অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধানমন্ত্ৰী জন-ধন-যোজনা আচঁনি

প্ৰধানমন্ত্ৰী জন-ধন-যোজনা আচঁনি

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে এই জন-ধন-যোজনা আচঁনি ঘোষনা কৰিছিল যত দেশৰ পিছপৰা শ্ৰেনীক আৰ্থীক সুৰক্ষা প্ৰদান কৰাটোৱেই এই আচঁনিৰ মূল উদ্দেশ্য আছিল।এই আচঁনিৰ অধীনত দেশৰ সকলো দুখীয়া শ্ৰেনীৰ নাগৰিকেক বেংক সেৱাৰ লগত জড়িত কৰা তথা যি ব্যক্তিৰ কোনো বেংক একাউন্ট নাই তেনে সকলো নাগৰিকক এই আচঁনিৰ জৰিয়তে বেংক একাউন্ট মুকলি কৰিব পাৰিব।

এই আচঁনিখনৰ মূল বৈশিষ্টবোৰ হল

  • দেশৰ সকলো নগৰ –চহৰৰ নাগৰিকে এই আচঁনিয়ে সাঙুৰি লব তথা ইয়াৰ সুবিধা লব পাৰিব।
  • এই যন-ধন যোজনা আচঁনিৰ অধীনত দূখীয়া শ্ৰেনীৰ নাগৰিকে ০% বেলেঞ্চত নিজৰ বেংক একাউন্ট খুলিব পাৰিব।
  • এই আচঁনিৰ অধীনত বেংক একাউণ্ট ধাৰকে ১ লাখ টকা পৰ্যন্ত দূৰ্ঘটনাজনিত বিমা ৰাশি সুবিধা লাভ কৰিব।
  • এই আচঁনিৰ অধীনত বেংক একাউণ্ট ধাৰকে লোনৰ সুবিধা লাভ কৰিব।
  • এই আচঁনিৰ অধীনত বেংক একাউণ্ট ধাৰকক ৰোপিয়া কাৰ্ড প্ৰদান কৰা হব যি সাধাৰন এটিএম কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পৰা যাৱ।
  • এই আচঁনিৰ অধীনত বেংক একাউন্ট ধাৰকে চৰকাৰী যিকোনো আচঁনিৰ সুবিধা বা লাভলাভ পোনে পোনে নিজৰ একাউণ্টত লাভ কৰিব।

এই আচঁনিৰ কাৰ্যকৰীকৰনৰ বিস্তৃত বিৱৰন

এই আচঁনি দুটা পৰ্য্যায়ত কাৰ্য্যকৰী কৰা হব।ইয়াৰ বিত্ং তথ্য তলত দাঙি ধৰা হল-

প্ৰথম পৰ্য্যায়-১৫ আগষ্ট ২০১৪ পৰা ১৪ আগষ্ট ২০১৫লৈ:

  • দেশৰ সকলো নাগৰিককে বেংক সেৱাৰ সুবিধাৰ দ্বাৰা জড়িত কৰাটোৱেই এই আচঁনিৰ প্ৰধান লক্ষ্য।
  • বিত্তিয় সাক্ষৰতা অভিযান গ্ৰাম্য নাগৰিকৰ মাজলৈ লৈ যোৱ হব।
  • চৰকাৰী বিভিন্ন আচঁনিৰ লাভলাভ এই আচঁনিৰ উপভোক্তাই পোনে পোনে নিজৰ একাউন্টত লাভ কৰিব বা জমা হব।
  • দেশৰ প্ৰতিটো পৰিয়ালৰ একোজন নাগৰিকক ৰোপিয়া কাৰ্ড প্ৰদান কৰা হব তথা দূৰ্ঘটনামূলক বীমা ১ লাখ পৰ্য্যন্ত এই আচঁনিৰ দ্বাৰা প্ৰদান কৰা হব।

দ্বিতীয় পৰ্য্যায়-১৫ আগষ্ট ২০১৫ পৰা ১৪ আগষ্ট ২০১৮লৈ:

  • ক্ষুদ্ৰ ইনচুৰেন্স নাগৰিকক প্ৰদান কৰা।
  • বিভিন্ন পেন্সনমূলক আচঁনি কাৰ্যৰীত কৰা হব।

দেশৰ যিকোনো নাগৰিকে নিজৰ দুখন পাচপোৰ্ট ফটো প্ৰদান কৰিয়েই এই জন-ধন যোজনা আচঁনিৰ বেংক একাউন্ট খুলিব পাৰিব—বিত্ত মন্ত্ৰী।

  • দেশৰ বিত্তমন্ত্ৰীয়ে ঘোষনা কৰিছে যে দেশৰ যি নাগৰিকৰ কোনো আধাৰা বা অন্য প্ৰমানমূলক প্ৰতিলিপি নাই তেনে নাগৰিকেক কেৱল দুখন পাচপোৰ্ট ফটো প্ৰদান কৰিয়েই এই আচঁনিৰ বেংক একাউণ্ট খুলিব পাৰিব।
  • এনে ধৰনৰ একাউন্টক সাধাৰন একাউন্ট হিচাপে বিবেচনা কৰা হব আৰু ১২ মাহলৈ এই একাউন্ট সক্ৰিয় হৈ থাকিব কিন্ত যদি পৰৱৰ্তি সময়ত ব্যক্তিয়েই প্ৰমানমূলক নথি-পত্ৰ যোগান ধৰিব পাৰে তেনেহলে এই একাউন্ট আগলৈ সক্ৰিয় হৈ থাকিব।
  • যিকোনো আগ্ৰ্হী ব্যক্তিয়েই নিজৰ অঞ্চলৰ নিকটৱৰ্তী বেংকত এই সেৱা লাভ কৰিবৰ বাবে যোগাযোগ কৰিব পাৰে বা এই এক পৃষ্ঠাৰ আৱেদন পত্ৰ তলত দিয়া লিংকত ক্লিক কৰি অনলাইন লাভ কৰিব পাৰে।

ৰাজ্যভিত্তিক বেংক শাখা আৰু টেলিফোন নম্বৰ:

ৰাজ্য

বেংকৰ নাম

টেলিফোন ন্ং

টোলফি ন্ং

আন্ধ্ৰপ্ৰদেশ

আন্ধ্ৰ বেংক

৯৬১৮৫৯০৩০৩

০৪০-২৩২৩৪৬১৫

১৮০০৪২৫৮৫২৫

আন্দমান নিকোবৰ দ্বিপুনঞ্জ

ষ্টেট বেংক অফ ইণ্ডিয়া

৯৬৭৪৭১০০১২

1800-345-4545

অৰুনাচল প্ৰদেশ

ষ্টেট বেংক অফ ইণ্ডিয়া

9435706688

1800-345-3616

অসম

ষ্টেট বেংক অফ ইণ্ডিয়া

9435706688

1800 345 3756

বিহাৰ

ষ্টেট বেংক অফ ইণ্ডিয়া

9955991636

1800-345-6195

চণ্ডীগড়

পাঞ্জাৱ নেচনেল বেংক

852797117

1800-180-1111

দাদৰ আৰু নগৰ হেভেলি

দেনা বেংক

9979118149

1800-233-1000

দমন আৰি দিও

দেনা বেংক

9979118149

1800-233-1000

দিল্লী

অৰিয়ন্টেল বেংক অফ কৰ্মাচ

8130418866

1800-1800-124

গোৱা

ষ্টেট বেংক অফ ইণ্ডিয়া

9769445588

0832-241-6666

গুজৰাট

দেনা বেংক

9979118149

1800-233-1000

হাৰিয়ানা

পাঞ্জাৱ নেচনেল বেংক

8527971117

1800-180-1111

হিমাচল প্ৰদেশ

ইউকো বেংক

9464660415

1800-180-8053

জন্মু কাশ্মীৰ

ঝাৰখণ্ড

বেংক অফ ইণ্ডিয়া

9431086222

1800-345-6576

কৰ্নাটক

চিণ্ডিকেট বেংক

9449860113

1800-4259-7777

কেৰেলা

কানাড়া বেংক

9895744777

1800-425-11222

লক্ষদ্বীপ

চিণ্ডিকেট বেংক

9449860113

1800-4259-7777

মধ্যপ্ৰদেশ

চেন্ট্ৰেল বেংক ইণ্ডিয়া

0755-2674022, 20 (F) 0755-2552019 9406900134

1800-233-4035

মনিপুৰ

ষ্টেট বেংক অফ ইণ্ডিয়া

9771469967

Setup in progress

মেঘালয়

ষ্টেট বেংক অফ ইণ্ডিয়া

8133014444

Setup in progress

মিজোৰাম

ষ্টেট বেংক অফ ইণ্ডিয়া

8133014444

Setup in progress

নাগালেণ্ড

ষ্টেট বেংক অফ ইণ্ডিয়া

8133014444

1800 345 3707

উৰিষ্যা

ইউকো বেংক

9937814609

1800-345-6551

পণ্ডিচেৰী

ইণ্ডিয়ান বেংক

9488366780

1800-4250-0000

পাঞ্জাৱ

পাঞ্জাৱ নেচনেল বেংক

8146649400

1800-180-1111

ৰাজস্থান

বেংক অফ বৰোডা

 

1800-180-6546

চিকিম

ষ্টেট বেংক অফ ইণ্ডিয়া

0119668068

1800-345-3256

তামিলনাডু

ইণ্ডিয়ান অভাৰছিছ বেংক

8939939552

1800-425-4415

তেলেংগনা

ষ্টেট বেংক অফ হাইদাৰাবাদ

7674088842

1800-425-1825

ত্ৰিপুৰা

ইউনাইটেড বেংক অফ ইণ্ডিয়া

9831021619

1800-345-3343

উত্তৰ প্ৰদেশ

বেংক অফ বৰোডা

9839076446,0522-6677607

1800-223-344/1800-102-4455

উত্তৰাখণ্ড

ষ্টেট বেংক অফ ইণ্ডিয়া

8130259955

1800-180-4167

পশ্চিমবংগ

ইউনাইটেড বেংক অফ ইণ্ডিয়া

9831021619

1800-345-3343

মহাৰাষ্ট্ৰ

বেংক অফ মহাৰাষ্ট্ৰ

9730000508

1800-102-2636

ছত্ৰিশগড়

ষ্টেট বেংক অফ ইণ্ডিয়া

7770956333

1800-233-4358

 

এই আচঁনিৰ কিছু সাধাৰন জানিবালগীয়া প্ৰশ্ন উত্তৰ

(১)সংযুক্ত একাউন্ট এই আচঁনিৰ অধীনত খুলিব পাৰিনে?

হয় এই আচঁনিৰ অধিনত স্ংযুক্ত একাউন্ট খুলিব পাৰে।

(২)ৰোপিয়া ডেবিট কাৰ্ড কি হয়?

ৰোপিয়া ডেবিট কাৰ্ড হল এখন ঘৰুৱা পদ্ধতিৰ ডেবিট কাৰ্ড যাক নেচনেল পেয়মেন্ট কৰপৰচেন অৱ ইণ্ডিয়াই (NPCI)দ্বাৰা জাৰি কৰা হয়।এই কাৰ্ডখন দেশৰ সকলো এটিএম বেংক সেৱাত ব্যৱহাৰ কৰিব পাৰি।

(৩) এই জন ধন যোজনা আচঁনি খুলিবলৈ কেনেধৰনৰ নথি পত্ৰ আৱশ্যক হয়?

যদি ব্যক্তিৰ আধাৰ কাৰ্ড আছে তেনেহলে আন কোনো অন্য নথি পত্ৰৰ আৱশ্যক নাই।এই অধাৰ কাৰ্ডৰ জৰিয়তে ব্যক্তিয়েই এই আচঁনি একাউণ্ট খুলিব পাৰিব।

যদি ব্যক্তিৰ আধাৰ কাৰ্ড নাথাকে তেনেহলে তলৰ যিকোনো এখন নথিপত্ৰ দ্বাৰা এই জন-ধন যোজনা আচঁনিৰ একাউণ্ট খুলিব পাৰিব:

  • ভোটাৰ কাৰ্ড
  • পান কাৰ্ড
  • এনৰেগা কাৰ্ড ইত্যাদি।

যদি ব্যক্তিৰ ওপৰত উল্লেখিত কোনো নথি পত্ৰ নাই তেনেহলে চৰকাৰী বিষয়াৰ দ্বাৰা স্বাক্ষৰিত যিকোনো পৰিচয় পত্ৰ জৰিয়তে এই জন ধন যোজনাৰ বেংক একাউন্ট খুলিব পাৰিব।যদি কোনো ৰাজপত্ৰ বিষয়াই তেওঁৰ পৰিচয় পত্ৰত স্বাক্ষৰিত কৰে তেনেহলে সেই পৰিচয় পত্ৰৰ সৈতেও এই জন ধন যোজনাৰ আচঁনি বেংক একাউন্ট খুলিব পাৰে।

(৪) এই জন ধন যোজনা আচঁনিত চেক বোক লাভ কৰিব পাৰিনে?

সাধাৰনতে জন ধন যোজনা একাউন্ট ০% বেলেঞ্চত খোলা হয়।যদি কোনো ব্যক্তিয়েই এই আচঁনিৰ অধীনত চেক বোকৰ সুবিধা লাভ কৰিব খোজে তেনেহলে তেওঁ বেংকক কিছু পৰিমানে আগতীয়া ধন জমা দি এই সুবিধা লাভ কৰিব পাৰিব।

(৫) ১৮ বছৰৰ তলৰ ব্যক্তিয়েই এই জন ধন যোজনা আচঁনিৰ একাউন্ট খুলিব পাৰেনে?

১০ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়েই এই জন ধন যোজনা আচঁনি একাউন্ট খুলিব পাৰে।

(৬)কোনো ব্যক্তি যদি স্থান সলনি কৰিব লগা হয় তেওঁ এই জন ধন যোজনা আচঁনিৰ সক্ৰিয় একাউণ্ট অন্য চহৰ বা ৰাজ্যলৈ স্থানান্তৰ কৰিব পাৰিনে?

এই জন ধন যোজনা আচঁনিৰ বেংক ধাৰকে তেওঁৰ এই সক্ৰিয় একাউণ্ট তেওঁ সলনি হোৱা যিকোনো ৰাজ্য নগৰ-চহৰ সেই ঠাইৰ বেংকলৈ স্থানান্তৰ কৰিব পাৰে মাথো তাৰ বাবে তেও এখন সংলিষ্ট বেংকক আৱেদন পত্ৰ দিব লাগিব।

উৎস: PMJDY

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate