মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি :

প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

নিবনুৱা সমস্যা আমাৰ দেশখনৰ বাবে এটা প্ৰধান সমস্যা। বৰ্তমান প্ৰতিযোগিতাৰ যুগত লাখ লাখ শিক্ষিত যুৱক-যুৱতীক কৰ্মমুখী কৰিব পৰাটো চৰকাৰখনৰ বাবে এক জটিল সমস্যা হৈ পৰিছে। বৰ্তমান চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ ক্ষেত্ৰতো নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত কেইবাখনো আঁচনি ৰূপায়ণ কৰি আহিছে। তাৰ ভিতৰত প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি অন্যতম। উক্ত আঁচনিখনৰ যোগেদি যুৱচামক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলা হয়। বিশেষকৈ চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকল যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ উদ্দেশ্য আগত ৰাখিয়েই আঁচনিখন ৰূপায়ণ কৰা হৈছে। উক্ত আঁচনিখন ১৯৯৩ চনৰ ২ অক্টোবৰত শুভাৰম্ভ কৰা হৈছিল। নগৰ আৰু গ্ৰামঞ্চলসমূহত নতুন নতুন ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে নিয়োগৰ সৃষ্টি বৃদ্ধি কৰাই আঁচনিখনৰ মুখ্য উদ্দেশ্য। এই আঁচনিখনৰ অধীনত ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগসমূহক সামৰি লোৱা হৈছে। ৰাজ্যিক পৰ্যায়ত উক্ত আঁচনিখন জিলা ঔদ্যোগিক কেন্দ্ৰৰ দ্বাৰা ৰূপায়িত হয়। উক্ত আঁচনিৰ অধীনত সামগ্ৰী উৎপাদনৰ কাৰণে আগ্ৰহী হিতাধিকাৰীয়ে ২৫ লাখ টকা ঋণ লাভ কৰাৰ বিপৰীতে ব্যৱসায় কৰিব বিচৰা লোকে ১০ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। উক্ত আঁচনিৰ ঋণৰ চৰকাৰী সাহায্যৰ হাৰ হৈছে নগৰ অঞ্চলত ১৫ শতাংশ আৰু গ্ৰামাঞ্চলত ২৫ শতাংশ(সাধাৰণ হিতাধিকাৰীৰ ক্ষেত্ৰত)। য’ত হিতাধিকাৰীয়ে ১০ শতাংশ বৰঙনি দিব লাগিব। আনহাতে অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, সংখ্যালঘু মহিলা আৰু বিশেষভাৱে সক্ষম হিতাধিকাৰীয়ে ৫ শতাংশ বৰঙনি দিয়াৰ বিপৰীতে ৰাজসাহায্যৰ হাৰ হ’ব নগৰাঞ্চলত ২৫ শতাংশ গ্ৰামাঞ্চলত ৩৫ শতাংশ।

প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ সুবিধা অৰ্জনৰ যোগ্যতাসমূহ -

*উৎপাদন খণ্ডত(১০ লাখ বিনিয়োগ মূল্যৰ) আৰু ব্যৱসায় সেৱাখণ্ডত(৫ লাখ বিনিয়োগ মূল্যৰ) এক উদ্যোগ স্থাপনৰ বাবে হিতাধিকাৰীজন ন্যূনতম অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ হোৱাটো প্ৰয়োজন।

*ছ’চাইটী ৰেজিষ্ট্ৰেচন এক্ট, ১৮৬০ ৰ অধীনত পঞ্জীকৃত আত্মসহায়ক গোট, প্ৰতিষ্ঠান, সমবায় সমিতিসমূহেও আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব।

সাধাৰনতে উক্ত আঁচনিৰ ঋণ ৭ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগে। ভাৰতীয় ষ্টেট বেংককে ধৰি দেশৰ আগশাৰীৰ বেংকসমূহৰ পৰা উক্ত আঁচনিৰ ঋণ লাভ কৰিব পাৰিব।

আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ লগ অন কৰক msme.gov.in/schemes/pm-employment-generation-programe and other enedit-support-schemes। খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ সৈতেও যোগাযোগ কৰি প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ বিষয়ে বিতংকৈ জানিব পাৰিব।

উৎস: ৰাইজৰ বাতৰি

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top