অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিকল্পনাৰ নিৰ্দেশনা পুথি(আমাৰ গাঁও আমাৰ আঁচনি)

সকলো কার্যকলাপ আৰু উদ্দেশ্যৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা হ’ব লাগে। কথাবিলাক বুজি লোৱাৰ বাবে যথেষ্ট সময় দিব লাগে।

কাৰ্যাৱলীৰ কেলেণ্ডাৰ প্ৰস্তুত কৰাৰ সময়ত

 

  • সকলো কার্যকলাপ আৰু উদ্দেশ্যৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা হ’ব লাগে। কথাবিলাক বুজি লোৱাৰ বাবে যথেষ্ট সময় দিব লাগে।
  • কমিটিৰ দ্বাৰা সকলো সিদ্ধান্ত গ্রহণ কৰা হ’ব লাগে।
  • গাওঁ পঞ্চায়তৰ সভাপতি আৰু কমিটিয়ে গাওঁ পঞ্চায়ত কমিটি অথবা গাওসভাৰ দ্বাৰা গ্রহণ কৰা সিদ্ধান্তসমূহ চুড়ান্ত কৰিব পাৰে।

৬. বিশেষ গাওসভা এখনৰ বাবে তাৰিখ নিদ্ধাৰণ

প্ৰথমখন গাওঁসভা অনুষ্ঠিত কৰাৰ বাবে ল’বলগীয়া সিদ্ধান্ত:- নিম্নলিখিত কাৰ্যসূচীসমূহ আলোচনা কৰিবলৈ গাওঁসভা অনুষ্ঠিত কৰিবৰ বাবে, এই সভাখনত পঞ্চায়ত কমিটিয়ে এটা তাৰিখ, সময় আৰু স্থান নিদ্ধাৰণ কৰিবঃ

১। পঞ্চায়তৰ পৰিকল্পনাখন অনুমোদন কৰা নিকায়টো হৈছে গাওঁসভা। সেইকাৰণে, গাওঁসভাক শক্তিশালী কৰাৰ বাবে সকলো প্ৰকাৰে সুচল কৰা উচিত। গাওঁ পঞ্চায়তৰ সদস্যসকল আৰু সচিবগৰাকীৰ মাজত গাওঁসভাখন অনুষ্ঠিত কৰাৰ দায়িত্ব ভগাই ল’ব লাগে।

২। গাওঁসভা অনুষ্ঠিত কৰাৰ বাবে স্থান, সময়, ৰাইজক সংগঠিত কৰা আৰু অন্যান্য আয়োজন, যেনে— বহা আৰু চাউণ্ড চিষ্টেম আদিৰ বিষয়ে আলোচনা আৰু সিদ্ধান্ত গ্রহণ কৰিব লাগে।

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা ‘আমাৰ গাওঁ আমাৰ আঁচনি'ৰ প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা সৃষ্টি তথা সচেতনতা বৃদ্ধি কৰাৰ বাবে গাওঁসভা অনুষ্ঠিত কৰিব লাগে। গাওঁসভাই কার্যাৱলীৰ কেলেণ্ডাৰখন অনুমোদন কৰিব আৰু লগতে কার্যকৰী দল আৰু প্ৰচাৰ কমিটি গঠন কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰিব।

গাওঁসভাত উপস্থিত থকাৰ কাৰণে গাওঁবাসীসকলক সংগঠিত কৰাৰ বাবে, সভাপতিয়ে ৱাৰ্ডৰ সদস্যসকলক দায়িত্ব অর্পণ কৰিব। গাওঁসভাত উপস্থিত থাকিবলগীয়া ব্যক্তিসকলক আমন্ত্রণ জনোৱা চিঠিবিলাক সময়মতে প্ৰেৰণ কৰাৰ দায়িত্ব সচিবৰ ওপৰত ন্যস্ত থাকিব। সেইদৰে স্থান, চাউণ্ড চিষ্টেম, উপস্থিত থকা লোকসকলৰ পঞ্জীকৰণ ইত্যাদিৰ দায়িত্বও সচিবৰ ওপৰতেই ন্যস্ত থাকিব।

৭. সম্পদৰাজিৰ ভঁৰালৰ বিষয়ে আলোচনা

 

ৰাইজৰ অংশগ্রহণেই হৈছে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনৰ প্রধান আৱশ্যকতা। পৰিস্থিতি বিশ্লেষণ, প্রয়োজনসমূহৰ নক্সা অংকন, অতিৰিক্ত সম্পদৰাজি আহৰণ, সম্পত্তিৰ ব্যৱস্থাপনা ইত্যাদি সকলো কামৰ বাবে ৰাইজৰ অংশগ্ৰহণৰ প্রয়োজন হয়। এই ক্ষেত্ৰত ৰাইজক সংগঠিত কৰাটো আৰু ৰাইজক সংগঠিত কৰাৰ বাবে এখন ফলপ্রসূ পৰিকল্পনা থকাটো খুবেই আৱশ্যক। চতুর্দশ বিভীয় আয়োগৰ নির্দেশাৱলী অনুসাৰে নিজস্ব উৎসৰ ৰাজহ উপার্জন আৰু অন্যান্য উৎসসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। গাওঁ পঞ্চায়ত কমিটিৰ সভাত, চলিত বর্ষ আৰু তাৰ লগতে বিগত বৰ্ষৰ নিজস্ব উৎসৰ ৰাজহৰ তথ্যসমূহো উপস্থাপন কৰিব লাগে। পঞ্চায়ত কমিটিয়ে বিস্তাৰিতভাৱে পঞ্চায়তৰ সম্পদৰাজিৰ ভৰালটোৰ বিষয়ে আলোচনা কৰা উচিত। গাওঁ পঞ্চায়াতে আলোচনা কৰিবলগীয়া সম্পদৰাজিৰ ভঁৰালটোৰ প্ৰতিবেদনখন গাওঁ পঞ্চায়তৰ সচিবৰ দ্বাৰা প্রস্তুত কৰা হ’ব লাগে।

সম্পদৰাজিৰ ভঁৰাল

 

এক প্রণালীবদ্ধ পদ্ধতিৰে, গাওঁ পঞ্চায়তত উপলব্ধ আৰু গাওঁ পঞ্চায়তৰ সম্ভাৱ্য সম্পদৰাজিৰ আনুমানিক হিচাপ কৰি উলিয়াব লাগিব। গাওঁ পঞ্চায়তৰ বাবে পৰিকল্পনা কৰোঁতে, মূলতঃ গাওঁ পঞ্চায়তত ঢুকি পাব পৰা সম্পদৰাজিৰ ভৰাঁলটোৰ বিষয়ে বিবেচনা কৰিব লাগিব। ইয়াত আমি গাওঁ পঞ্চায়তৰ ওচৰত উপলব্ধ অথবা আগন্তুক দিনবোৰত সৃষ্টি কৰিব পৰাৰ সম্ভাৱনীয়তা থকা বিত্তীয় আৰু মানৱ সম্পদৰ বিষয়ে আলোচনা কৰিম। এই উদ্দেশ্যে অংকিত কৰা সম্পদৰাজি, এক সংযোজিত আৰু সমন্বিত উপায়ে সর্বাধিক সহভাগী সৃষ্টি কৰা কামত ব্যৱহাৰ কৰিব লাগিব। এইদৰে হিচাপ কৰি উলিওৱা গাওঁ পঞ্চায়তৰ সম্পদৰাজিৰ ভৰাঁলটোৰ

ভিতৰত নিম্নলিখিত পুঁজিৰ উৎসসমূহ সামৰি লোৱা হ’বঃ

  1. 1ৰাজ্যখনলৈ আগবঢ়োৱা চতুর্দশ বিভীয় আয়োগৰ বৰঙণিৰ ধন।

2.  উন্নয়নমূলক কামকাজৰ বাবে ৰাজ্যিক বিত্তীয় আয়োগৰ দ্বাৰা আগবঢ়োৱা পুঁজি।

3.  সম্প্রতি চলি থকা কেন্দ্রীয়ভাৱে প্ৰৱৰ্তিত ধ্বজাবাহী আঁচনিৰ (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ইন্দিৰা আৱাস যোজন, ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, সংহত শিশু বিকাশ আঁচনি, সৰ্বশিক্ষা অভিযান ইত্যাদি)ধন।

4.   ৰাজ্যিক পৰিকল্পনাৰ আঁচনি (জিলা উন্নয়ন পৰিকল্পনা, মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ কাৰ্যসূচী আদি)।

5.  নিজস্ব উৎসৰ ৰাজহ ।

6.   ৰাইজৰ দ্বাৰা আগবঢ়োৱা বৰঙণি (নগদ ৰূপত অথবা শ্ৰমত ৰূপত)।

7.   সাংসদ আৰু বিধায়কৰ এলেকা উন্নয়ন পুঁজি।

বৃহৎ পৰিসৰৰ গাওঁ পঞ্চায়তৰ বিত্তীয় সম্পদৰাজিৰ ভঁৰাল

  1. সম্পূৰ্ণৰকমে বন্ধনযুক্ত (Tied) -ইন্দিৰা আৱাস যোজনা, প্রধানমন্ত্রী গ্রাম চড়ক যোজনা, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি।

2.  আংশিকভাৱে বন্ধনমুক্ত (Untied) তথা শিথিল কৰিব পৰা-(মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিত আইন, ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা মিছন, ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান, সর্বশিক্ষা অভিযান।

3.  যথেষ্ট পৰিমাণে বন্ধনমুক্ত (Untied) – ৰাজীৱ গান্ধী পঞ্চায়ত সা-শক্তিকৰণ অভিযান।

4.  সম্পূৰ্ণৰকমে বন্ধনমুক্ত (Untied) – কেন্দ্রীয় বিত্তীয় আয়োগৰ বৰঙণি, ৰাজ্যিক বিত্তীয় আয়োগৰ বৰঙণি আৰু নিজস্ব উৎসৰ ৰাজহ।

5.  গাওঁবাসীসকলৰ দ্বাৰা আগবঢ়োৱা বৰঙণি তথা শ্ৰমদান আদি।

 

সম্পদৰাজিৰ ভঁৰালৰ তালিকা প্ৰস্তুতিৰ প-পত্ৰ

 

ক্ৰমিক নং

আঁচনিৰ নাম

প্ৰাপ্তি (বিগত ২০১৪-২০১৫)বৰ্ষৰ কালছোৱাত প্ৰাপ্তি (টকা)

আগন্তুক ২০১৫-২০১৬ বৰ্ষৰ সম্ভাব্য প্ৰাপ্তি (টকা)

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন

 

 

অন্নপূৰ্ণ্য

 

 

চতুৰ্দশ বিত্তীয় আয়োগ

 

 

জিলা উন্নয়ন পৰিকল্পনা

 

 

নিজস্ব উৎসৰ ৰাজহ

 

 

ইন্দিৰা আৱাসা যোজনা

 

 

গ্ৰাম্য গৃহ নিৰ্মাণ

 

 

সমন্বিত জলচ্ছেদ ব্যৱস্থাপনা কাৰ্যসূচী

 

 

ৰাষ্ট্ৰীয় শাৰীৰিকভাৱে অক্ষম লোকৰ পেন্সন আঁচনি

 

 

১০

ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি

 

 

১১

ৰাষ্ট্ৰীয় বৃদ্ধকালীন পেন্সন আঁচনি

 

 

১২

ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনি

 

 

১৩

স্বচ্ছ ভাৰত মিছন(গ্ৰামীন)

 

 

১৪

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা

 

 

১৫

ৰাজীৱ গান্ধী পঞ্চায়ত স-শক্তিকৰণ অভিযান

 

 

১৬

ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা মিছন

 

 

১৭

পঞ্চম বিত্তীয় আয়োগ

 

 

১৮

যিকোনো বিভাগীয় আঁচনি

 

 

১৯

অন্য কোনো

 

 

 

চলিত বৰ্ষত লাভ কৰা ধনৰাশিৰ আধাৰত পঞ্চায়তৰ দ্বাৰা আগন্তুক বৰ্ষৰ প্ৰত্যাশিত প্ৰাপ্তি ধনৰ হিচাপ কৰি উলিওৱা হ’ব। আগন্তুক বৰ্ষৰ বাবে চলিত বৰ্ষৰ ধনৰাশিৰ সৈতে ১০ শতাংশ ধন যোগ কৰা হ’ব।

সম্পদৰ আহৰণ/গতিচালনা

সম্পদ আহৰণ হৈছে গাওঁ পঞ্চায়ত এখনৰ উন্নয়নৰ মূল কাৰক। এখন গাওঁ পঞ্চায়তৰ সীমিত বিত্তীয় পুঁজিটোৰ ভিতৰত চৰকাৰৰ অনুদান আৰু পঞ্চায়তখনৰ নিজস্ব উৎসৰ ৰাজহক সামৰি লোৱা হৈছে। গাওঁ পঞ্চায়তে ইয়াৰ এলেকাটোৰ ভিতৰত উপলব্ধ সকলো প্রকাৰৰ স্থানীয় সম্পদৰাজিক চিনাক্ত কৰিবলৈ সক্ষম হ’ব লাগিব। পঞ্চায়ত পৰ্যায়ৰ গতিশীল নেতৃত্বৰ সহায়ত গাঁও পঞ্চায়তৰ উন্নয়নৰ কাৰণে প্রয়োজন হোৱা অতিৰিক্ত সম্পদৰাজি আহৰণ কৰিব পৰা যায়। এনে অতিৰিক্ত সম্পদৰাজিৰ ভিতৰত আহৰণ কৰিব পৰা কিছুমান সম্পদৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

মানৱ সম্পদসমূহ কি কি ?

 

পঞ্চায়তৰ উন্নয়নৰ  পটভূমিত, সৰল ভাষাত ক’বলৈ গ’লে মানৱ সম্পদসমূহ হৈছেঃ

বিভিন্ন উদ্দেশ্যৰ বাবে শাৰীৰিকভাৱে কাম কৰিবলৈ শাৰীৰিকভাৱে কাম কৰা শ্ৰমিকৰ প্ৰয়োজন হয়:

ৰাস্তা, পদপথ, নলা, খেলপথাৰ ইত্যাদিৰ নিৰ্মাণৰ বাবে। ৰাইজৰ অংশগ্ৰহণৰ জৰিয়তেও শাৰীৰিক ভাৱে কাম কৰা শ্রমিক শক্তি লাভ কৰিব পৰা যায়। তেনে কামত ৰাইজৰ অংশগ্ৰহণৰ ইচ্ছা অধিক হ’ব, যিবোৰ কামৰ চাহিদা বা ভাৱে অনুভূত চাহিদা বা অভাৱৰ ভিত্তিত পৰিকল্পনা গ্রহণ কৰা হ’লে, আদর্শগতভাৱে মানৱ সম্পদ লাভ কৰাটো অধিক সহজ হৈ পৰে।

তলত উল্লেখ কৰা সেৱা সমূহৰ দৰে মানৱ সম্পদ:

 

  • শয্যাগত ৰোগীৰ যতন, উপশমকাৰী যতন।
  • বৃদ্ধ লোক আৰু শাৰীৰিকভাৱে বাধাগ্রস্ত লোকসকলৰ সামূহিক যতন।

ৰাজহুৱা সম্পত্তিৰ ব্যৱস্থাপনা:

খোৱাপানীৰ সা-সুবিধা, ৰাজহুৱা শৌচালয় ইত্যাদি সম্পত্তিৰ ব্যৱস্থাপনা তথা ৰক্ষণাবেক্ষণৰ ব্যৱস্থাৰ প্রয়োজন। এইবিলাকত নূন্যতম ব্যয় বহন কৰিবলগীয়া হয়।

বৌদ্ধিক আৰু বৃত্তিগত শ্ৰমিক:

  • পৰিকল্পনা প্রস্তুত আৰু প্রকল্পৰ লিখনিমূলক কামৰ বাবে।
  • কার্যসূচীসমূহৰ নিৰীক্ষণৰ বাবে।
  • বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী চলাই নিয়াৰ বাবে।
  • ৰাইজক সংগঠিত আৰু সজাগতা সৃষ্টিৰ বাবে।
  • পঞ্চায়তৰ হকে অধ্যয়ন কৰাৰ বাবে।
  • শিক্ষাৰ গুণগত মান উন্নীত কৰিবলৈ কাৰ্যসূচীৰ আয়োজন কৰাৰ বাবে

কলা আৰু ক্ৰীড়াৰ উন্নয়নৰ বাবে মানৱ সম্পদ:

বিদ্যালয়সমূহত প্ৰশিক্ষণ অথবা কৰ্মশালা পাতিবৰ বাবে শিল্পী আৰু ক্ৰীড়াবিদসকলৰ সেৱা গ্ৰহণ কৰিব পৰা যায়। বৃত্তিগত লোক আৰু শিল্পীৰ সহায়ত শিক্ষামূলক পুতলা তৈয়াৰ কৰিব পৰাও যায়।

তলত উল্লেখ কৰা কাৰ্যকলাপবিলাকৰ বাবে মানৱ সম্পদৰ প্ৰয়োজন হয়:

  • সামূহিক উন্নয়ন বাবে সমূহীয়া সিদ্ধান্ত গ্রহণ
  • সামাজিক হিচাপ পৰীক্ষা আৰু সামূহিক নিৰীক্ষণ

গাওঁ পঞ্চায়তৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ ইচ্ছুক লোকসকলক পঞ্চায়তখনে চিনাক্ত কৰিব আৰু তেওঁলোকৰ তালিকা এখন প্রস্তুত কৰিব লাগে। এই প্রক্রিয়াটোৰ জৰিয়তে গাওঁ পঞ্চায়তে ওপৰত উল্লেখ কৰা কার্যকলাপবিলাক সম্পন্ন কৰিবলৈ আৱশ্যক হোৱা মানৱ সম্পদ বিচাৰি উলিয়াবলৈ সক্ষম হ’ব লাগিব।

সম্পদ আহৰণৰ প্ৰকাৰবিলাক

-

গাওঁত কোনো মানৱপ্ৰেমী থাকিলে, তেওঁলোকৰ পৰা সম্পদ সংগ্ৰহ কৰিব পৰা যায়। পঞ্চায়তে এনে লোকসকলৰ অৱস্থান চিনাক্ত কৰিব আৰু তেওঁলোকক লগ ধৰিব লাগে। গাঁৱত থকা আর্থিকভাৱে সচ্ছল ব্যক্তিসকলৰ পৰাও সম্পদ আহৰণ কৰিব পৰা যায়। যিসকল ব্যক্তিয়ে নিজৰ গাওঁ এৰি গৈছে আৰু আর্থিক তথা বৃত্তিগতভাৱে নিজকে প্রতিষ্ঠা কৰিছে, তেওঁলোককো লগ ধৰিব পৰা যায়, যিহেতু তেওঁলোকেও নিজৰ পিতৃ-মাতৃ আৰু সম্বন্ধীয় লোক থকা নিজৰ গাওঁখনৰ উন্নয়নৰ বাবে বৰঙণি আগবঢ়াবলৈ আগ্রহী হ’ব পাৰে। যদি গাওঁ পঞ্চায়তে নিজকে দায়িত্বশীল, সমর্থবান আৰু দায়বদ্ধ বুলি প্রমাণিত অথবা আশ্বস্ত কৰিব পাৰে, তেনেহলে মানুহে বৰঙণি আগবঢ়াবলৈ ইচ্ছুক হ’ব পাৰে। এই ক্ষেত্ৰত তলত উল্লেখ কৰা সামগ্ৰীসমূহো সংগ্ৰহ কৰিব পৰা যায়ঃ

  • বিদ্যালয়, অঙ্গনৱাদী আৰু প্রাথমিক স্বাস্থ্যকেন্দ্ৰ আদিৰ বাবে আচবাব,
  • অঙ্গনৱাদীৰ বাবে পুতলা,
  • চিকিৎসালয় অথবা প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ বাবে যন্ত্রপাতি,
  • বিদ্যালয়ৰ শিশুসকলৰ বাবে শিক্ষামূলক সামগ্ৰী,
  • চিকিৎসালয় তথা দৰিদ্ৰ লোকসকলৰ বাবে ঔষধপাতি,

বিত্তীয় সম্পদৰাজি আহৰণ

  • ৰাইজৰ পৰা প্রকল্প ব্যয়ৰ এটা অংশ আহৰণ কৰিব পৰা যায় অর্থাৎ প্রকল্প ব্যয়ৰ এটা অংশ পঞ্চায়তৰ দ্বাৰা আৰু আন এটা অংশ ৰাইজৰ বৰঙণিৰ দ্বাৰা বহন কৰিব পৰা যায়।
  • সকলো বৰঙণিৰ বিষয়ে তথ্যসহ প্রতিপাদন কৰা উচিত। এই প্রক্রিয়াটো সম্পূর্ণ স্বচ্ছ আৰু দায়বদ্ধ হ’ব লাগে।

সম্পদ আহৰণৰ এই দিশবিলাকৰ বিষয়ে গাওঁ পঞ্চায়তৰ সভাত আলোচনা কৰিব লাগে আৰু অতিৰিক্ত সম্পদ আহৰণ কৰিবৰ বাবে এখন পৰিকল্পনা যুগুত কৰিব লাগে।

গাওঁ পঞ্চায়তত প্ৰচাৰ পৰিৱেশ সৃষ্টিৰ প্রক্রিয়াৰ বিষয়ে আলোচনা:

ৰাইজৰ মাজত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা “আমাৰ গাওঁ আমাৰ আঁচনি” জনপ্রিয় কৰি তুলিব পৰা আৱশ্যকীয় আহিলা আৰু কৌশলৰ বিষয়ে আলোচনা কৰিব লাগিব যাতে তেওঁলোকৰ সক্রিয় অংশগ্রহণ নিশ্চিত কৰিব পৰা হয়। এই ক্ষেত্ৰত নিম্নলিখিত আহিলা আৰু কৌশল গ্রহণ কৰিব পৰা যায়ঃ

  1. বাটৰ নাট,

2.  লাউডস্পীকাৰেৰে ঘোষণা তথা প্ৰচাৰ,

3.  বেনাৰ আৰু পোষ্টাৰ প্ৰদৰ্শন,

4.  সমাৱেশ,

5.  আত্মসহায়ক গোটৰ জৰিয়তে প্ৰচাৰ,

6.  বিদ্যালয়ৰ শিশু আদিৰ জৰিয়তে প্ৰচাৰ,

আলোচনা-বিলোচনাৰ জৰিয়তে সংশিষ্ট গাওঁ পঞ্চায়তখনেও ইয়াৰ নিজৰ কৌশল উদ্ভাৱন কৰিব পাৰে।

 

৮. আমন্ত্ৰণী পত্ৰ আৰু খচৰা চিঠিৰ বিষয়ে আলোচনা:-

 

প্ৰথমখন গাওঁসভাৰ বাবে, সমল গোট, আগশাৰীৰ কৰ্মী, স্থানীয় সংগঠন আদিলৈ পঠাবলগীয় আমন্ত্ৰণী পত্ৰ আৰু খচৰা চিঠিবিলাক গাওঁ পঞ্চায়ত কমিটিৰ সভাত উপস্থাপন কৰিব লাগে। এইবিলাক প্ৰক্ৰিয়াৰ জৰিয়তে, পঞ্চায়তৰ সদস্যসকলে প্ৰশাসনিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে এক সাধাৰণ ধাৰণা লাভ কৰিব পাৰিব। সেইকাৰণে এইবিলাকৰ বিষয়ে আলোচনা কৰাটো আৰু বিস্তাৰিতভাৱে সকলোকে অৱগত কৰাটো অতি গুৰুত্বপূৰ্ণ কথা।

 

গাওঁসভাত উপস্থিত থকাৰ বাবে সমল গোট, আগশাৰীৰ কমী আৰু স্থানীয় সংগঠনসমূহলৈ লিখা চিঠিৰ আৰ্হি

প্ৰতি,

…………………….

মহাশয়/মহাশয়া,

আন্তৰিক সদিচ্ছা গ্রহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছো যে, এইবেলি চতুৰ্দশ বিত্তীয় আয়োগে গাওঁ পঞ্চায়তলৈ প্রত্যক্ষভাৱে পুঁজি আগবঢ়াইছে। ইয়াৰ পটভূমিত, আমাৰ গাওঁ পঞ্চায়তে ৰাইজৰ অংশগ্ৰহণৰ সৈতে, এখন গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজন হৈ পৰিছে।

যিহেতু গাওঁসভাখন গাওঁ পর্যায়ৰ উন্নয়নৰ বাবে গঠন কৰা এক সাংবিধানিক নিকায়, সেইকাৰণে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনৰ আৰম্ভণি কৰিবলৈ, এই পৰিকল্পনাৰ প্রক্রিয়াসমূহৰ বিষয়ে আলোচনা কৰিবৰ বাবে অহা ..../…./২০১৬ তাৰিখে দিনৰ ... বজাত ........... (স্থান)ত গাওঁসভাৰ বৈঠক এখন আহ্বান কৰা হৈছে।

উক্ত বৈঠকত অংশগ্রহণ কৰিবৰ কাৰণে আৰু লগতে আপোনাৰ মূল্যবান পৰামর্শ আগবঢ়াবৰ কাৰণে আপোনাক আমন্ত্ৰণ কৰা হ’ল।

গাওঁসভাৰ বৈঠক এখন আহ্বান কৰা হৈছে।

উক্ত বৈঠকত অংশগ্রহণ কৰিবৰ কাৰণে আৰু লগতে আপোনাৰ মূল্যবান পৰামর্শ আগবঢ়াবৰ কাৰণে আপোনাক আমন্ত্ৰণ কৰা হ’ল।

বৈঠকৰ কাৰ্যসূচীসমূহ হৈছেঃ

১)

২)

৩)

ধন্যবাদেৰে

আপোনাৰ বিশ্বাসী

সভাপতি

………………………………গাওঁ পঞ্চায়ত

 

গাওঁ পঞ্চায়তৰ সভাপতিয়ে কাৰ্যকৰী / দল প্ৰচাৰ কমিটিৰ সদস্যসকললৈ লিখা চিঠিৰ আৰ্হি-

 

প্ৰতি

……………………..

মহাশয়/মহাশয়া,

আন্তৰিক সদিচ্ছা গ্রহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছো যে, চতুর্দশ বিত্তীয় আয়োগে পৰিকল্পনাৰ ক্ষেত্ৰত গাওঁ পঞ্চায়তসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসাৰে, বিত্তীয় আয়োগে গাওঁ পঞ্চায়তসমূহলৈ প্রত্যক্ষভাৱে পুঁজি হস্তান্তৰ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে। মন কৰিবলগীয়া যে, এই পুঁজি লাভ কৰিবৰ বাবে গাওঁ পঞ্চায়তে এখন উন্নয়ন পৰিকল্পনা প্রস্তুত কৰিব লাগিব। এই উদ্দেশ্যে গাওঁ পঞ্চায়তৰ উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰিবলৈ, গাওঁ পঞ্চায়তৰ বাবে আপোনাৰ কাৰিকৰী তথা বৃত্তিগত জ্ঞান আৰু অভিজ্ঞতাৰ প্রয়োজন হৈ পৰিছে। গাওঁ পঞ্চায়তৰ প্ৰতি আপোনাৰ বৰঙণিৰ কথা বিবেচনা কৰি, পৰিকল্পনাখন প্রস্তুত কৰাৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ অনুষ্ঠানৰ সদস্যসকলক সহায় কৰাৰ বাবে আপোনাক পৰিকল্পনাৰ সৈতে জড়িত কার্যকৰী দল / প্রচাৰ কমিটিৰ এগৰাকী সদস্য হিচাপে মনোনীত কৰা হৈছে। পৰিকল্পনাৰ সমগ্র প্রক্রিয়াটোত আপোনাৰ মূল্যবান সময় আৰু দিহা-পৰামৰ্শৰ বিষয়ে কৃতজ্ঞতাৰে স্মৰণ কৰা হ’ব।

ধন্যবাদেৰে                                    আপোনাৰ বিশ্বাসী

সভাপতি

……………………………..গাওঁ পঞ্চায়ত

 

গ্রহণ কৰিবলগীয়া মূল সিদ্ধান্তসমূহ

  • প্ৰথমখন গাওঁসভাৰ বাবে তাৰিখ, স্থান আৰু সময় নিদ্ধাৰণ,
  • কার্যকৰী দল আৰু প্ৰচাৰ কমিটিৰ খচৰা তালিকা অনুমোদন,
  • বিশেষজ্ঞ ব্যক্তি আৰু অনুষ্ঠানবিলাকলৈ আমন্ত্রণ,
  • সম্পদৰ ভঁৰালী,
  • পৰিৱেশ সৃষ্টিৰ পৰিকল্পনা প্রস্তুতকৰণ আৰু অনুমোদন,
  • পৰিকল্পনা প্রস্তুত কৰাৰ বাবে কাৰ্যকৰী কেলেণ্ডাৰ এখন প্রস্তুতকৰণ

 

১.৪ পৰৱতী কার্যকলাপ

 

দায়িতুবাহীসকলঃ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব শীঘ্ৰে গ্ৰহণ কৰিবলগীয়া কাৰ্যব্যৱস্থা

  • গাওঁ পঞ্চায়তৰ জাননী ফলকত পঞ্চায়ত কমিটিৰ সিদ্ধান্তসমূহ প্রদর্শন কৰিব লাগিব।
  • প্ৰথমখন গাওঁসভাৰ আয়োজন
  • সকলো সদস্য আৰু সমল ব্যক্তিলৈ কাৰ্যাৱলীৰ কেলেণ্ডাৰ  বিতৰণ কৰা। কাৰ্যাৱলী কেলেণ্ডাৰখন গাওঁ পঞ্চায়তৰ জাননী ফলকত আঁৰি দিব লাগে।
  • প্ৰথমখন গাওঁ পঞ্চায়তৰ অংশগ্রহণকাৰীসকললৈ আমন্ত্ৰণী চিঠি প্ৰেৰণ কৰা।
  • সকলো অনুষ্ঠান, ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা মিছনৰ গ্ৰাম্য সংগঠন আৰু আত্মসহায়ক গোটলৈ গাওঁসভাৰ চিঠি আৰু জাননী প্ৰেৰণ কৰা।
  • গাওঁসভাৰ বাবে ৰাইজক সংগঠিত পৰিৱেশ সৃষ্টিৰ কাম আৰম্ভ কৰা।

গাওঁসভাৰ কাৰ্যবিৱৰণী

গাওঁ পঞ্চায়তৰ সচিবগৰাকীয়ে গাওঁসভাৰ বৈঠকৰ কার্যবিৱৰণীখন লিখিব লাগে। উক্ত কাৰ্যবিৱৰণীখনত সভাপতি আৰু সচিবৰ লগতে এজন বা দুজন নির্বাচিত প্রতিনিধিৰ দ্বাৰা স্বাক্ষৰ হ’ব লাগে। সচিবগৰাকীয়ে গাওঁসভাত পাঠ কৰি শুনোৱাৰ পিছত, গাওঁসভাৰ পাঁচগৰাকী সদস্যই এইখনত প্রতিস্বাক্ষৰ কৰিব লাগে।

পঞ্চায়ত কমিটিৰ কাৰ্যবিৱৰণী-

 

গাওঁ পঞ্চায় তৰসচিবগৰাকীয়ে পঞ্চায়ত কমিটিৰ সভাৰ কার্যবিৱৰণীখন লিখিব লাগে আৰু সভাত উপস্থিত থকা সকলো সদস্যই ইয়াত প্রতিস্বাক্ষৰ কৰিব লাগে। গাওঁ পঞ্চায়তৰ সদস্যসকলৰ মাজত কাৰ্যবিৱৰণীৰ প্ৰতিলিপি বিতৰণ কৰিব লাগে।পঞ্চায়ত কমিটিয়ে গাওঁসভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ চুড়ান্ত কৰিব লাগে।

অংশগ্ৰহণমূলক পৰিকল্পনাৰ কিয় প্ৰয়োজন?

অংশগ্ৰহণমূল পৰিকল্পনাৰ প্ৰধান তথা গুৰুত্বপূৰ্ণ ধাৰণাটো হৈছে, তৃণমূল পৰ্যায়ত পৰিকল্পনা গ্ৰহণ তথা উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণৰ জৰিয়তে, তৃণমূল পৰ্যায়ৰ উন্নয়নৰ সৈতে জড়িত বিষয়সমূহ মোকাবিলা কৰিব পৰাটো। উন্নয়নমূলক কামকাজত স্থানীয় ৰাইজৰ অংশগ্ৰহণে, স্থানীয় উন্নয়নৰ প্ৰকৃত সমস্যাসমূহ চিনাক্ত কৰাত আৰু লগতে সেইবিলাক বিষয়ত প্ৰয়োজনভিত্তিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অংশগ্ৰহণমূলক পৰিকল্পনাৰ জৰিয়তে ৰাইজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলে, উন্নয়নৰ প্ৰক্ৰিয়াটোত সমান তথা প্ৰত্যক্ষ সুযোগ-সুবিধা লাভ কৰিব পাৰিব। অংশগ্রহণমূলক পৰিকল্পনাৰ আন এক গুৰুত্ব হৈছে, ইয়ে সম্পদসমূহ লিক হোৱাটো প্রতিহত কৰিব পাৰিব। গাওঁ পঞ্চায়তে অংশগ্রহণমূলক পৰিকল্পনাৰ ক্ষেত্ৰত ৰাইজক নেতৃত্ব দিব লাগে। আচলতে গাওঁ পঞ্চায়তৰ নেতৃত্বই হৈছে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ ৰাজহাড় স্বৰূপ। অংশগ্রহণমূলক পৰিকল্পনাৰ জৰিয়তে, উন্নয়নৰ পৰিকল্পনা প্রস্তুত কৰা সম্পর্কে আৰু গণতান্ত্রিক ভাৱধাৰাৰ বিষয়ে ৰাইজৰ জ্ঞান বৃদ্ধি পাব আৰু এইদৰে তেওঁলোকৰ নাগৰিকত্বৰ

উন্নয়নতো বৰঙণি যোগাব পাৰিব। গাওঁসভাৰ বৈঠক এখনত নিম্নলিখিত বিষয়সমূহৰ ক্ষেত্ৰত আলোচনা হোৱা উচিত:

অংশগ্ৰহণমূলক পৰিকল্পনাৰ ক্ষেত্ৰত গাওঁবাসীসকলৰ ভূমিকা:-

 

  • গাওঁ উন্নয়নৰ স্থিতিৰ মূল্যায়ণ
  • প্রকৃত উন্নয়নমূলক সমস্যাসমূহৰ চিনাক্তকৰণ
  • উন্নয়নমূলক সমস্যাসমূহৰ সমাধানৰ উপায় বিচাৰি উলিওৱা
  • সমস্যাসমূহৰ অগ্রাধিকাৰ নিৰূপণ আৰু সিবিলাকৰ সমাধান
  • পৰিকল্পনা প্রস্তুতিত অংশগ্রহণ আৰু প্রকল্প প্রস্তুতকৰণ
  • সম্পদসমূহৰ আৱণ্টনত অংশগ্রহণ কৰা
  • ৰূপায়ণত অংশগ্রহণ কৰা
  • নিৰীক্ষণ আৰু সামাজিক হিচাপ পৰীক্ষণত অংশগ্রহণ কৰা
  • সম্পত্তিসমূহৰ ব্যৱস্থাপনাত অংশগ্রহণ কৰা
  • অতিৰিক্ত সম্পদ আহৰণ
  • হিতাধিকাৰী আৰু হিতপ্রাপ্তিৰ এলেকাসমূহৰ চিনাক্তকৰণ
  • প্রাকৃতিক সম্পদৰাজিৰ ব্যৱস্থাপনাত অংশগ্রহণ কৰা
  • বিত্তীয় সম্পদৰাজি লিক হোৱাটো প্ৰবিহত কৰা
  • সম্ভাৱনাপূর্ণ সম্পদৰাজি চিনাক্ত তথা সম্পদৰাজিৰ ফলপ্রসূ ব্যৱহাৰ কৰিবলৈ সামুহিক দায়িত্ব গ্রহণ

পদক্ষেপ-২:

প্ৰথমখন গাওঁসভা

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়া আৰম্ভ কৰাৰ এইখন প্রথম গাওঁসভা হ'ব, গতিকে গাওঁ পঞ্চায়ত কমিটিখনে সমগ্র প্রক্রিয়াটোৰ বিষয়ে এক উমৈহতীয়া বুজাবুজিত উপনীত হ’ব লাগিব। প্রক্রিয়াটাৰ আৰম্ভ কৰিবৰ বাবে তেওঁলোকক স্থানীয় সমল ব্যক্তিসকল, সামুহিকভিত্তিৰ সংগঠন, বেচৰকাৰী সংগঠন আদিৰ  সহায়-সমৰ্থনৰ প্রয়োজন হয়। ইয়াৰ বাবে পঞ্চায়ত কমিটিয়ে এনে ব্যক্তি তথা সংগঠনসমূহ চিনাক্ত কৰিব লাগে আৰু তেওঁলোকলৈ আনুষ্ঠানিকভাৱে আমন্ত্রণ জনাব লাগে। পঞ্চায়তে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ সমগ্ৰ কালছোৱাত, তেওঁলোকক সমর্থন কৰিবলৈ সক্ষম তিনিগৰাকী স্বেচ্ছাসেৱী সমল ব্যক্তি বাছনি কৰিব লাগে।  তেতিয়াৰে পৰা তেওঁলোকক ‘পঞ্চায়তৰ সমল ব্যক্তি” হিচাপে উল্লেখ কৰা হ’ব। পঞ্চায়তৰ সমল ব্যক্তিসকলে গাওঁ পঞ্চায়তৰ এক পৰিকল্পনাৰ কোষ হিচাপে কাম কৰিব লাগিব। পঞ্চায়তৰ সমল ব্যক্তিসকলক লৈ কোষ এটা গঠন কৰাটো অকল পঞ্চায়তখনৰে পঞ্চায়তখনৰ দায়িত্ব। উল্লেখযোগ্য যে, পঞ্চায়তৰ সমল ব্যক্তিসকলৰ মাজত কম পক্ষেও এগৰাকী মহিলা থাকিব লাগিব।

গাওঁসভাৰ এই বৈঠকখনত, গাওঁ পঞ্চায়ত পৰ্যায়ৰ কাৰ্যকৰী দল আৰু প্ৰচাৰ কমিটিত অন্তর্ভুক্ত কৰিবৰ বাবে, পঞ্চায়ত কমিটিয়ে সম্ভাৱ্য সদস্যসকলৰ এখন তালিকাও প্রস্তুত কৰিব লাগিব। চূড়ান্ত অনুমোদনৰ কাৰণে দুয়োখন তালিকাকে গাওঁসভাৰ বৈঠকত উপস্থাপন কৰা হ'ব। কার্যকৰী দলবিলাকে পৰিকল্পনাৰ প্রক্রিয়াত গাওঁ পঞ্চায়তলৈ সমৰ্থন আগবঢ়োৱাৰ প্রয়োজন হ’ব। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ ৰাজ্যিক নির্দেশাৱলী অনুসাৰে, প্ৰতিখন গাওঁ পঞ্চায়ততে ৮ গৰাকী সদস্যবিশিষ্ট চাৰিটাকৈ কাৰ্যকৰী দল থাকিব লাগে। পঞ্চায়ত কমিটিৰ সদস্যসকল, সংশ্লিষ্ট পঞ্চায়তখনৰ বাসিন্দা হিচাপে থকা সমজাতীয় বিভাগসমূহৰ কৰ্মচাৰীসকল আৰু পঞ্চায়তৰ সমল ব্যক্তিসকল কাৰ্যকৰী দলৰ পদেন সদস্য হ’ব। এগৰাকী আগ্রহ থকা পঞ্চায়তৰ সদস্য কার্যকৰী দলৰ অধ্যক্ষ হ’ব পাৰিব। আনহাতে সংশ্লিষ্ট বিষয়ৰ সৈতে জড়িত থকা চৰকাৰী কর্মচাৰী এগৰাকী উক্ত  কার্যকৰী দলৰ আহ্বায়ক হ’ব পাৰিব। উদাহৰণস্বৰূপে, শিক্ষাৰ বিষয়ত থকা কাৰ্যকৰী দলটোত, শিক্ষাৰ প্ৰতি বিশেষ আগ্রহ থকা এগৰাকী পঞ্চায়ত সদস্য অধ্যক্ষ হ’ব পাৰিব আৰু বিদ্যালয় এখনৰ প্রধান শিক্ষক অথবা আন শিক্ষক এগৰাকী উক্ত কার্যকৰী দলৰ আহ্বায়ক হ’ব পাৰিব।

পঞ্চায়তৰ প্ৰচাৰ কমিটিখন হৈছে গাওঁ পঞ্চায়ত এলেকাত পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত নেতৃত্ব প্রদান কৰা আন এক সহায়ক গাঁথনি। যিহেতু ই এখন প্ৰচাৰ কমিটি, সেইবাবে ইয়াক ৰাইজ আৰু সকলো গাওঁ তথা অংশীদাৰবিলাকৰ প্ৰতিনিধিসকলৰ ব্যাপক সমর্থনৰ প্রয়োজন হয়। এই প্ৰচাৰ কমিটিখনত একশতকৈও অধিক সদস্য থাকিব পাৰে। গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিবগৰাকী প্ৰচাৰ কমিটিখনৰ যথাক্রমে সভাপতি আৰু আহ্বায়ক হ’ব। পঞ্চায়তৰ ৱাৰ্ড পর্যায়ত, সংশ্লিষ্ট ৱাৰ্ডৰ সদস্যগৰাকীৰ অধ্যক্ষতাত বিশৰ পৰা পাঁচশ গৰাকী সদস্যক লৈ আন এখন কমিটি গঠন কৰা হ’ব আৰু এই কমিটিখনৰ নাম হ’ব ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটি।

গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীয়ে পঞ্চায়ত কমিটিৰ বৈঠকত সভাপতিত্ব কৰিব লাগে। পঞ্চায়তৰ প্ৰথম বৈঠকখনত সভাপতি, পঞ্চায়তখনৰ অন্য সকলো সদস্য আৰু সচিবগৰাকীৰ উপস্থিতি অতি আৱশ্যক। এই বৈঠকখন পঞ্চায়তৰ কাৰ্যালয় অথবা পঞ্চায়তৰ চৌহদত অনুষ্ঠিত হোৱা উচিত।

গাওঁসভাখনেই হৈছে একমাত্র মঞ্চ, যিখন মঞ্চত ৰাইজে তেওঁলোকৰ চাহিদাবিলাক পূৰণ কৰাৰ বাবে পৰিকল্পনা প্রস্তুত কৰিব পাৰে। অৱশ্যে, এইটো পোহৰলৈ আহিছে যে, গাওঁসভাবিলাকে এতিয়াও সঠিক পদ্ধতিৰে কাম কৰিব পৰা নাই। ৰাইজে আজিও গাওঁসভা অথবা ইয়াৰ গুৰুত্বৰ বিষয়ে জ্ঞান আহৰণ কৰিব পৰা নাই। সেইকাৰণে এই পৰিকল্পনাৰ নির্দেশনা পুথিখনত গাওঁসভাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, যিটোৰ অবিহনে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা ‘আমাৰ গাওঁ আমাৰ আঁচনি’ খন একেবাৰে নিষফল হৈ যাব। সেইকাৰণে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ কাম কাজবিলাক নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে, তিনিখন গাওঁসভা অনুস্থিত কৰাৰ বাবে নির্দেশ প্রদান কৰা হৈছে। পূর্বে নিৰ্দ্ধাৰিত কৰা অনুসাৰে সাওঁসভাৰ বৈঠক অনুষ্ঠিত কৰা হ’লেও, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্রক্রিয়াৰ বাবে এক বিশেষ গাওঁসভাৰ বৈঠক অনুষ্ঠিত কৰিবই লাগিব।

 

২.১ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্ৰথমখন গাওঁসভাৰ উদ্দেশ্যসমূহ

 

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ সমগ্র প্রক্রিয়াটোৰ ক্ষেত্ৰত, গাওঁসভা অনুষ্ঠিত কৰাটোৱেই হৈছে প্ৰথমটো কাম। গাওঁসভাৰ বৈঠক আৰু ইয়াৰ কাৰ্যসূচীসমূহৰ বিষয়ে ৰাইজক যথেষ্ট আগেয়ে অৱগত কৰিব লাগে। ৰাজ্যিক নিৰ্দেশাৱলী (অসম পঞ্চায়ত আইন, ১৯৯৪) অনুসাৰে গাওঁসভাৰ বৈঠকৰ থূল হ’ব লাগিব। এই গাওঁসভাৰ বৈঠকখনত গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীয়ে সভাপতিত্ব কৰিব লাগিব। গাওঁ পঞ্চায়তখনে নিশ্চিত কৰিব লাগিব যাতে গাওঁসভাৰ বৈঠকত সর্বাধিক সংখ্যক গাওঁসভাৰ সদস্য উপস্থিত থাকে। এই বৈঠকলৈ সমজাতীয় বিভাগসমূহৰ কৰ্মচাৰীসকলক আমন্ত্ৰণ জনোৱাটো বাধ্যতামূলক। নিম্নলিখিতভাৱে বহলভিত্তিত গাওঁসভাৰ উদ্দেশ্যসমূহক শ্ৰেণীকৰণ কৰিব পৰা যায়:

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা ‘আমাৰ গাওঁ আমাৰ আচনি'ৰ সৈতে অংশগ্রহণকাৰীসকলক চিনাকি কৰি দিয়া
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা ‘আমাৰ গাওঁ আমাৰ আচনি'ৰ বিষয়ে স্থানীয় ৰাইজক সজাগ কৰা
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ কেলেণ্ডাৰখনৰ ক্ষেত্ৰত অনুমোদন জনোৱা
  • প্ৰচাৰ কমিটিৰ অনুমোদন
  • কার্যকৰী দলৰ সদস্যসকলৰ তালিকা অনুমোদন
  • পৰিৱেশ সৃষ্টিৰ পৰিকল্পনাখন অনুমোদন
  • সম্পদৰাজিৰ ভঁৰালৰ বিষয়ে আলোচনা
  • উন্নয়নমূলক সমস্যা আৰু বার্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত হ’বলগীয়া বিষয়সমূহৰ ওপৰত প্ৰাৰম্ভিক আনোচনা।

২.২ প্রস্তুতিমূলক কাৰ্যাৱলী

দায়িত্বসমূহঃ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব

  • চৰকাৰৰ দ্বাৰা জাৰি কৰা আদেশ তথা মাননীয় মন্ত্ৰী আৰু আয়ুক্তৰ পৰা লাভ কৰা চিঠিৰ একোটা প্ৰতিলিপি থাকিব লাগিব
  • সভাপতিৰ সৈতে আলোচনা কৰি উপ-সভাপতি অথবা সচিবগৰাকীয়ে কাৰ্যসূচী প্ৰস্তুত কৰিব লাগিব
  • গাওঁসভাৰ বিষয়ে এক সপ্তাহৰ আগেয়ে জনাই,  সকলো সমজাতীয় বিভাগৰ আগশাৰীৰ কৰ্মী, ৰাজহুৱা কৰ্মী, সামূহিক কৰ্মী, সামূহিকভিত্তিক চিঠি প্ৰেৰণ কৰা
  • গাওঁসভাৰ বিষয়ে পিতৃ-মাতৃসকলক জনাবলৈ স্কুলীয়া ছাত্র-ছাত্ৰীসকলক জড়িত কৰা
  • গাওঁসভা আৰু ইয়াৰ উদ্দেশ্যসমূহৰ বিষয়ে ৰাইজক সজাগ কৰি তুলিবৰ বাবে, কিছুমান পোষ্টাৰ আঁৰি দিয়া, প্ৰচাৰ-পত্ৰ বিতৰণ কৰা, লাউডস্পীকাৰেৰে ঘোষণা কৰা আৰু দেৱাল লিখন আদিৰ ব্যৱস্থা কৰা
  • গাওঁসভাৰ বাবে স্থানৰ দিহা কৰা
  • “আমাৰ গাওঁ আমাৰ আঁচনি”ৰ শ্লোগান আৰু ওগাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা বিষয়টো গাওঁসভাত উপস্থাপন কৰাৰ বাবে এগৰাকী সমল ব্যক্তিৰ ওপৰত দায়িত্ব অৰ্পণ কৰা(অৱশ্যে, জিলা প্ৰকল্প ব্যৱস্থাপনা গোট অথবা সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ সমল ব্যক্তিয়ে প্ৰথমখন গাওঁসভাৰ বৈঠকত এই শ্লোগান আৰু পৰিকল্পনাৰ বিষয়টো উপস্থাপন কৰাৰ বাবে পৰামৰ্শ  আগবঢ়োৱা হৈছে)

 

২.৩ কাৰ্যকলাপ

গাওঁসভাৰ বাবে অনুসৰণ কৰিবলগীয়া কাৰ্যসূচী আৰু কাৰ্যাৱলী:

  1. অংশগ্ৰহণকাৰীসকলৰ নাম পঞ্জীকৰণ:

ক্ৰমিক নং

নাম

পুৰুষ/মহিলা

বয়স

সমাজৰ বিভিন্ন শ্ৰেণী(অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য, বিশেষ উল্লেখসহ)

ঠিকনা(ৱাৰ্ড নং আৰু গাওঁ)

ফোন নং

স্বাক্ষৰ

 

 

 

 

 

 

 

 

 

2.  আদৰণি ভাষণ: উপ-সভাপতি/সচিব

3.  সভাপতিৰ আসন গ্ৰহণ

4.  কার্যসূচী অনুমোদনঃ- কাৰ্যসূচী পাঠ, বিষয়বস্তুৰ সৈতে চিনাকি হোৱা আৰু কাৰ্যসূচী অনুমোদন কৰা

5.  গাওঁ পঞ্চায়ত উন্নয়ন আঁচনিৰ সৈতে চিনাকি কৰি দিয়াঃ-গাওঁ পঞ্চায়তৰ সচিব অথবা এগৰাকী সমল ব্যক্তিৰ দ্বাৰা “আমাৰ গাওঁ আমাৰ আচনি’ উপস্থাপন কৰিব লাগিব

6.  সমল ব্যক্তি অথবা নির্বাচিত প্রতিনিধিৰ দ্বাৰা গাওঁ পঞ্চায়ত উন্নয়ন আঁচনি আৰু এই ক্ষেত্ৰত ৰাইজৰ ভূমিকা সম্পর্কে তেওঁলোকৰ মাজত সচেতনতাৰ সৃষ্টি কৰা

7.  গাওঁসভাত খচৰা কাৰ্যাৱলীৰ কেলেণ্ডাৰ দাখিল কৰা আৰু তাত গাওঁসভাৰ অনুমোদন লাভ কৰা

8.  কার্যকৰী দলৰ সদস্যসকলৰ খচৰা তালিকা দাখিল কৰা আৰু ইয়াত অনুমোদন জনোৱা

9.  পঞ্চায়ত পর্যায়ৰ প্ৰচাৰ কমিটিৰ খচৰা তালিকা দাখিল কৰা আৰু ইয়াত অনুমোদন জনোৱা

10. ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটি গঠনৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰা

11. সম্পদৰাজিৰ ভঁৰালৰ বিষয়ে যুগুত কৰা প্রতিবেদন দাখিল কৰা

12. গাওঁৰ প্ৰধান উন্নয়নমূলক সমস্যাসমূহৰ ওপৰত মুকলিভাৱে আলোচনা কৰা আৰু ৰাইজৰ অনুভূত চাহিদাবিলাক চিনাক্ত কৰা

13. প্রথম বছৰৰ পৰিকল্পনাখনত অন্তৰ্ভুক্ত কৰিবলগীয়া ৰাইজৰ অনুভূত চাহিদাবিলাকৰ ওপৰত আলোচনা কৰা

উন্নয়নমূলক বিষয়সমূহৰ ওপৰত মুকলি আলোচনা দুই প্ৰকাৰে সুচল কৰিব পৰা যায়ঃ

যদি গাওঁসভাৰ উপস্থিতিৰ সংখ্যা ১০০ জনতকৈ অধিক হয়, তেনেহলে একোটা গোটক একোটা বিষয়ৰ ওপৰত দায়িত্ব প্রদান কৰি, বিষয় অনুসাৰে দলভিত্তিত আলোচনা সম্পন্ন কৰিব পৰা যায়।

প্ৰতিটো ৱাৰ্ড আৰু বিষয় অনুসাৰে আলোচনাঃ সম্ভৱপৰ ক্ষেত্ৰত সমস্যাসমূহ পাঁচ বছৰীয়া পৰিকল্পনাটোৰ চলিত বিত্তীয় বৰ্ষত সমাধান কৰিব লাগে আৰু অপেক্ষাকৃতভাৱে বৃহৎ সমস্যাসমূহ দ্বিতীয় বৰ্ষৰ পৰা সমাধান কৰাৰ দিহা কৰিব লাগে। শীঘ্ৰেই হাতত ল’বলৈ প্রয়োজন হোৱা কামবিলাকৰ বিষয়েও আলোচনা কৰিব লাগে।

বিষয়ভিত্তিক আলোচনা কৰা গোটবিলাকক, তেওঁলোকে আলোচনা কৰা আৰু তাৰ আধাৰত বিষয়বস্তু উপস্থাপন কৰাৰ বাবে উপলব্ধ সময়ৰ বিষয়ে আগধৰি জনাই দিব লাগে। বিষয়ভিত্তিক আলোচনাৰ জৰিয়তে চিনাক্তকৃত সমস্যাসমূহ কাৰ্যকৰী দলৰ সদস্যৰ দ্বাৰা নিজ নিজ বিষয়ভিত্তিক গোট আৰু গাওঁসভাত তলত উল্লেখিত প্ৰ-পত্ৰ অনুসাৰে সম্পাদিত বা প্রতিপাদিত কৰিব লাগে।

ক্ৰমিক নং

চলিত বৰ্ষ(২০১৫-১৬)ৰ বাবে চিনাক্তকৃত উন্নয়নমূলক বিষয় বা সমস্যা

পৰৱৰ্তী চাৰি বছৰ(২০১৬-২০)ৰ বাবে গ্ৰহণ কৰিবলগীয়া উন্নয়নমূলক বিষয় বা সমস্যা

 

 

 

 

 

 

গাওঁসভা অনুষ্ঠিত তথা পৰিচালনা কৰাৰ বাবে মনত ৰাখিবলগীয়া বিষয়সমূহ

  • প্ৰতিটো কাৰ্যসূচী উপস্থাপন কৰাৰ পিছত, সেই বিষয়ে আলোচনা কৰাৰ বাবে সময় দিব লাগিব।
  • আলোচনা বিলাকৰ পিছত, স্পষ্টীকৰণ (যদিহে থাকে) বিচাৰিব আৰু স্পষ্টীকৰণ দিব পাৰিব। অন্য কোনো প্রশ্নাৱলী থাকিলেও সিবিলাকৰ উত্তৰ দিব পৰা যাব।
  • সভাপতিগৰাকীয়ে সিদ্ধান্তসমূহ পঢ়ি শুনাব লাগিব।
  • সচিবগৰাকীয়ে কার্যবিৱৰণীৰ বহীখনত কাৰ্যবিৱৰণী লিখিব লাগিব।
  • গাওঁসভাত পাঠ কৰিবলগীয়া সিদ্ধান্তসমূহৰ কাৰ্যবিৱৰণীখনত সভাপতি, সচিব, দুজন বা তিনিজন ৱাৰ্ডৰ সদস্যই স্বাক্ষৰ কৰিব লাগিব আৰু গাওঁসভাৰ পাঁচগৰাকী সদস্যই প্রতিস্বাক্ষৰ কৰিব লাগিব।

২.৪ পৰৱতী কার্যকলাপ

দায়িত্বসমূহঃ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব

  • কার্যকৰী দলৰ সদস্য আৰু প্ৰচাৰ কমিটিৰ সদস্যসকলৰ ভূমিকা আৰু দায়িত্ববিলাকৰ বিষয়ে জনাই সেইসকল সদস্যৰ হাতত আনুষ্ঠানিকভাৱে চিঠি অর্পণ কৰা।
  • কাৰ্যকৰী দলৰ সভাৰ বাবে তাৰিখ, সময় আৰু স্থান নিৰ্দ্ধাৰণ কৰা।
  • গাওঁসভাৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা।
  • পঞ্চায়তৰ জাননী ফলক আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠানসমূহত গাওঁসভাৰ সিদ্ধান্ত আৰু অনুমোদিত কাৰ্যাৱলীৰ কেলেণ্ডাৰখন প্রকাশ কৰা।
  • কার্যকৰী দলৰ সদস্যসকলৰ বাবে আয়োজিত সাম্প্রতিক প্রশিক্ষণৰ বিষয়ে সভাৰ বাবে তাৰিখ নিদ্ধাৰণ কৰা।
  • আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদলৈ কাৰ্যাৱলীৰ কেলেণ্ডাৰ প্ৰেৰণ কৰা।
  • গাওঁসভাত আলোচিত উন্নয়নমূলক বিষয় তথা সমস্যাসমূহৰ তালিকা একত্ৰিত কৰা আৰু প্রথম বছৰৰ বার্ষিক পৰিকল্পনাৰ বাবে এখন সৰল পৰিকল্পনাৰ দলিল প্রস্তুত কৰা।

পদক্ষেপ ৩:

পঞ্চায়ত পৰ্যায়ত প্ৰশিক্ষণ

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা “আমাৰ গাওঁ আমাৰ আচনি” হৈছে নির্বাচিত প্রতিনিধি, ৰাইজ তথা বিষয়া-কর্মচাৰীসকলৰ বাবে সম্পূৰ্ণৰকমে এক নতুন প্রক্রিয়া। ই অংশগ্রহণমূলক পৰিকল্পনাৰ আধাৰিত আৰু এই অংশগ্রহণমূলক পৰিকল্পনাখন প্রস্তুত কৰাৰ কামত বহুতো পদক্ষেপ জড়িত হৈ আছে। এই পদক্ষেপসমূহৰ ভিতৰত আছে-  চাহিদাৰ মূল্যায়ণ, পৰিস্থিতিৰ অধ্যয়ন, পৰিকল্পনা প্ৰস্তুতি আৰু প্রকল্পৰ ৰূপদান। সম্পত্তি এই কাৰ্যবিলাকৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সীমিত। তদুপৰি, এক দক্ষতা গঢ়াৰ  কাৰ্যসূচী হিচাপে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ আৰ্হি প্রস্তুত কৰা হৈছে, যাতে অৱশেষত ইয়ে পঞ্চায়তৰ প্ৰশাসনিক ক্ষমতাৰ উন্নয়ন সাধন কৰিব পাৰে। সেইকাৰণে গাওঁ পঞ্চায়তৰ সদস্ আৰু কার্যকৰী দলৰ সদস্যসকলে পৰিকল্পনাৰ নিৰ্দেশনা পুথিখন বিতংভাৱে পঢ়া আৰু শিকি বুজি লোৱা উচিত।

৩.১  উদ্দেশ্যসমূহ

  • প্রশিক্ষণ গ্ৰহণ আৰু গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ পৰিকল্পনা তথা ৰাজ্যিক নির্দেশাৱলীৰ বিষয়ে ভালদৰে পৰিচিত হ’বলৈ।
  • কমিটিৰ সদস্যসকলৰ সৈতে “আমাৰ গাওঁ আমাৰ আচনি”ৰ দৰ্শন বা কল্পদূষ্টিৰ বিষয়ে আলোচনা কৰিবলৈ।
  • পৰিকল্পনা প্ৰস্তুতি, ৰূপায়ণ আৰু নিৰীক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰশিক্ষণ দিবলৈ।

কাৰ বাবে প্ৰশিক্ষণ:

  • পঞ্চায়ত কমিটিৰ সদস্য
  • কাৰ্যকৰী দলৰ সদস্য
  • প্ৰচাৰ কমিটিৰ সদস্যসকললৈ দিকদৰ্শী প্ৰশিক্ষণ
  • আগশাৰীৰ কৰ্মকৰ্তাসকল

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত প্রশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠান, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ আৰু ইউনিচেফৰ দ্বাৰা যুটীয়াভাৱে পৃথক প্রশিক্ষণৰ নির্দেশনা পুথি প্রস্তুত কৰা হৈছে।

 

প্রশিক্ষণৰ প্ৰতিষ্ঠান:

ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠানে সকলো সম্প্রসাৰণ প্রশিক্ষণ কেন্দ্ৰ আৰু জিলা প্রকল্প ব্যৱস্থাপনা গোটসমূহক প্রশিক্ষণ দান কৰিব আৰু তাৰ বিপৰীতে তেওঁলোকে স্থানীয় প্রশিক্ষণসমূহ চলাই নিব। ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠানে ইয়াৰ সম্প্রসাৰণ প্রশিক্ষণ কেন্দ্ৰসমূহৰ জৰিয়তে প্রশিক্ষণবিলাক অনুষ্ঠিত কৰিব। এই প্রশিক্ষণৰ কালছোৱাত এখন বিস্তৃত নির্দেশাৱলী / নির্দেশনা পুথিৰ যোগান ধৰা হ’ব। দিকদৰ্শনৰ কাৰ্যসূচী আৰু প্রশিক্ষণ প্রক্রিয়াত নিম্নলিখিত বিষয়সমূহ সামৰি ল’ব লাগিব:

  1. আমাৰ গাওঁ আমাৰ আঁচনি কিয় লাগে

2.  গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা আমাৰ গাওঁ আমাৰ আঁচনিৰ পৰিচিতি

3.  পৰিৱেশ সৃষ্টি

4.  বিভিন্ন অংশীদাৰ সকলৰ ভূমিকা আৰু দায়িত্ব

5.  পৰিস্থিতিৰ বিশ্লেষণ

6.  উন্নয়নৰ স্থিতি বিষয়ক প্ৰতিবেদন প্ৰস্তুতি

7.  বাৰ্ষিক পৰিকল্পনা প্ৰস্তুতি

8.  গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুতি

9.  প্রকল্পৰ দলিল প্ৰস্তুতি ১০

10. ৰূপায়ণৰ কৌশল

11. নিৰীক্ষণ আৰু মূল্যায়ণ

প্ৰস্তুতিমূলক কাৰ্যাৱলী

দায়িত্বসমূহ: পঞ্চায়ত কমিটি

  • গাওঁ পঞ্চায়তৰ প্ৰশিক্ষণৰ বাবে তাৰিখ চূড়ান্তকৰণ
  • সকলো পঞ্চায়তীৰাজ অনুষ্ঠানৰ সদস্য আৰু কাৰ্যকৰী দল তথা প্ৰচাৰ কমিটিৰ সদস্যসকলক আমন্ত্রণ জনোৱা আৰু প্রশিক্ষণত তেওঁলোকৰ অংশগ্রহণ নিশ্চিত কৰা
  • প্রশিক্ষণৰ সময়সূচী প্রস্তুত কৰা
  • প্রশিক্ষণৰ বাবে সংশ্লিষ্ট সকলো লোককে সংগঠিত কৰা
  • সমূহীয়াভাৱে অধ্যয়ন কৰিব পৰাকৈ গাওঁ পঞ্চায়ত কার্যালয়ত প্রশিক্ষণৰ নিদের্শনা পুথি আৰু পৰিকল্পনাৰ নির্দেশনা পুথি দুয়োখন উপলব্ধ হ’ব লাগে

৩.৩  কার্যকলাপ

প্রশিক্ষণ

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা “আমাৰ গাওঁ আমাৰ আঁচনি’ৰ ৰাজ্যিক নির্দেশাৱলী উপস্থাপন কৰা আৰু তাক ভালদৰে বুজি লোৱা
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা
  • পৰিস্থিতি বিশ্লেষণ আৰু উন্নয়নৰ স্থিতি বিষয়ক প্রতিবেদন প্রস্তুত প্রণালীৰ প্রক্রিয়া উপস্থাপন কৰা
  • প্ৰথমখন গাওঁসভাৰ ফলাফল সম্পর্কে আলোচনা কৰা
  • বিভিন্ন অংশীদাৰসকলৰ ভূমিকা আৰু দায়িত্ববিলাক আৰু লগতে তেওঁলোকে সন্মুখীন হ’ব পৰা প্রত্যাহ্বানবিলাক আৰু তেওঁলোকৰ সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰা
  • বিভিন্ন দল যেনে- কাৰ্যকৰী দল, প্ৰচাৰ কমিটি আৰু পঞ্চায়ত কমিটিৰ মাজত কামবিলাক ভগাই দিয়া

৩.৪ পৰৱতী কার্যকলাপ

দায়িত্বসমূহ: গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব

  • পৰিস্থিতি বিশ্লেষণৰ আহিলা আৰু প্রক্রিয়াৰ সৈতে পৰিচিত হোৱা
  • পৰিয়ালৰ জৰীপ, গুৰুত্ব আৰোপিত দলৰ সৈতে দলীয় আলোচনা, প্রতিষ্ঠানিক জৰীপ আৰু অংশগ্রহণমূলক গ্রাম্য সূচিতকৰণৰ অনুশীলনৰ লগত খাপ খোৱা প্রশ্নাৱলীৰ সৈতে পৰিচিত হোৱা
  • পৰিস্থিতি বিশ্লেষণৰ কেলেণ্ডাৰ প্ৰস্তুত কৰা
  • পৰিস্থিতিৰ বিশ্লেষণ আৰু তথ্যৰাজি সংগ্ৰহৰ তাৰিখৰ বিষয়ে সমজাতীয় বিভাগসমূহক অৱগত কৰা
  • তথ্যৰাজি সংগ্ৰহৰ দায়িত্ববিলাকৰ বাবে দলসমূহ বিভক্ত কৰা
  • তথ্যৰাজি সংগ্ৰহৰ বাবে পৰিৱেশ সৃষ্টি কৰা

 

পদক্ষেপ ৪:

পৰিস্থিতিৰ বিশ্লেষণ

পাতনি:

পৰিস্থিতিৰ বিশ্লেষণ বুলিলে গাওঁ পঞ্চায়তৰ উন্নয়নৰ স্থিতিৰ মূল্যায়ণক বুজোৱা হয়। এই মূল্যায়ণে গাঁৱত উপলব্ধ বিভিন্ন সেৱা, সা-সুবিধা আৰু আন্তঃগাঁথনিৰ বিষয়ে তলচিহ্নৰ তথ্যৰাজি আহৰণ কৰাৰ ক্ষেত্ৰত প্রভূত সহায় কৰে। এনে ধৰণৰ এক বিশ্লেষণে, গাওঁখনত সমাধান কৰিবলগীয়া বিষয় বা সমস্যাসমূহৰ অগ্রাধিকাৰ নিৰূপণৰ বাবে এক আধাৰ হিচাপে কাম কৰিব পাৰে।

৪.১ উদ্দেশ্যসমূহ

  • গাওঁ পঞ্চায়তৰ সাম্প্রতিক দৃশ্যাৱলী, সমাজ আৰু আর্থিক অৱস্থাৰ বিস্তৃত বিৱৰণ সংগ্ৰহ কৰিবলৈ।
  • গাওঁখনত উপলব্ধ বুনিয়াদী অসামৰিক সেৱা, আন্তঃগাঁথনি আৰু সা-সুবিধাসমূহৰ গুণগত মানৰ মূল্যায়ণ কৰিবলৈ।

৪.২ পৰিস্থিতিৰ বিশ্লেষণ কিয় কৰিব লাগে?

পৰিস্থিতিৰ বিশ্লেষণ কৰিব লাগে, কিয়নো ইয়ে,

  • পৰিস্থিতি বিশ্লেষণৰ আহিলা আৰু প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰি দিয়ে
  • পৰিয়ালৰ জৰীপ, গুৰুত্ব আৰোপিত দলৰ সৈতে দলীয় আলোচনা, প্রতিষ্ঠানিক জৰীপ আৰু অংশগ্রহণমূলক গ্রাম্য সূচিতকৰণৰ অনুশীলনৰ সৈতে খাপ খোৱা প্রশ্নাৱলীৰ সৈতে পৰিচিত কৰি দিয়ে
  • পৰিস্থিতি বিশ্লেষণৰ কেলেণ্ডাৰ প্ৰস্তুত কৰাত সহায় কৰে।
  • পৰিস্থিতিৰ বিশ্লেষণ আৰু তথ্যৰাজি সংগ্ৰহৰ তাৰিখৰ বিষয়ে সমজাতীয় বিভাগসমূহক অৱগত কৰে
  • তথ্যৰাজি সংগ্ৰহৰ দায়িত্ববিলাকৰ বাবে দলসমূহ ভাগ কৰি দিয়ে
  • তথ্যৰাজি সংগ্ৰহৰ বাবে পৰিৱেশ সৃষ্টি কৰে

 

তথ্যৰাজি সংগ্ৰহৰ সময়সূচী

 

ক্ৰমিক নং

উৎসৰ নাম

দলৰ দলপতিৰ নাম

দলৰ সদস্যসমূহৰ নাম

তথ্যৰাজি সংগ্ৰহৰ তাৰিখ

সাক্ষাৎ কৰা ব্যক্তিৰ নাম

 

 

 

 

 

 

গৌণ তথ্য

অঙ্গনৱাড়ী

 

 

 

 

বিদ্যালয়সমূহ

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

কৃষি আৰু আনুষঙ্গিক খণ্ড

জীৱিক

পঞ্চায়ত কাৰ্যালয়

পঞ্চায়তৰ জনসংখ্যা-বিষয়ক তথ্য

২০১১ চনৰ লোকপিয়ল

NFHS, DLHS, DISE জৰীপ

 

 

 

 

 

 

প্ৰাথমিক তথ্য

ঘৰে ঘৰে গৈ কৰা জৰীপ

 

 

 

 

গুৰুত্ব আৰোপিত দলৰ সৈতে দলগত আলোচনা

সামাজিক মানচিত্ৰ আৰু সম্পদৰ মানচিত্ৰ অংকন

গলিয়ে গলিয়ে পদযাত্ৰা

সভা-সমিতি

 

 

উৎস-ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top