অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিকল্পনাৰ নিৰ্দেশনা পুথি(আমাৰ গাঁও আমাৰ আঁচনি)

পৰিকল্পনাৰ নিৰ্দেশনা পুথি(আমাৰ গাঁও আমাৰ আঁচনি)খন যুগুটাই আলোচনা কৰা হৈছে

পাতনি:

 

পঞ্চায়তীৰাজ অনুষ্ঠানসমূহ হৈছে স্থানীয় প্রশাসনৰ একো একোটা সাংবিধানিক নিকায়। পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে অসংখ্য নিয়ন্ত্রণকাৰী তথা উন্নয়নমূলক দায়িত্ব পালন কৰিব লাগে। অসম পঞ্চায়ত আইনৰ জৰিয়তে অসমত এই স্থানীয় নিকায়সমূহলৈ ভালেমান ক্ষমতা আৰু কাৰ্যাৱলী হস্তান্তৰ কৰা হৈছে। ব্যৱহাৰিক উন্নয়নৰ প্রক্রিয়াটোৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে মুখ্য ভূমিকা পালন কৰাটোৱে হৈছে অসম পঞ্চায়ত আইনৰ মূল লক্ষ্য।এই উন্নয়নৰ অভিযানটোকেই ‘আমাৰ গাওঁ আমাৰ আঁচনি’ বুলি কোৱা হৈছে। ঘাইকৈ চতুর্দশ বিভীয় আয়োগৰ পৰা কেন্দ্রীয় চৰকাৰৰ জৰিয়তে লাভ কৰা পুঁজিৰে আৰু এক অংশগ্রহণমূলক পৰিকল্পনাৰ জৰিয়তে ‘আমাৰ গাওঁ আমাৰ আঁচনি’ গ্রহণ কৰা হ’ব

কেন্দ্রীয় বিভীয় আয়োগ হৈছে ভাৰতৰ সংবিধানৰ ২৮০ অনুচ্ছেদৰ অধীনত গঠিত এক নিকায়।। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বিত্তীয় অৱস্থাৰ পৰ্য্যালোচনা কৰিবলৈ আৰু লগতে এক সুস্থিৰ তথা দীর্ঘস্থায়িত্বৰ বিভীয় অৱস্থা বজাই ৰাখিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ, ভাৰতৰ ৰাষ্ট্রপতিৰ দ্বাৰা প্রতি পাঁচ বছৰৰ অন্তৰালত এই আয়োগখন গঠন কৰা হয়।তদুপৰি এই আয়োগে বিভাজ্য ধনৰাশিৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত হস্তান্তৰ কৰিবলগীয়া কৰৰ পৰিমাণৰ বিষয়েও পৰামৰ্শ আগবঢ়ায়।এই বিভাজ্য ধনৰাশিৰ ভিতৰত অতিৰিক্ত কৰ আৰু উপকাৰৰ বাহিৰে কেন্দ্রীয় চৰকাৰৰ সকলো কৰকে সামৰি লোৱা হৈছে। কিয়নো সংবিধানত এই কৰসমূহৰ অংশ ৰাজ্য চৰকাৰসমূহক দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰক নির্দেশ প্রদান কৰা হৈছে। আনহাতে সংবিধানে বিত্তীয় আয়োগক প্রদান কৰা দায়িত্ব অনুসাৰে, কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়াবলগীয়া সাহায্য মঞ্জুৰিৰ মাত্ৰা আৰু ইয়াৰ বিতৰণৰ ক্ষেত্ৰত গ্রহণ কৰিবলগীয়া নীতিৰ বিষয়ে আৰু যদি প্রয়োজন হয় তেনেহলে স্থানীয় চৰকাৰৰ সম্পদৰাজিৰ ঘাটি পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ আগবঢ়োৱা সাহায্য বৃদ্ধি কৰিবলৈ আৰু চৰকাৰৰ বিভিন্ন পৰ্যায়ত বিত্তৰ যোগান, ইয়াৰ ঘাটি আৰু ঋণৰ স্থিতিৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ প্ৰদান কৰিব লাগে। অন্য কথাত, ৰাজ্যৰ পঞ্চায়ত আৰু নগৰ-নিকায়সমূহৰ পুঁজিৰ ক্ষেত্ৰত থকা ঘাটিৰ জোৰা মাৰিব পৰাকৈ, ৰাজ্যসমূহৰ একত্ৰিকৃত পুঁজি বৃদ্ধি কৰাৰ বাবে আৱশ্যকীয় উপায় গ্ৰহণৰ চুপাৰিচ কৰিবলৈও কেন্দ্ৰীয় বিত্তীয় আয়োগে পৰামৰ্শ আগবঢ়াব লাগে। সেই অনুসাৰে, চতুৰ্দশ বিত্তীয় আয়োগে ২০১১ চনৰ লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰি, ৰাজ্যসমূহৰ জনসংখ্যাৰ আধাৰত ৯০ শতাংশ আৰু মাটিকালিৰ আধাৰত ১০ শতাংশ অনুদান বিতৰণৰ বাবে এক কৰ্মপদ্ধতি উদ্ভাৱন কৰিছে। পাঁচ বছৰৰ(২০১৫-২০২০)বাবে চতুৰ্দশ বিত্তীয় আয়োগে আগবঢ়াবলীয়া অনুদানৰ মুঠ পৰিমাণ হৈছে ২,৮৭,৪৩৬ কোটি টকা। ইয়াৰ জৰিয়তে জনমুৰি প্রতি বৰ্ষত ৪৮৮ টকাৰ সাহায্য আগবঢ়োৱাৰ দিহা কৰা হৈছে। ইয়াৰ ভিতৰত পঞ্চায়তসমূহৰ বাবে আৱণ্টিত ধনৰাশিৰ পৰিমাণ হৈছে ২,০০,২৯২.২ কোটি টকা (৬৯.৬৮ শতাংশ)  আৰু নগৰ নিকায়সমূহৰ আৱন্টিত ধনৰাশিৰ পৰিমাণ হৈছে ৮৭,১৪৩.৮ কোটি  টকা (৩০.১২ শতাংশ)। এই অনুদানৰ দুটা ভাগ আছে- (১) মূল অনুদান আৰু (২) সাফল্যৰ অনুদান আৰু দুয়োটা অনুদানৰ অনুপাত হ’ব ৯০:১০ শতাংশ।

সাফল্যৰ অনুদান লাভ কৰাৰ বাবে দুটা চৰ্ত পালন কৰিব লাগিব-

 

(১) হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষিত বার্ষিক হিচাপে দাখিল আৰু (২)পূৰ্বৱতী বৰ্ষত নিজস্ব উৎসৰ ৰাজহ বৃদ্ধি। ইতিমধ্যে চতুৰ্থ বিত্তীয় আয়োগৰ দ্বাৰা প্ৰতিখন ৰাজ্যই প্ৰতিটো বৰ্ষত পাবলগীয়া অনুদানৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হৈছে। সেইকাৰণে চতুর্দশ বিভীয় আয়োগে প্ৰকাশ কৰাৰ দৰে, পঞ্চায়তৰ ওপৰত সাংবিধানিকভাৱে অৰ্পণ কৰা কার্যাৱলী সম্পাদন কৰিব পৰাকৈ, তেওঁলোকৰ সৈতে উপলব্ধ সম্পদ বৃদ্ধি কৰাৰ বাবে, পূৰ্বে নিৰ্দ্ধাৰিত কৰা ধৰণে নিয়মিত অন্তৰালত পুঁজিৰ পৰা  যোগান অব্যাহত ৰখা হ'ব। চতুর্দশ বিত্তীয় আয়োগে স্পষ্টভাৱে উল্লেখ কৰিছে যে, পঞ্চায়তৰ অন্য খলপাৰ সৈতে কোনো ভাগ-বাটোৱাৰা নকৰাকৈ, অনুদানৰ পুঁজি প্রত্যক্ষভাৱে গাওঁ পঞ্চায়তলৈ যাব লাগে, যিহেতু বুনিয়াদী সেৱাসমূহ যোগান ধৰাৰ বাবে সাংবিধানিকভাৱে   গাওঁ পঞ্চায়তসমূহ দায়বদ্ধ। এই অনুদানৰ পুঁজি পানীযোগান অনাময়, জাৱৰ-জোঁথৰ আৰু গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা, পানীৰ  নলা, ৰাজহুৱা সম্পদৰাজিৰ ৰক্ষণাবেক্ষণ তথা ৰাস্তা, পদপথ আৰু ষ্ট্ৰীটলাইটৰ ৰক্ষণাবেক্ষণ আৰু শ্মশান তথা কবৰস্থান আদিকে ধৰি বুনিয়াদী পৌৰ সেৱাসমূহৰ বাবে ব্যৱহাৰ কৰাৰ অৰ্থে পৰামর্শ আগবঢ়োৱা হৈছে। থোৰতে ক’বলৈ গ’লে, নিয়াৰিকৈ আৰু ফলপ্রসূভাৱে পৰিকল্পনা গ্ৰহণ তথা বুনিয়াদী সেৱাসমূহৰ যোগান ধৰিব পৰাকৈ, চতুর্দশ বিত্তীয় আয়োগে গাওঁ পঞ্চায়তসমূহক এক বিশেষ ধৰণৰ সহায়তা আগবঢ়াইছে। তদুপৰি চতুর্দশ বিতীয় আয়োগে স্থানীয় উন্নয়নৰ বাবে আৰু অধিক পুঁজি হস্তান্তৰ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ পটভূমিত, ভাৰত চৰকাৰে এক অংশগ্রহণমূলক পৰিকল্পনা প্রক্রিয়াৰ জৰিয়তে এই ধনৰাশি ব্যয় কৰাৰ বাবে গাওঁ পঞ্চায়তসমূহক নির্দেশ প্রদান কৰিছে। সেইকাৰণে অসম চৰকাৰেও, অসমৰ গাওঁ পঞ্চায়তসমূহৰ সা-শক্তিকৰণৰ বাবে এই সুযোগটো গ্রহণ কৰাৰ বাবে আগবাঢ়ি আহিছে।

এই নির্দেশনা পুথিখনৰ কিয় প্রয়োজন ?

 

চতুর্দশ বিত্তীয় আয়োগে অসমৰ গাওঁ পঞ্চায়তসমূহলৈ সাফল্যৰ অনুদানকে ধৰি মুঠতে ৫৪১৬.৫৮ কোটি টকাৰ অনুদান আগবঢ়াইছে। ইয়াৰ জৰিয়তে তৃণমূল পর্যায়ৰ পৰিকল্পনা প্রক্রিয়াটোত অংশগ্রহণ কৰাৰ বাবে গ্রামীন জনসাধাৰণক এক সুযোগ প্রদান কৰা হৈছে। এক মোটামোটি হিচাপৰ পৰা দেখা গৈছে যে, অসমৰ প্ৰতিখন গাওঁ পঞ্চায়তে বছৰি গড়ে ৪৪.৫০ কোটি টকা অনুদান হিচাপে লাভ কৰিব। বুনিয়াদী পৌৰ সেৱাসমূহৰ উন্নয়ন সাধন কৰাৰ বাবে, এই প্রথমবাৰৰ কাৰণে গাওঁ পঞ্চায়তসমূহলৈ প্রত্যক্ষভাৱে এনে এক বৃহৎ পুঁজি যোগান ধৰা হৈছে। ইয়াৰ পটভূমিত, অসম চৰকাৰে অসমৰ ২২০১ খন গাওঁ পঞ্চায়তৰ সকলো গাওঁ পঞ্চায়ততে “আমাৰ গাওঁ আমাৰ আচনি” নামেৰে এক পৰিকল্পনাৰ অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। চতুর্দশ বিত্তীয় আয়োগেও অসমৰ গাওঁ পঞ্চায়তসমূহৰ ক্ষেত্ৰত ভবাৰ দৰে, প্রধান বুনিয়াদী সেৱাসমূহৰ উন্নয়ন সাধন কৰাৰ বাবে তৃণমূল পর্যায়ত এনে পৰিকল্পনাৰ পোষকতা কৰিছে। ৰাজ্যখনৰ গাওঁ পঞ্চায়তসমূহৰ উন্নয়নৰ সৈতে জড়িত পৰিকল্পনাৰ অনুশীলনটোৰ বাবে এখন নির্দেশনা পুথিৰ আৱশ্যকতাৰ বিষয়ে সহজতে উপলব্ধি কৰিব পৰা যায়। সেইকাৰণে, এই পৰিকল্পনাৰ নির্দেশনা পুথিখন প্রস্তুত কৰা হৈছে। নিশ্চিতভাৱে, ৰাজ্যখনৰ পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ সকলো কর্মকর্তা, “আমাৰ গাওঁ আমাৰ আচনি'ৰ সহায়ক ব্যৱস্থাৰ অংশীদাৰসকল আৰু স্থানীয় ৰাইজৰ বাবে, এই নির্দেশনা পুথিখন, হাততে ঢুকি পোৱা তথ্যসমূহৰ উৎস হিচাপে কামত আহিব। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ ৰাজ্যিক নির্দেশাৱলী আৰু চতুর্দশ বিত্তীয় আয়োগৰ প্রতিবেদনৰ আধাৰত এই পৰিকল্পনাৰ নির্দেশনা পুথিখন প্রস্তুত কৰা হৈছে।

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ কিয় প্রয়োজন ?

 

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা এখন চৰকাৰী আঁচনি নহয়; বৰং গাওঁ পঞ্চায়তৰ সম্পূর্ণ উন্নয়নৰ বাবে প্রস্তুত কৰা ই এখন বিস্তাৰিত পৰিকল্পনাহে। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ লক্ষ্য হৈছে গাওঁ পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰখনত চৰকাৰৰ ভূমিকা সম্প্রসাৰিত কৰা আৰু ইয়াক স-শক্তিকৰণ কৰাৰ জৰিয়তে উন্নয়নৰ এক প্রতিষ্ঠানৰূপে গঢ় দিয়া। বিস্তাৰিত অৰ্থত, এই পৰিকল্পনাখনৰ উদ্দেশ্যসমূহ হৈছেঃ

  • গাওঁ পঞ্চায়তৰ বুনিয়াদী সা-সুবিধাসমূহৰ উন্নতি সাধন কৰা। এইবিলাকৰ ভিতৰত অনাময়, সংযোগ ব্যৱস্থা, খোৱাপানী, পানীৰ সামৰি লোৱা হৈছে,
  • পঞ্চায়তৰ দৰিদ্ৰ পৰিয়ালবিলাকৰ জীৱন ধাৰণৰ মান উন্নীত কৰা;
  • সেৱাসমূহৰ সংযোজনৰ জৰিয়তে চৰম দৰিদ্রতা আৰু আপেক্ষিক দৰিদ্রতা নিৰ্মূল কৰা,
  • স্বাস্থ্যবিভাগৰ সহযোগত সংক্ৰামক ৰোগসমূহ প্রতিহত আৰু নিয়ন্ত্ৰণ কৰা;
  • সকলো শ্রেণীৰ উপান্ত তথা দুর্বল জনগোষ্ঠীক সামাজিক সুৰক্ষা প্রদান কৰা;
  • প্রাকৃতিক সম্পদৰাজিৰ ফলপ্রসূ ব্যৱস্থাপনা আৰু জীৱিকাৰ দীৰ্ঘস্থায়ী উন্নয়ন,
  • ভূমি আৰু জল সংৰক্ষণ;
  • বিদ্যালয়ত এশ শতাংশ নামভর্তি নিশ্চিত কৰা;
  • উন্নয়নৰ সকলো দিশতে লিঙ্গৰ সমতা আৰু সদ্ভাৱ নিশ্চিত কৰা;
  • গাওঁ পঞ্চায়তৰ প্রশাসনিক সামর্থ্যৰ উন্নতি সাধন কৰা;
  • গাওঁসভা শক্তিশালী কৰা আৰু গাওঁসভাৰ গুণগত মানৰ উন্নয়ন সাধন কৰা।

ওপৰত উল্লেখ কৰা লক্ষ্যসমূহ সাধন কৰাৰ বাবে, বিভিন্ন প্রকাৰৰ কাৰ্যসূচী আৰু আঁচনি আছে। এই কাৰ্যসূচী আৰু আঁচনিসমূহ গাওঁ পঞ্চায়ত এলেকাত বিভিন্ন বিভাগ আৰু সংস্থাৰ দ্বাৰা ৰূপায়ণ কৰি থকা হৈছে। উন্নয়নমূলক সমস্যাসমূহ ফলপ্রসূভাৱে সমাধান কৰাৰ বাবে, এই সকলোবিলাক কার্যকলাপ একত্ৰিত আৰু সংযোজন কৰাৰ অৰ্থে গাওঁ পঞ্চায়তে এখন মঞ্চ হিচাপে কাম কৰিব পাৰে। এনে এখন মঞ্চ গঢ়ি তুলিবলৈ আৰু লগতে এক সমন্বিত আৰু সামগ্রিক উন্নয়ন সাধন কৰিবলৈ, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনেই হৈছে এখন বিস্তাৰিত পৰিকল্পনা।

সূচীৰ বিষয়সমূহ কি কি ?

“আমাৰ গাওঁ আমাৰ আঁচনি'ৰ অধীনত গাওঁ পঞ্চায়তৰ উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে ই হৈছে কিছুমান ক্রমাগত পদক্ষেপৰ প্রক্রিয়া। নির্দেশনা পুথিখনত অনুক্রমিকভাৱে তেৰটা পদক্ষেপক সামৰি লোৱা হৈছে। এই পদক্ষেপসমূহে সমগ্র গাওঁ পঞ্চায়তৰ উন্নয়ন পৰিকল্পনাখন বুজি পোৱাত সহায় কৰিব।

এই পদক্ষেপবিলাক হৈছে:

 

পদক্ষেপ

বিষয়সমুহৰ বিৱৰন

উদ্দেশ্য

সময়সীমা

গাঁও পঞ্চায়তৰ উন্নয়ন পৰিকল্পনা প্ৰ্ক্ৰিয়া বুজিব আৰু সুচনা কৰিবলৈ পঞ্চায়ত কমিতিৰ বৈঠক

বিষয়বস্তুৰ উপলব্ধি আৰু কাৰ্যকলাপৰ পৰিকল্পনা কৰাৰ বাবে

 

আৰম্ভনিৰ গাঁও সভা

জনসাধাৰণক অৱগত কৰা,কাৰ্যকৰী দল আৰু প্ৰ্চাৰ কমিটি গঠন কৰাৰ বাবে

 

পঞ্চায়ত পৰ্যায়ত প্ৰশিক্ষণ

পৰিস্থিতি বিশ্লষন আৰু গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্ৰক্ৰিয়াৰ ওপৰত সামৰ্থ্য গঢ়াৰ বাবে

 

পৰিস্থিতি বিশ্লেষণ

ক্ষেত্ৰভিত্তিক পৰিস্থিতিৰ বিষয়ে জ্ঞান লাভ আৰু খচৰা স্থিতিবিষয়ক প্ৰ্তিবেদন প্ৰ্তিবেদন প্ৰ্স্তুতিৰ বাবে

 

গাঁও পঞ্চায়তৰ বৈঠক

খচৰা স্থিতিবিষয়ক প্ৰতিবেদন উপস্থাপনৰ বাবে

 

অৱলোকন তথা অগ্ৰাধিকাৰ নিৰূপন আৰু খচৰা স্থিতি বিষয়ক প্ৰতিবেদন অনুমোদন

খচৰা স্থিতিবিষয়ক প্ৰ্তিবেদন অনুমোদন কৰাৰ বাবে আৰু উন্নয়নমূলক সমস্যাসমূহ চিনাক্ত কৰাৰ বাবে

 

খচৰা পৰিকল্পনা প্ৰ্স্তুতি

পৰিকল্পনাৰ দলিল প্ৰ্স্তত কৰাৰ বাবে

 

প্ৰকল্প প্ৰস্তুতকৰণ

পৰিকল্পনাৰ পৰা প্ৰকল্প তৈয়াৰ কৰাৰ বাবে

 

পঞ্চায়ত কমিটিৰ সভা

পৰিকল্পনাৰ আৰু আলোচনা কৰাৰ বাবে

 

১০

গাওঁসভাৰ দ্বাৰা পৰিকল্পনা অনুমোদন

গাঁওসভাত পৰিকল্পনা অনুমোদন কৰাৰ বাবে

 

১১

চূড়ান্ত গাঁও পঞ্চায়ত উন্নয়নত পৰিকল্পনাৰ দলিল

চূড়ান্ত গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ দলিল

 

১২

প্ৰকল্পসমূহৰ ৰুপায়ণ

কেলেণ্ডাৰ অনুসাৰে নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ৰূপায়ন

 

১৩

প্ৰ্কল্পসমূহৰ নিৰীক্ষণৰ কৌশল

 

 

 

উৎস-ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান

 

 

 

 

প্ৰকল্পসমূহৰ মান নিৰীক্ষণ

 

 

 

 

3.16666666667
বিনয় ৰাভা Jul 22, 2017 07:07 AM

ইয়াত যাতে দুৰ্নীতি সোমাই নাহে তেতিয়া হে সফল অভিযান হব

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top