেশৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশৰ বাবে আৰম্ভণিৰ পৰাই চিন্তা-চৰ্চা কৰি কাম-কাজ কৰি আহিছে।চৰকাৰখনে সমাজৰ দৰিদ্ৰতম ব্যক্তিজনৰ উন্নয়নৰ কথাও চিন্তা কৰি কেতবোৰ উল্লেখযোগ্য আঁচনি ৰুপায়ণ কৰিছে।কেন্দ্ৰীয় চৰকাৰখনে সাধাৰণ শ্ৰেণীৰ লোকৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ ভৱিষৎ সুৰক্ষাৰ বাবে ইতিমধ্যে ভালেকেইখন ধ্বজাবাহী আঁচনি ৰুপায়ণ কৰিছে।তাৰ ভিতৰত প্ৰধান মন্ত্ৰীৰ জীৱন জ্যোতি বীমা অন্যতম।২০১৫ চনৰ ৯ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত এই আঁচনিখনৰ শুভাৰম্ভ কৰে।প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা মুলত: এখন সাধাৰণ জীৱন বীমা পলিচী।এই যোজনাৰ সুবিধা ১৮ বছৰ বয়সৰ পৰা ৫০ বছৰ বয়সৰ সকলো লোকেই লাভ কৰিব।উক্ত আঁচনিৰ জৰিয়তে যিকোনো ব্যক্তিয়ে কেৱল এটা ছেভিং একাউণ্টৰ জৰিয়তে যোজনাখনৰ অংশীদাৰ হ’ব পাৰিব।উল্লেখ্য যে প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ বাৰ্ষিক প্ৰিমিয়ামৰ ধনৰাশি ৩৩০ টকা।প্ৰদান কৰিবলগীয়া জীৱন বীমাৰ ধনৰাশি হ’ল ২ লাখ টকা।বেংকৰ জৰিয়তে উক্ত আঁচনিৰ হিতাধিকাৰীজনৰ বেংক একাউণ্টৰ পৰা বছৰেকত ৩৩০ টকা কাটি লয়।এই আঁচনিৰ হিতাধীকাৰীজনৰ বয়স ৫৫ বছৰ হ’লে আঁচনিৰ ম্যাদ সমাপ্ত হ’ব।সময় সাপেক্ষে হিতাধিকাৰীজনে আঁচনিৰ নবীকৰণ কৰিব লাগিব।উক্ত বীমা আঁচনিৰ ম্যাদ জুনৰ পৰা মে’মাহলৈ ।হিতাধিকাৰীজনৰ বেংকত পৰ্যাপ্ত ধন জমা নাথাকিলে বা একাউণ্ট বন্ধ কৰি দিলে হিতাধিকাৰীজনৰ এই আঁচনিও বন্ধ হ’ব।উক্ত আঁচনিত এগৰাকী হিতাধিকাৰীয়ে নিজৰ নামত একাধিক বেংক একাউণ্টৰ বিপৰীতে সুবিধা ল’ব নোৱাৰিব।হিতাধিকাৰীজনৰ মৃত্যু ঘটিলে তেওঁৰ নমিনীয়ে ২ লাখ টকাৰ বীমাৰ ধন লাভ কৰিব।এই প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ আৱেদন পত্ৰসমুহ http://www-jansuraksha-gov-in/FORMS$PMJJBY-asp ৰ পৰা ডাউনলোড কৰিব পাৰিব।আৱেদন পত্ৰসমুহে কেইবাটাও ভাষাত উপলব্ধ।

উক্ত আঁচনিৰ বিষয়ে বিত্ংভাৱে জানিবলৈ www-jansuraksha-gov-in লগ অন কৰক।ট’লফ্ৰী নম্বৰ-১৮০০ ১১০ ০০১ আৰু ১৮০০ ১৮০ ১১১১ ত যোগাযোগ কৰিও আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিব পাৰে।

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 8/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate