মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা

প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা বীমা যোজনা (PMSBY-১ নং আঁচনি: দূৰ্ঘটনা জনিত মৃত্যু বীমা): যোগ্যতাঃ- ১৮ৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰৰ

প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা বীমা যোজনা (PMSBY-১ নং আঁচনি: দূৰ্ঘটনা জনিত মৃত্যু বীমা):

 

 

 

 

 

 

যোগ্যতাঃ-

১৮ৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰৰ বেংক একাউণ্ট থকা লোক সকল এই আঁচনিৰ সুবিধা ল’বৰ বাবে যোগ্য|

প্ৰিমিয়ামঃ-

১২ টকা প্ৰতি বছৰ|

প্ৰিমিয়াম জমা দিয়াৰ উপায়ঃ- গ্ৰাহক বা বীমাকাৰী সকলৰ বেংক একাউণ্টৰ পৰা বেংকে Auto-debit পদ্ধতিৰে প্ৰিমিয়ামৰ জমা ধন পোনে পোনে কাটি লয়| এই ধন জমা দিয়াৰ আন কোনো উপায় নাই|

ৰিস্ক্‌ কাভাৰেজঃ-

. দূৰ্ঘটনাজনিত মৃত্যু আৰু সম্পূৰ্ণ অক্ষমতাৰ বাবেঃ-২ লাখ টকা|

. আংশিক অক্ষমতাৰ বাবেঃ-১ লাখ টকা|

যোগ্যতাঃ

বেংক একাউণ্ট থকা আৰু বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ যুক্ত থকা যিকোনো ব্যক্তিয়ে এই আঁচনিত যোগ দিবলৈ প্ৰতি বছৰ ১ জুনৰ পূৰ্বে এখন সৰল ফ’ৰ্ম বেংকত জমা দিব লাগে| ফ’ৰ্ম খনত ন’মীনিৰ নাম উল্লেখ কৰিব লাগে|

ৰিস্ক্‌ কাভাৰে’জৰ চৰ্তসমূহঃ

এজন ব্যক্তিয়ে এই আঁচনিৰ সুবিধা পাবলৈ প্ৰতি বছৰে নতুনকৈ আবেদন কৰিব লাগে| অৱশ্যে যদি কোনোবাই দীৰ্ঘকালীন ভাৱে এই আঁচনিত যুক্ত হ’ব খোজে অতি সহজেই তেওঁ এই সুবিধা ল’ব পাৰে| মাথো তেওঁৰ একাউণ্টৰ পৰা বেংকে প্ৰতিবছৰে প্ৰিমিয়ামৰ ধন Auto-debit পদ্ধতিৰে কাটি ল’ব|

আঁচনিখন কোনে ৰুপায়ন কৰিব?

সকলো ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমাকাৰী কোম্পানী (General Insurance Company) আৰু ইচ্ছুক আন বীমাকাৰী সকলে এই আঁচনি ৰুপায়ন কৰিব পাৰে| ইয়াৰ বাবে তেওঁলোকে বেংকৰ সৈতে Tie-Up কৰিব লাগিব|

চৰকাৰৰ অৰিহণাঃ

. বিভিন্ন মন্ত্ৰণালয়ে তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ হিতাধিকাৰী সকলৰ বাবে নিজৰ বাজেটৰ পৰা অথবা দাবীদাৰহীন (Unclaimed) ভাৱে ৰৈ যোৱা ধনৰ পৰা স্পষ্ট এই ৰ পৰা প্ৰিমিয়ামৰ ধন যুগ্মভাৱে অৰিহণা যোগাব পাৰে|

. উমৈহতীয়া প্ৰচাৰৰ খৰচ চৰকাৰে বহন কৰিব|

উৎসঃ- পি আই বি (PIB)

 

প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা (PMJJBY-২ নং আঁচনিঃ জীৱন বীমাকৰণ)

যোগ্যতাঃ

বেংক একাউণ্ট থকা ১৮ বছৰৰ পৰা ৫০ বছৰ বয়সৰ লোক সকলৰ বাবে এই সুবিধা উপলব্ধ| অৱশ্যে যিসকল ব্যক্তিয়ে ৫০ বছৰ পূৰ্ণ হোৱাৰ পূৰ্বে এই আঁচনিত যুক্ত হৈছে আৰু আগলৈও ইয়াক চলাই যাব বিচাৰে তেওঁলোকে ৫৫ বছৰ বয়সলৈ এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে যদিহে তেওঁলোকে প্ৰিমিয়াম দিয়াৰ ব্যৱস্থা কৰে|

প্ৰিমিয়ামঃ

প্ৰতি বছৰে ৩৩০ টকাকৈ| এই ধন বেংক একাউণ্টৰ পৰা এটা কৃষ্টিত Auto-debit কৰি লোৱা হ’ব|

প্ৰিমিয়ামৰ ধন জমা দিয়াৰ উপায়ঃ

প্ৰিমিয়ামৰ ধন বেংক গ্ৰাহকৰ একাউণ্টৰ পৰা Auto-debit পদ্ধতিৰে উঠাই ল’ব|

ৰিস্ক্‌ কাভাৰে’জঃ

যিকোনো কাৰণবশত ঘটা মৃত্যুৰ ক্ষেত্ৰত: ২ লাখ টকা|

ৰিস্ক্‌ কাভাৰে’জৰ চৰ্তসমূহঃ

এজন ব্যক্তিয়ে এই আঁচনিৰ সুবিধা পাবলৈ প্ৰতি বছৰে নতুনকৈ আৱেদন কৰিব লাগিব| অৱশ্যে দীৰ্ঘকালীন ভাৱে এই আঁচনিৰ সুবিধা ল’ব খোজা ব্যক্তি সকলৰ পৰা বেংকে Auto-debit পদ্ধতিৰে প্ৰিমিয়ামৰ ধন আদায় লোৱাৰো ব্যৱস্থা আছে|

আঁচনিখন কোনে ৰুপায়ন কৰিব?

সকলো ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমাকাৰী কোম্পানী (General Insurance Company) আৰু ইচ্ছুক আন বীমাকাৰী সংস্থাই এই আঁচনি ৰুপায়ন কৰিব| ইয়াৰ বাবে তেওঁলোকে বেংকৰ সৈতে Tie-Up কৰি ল’ব|

চৰকাৰৰ অৰিহণাঃ

. বিভিন্ন মন্ত্ৰালয়ে তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ হিতাধিকাৰী সকলৰ বাবে নিজ বাজেটৰ পৰা দাবীদাৰহীন (Unclaimed) ভাৱে হৈ যোৱা ধনৰ পৰা সৃষ্ট এই Public Welfare Fund ৰ পৰা প্ৰিমিয়ামৰ ধন সুক্ষ্মভাৱে অৰিহণা যোগাব পাৰে|
. উমৈহতীয়া প্ৰচাৰৰ খৰচ চৰকাৰে বহন কৰিব|

উৎসঃ- পি আই বি (PIB)

3.03846153846
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top