মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধান মন্ত্ৰীৰ ষ্টেণ্ড আপ ইণ্ডিয়া ঋণ আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰীৰ ষ্টেণ্ড আপ ইণ্ডিয়া ঋণ আঁচনি :

প্ৰধান মন্ত্ৰীৰ ষ্টেণ্ড আপ ইণ্ডিয়া ঋণ আঁচনি :

 

প্ৰধান মন্ত্ৰীৰ দ্বাৰা পৰিকল্পিত এই আঁচনিখন মূলতঃ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাসকলৰ কল্যাণৰ কাৰণে প্ৰৱৰ্তন কৰা আঁচনি। আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে প্ৰযোজ্য এই আঁচনিখন। দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকসকল যাতে উদ্যোগী আৰু পৰিশ্ৰ্মী হ’ব পাৰে তাৰেই লক্ষ্যৰে আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে।

ষ্টেণ্ড আপ ইণ্ডিয়া ঋণ আঁচনিৰ প্ৰধান লক্ষ্যই হৈছে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ মাজত উদ্যোগৰ প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ সহায়ত নিয়োগৰ সুবিধা প্ৰদান কৰা। আৰ্থিকভাৱে অতি পিছপৰা এই লোকসকলৰ যুৱচামৰ মাজত ব্যৱসায় আৰু কৰ্ম সংস্থাপনৰ মানসিকতা গঢ় দিয়াটোও আঁচনিখনৰ অন্যতম উদ্দেশ্য।

আঁচনিখনৰ দ্বাৰা প্ৰদান কৰা ঋণৰ পৰিমাণ ভিন্ন ধৰণৰ। প্ৰতি ১০ লাখ টকাৰ পৰা ১ কোটি পৰ্যন্ত ঋণৰ ক্ষেত্ৰত চৰকাৰী সাহায্যৰ পৰিমাণ বেলেগ বেলেগ ধৰণৰ। ঋণ লওঁতাসকলে যাতে বেংকৰ পৰা টকা উঠোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ। ঋণ লওঁতাসকলে যাতে বেংকৰ পৰা টকা উঠোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপায়, তাৰ কাৰণে ৰূপে ডেবিট কাৰ্ড প্ৰদান কৰা হ’ব।

ষ্টেণ্ড আপ ইণ্ডিয়া ঋণ লাভ কৰিবৰ কাৰণে আগ্ৰহী ব্যক্তিয়ে অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। নিৰ্দিষ্ট ব্যক্তিজনে তেওঁৰ ব্যক্তিগত তথা ব্যৱসায় সম্পৰ্কীয় সম্পূৰ্ণ তথ্য যোগান ধৰিব লাগিব। আঁচনিখনৰ ক্ষেত্ৰত থকা নিয়মাৱলীসমূহ মানি চলাটো ঋন লওঁতাজনৰ কাৰণে বাধ্যতামূলক।

ষ্টেণ্ড আপ ইণ্ডিয়া ঋন লাভ কৰিবলৈ হ’লে ব্যক্তিজনৰ মৌলিক যোগ্যতা হ’ব লাগিব এনে ধৰণৰ-

ক)কোম্পানীসমূহ প্ৰাইভেট লিমিটেড বা অংশীদাৰিত্ব থকা হোৱাটো বাধ্যতামূলক।

খ)কোম্পানী বা ফাৰ্মখনৰ ম্যাদ ৫ বছৰৰ অধিক হ’ব নালাগিব।

গ)ফাৰ্ম বা কোম্পানীৰ বাৰ্ষিক আয়ৰ পৰিমাণ ২৫ কোটিৰ অধিক হ’ব নালাগিব।

ঘ)ইণ্ডাষ্ট্ৰিয়েল পলিচী আৰু প্ৰমোচন বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কোম্পানীয়েহে এই ঋণ লাভ কৰিব পাৰিব।

ঙ)কিছু বিশেষ তথা যাৱতীয় নথি-পত্ৰ কোম্পানীয়ে দাখিল কৰিব লাগিব।

আঁচনিখনৰ সম্পৰ্কত অধিক তথ্য জানিবৰ কাৰণে হেল্পলাইন নম্বৰ দিয়া হৈছে- ০১১৪০৫৪০৭২২।

উৎস: ৰাইজৰ বাতৰি

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top