মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধান মন্ত্ৰীৰ নিয়োগ আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰীৰ নিয়োগ আঁচনি :

প্ৰধান মন্ত্ৰীৰ নিয়োগ আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উন্নয়নৰ কাৰণে এখন আঁচনি প্ৰৱৰ্তন কৰা হৈছে। আঁচনিখনৰ জৰিয়তে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধীনত থকা উদ্যোগসমুহক সামৰি লোৱা হৈছে। ৰাজ্যিক পৰ্যায়ত এই আঁচনিখন ৰুপায়ণ কৰিব জিলা ঔদ্যোগিক কেন্দ্ৰই।

বিশেষকৈ চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ যুৱচাম আৰ্থিকভাৱে যাতে স্বাৱলম্বী হ’ব পাৰে তাৰেই উদ্দেশ্যে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। যিকোনো সামগ্ৰী উৎপাদনৰ কাৰণে আগ্ৰহী লোকজনে লাভ কৰিব ২৫ লাখকৈ টকা আৰু যদিহে লোকজনে ব্যৱসায় কৰিব খোজে, তেন্তে তেওঁ লাভ কৰিব ১০ লাখ টকা পৰ্যন্ত। এটা পৰিয়ালৰ পৰা মাত্ৰ এজন সদস্যই আৰ্থিক সহায় লাভ কৰিব পাৰিব। যিকোনো নতুন প্ৰকল্পৰ কাৰণে এই নিয়ম প্ৰযোজ্য হ’ব।

আঁচনিখনৰ দ্বাৰা উপকৃত হ’ব খোজা ব্যক্তিজনৰ যোগ্যতা এনেধৰণৰ -

(ক) ১৮ বছৰৰ ঊৰ্ধ্বৰ যিকোনো ব্যক্তিয়েই এই ঋণৰ বাবে আৱেদন কৰিব পাৰিব।

(খ) হিতাধিকাৰীজন কমপক্ষেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

(গ) যিকোনো প্ৰকল্পৰ কাৰণে ব্যক্তিজনে লাভ কৰিব ১০ লাখ টকা আৰু যদিহে তেওঁ যিকোনো সামগ্ৰী উৎপাদন কৰিব খোজে, তেন্তে তেওঁ লাভ কৰিব ৫ লাখকৈ টকা। জিলা পৰ্যায়ৰ ছিলেক্ট কমিটীয়ে হিতাধিকাৰীজনক নিৰ্বাচিত কৰিব।

বেংক ফাইনেন্স- সাধাৰণ শ্ৰেণীৰ বাবে ৯০ শতাংশ আৰু বিশেষ শ্ৰেণীৰ বাবে ৯৫ শতাংশ।

চাবচিডী-সাধাৰণ শ্ৰেণীৰ বাবে

(চহৰাঞ্চলৰ) ১৫ শতাংশ আৰু বিশেষ শ্ৰেণীৰ বাবে ২৫ শতাংশ।

প্ৰমোটাৰ্ছ- বিশেষ শ্ৰেণীৰ বাবে (গ্ৰামাঞ্চলৰ) ২৫ শতাংশ আৰু বিশেষ শ্ৰেণীৰ বাবে ৩৫ শতাংশ।

কণ্ট্ৰিবিউচন- সাধাৰণৰ শ্ৰেণীৰ বাবে ১০ শতাংশ আৰু বিশেষ শ্ৰেণীৰ বাবে ৫ শতাংশ।

উৎস: ৰাইজৰ বাতৰি

3.24137931034
পুস্প বৰা Jun 09, 2019 09:39 PM

মই B. A passenger কৰি দিন হাজিৰা কৰি ঘৰ খন চলাব পৰা নাই মোক যি কোনো সংস্থাপ এটা কৰি দিয়ক?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top