অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অৱলোকন আৰু অগ্ৰাধিকাৰ নিৰূপণঃ

অৱলোকন আৰু অগ্ৰাধিকাৰ নিৰূপণৰ বিষয়ে লিখা হৈছে

 

খচৰা স্থিতি বিষয়ক প্রতিবেদন অনুমোদনৰ বাবে গাওঁসভা-

 

পাতনি:

খচৰা স্থিতি বিষয়ক প্রতিবেদনখন প্রস্তুত কৰাৰ পিছত অনুষ্ঠিত কৰিবলগীয়া, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ এইখন দ্বিতীয় গাওঁসভা। গাওঁসভাখনত খচৰা স্থিতি বিষয়ক প্রতিবেদনখন চূড়ান্ত কৰিব লাগিব আৰু প্রথম বার্ষিক পৰিকল্পনা তথা দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবে উন্নয়নমূলক সমস্যা তথা বিষয়সমূহৰ অগ্রাধিকাৰ নিৰূপণ কৰিব লাগিব।

৬.১ উদ্দেশ্যসমূহ

  • গাওঁসভাৰ পৰা খচৰা স্থিতি বিষয়ক প্রতিবেদন খনত গাওঁসভাৰ অনুমোদন লোৱা;
  • খচৰা স্থিতি বিষয়ক প্রতিবেদনৰ ওপৰত ভিত্তি কৰি সমস্যাসমূহৰ অগ্রাধিকাৰ নিৰূপণ কৰা
  • বার্ষিক পৰিকল্পনাৰ বাবে উন্নয়নমূলক বিষয় তথা সমস্যাসমূহ চিনাক্ত কৰা;
  • পাঁচ বছৰৰ ভিতৰত সমাধান কৰিবলগীয়া উন্নয়নমূলক বিষয় তথা সমস্যাসমূহ চিনাক্ত কৰা;
  • অন্যান্য কর্তৃপক্ষৰ দ্বাৰা সমাধান কৰিবলগীয়া বিষয় তথা সমস্যাসমূহ চিনাক্ত কৰা।

৬.২ প্রাককার্যকলাপ

  • গাওঁসভাৰ বাবে ৰাইজক সংগঠিত কৰাৰ উদ্দেশ্যে পৰিৱেশ সৃষ্টি কৰা;
  • গাওঁসভাৰ বাবে চিঠি তথা জাননী প্রস্তুত কৰা, সমাৱেশৰ আয়োজন কৰা আৰু লাউডস্পীকাৰেৰে ঘোষণা কৰা;
  • এই চিঠি আত্মসহায়ক গোট, সামুহিক ভিত্তিক অনুষ্ঠান, নাগৰিক সেৱা সংগঠন আৰু ৰাইজৰ মাজত থকা বিশেষজ্ঞ ব্যক্তিসকললৈ প্ৰেৰণ কৰিব লাগিব;
  • প্ৰস্তুতিমূলক কাৰ্যকলাপ, যেনে-আৱশ্যকীয় সামগ্ৰীসমূহৰ চূড়ান্ত কৰা, বহাৰ ব্যৱস্থা কৰা ইত্যাদি কৰিব লাগিব;
  • গাওঁসভাত উন্নয়নৰ স্থিতি বিষয়ক প্ৰতিবেদনখন উপস্থাপন কৰিবলৈ, গাওঁ পঞ্চায়তৰ সভাপতিক সহায় কৰাৰ বাবে সমল গোট/কাৰ্যকৰী দলৰ এগৰাকী অথবা দুগৰাকী ব্যক্তিক দায়িত্ব অৰ্পণ কৰিব পৰা যায়।

৬.৩ কাৰ্যকলাপ

  1. গাওঁসভাত উন্নয়নৰ স্থিতি বিষয়ক প্ৰতিবেদনখনৰ উপস্থাপন, আলোচনা আৰু অনুমোদন;

2.  অৱলোকন

  • অগ্রাধিকাৰৰ ভিত্তিত সমাধান কৰাৰ বাবে প্রয়োজন হোৱা অতি গুৰুত্বপূর্ণ সমস্যাসমূহ চিনাক্ত কৰা;
  • চিনাক্তকৃত প্রধান ক্ষেত্ৰসমূহত উন্নয়ন সাধন কৰিবৰ বাবে বহল পৰিসৰত অৱলোকন কৰা-
  • দৰিদ্রতা হ্রাসকৰণ, পানী আৰু অনাময়, প্রাকৃতিক সম্পদৰাজিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে;
  • অন্য কোনো গুৰুত্বপূর্ণ স্থানীয় বিষয় বা সমস্যা।

৩. গাওঁ পঞ্চায়তৰ সম্পদৰাজিৰ ভঁৰালৰ বিষয়ে আলোচনা;

৪. অগ্রাধিকাৰ নিৰূপণ-

 

  • অগ্রাধিকাৰ নিৰূপণ আৰু সম্পদৰ আৱণ্টনৰ বাবে সাধাৰণ চর্তাৱলীৰ বিষয়ে আলোচনা কৰা;
  • অসুৰক্ষিত জনগোষ্ঠীৰ ওপৰত মনোযোগ দিয়াৰ বাবে গুৰুত্ব আৰোপ কৰি, খণ্ডবিলাকৰ বাবে সম্পদ আৱণ্টন কৰাৰ উদ্দেশ্যে বহল পৰিসৰত খণ্ডসমূহ চিনাক্ত কৰা;
  • খণ্ডভিত্তিক আলোচনা কৰাৰ বাবে বিষয় হিচাপত গোটবিলাকক বিভাজিত কৰা;
  • আলোচনা সুচল কৰা;
  • প্রতিটো খণ্ড আৰু অসুৰক্ষিত শ্রেণীসমূহৰ বাবে চুপাৰিচ আগবঢ়োৱা;
  • মূল সভাত চুপাৰিচসমূহ উপস্থাপন কৰা;
  • অগ্রাধিকাৰ নিৰূপণ আৰু সম্পদ আৱণ্টন চূড়ান্ত কৰা।

(এইটো বহল ভিত্তিত পাঁচবছৰীয়া পৰিকল্পনাৰ বাবে আৰু বিশেষভাৱে বার্ষিক পৰিকল্পনাৰ বাবে)

৫. ভৱিষ্যৎ কার্যাৱলীৰ অনুমোদন;

৬. সভাৰ কাৰ্যবিৱৰণী লিপিবদ্ধ কৰা।

পঞ্জীকৰণ আৰু উপস্থিতিৰ বন্দৱস্ত

  • গাওঁ পঞ্চায়তে নাগৰিকসকলৰ অংশগ্ৰহণৰ বাবে এক সুস্থ বাতাৱৰণ সৃষ্টি কৰা প্রয়োজন, যাতে গাওঁসভাত উচ্চ হাৰত ৰাইজৰ অংশগ্রহণ নিশ্চিত কৰিব পৰা হয়;
  • অংশগ্রহণকাৰীসকলৰ স্বাক্ষৰ আৰু তেওঁলোকৰ বিস্তাৰিত বিৱৰণ লিপিবদ্ধ কৰিব লাগে।

আদৰণি ভাষণ

গাওঁসভাত কমিটিৰ এগৰাকী সদস্য অথবা গাওঁ পঞ্চায়তৰ সচিবৰ দ্বাৰা আদৰণি ভাষণ প্ৰদান কৰিব লাগে।

সভাপতিৰ অভিভাষণ

গাওঁসভাত গাওঁ পঞ্চায়তৰ সভাপতিয়ে সভাপতিৰ ভাষণ প্রদান কৰিব লাগে। তেওঁৰ ভাষণত, পুনৰাই তেওঁ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ উদ্দেশ্যসমূহ আৰু তাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰিব লাগে।

উন্নয়নৰ স্থিতি সম্পকীয় প্রতিবেদন উপস্থাপন

কমিটিৰ কোনো এগৰাকী সদস্য অথবা কোনো এগৰাকী সমল ব্যক্তিয়ে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ উন্নয়নৰ স্থিতি সম্পৰ্কীয় প্রতিবেদনখন পাঠ কৰিব পাৰিব। উন্নয়নৰ স্থিতি সম্পকীয় প্রতিবেদনখনত খণ্ড হিচাপত বিষয় বা সমস্যা, প্রত্যাহ্বান আৰু চুপাৰিচবিলাকৰ বিষয়ে সুন্দৰকৈ লিখা থাকিব আৰু এইখনে জনগোষ্ঠীটোৰ প্রকৃত অৱস্থাবিলাকৰ বিষয়ে ৰাইজক সজাগ কৰি তুলিব। পানী, অনাময়, যোগাযোগ ব্যৱস্থা, ৰাস্তাৰ দাঁতিৰ বিজুলি চাকি আদিৰ দৰে প্ৰধান বিষয়সমূহক গুৰুত্ব দিব লাগিব।

আলোচনাসমূহ

উন্নয়নৰ স্থিতি সম্পৰ্কীয় প্রতিবেদনখন পাঠ কৰাৰ পিছত, আলোচনা, গুৰুত্বপূর্ণ বিশ্লেষণ, সংযোজন আৰু প্রতিক্রিয়া ব্যক্ত কৰাৰ বাবে সভাখন উপস্থিত থকা অংশগ্রহণকাৰীসকলৰ বাবে মুকলি কৰি দিব লাগিব।

বিষয় অনুসাৰে দল (কার্যকৰী দল)

উন্নয়নৰ স্থিতি সম্পৰ্কীয় প্রতিবেদনৰ ওপৰত হোৱা আলোচনাৰ পিছত, অংশগ্রহণকাৰীসকলক শিক্ষা, স্বাস্থ্য, অনাময় আদিৰ দৰে বিষয় হিচাপত বিভিন্ন দলত ভাগ কৰিব পৰা যায়। ইয়ে গুৰুত্বপূর্ণ আলোচনা সুচল কৰিব। এই ক্ষেত্ৰত, অংশগ্রহণকাৰীসকলে তেওঁলোকৰ নিজৰ পচন্দ অনুসাৰে কোনো এটা বিষয়গত দল বাছি লোৱাৰ সুযোগ থাকিব লাগে।

মূলসভাত প্রতিবেদন উপস্থাপন

প্ৰতিটো বিষয়গত দলে তেওঁলোকৰ প্রতিবেদন মূল সভাত উপস্থাপন কৰিব লাগিব। এই পর্যায়তে প্রতিবেদনখনত সংযোজন, সালসলনি অথবা বাদ দিয়া কামটো হ’ব। সংযোজন, সালসলনি অথবা বাদ দিয়াৰ পিছত প্রস্তুত কৰা নতুন তালিকাখনৰ আধাৰত বিষয় বা সমস্যাসমূহৰ অগ্ৰাধিকাৰ নিৰূপণ কৰিব পৰা যাব।

বিষয় বা সমস্যাসমূহৰ অগ্ৰাধিকাৰ নিৰূপণ

বিষয় অথবা সমস্যাসমূহৰ আধাৰত প্রকল্পসমূহৰ অগ্রাধিকাৰ নিৰূপণ কৰিব লাগিব। যিবিলাক বিষয় শীঘ্ৰেই সমাধান কৰিবলগীয়া হয়, তেনেবিলাক বিষয়ক উচ্চ অগ্রাধিকাৰ প্ৰদান কৰিব লাগিব আৰু প্রথম বছৰৰ বার্ষিক পৰিকল্পনাখনত অন্তৰ্ভুক্ত কৰিব লাগিব। সেই অনুসাৰে অন্যান্য বিষয়সমূহ অৱশিষ্ট চাৰি বছৰৰ পৰিকল্পনাত (পাঁচ বছৰীয়া পৰিকল্পনা) অন্তৰ্ভুক্ত কৰিব লাগিব।

সম্পদৰাজিৰ ভঁৰাল

গাওঁ পঞ্চায়তৰ সম্পদৰাজিৰ ভঁৰালটো, পঞ্চায়তৰ অধীনত এক নির্দিষ্ট/পৰিকল্পিত কার্যকলাপ সম্পন্ন কৰাৰ বাবে বিভিন্ন আচনি আৰু কাৰ্যসূচীৰ অধীনত উপলব্ধ মঞ্জুৰি/পুঁজিক লৈ গঠিত হয়। সম্পদৰাজিৰ মানচিত্ৰত উল্লেখ কৰা সম্পদসমূহ, বিভিন্ন আচনি বা কাৰ্যসূচীৰ সৈতে এই পুঁজিৰ সংযোজন ঘটাই আৰু সমন্বিত ধৰণে ব্যৱহাৰ কৰিব লাগিব, যাতে পঞ্চায়তৰ পৰিকল্পনা অনুসাৰে সৰ্বাধিক সহভাগীৰ সৃষ্টি হয় আৰু চিনাক্তকৃত হিতাধিকাৰীসকলৰ হিত সাধন কৰিব পৰা হয়।

সম্পদৰাজিৰ ভৰালটোক দুই প্রকাৰত ভাগ কৰা হৈছেঃ

  • গাওঁ পঞ্চায়ত পর্যায়ত বিত্তীয় সম্পদৰাজি আৰু
  • গাওঁ পঞ্চায়ত পর্যায়ত মানৱ সম্পদসমূহ

গাওঁ পঞ্চায়ত পর্যায়ত বিত্তীয় সম্পদৰাজিৰ প্ৰপত্ৰ

ক্ৰমিক নং

আঁচনিৰ নাম

প্ৰাপ্তি বিগত বৰ্ষত প্ৰাপ্ত ধনৰ পৰিমাণ: ২০১৪-২০১৫(টকা)

আগন্তুক বৰ্ষৰ বাবে আকাংক্ষিত ধনৰ পৰিমাণ: ২০১৫-২০১৬(টকা)

 

 

 

 

 

 

 

 

 

গাওঁ পঞ্চায়ত পর্যায়ত মানৱ সম্পদসমূহৰ প্ৰপত্ৰ

ক্ৰমিক নং

বিভাগ/অভিকৰণৰ নাম

পদ/পদবীৰ নাম

মূল কাৰ্যাৱলী

 

 

 

 

 

 

 

 

 

৬.৪ পৰৱৰ্তী কার্যকলাপ

  1. গাওঁসভাৰ কাৰ্যবিৱৰণী প্রস্তুত কৰা

2.  গাওঁসভাত গ্রহণ কৰা সিদ্ধান্তৰ ভিত্তিত খচৰা স্থিতি বিষয়ক প্রতিবেদনখন চূড়ান্ত কৰা

3.  পঞ্চায়ত কমিটিৰ সিদ্ধান্ত অনুসাৰে প্ৰথম বছৰৰ বাবে বার্ষিক পৰিকল্পনা প্রস্তুত কৰা। এই বার্ষিক পৰিকল্পনাখন গাওঁসভাৰ পৰৱতী বৈঠকত অনুমোদিত হ’ব লাগিব।

4.  অগ্ৰাধিকাৰ নিৰূপণ কৰা তালিকা আৰু পঞ্চায়ত কমিটিৰ সিদ্ধান্তৰ ভিত্তিত পৰৱতী চাৰি বছৰৰ পৰিকল্পনা প্রস্তুত কৰা।

অনাময়ৰ পৰিকল্পনা

পৰিচ্ছন্ন আৰু সেউজ গাওঁৰ বাবে-

 

গাওঁ পঞ্চায়তে এখন সম্পূর্ণ অনাময়ৰ পৰিকল্পনা প্রস্তুত কৰা উচিত। গাওঁসমূহক মুকলিত মলত্যাগ মুক্ত, বাট-পথ আৱৰ্জনামুক্ত গাওঁত পৰিণত কৰা আৰু আৱৰ্জনাৰ পানী যাতে ৰাজহুৱা স্থানলৈ প্রৱাহিত নহয় অথবা অক্ষয়িষ্ণু আৱৰ্জনা যাতে কৃষি ভূমিলৈ দলিয়াই দিয়া নহয়, সেইটো নিশ্চিত কৰাটো এই পৰিকল্পনাখনৰ উদ্দেশ্য হোৱা উচিত। পৰিচ্ছন্ন আৰু সেউজ গাওঁৰ বাবে পৰিকল্পনা প্রস্তুত কৰোঁতে, নিম্নলিখিত বিষয়কেইটা বিবেচনা কৰিব লাগিব:

  • ইয়াৰ অধীনত এশ শতাংশ ঘৰ/ দোকান/ অনুষ্ঠানসমূহত শৌচালয়/ ব্যক্তিগত ঘৰুৱা শৌচালয় নির্মাণৰ লক্ষ্য
  • বজাৰ আৰু গাঁৱৰ কেন্দ্রীয় স্থানৰ দৰে ৰাজহুৱা স্থানবিলাকৰ বাবে আৱৰ্জনা সংগ্ৰহ আৰু ব্যৱস্থাপনাৰ পৰিকল্পনা
  • জৈৱিকভাৱে ক্ষয়িষ্ণু আৱৰ্জনাসমূহ, ইয়াৰ উৎসতে ব্যৱস্থাপনা কৰা
  • নর্দমা ব্যৱস্থা- গাওঁবিলাকত আৱৰ্জনাৰ পানী শোধনৰ কৌশল-প্রণালী
  • গাওঁৰ সৌন্দৰ্য্যবৰ্দ্ধন আঁচনি

অনাময়ৰ স্থিতি সম্পর্কীয় প্রতিবেদন এখন কেনেদৰে প্ৰস্তুত কৰিব ?

অনাময়ৰ স্থিতি সম্পৰ্কীয় প্রতিবেদন এখন প্রস্তুত কৰোঁতে নিম্নলিখিত ক্ষেত্ৰসমূহ সামৰি ল’ব লাগিবঃ

শৌচালয়ঃ ১) শৌচালয় নথকা ঘৰ আৰু দোকানৰ বিস্তৃত বিৱৰণ সংগ্ৰহ কৰিব লাগিব, ২) ৰাজহুৱা শৌচালয়ৰ প্রয়োজন হোৱা স্থানৰ চিনাক্তকৰণ, ৩) বিদ্যালয় আৰু অঙ্গনৱাড়ীত উপলব্ধ শৌচালয়ৰ সুবিধাৰ বিস্তাৰিত বিৱৰণ, ৪) বজাৰসমূহত শৌচালয়ৰ সা-সুবিধা

গোটা আৱৰ্জনাঃ ১) বজাৰ আৰু দোকানবিলাকৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাৰ পৰিমাণ আৰু এই ঠাইবিলাকত থকা সাম্প্রতিক আৱৰ্জনা ব্যৱস্থাপনা কৌশলৰ মূল্যায়ণ, ২) বিদ্যালয় আৰু অঙ্গনৱাড়ী সমূহত সৃষ্টি হোৱা আৱৰ্জনাৰ পৰিমাণ আৰু এই ঠাইবিলাকত আৱৰ্জনাৰ ব্যৱস্থাপনা প্রণালী, ৩) অন্যান্য ৰাজহুৱা স্থানসমূহত আৱৰ্জনা ব্যৱস্থাপনা প্রণালী, ৪) পঞ্চায়ত এলেকাৰ ঘৰ, দোকান, বিদ্যালয়, বজাৰ আদিত সৃষ্টি হোৱা জৈৱিকভাৱে অক্ষয়িষ্ণু আৱৰ্জনাৰ পৰিমাণ আৰু সেইবিলাকত বর্তমানে থকা আৱৰ্জনা ব্যৱস্থাপনা কৌশল।

তৰল আৱৰ্জনাঃ ১) পৰিয়াল পর্যায়ত থকা আৱৰ্জনাৰ পানীৰ ব্যৱস্থাপনা পদ্ধতি, ২) দোকানবিলাকৰ পৰা সৃষ্টি হোৱা আৱৰ্জনা পানীৰ ব্যৱস্থাপনা কৌশল।

 

স্বচ্ছ ভাৰত মিছন, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, চতুর্দশ বিত্তীয় আয়োগে, ৰাজহুৱা বৰঙণি, প্রৱর্তনা, স্থানীয় পুঁজি সংগ্ৰহৰ জৰিয়তে পুঁজি আহৰণ কৰাৰ সুযোগ আছে।

দৰিদ্রতা হ্রাসৰ পৰিকল্পনা-


এখন গাওঁ পঞ্চায়ত হৈছে ভাৰতবৰ্ষৰ দৰিদ্ৰ জনসাধাৰণৰ কাৰণে আটাইতকৈ ওচৰৰ আৰু আটাইতকৈ সহজতে ঢুকি পোৱা এক প্ৰকাৰৰ চৰকাৰ। সেইকাৰণে, গাওঁ পঞ্চায়তে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা মিছন, স্বচ্ছ ভাৰত অভিযান, ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু সংহত শিশু বিকাশ আঁচনি আদিৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সন্নিৱিষ্ট কৰি, এখন দৰিদ্ৰতা হ্ৰাসকৰণ পৰিকল্পনা প্ৰস্তুত কৰাৰ জৰিয়তে, দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সক্ৰিয়ভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো অতি আৱশ্যকীয় কথা। সাম্প্ৰতিক ভাৰত চৰকাৰৰ সকলো আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সৈতে সংযোজন কৰাৰ জৰিয়তে এখন গাওঁ পঞ্চায়ত পৰ্যায়ৰ দৰিদ্ৰতা হ্ৰাসকৰন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে গাওঁ পঞ্চায়তৰ সভাত আলোচনা হ’ব লাগে।

পৰিস্থিতি বিশ্লেষণ কৰাৰ সময়ত, নিম্নলিখিত তথ্যসমূহ সংগ্ৰহ কৰা উচিত:

*দৰিদ্ৰতাৰ স্থিতি বিষয়ক প্রতিবেদন –

  • গৃহহীন, ব্যক্তিগত ঘৰুৱা শৌচালয় নথকা শ্রেণী
  • খোৱাপানীৰ উপলব্ধতা
  • নিবনুৱা সমস্যা
  • শিশু শ্ৰমিক
  • অক্ষম লোক (শাৰীৰিক আৰু মানসিক)

এই ক্ষেত্ৰত, আৰ্থ-সামাজিক জাতি পিয়ল, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছন, আত্মসহায়ক গোটৰ পৰা লাভ কৰা তথ্য আৰু অন্যান্য গৌণ তথ্যসমূহ  ব্যৱহাৰ কৰিব পৰা যায়। সকলো প্ৰকাৰৰ চৰকাৰী নিকায়সমূহৰ ভিতৰত, গাওঁৰ দৰিদ্ৰতাৰ প্ৰতিচ্ছবিখনৰ বিষয়ে প্ৰকৃত তথ্য আহৰণ কৰাৰ বাবে, গাওঁ পঞ্চায়ত এখনৰ অধিক সুযোগ আছে।

দৰিদ্রতা হ্রাসৰ পৰিকল্পনাখনৰ অভিপ্রায় কি ?

 

  • সকলোৰে বাবে গৃহৰ ব্যৱস্থা কৰা
  • ব্যক্তিগত ঘৰুৱা শৌচালয়ৰ বাবে সকলো
  • সকলোৰে বাবে সুৰক্ষিত খোৱাপানীৰ ব্যৱস্থা কৰা
  • জীৱিকাৰ উন্নয়নৰ জৰিয়তে পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰা
  • পাঁচ বছৰৰ বাবে পৰ্যায় হিচাপত পৰিকল্পনা কৰা

বিত্তীয় সম্পদ কেনেদৰে লাভ কৰিব পৰা যায়?

  • ইন্দিৰা আৱাস যোজনা
  • খোৱাপানী আৰু অনাময়ৰ পুঁজি
  • স্বচ্ছ ভাৰত মিছন
  • ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছন, আত্মসহায়ক গোটৰ জৰিয়তে সৃষ্টি হোৱা সুযোগ
  • মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন-বিস্তৃত অংশগ্ৰহণমূলক পৰিকল্পনাৰ অনুশীলন
  • কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত আঁচনি, ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত আঁচনি আৰু অন্যান্য

 

পদক্ষেপ 7:

খচৰা পৰিকল্পনা প্ৰস্তুতকৰণ

পাতনি

আগৰ অধ্যায়ত চূড়ান্ত কৰা প্রতিবেদনখনৰ আধাৰত, এখন খচৰা পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। এই পৰিকল্পনাখনত, বিভিন্ন খণ্ড আৰু প্রকল্পৰ বাবে আৱণ্টিত সম্পদৰাজি, ৰূপায়ণৰ ধৰণ আৰু নিৰীক্ষণৰ কৌশল-প্রণালীৰ বিষয়ে বিস্তাৰিত বিৱৰণ সন্নিৱিষ্ট কৰিব লাগিব।

৭.১ উদ্দেশ্যসমূহ

  • গাওঁসভাত নিৰূপণ কৰা অগ্রাধিকাৰ আৰু বার্ষিক পৰিকল্পনা তথা পাঁচ বছৰীয়া পৰিকল্পনা, এই দুয়োটা পৰিকল্পনাৰ বাবে উপলব্ধ পুঁজিৰ ভঁৰালটোৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিব পৰা প্রকল্পসমূহৰ বিষয়ে কাৰ্যকৰী দলে পৰামৰ্শ আগবঢ়াব লাগিব।
  • ওপৰত উল্লেখ কৰা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্যকৰী দলে/কর্ম বাহিনীয়ে খচৰা বার্ষিক পৰিকল্পনা তথা পাঁচ বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব।
  • ইয়াৰ পিছত খচৰা পৰিকল্পনা দুখন পঞ্চায়ত কমিটিৰ ওপৰত দাখিল কৰিব লাগিব।
  • আৱন্টিত সম্পদৰ ওপৰত ভিত্তি কৰি পঞ্চায়ত কমিটিয়ে খচৰা বাৰ্ষিক পৰিকল্পনা, এই দুয়োখন পৰিকল্পনা চূড়ান্ত কৰিব লাগিব আৰু বিস্তাৰিত প্ৰকল্প প্ৰস্তুত কৰিবৰ কাৰণে পৰিকল্পনা দুখন কাৰ্যকৰী দললৈ ঘূৰাই পঠিয়াব লাগিব। উপলব্ধ পুঁজিৰ পৰা কোনটো প্ৰকল্পৰ বাবে কিমান আৱন্টন দিয়া হ’ব সেইটোও পঞ্চায়ত কমিটিয়ে সিদ্ধান্ত কৰিব লাগিব। যিবিলাক ক্ষেত্ৰত বিভাগসমূহৰ বিষয়া দ্বাৰা বিস্তাৰিত প্ৰকল্প প্ৰস্তুত কৰিবলগীয়া হয়, তেনেবিলাক ক্ষেত্ৰত গাওঁ পঞ্চায়তৰ সচিবৰ দ্বাৰা খণ্ডভিত্তিক প্ৰকল্পসমূহৰ বিষয়ে পৰামৰ্শ আগবঢ়াব লাগিব।  এই পৰিকল্পনাখনত, বিভিন্ন খণ্ড আৰু লীৰৰ বিষয়ে বিস্তাৰিত বিৱৰণ সন্নিৱিষ্ট কৰিব লাগিব।

৭.২ প্ৰাক কাৰ্যকলাপ

  • কাৰ্যকৰী দলৰ সভা অনুষ্ঠিত কৰা
  • গাওঁসভাৰ সিদ্ধান্ত অনুসাৰে খচৰা স্থিতি বিষয়ক প্ৰতিবেদনৰ সালসলনি কৰা

৭.৩ কার্যকলাপ

দায়িত্ববাহী: কাৰ্যকৰী দলৰ সহযোগত গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিব

  • গাওঁসভাই নিৰূপন কৰা অগ্ৰাধিকাৰৰ ভিত্তিত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা
  • উপলব্ধ সম্পদৰ ওপৰত ভিত্তি কৰি পঞ্চায়ত কমিটিৰ দ্বাৰা পুঁজিৰ আৱন্টন কৰা
  • কাৰ্যকৰী দলৰ দ্বাৰা পৰিকল্পনা আৰু প্ৰকল্প প্ৰস্তুত কৰা
    • ব্যয়বিহীন আৰু কম ব্যয়ৰ প্ৰকল্পসমূহ

 

ক্ৰমিক নং

 

প্ৰকল্পসমূহৰ নাম

পুঁজি জড়িত হৈ আছেনে

নাই

আছে

যদি আছে, তাৰ পৰিমাণ

পুঁজিৰ উৎস

 

 

 

 

 

 

 

 

 

 

 

 

  • তলত উল্লেখ কৰা তালিকাখনৰ পৰা পুঁজিৰ আৱণ্টনৰ বিষয়ে বিস্তাৰিতভাৱে জানিব পৰা যাবঃ
  • তালিকা-১

ক্ৰমিক নং

খণ্ডৰ নাম

প্ৰস্তাৱিত কাৰ্যকলাপ

অগ্ৰাধিকাৰ সমূহ

আৱন্টিত পুঁজি

পুঁজিৰ উৎস

মন্তব্য

 

আন্ত:গাঁথনি আৰু অসামৰিক সা-সুবিধা

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

 

খোৱাপানী

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

 

অনাময় ব্যৱস্থা

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

 

শিক্ষা

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

 

গৃহনিৰ্মাণ

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

 

কৃষি

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

সামাজিক সুৰক্ষা

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

অন্যান্য উন্নয়নমূলক কাৰ্যসূচী

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

 

স্বাস্থ্য

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

১০

ৰাজহুৱা বিতৰণ ব্যৱস্থা

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

১১

অসুৰক্ষিত শ্ৰেণী

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

১২

মহিলা আৰু শিশু

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

১৩

অনুসূচীত জাতি

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

১৪

অনুসূচীত জনজাতি

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

১৫

অন্যান্য পিছপৰা শ্ৰেণী

(i)

 

 

 

 

(ii)

 

 

 

 

(iii)

 

 

 

 

 

প্ৰস্তাৱিত কাৰ্যকলাপ: এই স্তম্ভটোত, গাওঁসভাত সিদ্ধান্ত কৰা অনুসাৰে, এটা খণ্ডৰ কাৰ্যকলাপবিলাকৰ সম্পূৰ্ণ তালিকা এখন সন্নিৱিষ্ট কৰা থাকিব।

আগ্ৰাধিকাৰসমূহ: এই স্তম্ভটোত, প্ৰথম বাৰ্ষিক পৰিকল্পনাখনৰ বাবে চূড়ান্ত কৰা কাৰ্যকলাপবিলাকৰ সম্পূৰ্ণ তালিকা এখন সন্নিৱিষ্ট কৰা থাকিব।

আৱন্টিত পুঁজি: এই স্তম্ভটোত, প্ৰতিটো খণ্ডৰ অধীনত কোনো বিশেষ প্ৰকল্প ৰূপায়ণৰ বাবে আৱন্টিত ধনৰাশিৰ পৰিমাণ উল্লেখ কৰা থাকিব।

ৰূপায়ণৰ ধৰণ: এই ভাগটোত, কোনো এটা বিশেষ প্ৰকল্প ৰূপায়ণৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা হৈছে তাৰ উল্লেখ কৰা হ’ব।

মন্তব্য: ইয়াত কোনো এটা কাম কেনেদৰে ৰূপায়ণ কৰা হ’ব তাৰ বিস্তাৰিত বিৱৰণ থাকিব। চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ আধাৰত, পঞ্চায়ত কমিটিয়ে পাঁচ বছৰীয়া পৰিকল্পনাৰ বাবে পুঁজি আৱন্টনৰ পৰিকল্পনা এখন প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে নিম্নলিখিত প্ৰ-পত্ৰখন ব্যৱহাৰ কৰিব পৰা যাব:

তালিকা-২

 

খণ্ড: সঙ্গত উন্নয়নৰ খণ্ড

চিনাক্তকৃত বিষয় বা সমস্যা: গাওঁসভাত বিষয় বা সমস্যাসমূহ চিনাক্ত আৰু অগ্ৰাধিকাৰ নিৰূপণ কৰা হৈছে

আছুতীয়াকৈ ৰখা বিষয়: ভিন্ন বছৰেকীয়া পৰিকল্পনাৰ বাবে বিবেচনা কৰিবলগীয়া বিষয় অথবা সমস্যাসমূহ-(শুদ্ধ চিহ্ন দিব)

পুঁজি: প্ৰতিটো বাৰ্ষিক পৰিকল্পনাৰ বাবে আছুতীয়াকৈ ৰখা চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজি(পৰিমাণ উল্লেখ কৰিব লাগিব)

পঞ্চায়ত কমিটিয়ে পৰিকল্পনাৰ পুঁজিৰ ধন তলত উল্লেখ কৰাৰ দৰে পুঁজিৰ বিভিন্ন উৎস হিচাপত পৃথক কৰিব লাগিব:

  • চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজি ব্যৱহাৰ কৰি গ্ৰহণ কৰিব পৰা প্ৰকল্প,
  • পঞ্চায়তৰ নিজস্ব উৎসৰ ৰাজহৰ পুঁজি ব্যৱহাৰ কৰি গ্ৰহণ কৰিব পৰা প্ৰকল্প,
  • সম্প্ৰতি চলি থকা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ইন্দিৰা আৱাস যোজনা, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ পুঁজি ব্যৱহাৰ কৰি গ্ৰহণ কৰিব পৰা প্ৰকল্প,
  • ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ পুঁজি ব্যৱহাৰ কৰি গ্ৰহণ কৰিব পৰা প্ৰকল্প,
  • বিভিন্ন বিভাগৰ সৈতে যুটীয়াভাৱে গ্ৰহণ কৰিব পৰা প্ৰকল্প,
  • অকল বিভাগৰ দ্বাৰা গ্ৰহণ কৰিব পৰা প্ৰকল্প,
  • পুঁজিৰ আৱন্টন অবিহনে গ্ৰহণ কৰিব পৰা প্ৰকল্প,

তালিকা-৩

ক্ৰমিক নং

প্ৰকল্পৰ নাম

পুঁজিৰ আৱন্টনৰ জৰিয়তে ৰূপায়ণ কৰা(টকা হিচাপত)

গাওঁ পঞ্চায়ত

স্বচ্ছ ভাৰত মিছন

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন

ইন্দিৰা আৱাস যোজনা

ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী

ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন

বিভাগৰ সৈতে যুটীয়াভাৱে(বিশদ বিৱৰণ)

অকল বিভাগৰ দ্বাৰা(বিশদ বিৱৰণ)

নিজস্ব উৎসৰ ৰাজহ

চতুৰ্দশ বিত্তীয় আয়োগ

হিতাধিকাৰীৰ বৰঙণি

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পঞ্চায়ত কমিটিয়ে বিভিন্ন উৎসৰ পুঁজি অথবা আঁচনিৰে গ্ৰহণ কৰিবলগীয়া কামবিলাকৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰিব লাগিব।

নিম্নলিখিত তালিকাখন ৰূপায়ণৰ ধৰণ আৰু দায়িত্ববাহীৰ উল্লেখ সহকাৰে প্ৰতি বছৰে পূৰণ কৰিব লাগিব।

তালিকা-৪

ক্ৰমিক নং

প্ৰকল্পৰ নাম

প্ৰকল্পৰ ব্যয়

ৰূপায়ণৰ ধৰণ

পঞ্চায়ত

হিতাধিকাৰীৰ বৰঙণি

বিভাগৰ নাম

অভিকৰণৰ নাম

অন্য কোনো(নিৰ্দিষ্ট কৰিব)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

৭.৪ পৰৱৰ্তী কার্যকলাপ

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ বাবে, কার্যকৰী দল আৰু পঞ্চায়ত কমিটিয়ে একেলগে বৈঠক অনুষ্ঠিত কৰিব লাগিব।
  • ৰাজ্যিক নির্দেশাৱলীত ব্যাখ্যা কৰা অনুসাৰে এক নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত প্রকল্প প্রস্তুত কৰাৰ বাবে, কাৰিকৰী সংমোদনকাৰী কোষক অৱগত কৰিব লাগিব।
  • পৰিকল্পনাখন গ্রহণ কৰাৰ বাবে পঞ্চায়ত কমিটিৰ দ্বাৰা আৱশ্যকীয় পদক্ষেপসমূহ গ্রহণ কৰা হ’ব লাগিব।

(পৰিকল্পনাৰ দলিলখনৰ বাবে ১, ২, ৩ আৰু ৪ তালিকাকেইখনেই হৈছে প্রধান তালিকা)

 

সময়ৰ ভিতৰত প্রকল্প প্রস্তুত কৰাৰ বাবে, কাৰিকৰী সংমোদনকাৰী কোষক অৱগত কৰিব লাগিব।

• পৰিকল্পনাখন গ্রহণ কৰাৰ বাবে পঞ্চােয়ত কমিটিৰ দ্বাৰা আৱশ্যকীয় পদক্ষেপসমূহ গ্রহণ কৰা হ’ব লাগিব।

(পৰিকল্পনাৰ দলিলখনৰ বাবে ১, ২, ৩ আৰু ৪ তালিকাকেইখনেই হৈছে প্রধান তালিকা)

পদক্ষেপ ৮:

প্ৰকল্প প্ৰস্তুতকৰণ

পাতনি

পৰিকল্পনাখনৰ চূড়ান্ত অনুমোদন আৰু নিজৰ নিজৰ উৎসসমূহৰ পৰা আৱণ্টন দিয়াৰ পিছত, ইয়াৰ এক চূড়ান্ত প্রতিলিপি প্রস্তুত কৰিব লাগিব। এইখনত চিনাক্তকৃত বিষয়সমূহৰ তালিকা আৰু লগতে ৰূপায়ণৰ ধৰণৰ বিষয়ে এক বিস্তাৰিত পৰিকল্পনা সন্নিৱিষ্ট কৰা হ’ব। এই পৰিকল্পনাখন কার্যকৰী দল আৰু সংশ্লিষ্ট সমজাতীয় বিভাগৰ দ্বাৰা যুটীয়াভাৱে প্ৰস্তুত কৰা হ’ব লাগিব।

৮.১ উদ্দেশ্যসমূহ

  • পঞ্চায়ত কমিটিৰ পৰা অনুমোদন লাভ কৰিবলৈ;
  • পুঁজি আৱণ্টনৰ ওপৰত ভিত্তি কৰি, প্রকল্পৰ প্রাককলন প্রস্তুত কৰিবলৈ:
  • প্রকল্পসমূহৰ ক্ষেত্ৰত, কাৰিকৰী কোষৰ পৰা কাৰিকৰী অনুমোদন লাভ কৰিবলৈ; আৰু
  • পঞ্চায়ত কমিটিৰ পৰা বিত্তীয় অনুমোদন লাভ কৰিবলৈ।

৮.২ প্রাক কার্যকলাপ

  • প্রকল্পৰ স্থান পৰিদৰ্শন;
  • জৰীপ কৰা;
  • প্রকল্পৰ লক্ষ্য হিচাপে গ্ৰহণ কৰা দলবিলাকৰ সৈতে পৰামর্শ কৰা;
  • কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা; আৰু
  • তথ্যসমূহ সংগ্ৰহ কৰা।

৮.৩ কার্যকলাপ

  • পঞ্চায়তৰ সচিবগৰাকীয়ে চূড়ান্তকৃত প্রকল্পৰ বিষয়ে লিখা কামখিনি কৰিব লাগিব। লিখা কার্যত সমল গোট আৰু কার্যকৰী দলবিলাকে সহায় কৰিব লাগিব।
  • সংশ্লিষ্ট সমজাতীয় বিভাগৰ পৰা প্রশাসনিক অনুমোদন ল’ব লাগিব।
  • সমজাতীয় বিভাগৰ সংশ্লিষ্ট বিষয়াৰ দ্বাৰা প্রাককলন প্রস্তুত কৰিব লাগিব।
  • শিৱিৰত থকা কাৰিকৰী কোষৰ পৰা কাৰিকৰী অনুমোদন গ্রহণ কৰিব লাগিব।
  • পঞ্চায়ত কমিটিৰ পৰা বিত্তীয় অনুমোদন গ্রহণ কৰিব লাগিব।

 

প্ৰকল্পৰ বিষয়বস্তুসমূহ

  • প্ৰকল্পটোৰ জীৱন-বুৰঞ্জী
  • পাতনি:- পটভূমি আৰু প্রকল্পটোৰ সংক্ষিপ্ত বিৱৰণ (পৰিস্থিতি বিশ্লেষণৰ আধাৰত)
  • প্ৰকল্পটোৰ অন্তনিৰ্হিত কাৰণ(উন্নয়নৰ স্থিতি সম্পৰ্কীয় প্রতিবেদনৰ আধাৰত)
  • প্ৰকল্পৰ উদ্দেশ্যসমূহ(উন্নয়নৰ স্থিতি সম্পৰ্কীয় প্রতিবেদন আৰু গাওঁসভাৰ সিদ্ধান্তসমূহৰ আধাৰত)
  • আকাংক্ষিত ফলাফল:-হিতাধিকাৰী/উপকৃত এলেকা (গাওঁসভাৰ সিদ্ধান্তসমূহৰ আধাৰত)
  • বিস্তাৰিতভাৱে প্রকল্পৰ উপাদানসমূহ আৰু কার্যকলাপবিলাক
  • বাজেটঃ-ব্যয়ৰ পৰিমাণ আৰু পুঁজিৰ উৎস- উপাদান হিচাপত ব্যয় আৰু পুঁজিৰ পৰিমাণ উল্লেখ কৰিব লাগিব
  • সময় সীমা আৰু কৰ্ম আঁচনি— প্রকল্প ৰূপায়ণৰ কেলেণ্ডাৰ
  • ৰূপায়ণৰ পৰিকল্পনা আৰু ৰূপায়ণকাৰী সংস্থা
  • প্রকল্পৰ আকাংক্ষিত উৎপাদন আৰু ফলাফল
  • কাৰ্য্যকৰণ আৰু ৰক্ষণাবেক্ষণ:- কাৰ্য্যকৰণ আৰু ৰক্ষণাবেক্ষণৰ কৌশল-প্ৰণালী
  • নিৰীক্ষণ:- নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া সূচকসমূহ আৰু নিৰীক্ষণৰ বাবে চুপাৰিচ কৰা ব্যৱস্থা-প্ৰণালী
  • অনুবদ্ধঃ- প্রকল্পসমূহৰ তালিকা, পঞ্চায়তৰ প্ৰস্তাৱ, গাওঁসভাৰ প্ৰস্তাৱ, ফটোগ্রাফবিলাক

*৫ নং তালিকাত প্রকল্পৰ প্ৰ-পত্ৰ দিয়া হৈছে।

অৱশেষত, এই প্রকল্পৰ দলিলখন গাওঁ পঞ্চায়তৰ দ্বাৰা গ্রহণ কৰা হ’ব লাগিব আৰু প্রকল্পৰ দলিলখনৰ প্রয়োজন অনুসাৰে পুঁজি আৱণ্টন কৰিব লাগিব। প্ৰতিখন প্রকল্পৰ দলিলেই গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিলখনৰ একোটা অংশ হ’ব। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিলখন গাওঁসভাত উপস্থাপন কৰিব লাগিব।

৮.৪ পৰৱতী কার্যকলাপ

দায়িত্ববাহীঃ- কার্যকৰী দল (ৰূপায়ণকাৰী বিষয়াসকল প্রকল্পৰ লিখা কাম কৰাত জড়িত হ’ব লাগিব)

  • প্রকল্পসমূহৰ কাৰিকৰী পৰীক্ষা কৰাৰ বাবে বন্দৱস্ত কৰিব লাগিব
  • কাৰিকৰী সংমোদনৰ ব্যৱস্থা কৰাৰ বাবে কাৰিকৰী কোষলৈ লিখা চিঠি প্ৰেৰণ কৰিব লাগিব।
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ চূড়ান্ত দলিলখনৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰিব লাগিব।
  • গাওঁসভাই নিৰূপণ কৰা অগ্রাধিকাৰবিলাকৰ সৈতে ৰিজনি কৰিব লাগিব।
  • পৰিকল্পনা আৰু প্রকল্পসমূহৰ তালিকা চূড়ান্তভাৱে পাঠ কৰি দিয়াৰ বাবে, কার্যকৰী দলৰ সাধাৰণ বৈঠক অনুষ্ঠিত কৰিব লাগিব।

 

তালিকা-৫

প্ৰকল্পৰ প্ৰ-পত্ৰ

গাওঁ পঞ্চায়তৰ নাম: ………………………………………………………………………………………..

উন্নয়নৰ ক্ষেত্ৰ: ………………………………………………………………………………………………

প্ৰকল্পৰ নাম: ………………………………………………………………………………………………..

প্ৰকল্পৰ নং: …………………………………………………………………………………………………

নং

বিৱৰণ

 

 

 

 

 

 

 

পাতনি

 

অন্তৰ্নিহিত কাৰণ

 

প্ৰকল্পৰ উদ্দেশ্যসমূহ

 

আকাংক্ষিত উৎপাদন

 

হিতাধিকাৰী/উপকৃত এলেকা

 

প্ৰকল্পৰ উপাদান

 

ৰূপায়ণকাৰী সংস্থা

 

কাৰ্যকৰণ আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থা

 

নিৰীক্ষণ প্ৰণালী

 

 

 

 

 

১০

 

 

 

 

বাজেট

উপাদান সমূহ

 

চতুৰ্দশ বিত্তীয় আয়োগ

নিজস্ব উৎসৰ ৰাজহ

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন

ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন

অন্যন্য

মুঠ

(i)

(ii)

(iii)

 

 

 

 

 

 

মুঠ

 

 

 

 

 

 

 

 

১১

 

 

নিৰীক্ষণ প্ৰণালী

কাৰ্য্যকলাপ

জানুৱাৰী-ফেব্ৰুৱাৰী

মাৰ্চ-এপ্ৰিল

মে’-জুন

জুলাই-আগষ্ট

চেপ্তেম্বৰ-অক্টোবৰ

নবেম্বৰ-ডিচেম্বৰ

(i)

(ii)

(iii)

 

 

 

 

 

 

 

উৎস-ৰাষ্ট্ৰীয় গাম্য উন্নয়ন প্ৰ্তিষ্ঠান

2.93939393939
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top