মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / পৰিকল্পনাৰ নিৰ্দেশনা পুথি(আমাৰ গাঁও আমাৰ আঁচনি) / পৰিকল্পনাৰ নিৰ্দেশনা পুথি,এই নির্দেশনা পুথিখন কেনেদৰে ব্যৱহাৰ কৰিব ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিকল্পনাৰ নিৰ্দেশনা পুথি,এই নির্দেশনা পুথিখন কেনেদৰে ব্যৱহাৰ কৰিব ?

পৰিকল্পনাৰ নিৰ্দেশনা পুথি,এই নির্দেশনা পুথিখন কেনেদৰে ব্যৱহাৰ কৰিব লিখা হৈছে

এই নির্দেশনা পুথিখন কেনেদৰে ব্যৱহাৰ কৰিব ?

 

নির্দেশনা পুথিখনৰ বিষয়বস্তু উপলব্ধি কৰিবলৈ, এইখন পাঠ কৰি শুনোৱাৰ বাবে গাওঁ পঞ্চায়তৰ সদস্য আৰু আগশাৰীৰ কর্মকর্তাসকলৰ এখন বিশেষ সভা অনুষ্ঠিত কৰিব লাগে। নির্দেশনা পুথিখন বুজি পাবৰ কাৰণে ইয়াক সৰল ভাষাত লিখা হৈছে আৰু পিছৰটো পদক্ষেপৰ বিষয়ে পঢ়িবলৈ লোৱাৰ আগেয়ে এটাৰ পিছত এটাকৈ ক্ৰমাগতভাৱে প্ৰতিটো পদক্ষেপৰ বিষয়ে বিতংভাৱে বুজি লোৱাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে। সকলোবিলাক পদক্ষেপৰ বিষয়ে সতর্কতাৰে পঢ়িব লাগে আৰু উল্লেখ কৰা তালিকা, বক্স, অনুবদ্ধৰ প্রসঙ্গৰ বিষয়ে যথাস্থান আৰু যথা সময়ত আলোচনা কৰিব লাগে।

এই নির্দেশনা পুথিখনত কাক লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে ?

 

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ নির্দেশনা পুথিখন মূলতঃ গাওঁ পঞ্চায়ত কমিটি আৰু গাওঁসভাৰ কাৰণে প্রস্তুত কৰা হৈছে। অৱশ্যে এইখন সমল ব্যক্তিসকলৰ দৰে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্রক্রিয়াৰ সৈতে জড়িত ব্যক্তিসকল আৰু গাওঁ পঞ্চায়ত পর্যায়ত অংশগ্রহণমূলক পৰিকল্পনা প্রক্রিয়াত সহায়তা কৰিবলৈ গঠন কৰা গাওঁ পঞ্চায়ত পর্যায়ৰ কমিটি, কার্যকৰী দল, কর্মকর্তা, কর্ম-বাহিনী, কাৰিকৰী সহায়কাৰী দল ইত্যাদিৰ দ্বাৰাও ব্যৱহাৰ কৰিব পৰা যায়।

পৰিকল্পনাৰ নির্দেশনা পুথিখন এনে ধৰণে প্রস্তুত কৰা হৈছে যে, এইখন লক্ষ্য হিচাপে নির্দিষ্ট কৰি লোৱা সকলো দল আৰু অংশীদাৰৰ কাৰণে উপযোগী হ’ব। অংশীদাৰসকল হৈছেঃ

  • পঞ্চায়ত কমিটি
  • গাওঁ পঞ্চায়তৰ সভাপতি
  • গাওঁ পঞ্চায়তৰ সচিব
  • আগশাৰীৰ কর্মকর্তা
  • উন্নয়ন খণ্ডৰ কর্মকর্তা (কাৰিকৰী অনুমোদনকাৰী দলৰ সদস্য)
  • কার্যকৰী দলৰ সদস্যসকল
  • প্ৰচাৰ কমিটি
  • গাওঁৰ জনসাধাৰণ
  • সমল ব্যক্তি
  • নাগৰিক সমাজ সংগঠনৰ নেতৃবৃন্দ

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ বাবে অনুষ্ঠিত প্ৰথমখন পঞ্চায়ত কমিটিৰ সভাৰ পূর্বে, ৰাজ্যিক গ্রামান্নয়ন প্রতিষ্ঠানে ইয়াৰ সম্প্রসাৰণ প্রশিক্ষণ কেন্দ্ৰবিলাকৰ জৰিয়তে গাওঁ পঞ্চায়তৰ সকলো সভাপতি, উপ-সভাপতি, সচিব আৰু তিনি গৰাকীকৈ সমল ব্যক্তিক এক দিকদৰ্শী প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। ইয়াৰ বিপৰীতে তেওঁলোকে পঞ্চায়তখনৰ সমল গোট হিচাপে কাম কৰিব আৰু ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠানে সকলো গাওঁ পঞ্চায়তলৈ আৱশ্যকীয় সংখ্যক প্রশিক্ষণৰ নির্দেশনা পুথি, পৰিকল্পনাৰ নির্দেশনা পুথি আৰু গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ নির্দেশনাৱলীৰ যোগান ধৰিব। পঞ্চায়ত পর্যায়ৰ সমল গোটবিলাকে পঞ্চায়ত পর্যায়ৰ সকলো কার্যকলাপৰ ক্ষেত্ৰতেই নেতৃত্ব প্রদান কৰিব।

নির্দেশনা পুথিখনৰ সুবিধাসমূহ

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে ব্যৱহাৰকাৰীসকলক পথ প্রদর্শন কৰাৰ বাবে
  • গাওঁ পঞ্চায়ত পর্যায়ৰ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাত ইয়াৰ বিভিন্ন পদক্ষেপ সামৰি ল’বৰ বাবে
  • পৰিকল্পনাৰ আনুষঙ্গিক তথ্যসমূহ ধৰি ৰখাৰ কৌশল-প্রণালী আৰু প্ৰ-পত্ৰৰ বিষয়ে পৰামর্শ দিবলৈ
  • অংশগ্রহণমূলক পৰিকল্পনাৰ বিভিন্ন দিশৰ বিষয়ে ব্যাখ্যা দাঙি ধৰাৰ বাবে আৰু
  • গাওঁ পঞ্চায়ত পর্যায়ত অনুসন্ধিৎসাপূর্বক শিকন বা নিজে শিকাৰ এক আহিলা হিচাপে

 

পদক্ষেপ ১:

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে বুজিবলৈ আৰু ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ পঞ্চায়ত কমিটিৰ বৈঠক:

গাওঁ পঞ্চায়তৰ প্ৰশাসন চলাব পৰা সক্ষমতা উন্নীত হোৱাৰ প্রয়োজন। পঞ্চায়ত কমিটিৰ কাৰ্যাৱলী প্রণালীবদ্ধ কৰি এইটো নিশ্চিত কৰিব পৰা যায়। ৰাজ্য চৰকাৰৰ পৰা অধিসূচনা প্রাপ্ত হোৱাৰ পিছত, আৰম্ভণিৰ পদক্ষেপ হিচাপে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়াৰ বিষয়ে ভালদৰে উপলব্ধি কৰাৰ বাবে প্ৰথমখন পঞ্চায়তত পর্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হ’ব। গাওঁ পঞ্চায়তৰ সমল ব্যক্তিসকল আৰু ভাৰপ্রাপ্ত বিষয়া অর্থাৎ গাওঁ পঞ্চায়তৰ সচিব গৰাকীয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত প্রস্তুত কৰিবলগীয়া গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ ধাৰণা আৰু প্রক্রিয়াৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়াব।

১.১ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিবৰ কাৰণে পঞ্চায়ত কমিটিৰ বৈঠক অনুষ্ঠিত কৰাৰ উদ্দেশ্যসমূহ আৰু তাৰ গুৰুত্ব

  • চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰতিবেদন আৰু গাওঁ পঞ্চায়তসমূহলৈ প্ৰত্যক্ষ পুঁজি আৱন্টন কৰাৰ বিষয়ে ভালদৰে জ্ঞান লাভ কৰা,
  • অংশগ্ৰহণমূলক পৰিকল্পনাৰ ক্ষেত্ৰত পঞ্চায়ত কমিটি আৰু অন্যান্য অংশীদাৰসকলৰ ভূমিকাসমূহ চিনাক্ত কৰা,
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়া আৰু পদক্ষেপসমূহৰ বিষয়ে ভালদৰে জ্ঞান লাভ কৰা;
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বাবে সহায়ক ব্যৱস্থাৰ আনুষ্ঠানিক বিধিসমূহ উদ্ভাৱন কৰাৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ এক সমল গোট, প্ৰচাৰ কমিটি আৰু কাৰ্যকৰী দল গঠন কৰাৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰা

গাওঁ পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতিকে ধৰি গাওঁ পঞ্চায়তৰ সদস্যসকল আৰু গাওঁ পঞ্চায়তৰ সচিবক লৈ গাওঁ পঞ্চায়ত কমিটিখন গঠন কৰা হয়। এই কমিটিখনে নিম্নলিখিত কামবিলাক সম্পন্ন কৰিবঃ

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে চৰকাৰৰ পৰা লাভ কৰা আদেশ আৰু চিঠিবিলাক আলোচনা কৰা,
  • বিভিন্ন কমিটিসমূহৰ গঠন আৰু অনুমোদন তথা কার্যাৱলীৰ কেলেণ্ডাৰ অনুমোদন,
  • নিৰ্দেশনা অনুসাৰে নিম্নলিখিত কামবিলাক সম্পন্ন কৰাৰ বাবে বিভিন্ন  কমিটিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ
  • গঠন প্ৰ্নালী
  • সম্পন্ন কৰিবলগীয়া কামবিলাক
  • প্ৰ্শিক্ষন
  • সমল গোট আৰু কাৰ্যৱলী দলৰ বাবে সময়সীমা

 

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ সৈতে জড়িত কার্যকলাপবিলাকৰ বিষয়ে প্ৰচাৰ আৰু অভিযান চলোৱাৰ বিষয়ে আলোচনা আৰু সিদ্ধান্ত গ্রহণ কৰা;
  • আঁচনি, কার্যসূচী, জনশক্তি আৰু পঞ্চায়তৰ প্ৰাকৃতিক সম্পদৰ ৰূপত সম্পদসমূহৰ ভঁৰালৰ বিষয়ে ভালদৰে জ্ঞান আহৰণ কৰা,
  • বিগত পাঁচ বছৰৰ ভিতৰত গাওঁ পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতা আৰু পঞ্চায়তখনৰ সাম্প্রতিক উন্নয়নৰ স্থিতিৰ বিষয়ে আলোচনা কৰা। এই ক্ষেত্ৰত নিম্নলিখিত বিষয়সমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিবঃ ক) দৰিদ্রতা, খ) লিংগ সমস্যা, গ) শিক্ষা, ঘ) অনাময় আৰু পানীযোগান, ঙ) স্বাস্থ্য, চ) বিশেষ গোটসমূহ / শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিৰ সমস্যাসমূহ / অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি / বৃদ্ধ ব্যক্তি / শিশু ইত্যাদিৰ সমস্যাসমূহ, ছ) স্থানীয় আর্থিক উন্নয়ন জ) প্ৰব্ৰজন

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে এইখন হ’ব পঞ্চায়ত পর্যায়ৰ প্ৰথমখন বৈঠক। গতিকে এই বৈঠকখনত পঞ্চায়ত কমিটিয়ে ইয়াৰ সমগ্র প্রক্রিয়াটোৰ বিষয়ে এক সাধাৰণ বুজাবুজিত উপনীত হ’ব লাগিব।প্রক্রিয়াটো আৰম্ভ কৰাৰ বাবে, তেওঁলোকক স্থানীয় সমল ব্যক্তি, সামুহিকভিত্তিক সংগঠন, বেচৰকাৰী সংগঠন আদিৰ সমৰ্থনৰ প্রয়োজন হ’ব। সেইকাৰণে পঞ্চায়ত কমিটিয়ে এনেবিলাক সংগঠনক চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক আনুষ্ঠানিকভাৱে আমন্ত্রণ জনাব লাগে। পঞ্চায়ত কমিটিয়ে এনে তিনিগৰাকী স্বেচ্ছাসেৱী সমল ব্যক্তিক বাছনি কৰিব লাগে, যিসকলৰ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ কালছোৱাত পঞ্চায়তৰ প্ৰতি সমৰ্থন আগবঢ়াই যাবৰ কাৰণে সক্ষমতা থাকে। বাছনি কৰাৰ পিছৰেই পৰা তেওঁলোকক পঞ্চায়তৰ সমল ব্যক্তি ৰূপে জনা যাব। পঞ্চায়তৰ সমল ব্যক্তিসকলে গাওঁ পঞ্চায়তখনৰ এক পৰিকল্পনাৰ কোষ হিচাপে কাম কৰিব লাগিব। পঞ্চায়তৰ সমল ব্যক্তিৰ কোষ গঠন কৰাটো একমাত্ৰ গাওঁ পঞ্চায়তৰে দায়িত্ব। পঞ্চায়তৰ সমল ব্যক্তিৰ কোষটোত কম পক্ষেও এগৰাকী মহিলা থাকিব লাগিব।

গাওঁ পঞ্চায়ত পৰ্যায়ৰ কাৰ্যকৰী দল আৰু প্ৰচাৰ কমিটিত অন্তৰ্ভুক্ত কৰাৰ বাবে, উক্ত সভাখনত পঞ্চায়ত কমিটিয়ে সম্ভাৱনাপূৰ্ণ সদস্যসকলৰ তালিকা দুখনো প্ৰস্তুত কৰিব লাগিব। চূড়ান্ত অনুমোদনৰ বাবে দুয়োখন তালিকা গাওঁসভাত উপস্থাপন কৰিব লাগিব। পৰিকল্পনাৰ প্ৰক্ৰিয়াটোত কাৰ্যকৰী দলে গাওঁ পঞ্চায়তক সহায় কৰি যোৱাৰ প্ৰয়োজন হ’ব। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ ৰাজ্যিক নিৰ্দেশাৱলী অনুসাৰে, প্ৰতিখন গাওঁ পঞ্চায়ততে আঠ গৰাকীৰ পৰা দহগৰাকী সদস্যক লৈ গঠিত চাৰিটাকৈ কাৰ্যকৰী দল থাকিব। পঞ্চায়ত কমিটিৰ সদস্যসকল, সংশ্লিষ্ট গাওঁ পঞ্চায়তখনৰ বাসিন্দা হিচাপে বসবাস কৰা সমজাতীয় বিভাগৰ বিষয়া কর্মচাৰীসকল আৰু গাওঁ পঞ্চায়তৰ সমল ব্যক্তিসকল কার্যকৰী দলবিলাকৰ পদেন সদস্য হ’ব। গাওঁ পঞ্চায়তৰ সদস্যসকলৰ কোনো এগৰাকী আগ্রহী সদস্য, কার্যকৰী দলৰ সভাপতি হ’ব পাৰিব। আনহাতে বিষয়বস্তুৰ সৈতে জড়িত কোনো এগৰাকী বিষয়া অথবা কর্মচাৰী কার্যকৰী দলৰ আহ্বায়ক হ’ব পাৰিব। উদাহৰণস্বৰূপে, শিক্ষা বিষয়ক কার্যকৰী দলটোত শিক্ষাৰ প্ৰতি কিছু আগ্রহ থকা পঞ্চায়তৰ সদস্য এগৰাকী সভাপতি হ’ব আৰু বিদ্যালয় এখনৰ প্রধান শিক্ষক অথবা সহকাৰী শিক্ষক এগৰাকী উক্ত দলটোৰ আহ্বায়ক হ’ব।

পঞ্চায়তৰ প্ৰচাৰ কমিটিখন হৈছে আন এক সহায়কাৰী কমিটি। এই কমিটিখনে গাওঁ পঞ্চায়ত এলেকাত পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিব। যিহেতু ই এখন প্ৰচাৰ কমিটি, সেইকাৰণে এই কমিটিখনক ৰাইজ আৰু সকলো গাওঁ তথা  অংশীদাৰসকলৰ ব্যাপক সমৰ্থনৰ প্রয়োজন হ’ব। এই কমিটিখনত শতাধিক সদস্য থাকিব পাৰিব। গাওঁ পঞ্চায়তৰ সভাপতি গৰাকী প্ৰচাৰ কমিটিখনৰ সভাপতি আৰু সচিবগৰাকী আহ্বায়ক হ’ব লাগিব। ৱার্ড পর্যায়তো, বিশৰ পৰা পচিশ গৰাকী সদস্যক লৈ গঠিত এখন ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটি থাকিব। গাওঁ পঞ্চায়তৰ সংশ্লিষ্ট ৱাৰ্ডৰ সদস্যগৰাকী এই ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটিখনৰ সভাপতি হ’ব।

গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীয়ে পঞ্চায়ত কমিটিৰ বৈঠকত সভাপতিত্ব কৰিব। কমিটিৰ প্ৰথম বৈঠকখনত গাওঁ পঞ্চায়তৰ সভাপতি, অন্যান্য সকলো সদস্য আৰু সচিবগৰাকীৰ উপস্থিতি অনিবাৰ্য্য। কমিটিৰ বৈঠকখন গাওঁ পঞ্চায়তৰ কাৰ্যালয় অথবা ইয়াৰ চৌহদত অনুষ্ঠিত হ’ব লাগে।

 

১.২ প্রস্তুতিমূলক কার্যকলাপ

দায়িত্বশীল ব্যক্তিঃ গাঁও পঞ্চায়তৰ সভাপতি, অন্যান্য সদস্যসকল আৰু সচিব

  • চৰকাৰৰ দ্বাৰা জাৰি কৰা আদেশ অথবা মুখ্যমন্ত্রী/ বিভাগীয় মন্ত্রী/ আয়ুক্তৰ পৰা দিয়া চিঠিৰ এটা প্রতিলিপি থাকিব লাগে,
  • গাওঁ পঞ্চায়তৰ সভাপতিৰ সৈতে আলোচনা কৰি কাৰ্যকৰী সচিবগৰাকীয়ে বৈঠকৰ কাৰ্যসূচী প্রস্তুত কৰিব লাগিব,
  • বৈঠকৰ কাৰ্যসূচীখনৰ সৈতে সভাপতিৰ দ্বাৰা স্বাক্ষৰিত আমন্ত্ৰণী পত্র একোখন এসপ্তাহৰ পূর্বে পোৱাকৈ, কমিটিৰ সকলো সদস্যলৈ সচিবৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব,
  • বৈঠকত উপস্থিতিৰ বাবে, গাওঁ পঞ্চায়তৰ আগশাৰীৰ কর্মচাৰীসকললৈ আন একোখন আমন্ত্ৰণী পত্র প্ৰেৰণ কৰিব লাগিব, যিহেতু গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাত তেওঁলোকৰ সহায়তাৰ প্রয়োজন হ’ব;
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়া আৰু বাবে চর্তাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ বাবে দুই বা তিনি গৰাকী সমল ব্যক্তিৰ উপস্থিতি নিশ্চিত কৰিব লাগিব,
  • অন্যান্য সদস্য আৰু স্থানীয় ৰাজহুৱা কৰ্মীসকলৰ সৈতে আলোচনা কৰি, পঞ্চায়ত পর্যায়ৰ কাৰ্যকৰী দলবিলাক আৰু লগতে প্ৰচাৰ কমিটিত অন্তৰ্ভুক্ত কৰিবলগীয়া সম্ভাৱ্য সদস্যসকলৰ খচৰা তালিকা প্রস্তুত কৰিব লাগিব,

পঞ্চায়তৰ সমল ব্যক্তিসকলৰ সহযোগত, সভাপতি আৰু সচিবৰ দ্বাৰা আদর্শ কাৰ্যাৱলীৰ কেলেণ্ডাৰ প্ৰস্তুত

কৰিব লাগিব।

কাৰ্যকৰী দল:

 

  • কমেও আঠজন সদস্যক লৈ গঠিত ই এটা স্থানীয় বিশেষজ্ঞৰ দল
  • এই দলে পৰিকল্পনা প্রস্তুত কৰাৰ বাবে কাৰিকৰী সহায়তা আগবঢ়াব
  • কাৰ্যকৰী দলৰ সদস্যসকলক কোনো বিত্তীয় বা বস্তুগত পাৰিতোষিক দিয়া নহব
  • গাওঁখনৰ উন্নয়নৰ বাবে জ্ঞান আৰু অভিজ্ঞতাৰ ৰূপত তেওঁলোকে বৰঙণি আগবঢ়াব

প্ৰচাৰ কমিটি:

  • সংগঠনমূলক কামকাজৰ বাবে
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে বিভিন্ন  অংশীদাৰসকলৰ মাজত সচেতনতা সৃষ্টিৰ বাবে
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বাবে স্থানীয় সম্পদৰ গতিচালনাৰ বাবে
  • গাওঁ পঞ্চায়ত পর্যায়ত (কমেও ১০০ জন সদস্য) আৰু ৱাৰ্ড পর্যায়ত (কমেও ২০ জন সদস্য) প্ৰচাৰ কমিটি গঠন কৰিব লাগে।

আমি কিয় পঞ্চায়ত কমিটিৰ বৈঠকলৈ সহায়কাৰী ব্যক্তি বা সমল ব্যক্তিসকলক আমন্ত্রণ কৰিব লাগে ?

“আমাৰ গাওঁ আমাৰ আঁচনি'ৰ ধাৰণা তথা কল্পদূষ্টি আৰু গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা কৰাৰ বাবে কিছুমান গাওঁ পঞ্চায়তক সহায়ৰ প্রয়োজন হ’ব পাৰে। আচলতে নির্বাচিত প্রতিনিধিসকলক ‘আমাৰ গাওঁ আমাৰ আচনি” আৰু গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে এক পৰিষ্কাৰ ধাৰণা দিয়া উচিত। সেইকাৰণে, এই বিষয়ে ভালদৰে জনাবুজা এগৰাকী ব্যক্তিয়ে সমগ্র প্রক্রিয়াটোৰ বিষয়ে বুজাই কোৱাটো আৱশ্যক। পঞ্চায়ত কমিটিত, গাওঁ পঞ্চায়ত পর্যায়ৰ সমল গোটে “আমাৰ গাওঁ আমাৰ আচনি'ৰ বিষয়ে ভালদৰে ব্যাখ্যা কৰাৰ দায়িত্ব গ্রহণ কৰিব লাগে।

পঞ্চায়ত কমিটিৰ বৈঠকৰ কাৰ্যসূচীঃ

 

১. “আমাৰ গাওঁ আমাৰ আচনি'ৰ ওপৰত আলোচনা

ৰাইজৰ অংশগ্ৰহণৰ জৰিয়তে পঞ্চায়তৰ পৰিকল্পনা প্রস্তুত কৰাৰ বাবে ই হৈছে এক নতুন পদক্ষেপ। সেইকাৰণে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে এক ডাঙৰ প্রয়োজন আছে। গতিকে, অংশগ্রহণমূলক পৰিকল্পনাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাটো নিতান্তই জৰুৰী কথা। ইয়াৰ পৰিপ্ৰেক্ষিতত, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনৰ জৰিয়তে “আমাৰ গাওঁ আমাৰ আচনি” শ্লোগানটো প্রচলনৰ অভিপ্রায় কৰা হৈছে। সেই কাৰণে, পঞ্চায়ত কমিটিয়ে “আমাৰ গাওঁ আমাৰ আচনি”ৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আৰু সমগ্র প্রক্রিয়াটোত কেনেদৰে সকলো ৱাৰ্ডৰ সদস্য আৰু জড়িত হোৱা জনসাধাৰণৰ সংখ্যা বৃদ্ধি কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰিবলৈ বিচাৰিব পাৰে। (এই বিষয়ে আলোচনা কৰা বাবে প্রশিক্ষণৰ নির্দেশনা পুথিখনত এটা টোকা সন্নিৱিষ্ট কৰা হৈছে)

২. চৰকাৰী চিঠি বা আদেশৰ ওপৰত আলোচনা

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে প্ৰতিখন গাওঁ পঞ্চায়তে, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্তৰ কার্যালয়ৰ পৰা একোখন চিঠি লাভ কৰিব। এই চিঠিখনে পঞ্চায়ত পর্যায়ত প্রক্রিয়া আৰম্ভ কৰাৰ বিষয়ে গাওঁ পঞ্চায়তসমূহক পথ প্রদর্শন কৰিব। সেইকাৰণে পঞ্চায়ত কমিটিয়ে ইয়াৰ প্ৰথমখন বৈঠকত, পিডিডিপি-৮১-২০১৫-০১ আৰু পিডিডিপি-৮১-২০১৫-০২ নম্বৰৰ চিঠি দুখনৰ ওপৰত আলোচনা কৰাৰ জৰিয়তে বৈঠকৰ কাম আৰম্ভ কৰিব লাগিব। প্রয়োজন অনুসাৰে সমল ব্যক্তিসকলে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়া আৰু চর্তাৱলীৰ বিষয়ে স্পষ্টীকৰণ আৰু অধিক ব্যাখ্যা দাঙি ধৰিব লাগিব।

৩. কাৰ্যকৰী দল আৰু প্ৰচাৰ কমিটি (পৰিৱেশ সৃষ্টি)ৰ সম্ভাৱ্য সদস্যসকলৰ তালিকাৰ ওপৰত আলোচনা

ৰাজ্যিক নির্দেশাৱলী অনুসাৰে এই বৈঠকখনত, পঞ্চায়ত কমিটিয়ে কার্যকৰী দল আৰু প্ৰচাৰ কমিটি (পৰিৱেশ সৃষ্টি)ৰ সম্ভাৱ্য সদস্যসকলক চিনাক্ত কৰিব লাগিব।

ক)কাৰ্যকৰী দল গঠনৰ বিষয়ে আলোচনা

ৰাজ্যিক নিৰ্দেশাৱলী অনুসাৰে কাৰ্যকৰী দলৰ গঠন প্ৰণালী আৰু দায়িত্ববিলাক নিম্নলিখিত ধৰণৰ:

 

কাৰ্যকৰী দল

সভাপতি আৰু সদস্যসকল

দায়িত্বসমূহ

চাৰিটা কাৰ্যকৰী দল গঠন কৰা হ’ব। তেওঁলোকে গাওঁ পঞ্চায়ত পৰিকল্পনাৰ সুচলকাৰী দল হিচাপে কাম কৰিব। এই চাৰিটা দলক তলত উল্লেখ কৰা ধৰণে খণ্ডীয় হিচাপত ভাগ কৰিব পৰা যায়:

১.কৃষি আৰু আনুষঙ্গিক খণ্ড,

২.দৰিদ্ৰতা হ্ৰাস আৰু নিয়োগ সৃষ্টি

৩.স্বাস্থ্য, শিক্ষা, পানী, অনাময় তথা স্বাস্থ্যবিধি আৰু পৰিপুষ্টি, মহিলা আৰু শিশু

৪.আন্ত:গাঁথনি আৰু বুনিয়াদী সা-সুবিধাসমূহ

সভাপতি:

স্থায়ী কমিটিৰ সদস্য বা গাওঁ পঞ্চায়তৰ ৱাৰ্ডৰ সদস্য

প্ৰতিটো দলত পঞ্চায়ত, সম-জাতীয় বিভাগ আৰু জনগোষ্ঠীৰ পৰা লোৱা(আত্মসহায়ক গোট, অৱসৰপ্ৰাপ্ত শিক্ষক, সক্ৰিয় কৰ্মী, বেচৰকাৰী সংগঠন, ছাত্ৰ, যুৱ সংগঠন, চিকিৎসাৰ লগত জড়িত ব্যক্তি, কনিষ্ট অভিযন্তা, অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী ইত্যাদি) অতি কমেও আঠগৰাকী সদস্য থাকিব।

বি:দ্ৰ: প্ৰতিটো কাৰ্যকৰী দলতেই কমেও দুগৰাকী মহিলা সদস্যা থাকিব লাগিব।

প্ৰতিটো কাৰ্যকৰী দলতেই অনুসূচীত জনজাতিৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব লাগিব।

*পৰিস্থিতিৰ বিশ্লেষণ আৰু খচৰা স্থিতিবিষয়ক প্ৰতিবেদন প্ৰস্তুতকৰন,

*কল্পদৃষ্টি গ্ৰহণত গাওঁ পঞ্চায়তক সহায়তা কৰা

*গাওঁসভাৰ সৈতে সমন্বয় ৰক্ষা আৰু আলোচনা কৰা

*পৰিস্থিতি বিশ্লেষণৰ পৰা উদ্ভাসিত সমস্যাসমূহ সমাধান কল্পে সম্ভাৱ্য কৌশলৰ বিষয়ে গাওঁ পঞ্চায়তক পৰামৰ্শ দান কৰা,

*অগ্ৰাধিকাৰ নিৰূপণত গাওঁ পঞ্চায়তক সহায়তা কৰা,

*প্ৰকল্পৰ ৰূপদানত গাওঁ পঞ্চায়তক সহায় কৰা,

*স্থানীয় সংকটমোচন কৰা,

*পৰিকল্পনা প্ৰস্তুত কৰাৰ পিছত, কাৰ্যকৰী দলবিলাকে নিৰীক্ষণকাৰী দল হিচাপে কাম কৰিব পাৰে।

 

 

কার্যকৰী দলৰ সদস্যসকলৰ খচৰা তালিকাখনৰ বিষয়ে বৈঠকখনত আলোচনা কৰিব লাগে তথা অনুমোদন কৰিব লাগে। ইয়াৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে এই তালিকাখন গাওঁসভাত দাখিল কৰিব লাগে।

খ) প্ৰচাৰ কমিটিৰ বিষয়ে আলাচনা

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনত প্ৰচাৰ কমিটিয়ে এক অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। অংশগ্রহণমূলক পৰিকল্পনাৰ ক্ষেত্ৰত ৰাইজৰ অংশগ্রহণ এক প্রধান উপাদান। সেইকাৰণে প্ৰচাৰ কমিটিবিলাক তলত উল্লেখ কৰা ধৰণে দুটা পর্যায়ত গঠন কৰিব লাগেঃ

  1. গাওঁ পঞ্চায়ত পর্যায়ৰ প্ৰচাৰ কমিটি

2.   ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটি

গাওঁ পঞ্চায়ত পর্যায়ৰ প্ৰচাৰ কমিটিখন কমেও ১০০ গৰাকী সদস্যক লৈ আৰু ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটিবিলাক কমেও ২০ গৰাকী সদস্যক লৈ গঠিত হ’ব লাগে। সকলো জাতি, ধর্ম, ৰাজনৈতিক দলৰ আনুপাতিক প্রতিনিধিত্ব আৰু উভয় লিংগৰ সমান অংশগ্ৰহণৰ সৈতে প্ৰচাৰ কমিটিবিলাক গঠন কৰিব লাগে। পূর্বে উল্লেখ কৰাৰ দৰে, গাওঁ পঞ্চায়তৰ সভাপতিগৰাকী গাওঁ পঞ্চায়ত পর্যায়ৰ প্ৰচাৰ কমিটিৰ সভাপতি আৰু ৱাৰ্ডৰ সদস্যগৰাকী ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটিৰ সভাপতি হ’ব। অৱসৰপ্ৰাপ্ত চৰকাৰী কর্মচাৰী, বেচৰকাৰী সংগঠন, সামুহিকভিত্তিক সংগঠন, সামাজিক গোট, আত্মসহায়ক গোট, মহিলা মণ্ডল, কৃষক সংঘ, যুৱক সংঘ আদিৰ সদস্যসকলৰ মাজৰ পৰা সদস্য বাছনি কৰি প্ৰচাৰ কমিটিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব। এই ক্ষেত্ৰত ল’বলগীয়া সিদ্ধান্তসমূহ হৈছেঃ

  1. গাওঁ পঞ্চায়ত পর্যায়ৰ প্ৰচাৰ কমিটি গঠন

2.  ৱার্ড পর্যায়ৰ প্ৰচাৰ কমিটি গঠন। ইয়াৰ বাবে এটা তাৰিখ ধাৰ্য্য কৰিব লাগিব। সংশ্লিষ্ট ৱাৰ্ডৰ সদস্যগৰাকীৰ ওপৰত ৱাৰ্ড পর্যায়ৰ প্ৰচাৰ কমিটি গঠনৰ দায়িত্ব অর্পণ কৰিব পৰা যায়।

৪. কাৰ্যাৱলীৰ কেলেণ্ডাৰৰ বিষয়ে আলোচনা: কাৰ্যাৱলীৰ কেলেণ্ডাৰৰ কিয় প্রয়োজন ?

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা হৈছে এক নির্দিষ্ট সময়সীমা নিৰ্দ্ধাৰিত কার্যকলাপ | ইয়াৰ সকলো কার্যকলাপ, এক নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূর্ণ কৰিব লাগে। সেইটো কৰিবৰ কাৰণে, গাওঁ পঞ্চায়তে এখন কার্যাৱলীৰ কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াব লাগে। সময় নিদ্ধাৰিত পৰিকল্পনা এখন প্রস্তুত কৰিবৰ কাৰণে আৰু লগতে অংশীদাৰসকলৰ দক্ষতা গঢ়াৰ বাবে, আৰম্ভণিৰ দশাটোতেই এক অভিযানৰ প্রয়োজন হৈ পৰে। প্রত্যাশা কৰা অনুসাৰে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখনক ভৱিষ্যতে এনেদৰে আনুষ্ঠানিক ৰূপ দিয়া হ’ব যে, এইখন প্ৰতিটো বৰ্ষৰ বাবে গাওঁ পঞ্চায়তৰ অন্যান্য প্রকল্পৰ সৈতে মিলাই একেলগে প্রস্তুত কৰা হ’ব। সঠিক নিৰীক্ষণৰ বাবে কাৰ্যাৱলীৰ কেলেণ্ডাৰ এখনৰ অতি প্রয়োজন; ইয়ে নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত কার্যকলাপবিলাক সম্পন্ন কৰাটো নিশ্চিত কৰে।

সঠিক নিৰীক্ষণৰ বাবে কাৰ্যাৱলীৰ কেলেণ্ডাৰ এখনৰ অতি প্ৰয়োজন; ইয়ে নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যকলাপবিলাক সম্পন্ন কৰাটো নিশ্চিত কৰে।

  • কাৰ্যাৱলীৰ কেলেণ্ডাৰ এখন প্রকাশ কৰিব লাগে যাতে গাওঁ এখানে প্ৰতিটো পদক্ষেপতে অংশগ্রহণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিব পাৰে,
  • আগশাৰীৰ কর্মকর্তা আৰু বিষয়া-কর্মচাৰীসকলে তেওঁলোকৰ কামবিলাকৰ বিষয়ে পৰিকল্পনা কৰিব পাৰে আৰু গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্রক্রিয়াত অংশগ্রহণ কৰিব পাৰে; আৰু
  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বৈঠকবিলাকত কাৰ্যাৱলীৰ কেলেণ্ডাৰখনৰ বিষয়ে আলোচনা কৰিব লাগে আৰু তাৰিখ তথা দায়িত্ববিলাকৰ কথা উল্লেখ কৰি বিভিন্ন কার্যকলাপৰ বাবে সময়সীমা নিদ্ধাৰণ কৰিব লাগে। তদুপৰি প্ৰতিটো পদক্ষেপতেই, ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিব পৰা সমস্যাবিলাক সমাধান কৰাৰ কৌশল-প্রণালীৰ বিষয়েও আলোচনা কৰিব লাগে।

 

৫. বিভিন্ন পৰ্যায়ত সহায়ক ব্যৱস্থা:

ৰাজ্যিক পৰ্যায়ত:

  • ৰাজ্যিক পৰ্যায়ত ক্ষমতাযুক্ত কমিটি
  • ৰাজ্যিক পৰ্যায়ত ৰূপায়ন আৰু পৰ্যালোচনা কমিটি
  • ৰাজ্যিক সমল গোট

জিলা পৰ্যায়ত:

  • জিলাৰ উপায়ুক্ত
  • মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদ
  • জিলা ৰূপায়ণ আৰু পৰ্য্যালোচনা কমিটি
  • জিলা কাৰিকৰী সহায়ক গোট(জিলা কাৰ্যসূচী ব্যৱস্থাপনা গোট, সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ ফেকাল্টি আৰু সমল ব্যক্তিসকলৰ গোট)

উন্নয়ন খণ্ড পৰ্যায়ত:

  • খণ্ড উন্নয়ন বিষয়া
  • উন্নয়ন খণ্ডৰ কৰ্মকৰ্তাসকল
  • খণ্ড উন্নয়ন পৰ্য্যায়ত ৰূপায়ন আৰু পৰ্য্যালোচনা কমিটি
  • উন্নয়ন খণ্ড পৰ্যায়ৰ কাৰিকৰী অনুমোদন কমিটি

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ গাঁথনি:

  • সকলো গাওঁ পঞ্চায়তৰ সদস্যক লৈ গঠিত
  • গাওঁ পঞ্চায়তৰ স্থায়ী কমিটিসমূহ
  • গাওঁ পঞ্চায়ত সমল গোট
  • গাওঁ পঞ্চায়ত পর্যায়ৰ কাৰ্যকৰী দল
  • গাওঁ পঞ্চায়তৰ সচিব
  • গাওঁ পঞ্চায়তত নিয়োজিত গাওঁ পঞ্চায়তৰ সকলো কৰ্মকৰ্তা
  • সমজাতীয় বিভাগৰ কর্মকর্তা/গাওঁ পঞ্চায়ত পর্যায়ৰ আগশাৰীৰ কর্মী
  • আশাকৰ্মী আদিৰ দৰে অধিস্বীকৃত স্বেচ্ছাসেৱক
  • আত্মসহায়ক গোট/ফেডাৰেচন/সামুহিক ভিত্তিক সংগঠন/বেচৰকাৰী সংগঠন
  • ৰাইজৰ কমিটিসমূহ

১.৩ গাওঁ পঞ্চায়তৰ আলোচনাৰ বাবে খচৰা কাৰ্যাৱলীৰ কেলেণ্ডাৰ:

 

পদক্ষেপ

কাৰ্য্যকলাপ (কি?)

উদ্দেশ্য(কিয়?)

দায়িত্ব/কাৰ্য্যকাৰক(কোন?)

নিৰ্দ্দিষ্ট সময়(কেতিয়া?)

সম্ভাব্য সমস্যা

 

 

 

 

 

 

পঞ্চায়ত কমিটিৰ বৈঠক

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা আৰু আমাৰ গাঁও আমাৰ আঁচনি সম্পৰ্কত চৰকাৰ অথবা বিভাগৰ পৰা পোৱা চিঠি তথা আদেশৰ আধাৰত আলোচনা

গাওঁ পঞ্চায়তৰ সভাপতিৰ পৰামৰ্শ অনুসাৰে গাওঁ পঞ্চায়তৰ সচিবগৰাকী

 

 

গাওঁ পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু সচিবৰ সৈতে প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে, গাওঁ পঞ্চায়ত এলেকাৰ পৰা তিনি গৰাকী সমল ব্যক্তিক বিচাৰি উলিওৱা

গাওঁ পঞ্চায়ত

 

 

 

পদক্ষেপ

কাৰ্য্যকলাপ (কি?)

উদ্দেশ্য(কিয়?)

দায়িত্ব/কাৰ্য্যকাৰক (কোন?)

নিৰ্দ্দিষ্ট সময় (কেতিয়া?)

সম্ভাব্য সমস্যা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

প্ৰশিক্ষণত যোগদান

পৰিকল্পনাৰ নিৰ্দেশাৱলী, নিৰ্দেশনা পুথি আৰু সঙ্গত দলিল, নথি-পত্ৰ সংগ্ৰহ কৰা

গাওঁ পঞ্চায়তৰ সচিব

 

 

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰক্ৰিয়াসমূহ চলাই নিয়াৰ বাবে সংশ্লিষ্ট গাওঁ পঞ্চায়তখনৰ বাবে এখন কাৰ্যাৱলীৰ পৰিকল্পনা প্ৰস্তুত কৰা

গাওঁ পঞ্চায়তৰ সভাপতি, উপ-সভাপতি, সচিব আৰু সমল গোট

 

 

ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান/সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ/পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণৰ কাৰ্যসূচীত বাধ্যতামূলকভাৱে অংশগ্ৰহণ কৰা

গাওঁ পঞ্চায়তৰ সভাপতি, উপ-সভাপতি, সচিব আৰু সমল গোট

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পঞ্চায়ত কমিটিৰ বৈঠক

প্ৰশিক্ষণ গ্ৰহণ কৰা পঞ্চায়তৰ আন সতীৰ্থ সদস্যসকলৰ সৈতে সক্ৰিয় আলোচনাত মিলিত হোৱা আৰু অভিজ্ঞতাৰ আদান-প্ৰদান কৰা

গাওঁ পঞ্চায়তৰ সভাপতি, উপ-সভাপতি, সচিব আৰু সমল গোট

 

 

পঞ্চায়ত পৰ্যায়ৰ প্ৰচাৰ কমিটিৰ সদস্যসকলৰ খচৰা তালিকা প্ৰস্তুত কৰা

পঞ্চায়ত কমিটি

 

 

পঞ্চায়ত পৰ্যায়ৰ কাৰ্যকৰী দলৰ সদস্যসকলৰ খচৰা তালিকা প্ৰস্তুত কৰা

পঞ্চায়ত কমিটি

 

 

গাওঁসভাৰ বাবে ৰাইজক সংগঠিত আৰু সচেতন কৰাৰ পৰিকল্পনা কৰা

পঞ্চায়ত কমিটি

 

 

পৰিকল্পনাৰ নিৰ্দেশনা পুথি আৰু প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা

পঞ্চায়ত কমিটি আৰু সমল গোট

 

 

প্ৰশিক্ষণৰ কালছোৱাত প্ৰস্তুত কৰা কাৰ্যাৱলীৰ কেলেণ্ডাৰ অনুমোদন কৰা

পঞ্চায়ত কমিটি

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

প্ৰথমখন গাওঁসভা

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা তথা আমাৰ গাওঁ আৰু আমাৰ আঁচনিখনৰ সৈতে ৰাইজক চিনাকি কৰি দিয়া

সমল গোটৰ সহায়তাত সংশিষ্ট ৱাৰ্ডৰ সদস্যগৰাকী

 

 

পঞ্চায়ত পৰ্যায়ৰ প্ৰচাৰ কমিটি আৰু কাৰ্যকৰী দলসমূহৰ অনুমোদন কৰা

সমল গোটৰ সহায়তাত সংশিষ্ট ৱাৰ্ডৰ সদস্যগৰাকী

 

 

জনগোষ্ঠীৰ দ্বাৰা অনুভূত চাহিদাসমূহৰ চিনাক্ত কৰা

সমল গোটৰ সহায়তাত সংশিষ্ট ৱাৰ্ডৰ সদস্যগৰাকী

 

 

 

পদক্ষেপ

কাৰ্য্যকলাপ (কি?)

উদ্দেশ্য(কিয়?)

দায়িত্ব/কাৰ্য্যকাৰক (কোন?)

নিৰ্দ্দিষ্ট সময় (কেতিয়া?)

সম্ভাব্য সমস্যা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

ৱাৰ্ড পৰ্যায়ত ৰাইজৰ সভা/ৱাৰ্ডসভা

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা তথা আমাৰ গাওঁ আৰু আমাৰ আঁচনিখনৰ সৈতে ৰাইজক চিনাকি কৰি দিয়া

সমল গোটৰ সহযোগত সংশ্লিষ্ট ৱাৰ্ডৰ সদস্য

 

 

ৱাৰ্ড পৰ্যায়ৰ প্ৰচাৰ কমিটি গঠন কৰা

সমল গোটৰ সহযোগত সংশ্লিষ্ট ৱাৰ্ডৰ সদস্য

 

 

ৰাইজৰ দ্বাৰা অনুভূত চাহিদাসমূহৰ চিনাক্ত কৰা

সমল গোটৰ সহযোগত সংশ্লিষ্ট ৱাৰ্ডৰ সদস্য

 

 

 

 

 

কাৰ্যকৰী দলৰ প্ৰশিক্ষণ

কাৰ্যকৰী দলৰ দক্ষতা গঢ়া আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়া

গাওঁ পঞ্চায়তৰ সভাপতি, সচিব আৰু সমল গোট

 

 

 

 

 

 

 

 

 

 

 

 

 

 

কাৰ্যকৰী দলৰ বৈঠক

পৰিস্থিতি বিশ্লেষণৰ আহিলাবিলাকৰ সৈতে চিনাকি হোৱা

কাৰ্যকৰী দল

 

 

চাৰিটা উপ-দল গঠন

কাৰ্যকৰী দল

 

 

পৰিস্থিতি বিশ্লেষণৰ কেলেণ্ডাৰ প্ৰস্তুত কৰা

পঞ্চায়ত কমিটি আৰু কাৰ্যকৰী দল

 

 

তথ্যৰাজি (গৌণ আৰু প্ৰাথমিক) সংগ্ৰহৰ আহিলা প্ৰস্তুত কৰা

সমল গোট আৰু কাৰ্যকৰী দল

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পৰিস্থিতি বিশ্লেষণ কৰা কাৰ্যৰ সুচলকৰণ

গাওঁ পঞ্চায়তৰ পৰিস্থিতি বিশ্লেষণ কাৰ্যৰ বাবে আৱশ্যকীয় সহায়তা বিচাৰি সংশ্লিষ্ট সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিভাগলৈ চিঠি প্ৰেৰন

গাওঁ পঞ্চায়তৰ সভাপতি/সচিব

 

 

সকলো গাওঁবাসী/গাওঁসমূহলৈ আগতীয়াকৈ জাননি প্ৰেৰণ কৰা

গাওঁ পঞ্চায়তৰ সভাপতি

 

 

 

 

 

 

 

 

 

পৰিস্থিতি বিশ্লেষণ

গৌণ তথ্যৰাজি সংগ্ৰহ কৰা

কাৰ্যকৰী দল

 

 

PRA আহিলাৰ জৰিয়তে প্ৰাথমিক তথ্যৰাজি সংগ্ৰহ কৰা

কাৰ্যকৰী দল

 

 

 

পদক্ষেপ

কাৰ্য্যকলাপ (কি?)

উদ্দেশ্য(কিয়?)

দায়িত্ব/কাৰ্য্যকাৰক (কোন?)

নিৰ্দ্দিষ্ট সময় (কেতিয়া?)

সম্ভাব্য সমস্যা

 

 

 

 

 

 

 

পৰিস্থিতি বিশ্লেষণ

স্থিতিৰ খচৰা প্ৰতিবেদন প্ৰস্তুত কৰা

কাৰ্যকৰী দল

 

 

খচৰা পৰিস্থিতি বিশ্লেষণৰ প্ৰতিবেদন প্ৰস্তুত কৰা আৰু কাৰ্যকৰী দলৰ সকলো সদস্যৰ সৈতে উক্ত প্ৰতিবেদনৰ ওপৰত আলোচনা কৰা

কাৰ্যকৰী দল আহ্বায়ক

 

 

কাৰ্যকৰী দলৰ সদস্যসকলে মিলি খচৰা স্থিতি বিষয়ক প্ৰতিবেদন খন প্ৰস্তুত কৰা আৰু পঞ্চায়ত কমিটিৰ ওচৰত দাখিল কৰা

কাৰ্যকৰী দলৰ আহ্বায়ক

 

 

চুড়ান্ত স্থিতি বিষয়ক প্ৰতিবেদন প্ৰস্তুত কৰা

গাওঁ পঞ্চায়তৰ সচিব আৰু কাৰ্যকৰী দল

 

 

 

 

 

 

 

 

 

 

 

 

 

 

১০

 

 

 

 

 

 

 

 

 

 

 

গাওঁ পঞ্চায়তৰ বৈঠক

খচৰা স্থিতি বিষয়ক প্ৰতিবেদন উপস্থাপন কৰা

গাওঁ পঞ্চায়তৰ সভাপতি/সচিব

 

 

গাওঁসভাৰ বৈঠকৰ বাবে জাননী জাৰি আৰু প্ৰস্তুতিমূলক কাম কৰা

গাওঁ পঞ্চায়তৰ সভাপতি/সচিব

 

 

খচৰা স্থিতি বিষয়ক প্ৰতিবেদন নিশ্চিত কৰা

গাওঁ পঞ্চায়তৰ সভাপতি/সচিব

 

 

আত্মসহায়ক গোট, জনগোষ্ঠীভিত্তিক সংগঠন আৰু অন্যান্য সামূহিক সংগঠনসমূহলৈ চিঠি প্ৰেৰণ কৰা

পঞ্চায়ত কমিটি/প্ৰচাৰ কমিটি

 

 

ৰাইজক সংগঠিত কৰাৰ বাবে পৰিকল্পনা কৰা

পঞ্চায়ত কমিটি/প্ৰচাৰ কমিটি

 

 

গাওঁসভাৰ বাবে ৰাইজক সংগঠিত কৰাৰ বাবে পৰিৱেশ সৃষ্টি কৰা

পঞ্চায়ত কমিটি/প্ৰচাৰ কমিটি

 

 

চিঠি/জাননী/সমাৱেশ/মাইকেৰে ঘোষণা/বিদ্যালয়/ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে ৰাইজক সংগঠিত কৰা কাম

পঞ্চায়ত কমিটি/প্ৰচাৰ কমিটি

 

 

গাওঁসভাৰ বাবে জাননী জাৰি কৰা, সম্ভৱ হ’লে পোষ্টাৰ আঁৰি দিয়া

পঞ্চায়ত কমিটি/প্ৰচাৰ কমিটি

 

 

১১

দিত্বীয়খন গাওঁসভা

খচৰা স্থিতি বিষয়ক প্ৰতিবেদনখন অনুমোদন কৰা

গাওঁ পঞ্চায়তৰ সভাপতি

 

 

 

পদক্ষেপ

কাৰ্য্যকলাপ (কি?)

উদ্দেশ্য(কিয়?)

দায়িত্ব/কাৰ্য্যকাৰক (কোন?)

নিৰ্দ্দিষ্ট সময় (কেতিয়া?)

সম্ভাব্য সমস্যা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

১২

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পঞ্চায়ত কমিটিৰ বৈঠক

সম্পদৰাজিৰ ভঁৰালৰ বিষয়ে বিস্তৃতভাৱে আলোচনা-বিলোচনা কৰা

পঞ্চায়ত কমিটি

 

 

পৰৱৰ্তী কাৰ্যকলাপৰ বাবে অনুমোদন দিয়া

পঞ্চায়ত কমিটি

 

 

সম্পদৰাজিৰ ভঁৰালৰ পৰা পখণ্ডীয় পৰ্যায়ত পুঁজি আৱন্টনৰ খচৰা প্ৰস্তুত কৰা

পঞ্চায়ত কমিটি

 

 

পৰিকল্পনা আৰু প্ৰকল্প প্ৰস্তুত কৰাৰ বাবে কাৰ্যকৰী দল নিয়োগৰ সিদ্ধান্ত কৰা

পঞ্চায়ত কমিটি

 

 

নিৰ্দেশাৱলীৰ আধাৰত পৰিকল্পনা দলিলৰ গাঁথনিটোৰ খচৰা প্ৰস্তুত কৰা

পঞ্চায়ত কমিটি

 

 

প্ৰকল্প-দলিলৰ গাঁথনিটোৰ খচৰা প্ৰস্তুতকৰা-ইয়াক বিস্তাৰিত কৰা

পঞ্চায়ত কমিটি

 

 

গাওঁসভাত উপস্থিত থকাৰ বাবে কৰ্মকৰ্তাসকললৈ জাননী প্ৰেৰণ কৰা

গাওঁ পঞ্চায়তৰ সভাপতি

 

 

গাওঁসমূহলৈ গাওঁসভাৰ জাননী জাৰি কৰা

গাওঁ পঞ্চায়তৰ সভাপতি

 

 

 

 

 

 

১৩

 

 

 

তৃতীয়খন গাওঁসভা

প্ৰকল্পৰ দলিল আৰু পৰিকল্পনাৰ দলিলৰ খচৰা গাঁথনি অনুমোদন কৰা

পঞ্চায়ত কমিটি

 

 

প্ৰশাসনিক সংমোদন লোৱা

পঞ্চায়ত কমিটি

 

 

১৪

পঞ্চায়ত কমিটিৰ বৈঠক

গাওঁসভাৰ মন্তব্য আৰু চুপাৰিচসমূহ সন্নিৱিষ্ট কৰি অনুবদ্ধৰ সৈতে পৰিকল্পনা আৰু প্ৰকল্পৰ চূড়ান্ত দলিল দুখন অনুমোদন কৰা

পঞ্চায়ত কমিটি

 

 

১৫

থূপভিত্তিক কাৰিকৰী কমিটি

কাৰিকৰী সংমোদনৰ বাবে পৰিকল্পনা আৰু প্ৰকল্পৰ দলিল দুখন দাখিল কৰা

পঞ্চায়ত কমিটি

 

 

১৬

জিলা পৰিকল্পনা কমিটি

পৰিকল্পনাৰ দলিলখন জিলা পৰিকল্পনা সমিতিৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা

পঞ্চায়ত কমিটি

 

 

উৎস-ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰ্তিষ্ঠান

3.05882352941
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top