অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিস্থিতি বিশ্লেষণৰ কাম কেনেকৈ আৰম্ভ কৰিব ?

পৰিস্থিতি বিশ্লেষণৰ কাম কেনেকৈ আৰম্ভ কৰিব লিখা হৈছে

পৰিস্থিতি বিশ্লেষণৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি-

 

পৰিস্থিতি অধ্যয়নৰ সমগ্র প্রক্রিয়াটো সফলতাৰে সম্পন্ন আৰু পঞ্চায়তখনৰ পৰিস্থিতি বিষয়ক প্রতিবেদনখন প্রস্তুত কৰাৰ বাবে কার্যকৰী দল আৰু গাওঁ পঞ্চােয়ত কমিটিখন দায়িত্বশীল হ’ব লাগিব।

 

পৰিস্থিতি বিশ্লেষণৰ প্ৰক্ৰিয়াৰ কালছোৱাত ব্যৱহাৰ কৰিবলগীয়া আহিলাবিলাকৰ বিষয়ে গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাৰ ওপৰত ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠানৰ দ্বাৰা প্রকাশিত প্রশিক্ষণৰ নির্দেশনা পুথিত উল্লেখ কৰা হৈছে।

গৌণ তথ্য সংগ্ৰহ

 

৪.৯.১ প্রস্তুতিমূলক কার্যকলাপবিলাক

• যিবিলাক অনুষ্ঠানৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগিব, সিবিলাকৰ তালিকা প্রস্তুত কৰা

• বিভিন্ন অনুষ্ঠানৰ সন্মতি আৰু সহযোগিতা কামনা কৰি লিখা আনুষ্ঠানিক চিঠি প্ৰেৰণ কৰিব লাগিব

• বিভিন্ন অনুষ্ঠানৰ পৰা বিচাৰিবলগীয়া পিয়লৰ তথ্য, দলিল আৰু খতিয়ানৰ তালিকা প্রস্তুত কৰصر

• তথ্য সংগ্ৰহৰ প্ৰ-পত্র প্রস্তুত কৰা। বিভিন্ন সমজাতীয় বিভাগ আৰু কার্যালয়সমূহৰ পুৰা সংগ্ৰহ কৰিবলগীয়া তথ্যসমূহুৰ কাৰণে প্রস্তুত কৰা প্ৰ-পত্ৰৰ খচৰা অনুবদ্ধত সন্নিৱিষ্ট কৰা হৈছে। প্রয়োজন অনুসাৰে কাৰ্যকৰী দলবিলাকে ইয়াক সংশোধন কৰি ব্যৱহাৰ কৰিব পাৰে।

• সভা আহ্বান কৰাৰ বাবে এটা তাৰিখ আৰু সময় নিদ্ধাৰণ কৰা

৪.৯.২ কার্যকলাপবিলাক

• বিভিন্ন অনুষ্ঠানৰ পৰা তথ্য সংগ্ৰহ কৰা

• সাম্প্রতিক আচনিৰ বিষয়ে তথ্য সংগ্ৰহ কৰা গৌণ তথ্যৰাজি সংগ্ৰহৰ বাবে অনুবদ্ধ-১ত প্ৰ-পত্ৰ সন্নিৱিষ্ট কৰা হৈছে।

৪.৯.৩ পৰৱতী কার্যকলাপবিলাক

• তথ্যৰাজিৰ সংগ্ৰহ

 

এই প্রক্রিয়াটােৰ সৈতে সংগত তথ্যৰাজি একেলগ কৰা, তথ্যসমূহ একত্রিত কৰা (উদাহৰণস্বৰূপে, যদি এখন গাওঁ পঞ্চায়তত তিনিটা অঙ্গনৱাড়ী আছে, তেনেহলে তিনিওটা অঙ্গনৱাড়ীৰ তথ্য একত্ৰিত কৰাৰ প্রয়ােজন হ’ব) আৰু সকলোৱে সহজতে বুজি পোৱাকৈ একেখন প্রতিবেদনত তথ্যসমূহ সংকলন কৰা কাম জড়িত হৈ আছে। এই কামবিলাক কৰাৰ বাবে সুনির্দিষ্ট প্র-পত্ৰ থকা উচিত। এইবিলাক প্র-পত্ৰ হয় উচ্চতৰ কর্তৃপক্ষৰ দ্বাৰা উপলব্ধ কৰাব লাগিব অথবা সমল ব্যক্তি/সমল গোট/ কার্যকৰী দলে প্রস্তুত কৰি উলিয়াব লাগিব।

• সংগৃহীত তথ্যসমূহ হয় আৱাসিক স্থানভিত্তিক অথবা গাওঁ ভিত্তিক নাইবা কাষৰীয়া অঞ্চল-ভিত্তিক হ’ব লাগিব। সেইকাৰণে তথ্যসংগ্ৰহৰ এলেকাসমূহৰ বিষয়ে স্পষ্টভাৱে প্রকাশ কৰিব লাগিব।

• যদি কোনো তথ্য প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ দৰে এক অনুষ্ঠানৰ পৰা সংগ্ৰহ কৰিবলগীয়া হয়, তেনেহলে সেই তথ্য একাধিক গাওঁ পঞ্চায়তৰ বাবে প্রযোজ্য হ’ব পাৰে। তথ্যসমূহৰ বিষয়ে ব্যাখ্যা কৰাৰ সময়ত এই কথাটো মনত ৰাখিব লাগিব।

 

বিঃদ্রঃ যদি কোনাে প্রাথমিক স্বাস্থ্যকেন্দ্র, বিদ্যালুয়া অথবা অনুষ্ঠানে একাধিক গাওঁ পঞ্চােয়তক সামুৰি লৈছে, তেনেহলে তেনে অনুষ্ঠানবিলাকক কাষৰীয়া অঞ্চলভিত্তিক অনুষ্ঠান হিচাপে আৰু কেৱল মাত্র এখন গাওঁ পঞ্চােয়তক সামৰি লোৱা অনুষ্ঠানবিলাকক গাওঁ ; পঞ্চােয়ত ভিত্তিক অনুষ্ঠান হিচাপে চিহ্নিত কৰিব লাগিব।

• তথ্যসমূহত থকা সুৰুঙাবিলাক চিনাক্তকৰণ-

 

উদাহৰণ – ১  গাওঁ পঞ্চােয়তসমূহত দহটা ৱাৰ্ড আছে। কিন্তু তাৰে ছয়টা ৱাৰ্ডতহে গৃহহীন পৰিয়ালৰ বিস্তাৰিত বিৱৰণ আছে।

উদহৰণ – ২ % কোনো এটা নির্দিষ্ট বৰ্ষৰ বাবে, আধাতে শিক্ষা সমাপ্ত কৰি বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সংখ্যাৰ বিষয়ে বিদ্যালয়ে তথ্যৰ যোগান ধৰিছে; কিন্তু তাত শ্রেণী হিচাপত ছাত্ৰ-ছাত্রীৰ সংখ্যা অথবা কিমান ল’ৰা আৰু কিমান ছোৱালীয়ে বিদ্যালয় ত্যাগ কৰিলে তাৰ তথ্য দাঙি ধৰা হােৱা নাই।

• তথ্যসমূহৰ নিশ্চিতকৰণ

উদাহৰণস্বৰূপে, গাওঁখনত নির্মাণ কৰা শৌচালয়ৰ সংখ্যা ৬০% ৰ অধিক; কিন্তু তথাপি মুকলিত মলত্যাগ কৰা লোকৰ সংখ্যা তাৰ অধিক বা ৭০% হ’ব পাৰে। এই কথাবিলাক প্রাথমিক তথ্য সংগ্ৰহৰ সময়ত আলোচনা কৰিব লাগে।

গৌণ উৎসসমূহৰ পৰা সংগৃহীত তথ্যসমূহৰ বিশ্বাসযোগ্যতা প্রত্যক্ষভাৱে নিশ্চিত কৰাৰ প্রয়োজন হ’ব পাৰে। এই কামটাে গুৰুত্ব আৰােপিত দলৰ সৈতে কৰা দলগত আলোচনা, নিবিড় সাক্ষাৎকাৰ আৰু পৰিয়ালৰ জৰীপৰ সময়ত কৰিব পৰা যায়। আধাতে শিক্ষণ সামৰি বিদ্যালয় ত্যাগ কৰা ছাত্র-ছাত্রীৰ উচ্চ হাৰ, অঙ্গনৱাড়ীত নিম্নসংখ্যাৰ নামভৰ্তি, মুকলিত মলত্যাগ কৰাৰ কাৰণ, প্রতিষেধক ছিটা গ্রহণ কৰাৰ নিম্ন হাৰ ইত্যাদিৰ কাৰণ এই প্রক্রিয়াৰ কালছোৱাত উদঘাটন কৰিব পৰা যায়।

 

৪.১০ প্রাথমিক তথ্যৰাজি সংগ্ৰহ

অংশগ্রহণমূলক গ্রাম্য সূচিতকৰণ প্রক্রিয়া হৈছে, গাওঁ / জনগোষ্ঠীৰ সাম্প্রতিক অৱস্থাৰ অধ্যয়ন কৰাৰ এক প্রক্রিয়া। ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰা জানিবুজি লৈ, তেওঁলোকৰ চাহিদাৰ বিষয়ে জানিবলৈ আৰু তাৰ সমাধানৰ উপায় বিচাৰি উলিয়াবলৈ এই প্রক্রিয়াটোৰ আশ্রয় লোৱা হয়।

৪.১০. ক. সামাজিক মানচিত্ৰ অংকন আৰু সম্পদৰাজিৰ মানচিত্ৰ অংকনঃ

গাওঁৰ বিন্যাস, আন্তঃগাঁথনি, জনসংখ্যা বিষয়ক তথ্য, স্বাস্থ্যৰ অৱস্থা, সম্পত্তি, অনাময়, অসুৰক্ষিত ক্ষেত্র বা খণ্ডসমূহ ইত্যাদিৰ অৱস্থা তুলি ধৰিবলৈ সামাজিক মানচিত্র ব্যৱহাৰ কৰিব পৰা যায়। এইটােৱে ৰাস্তা, নদী, বৈশিষ্ট্যসমূহ আৰু পৰিয়ালবিলাকৰ অৱস্থা, আৱাস গৃহ তথা অট্টালিকাৰ মালিকানা আৰু ভূমি ব্যৱহাৰৰ ধৰণ আদি সামৰি লয়।

সামাজিক মানচিত্ৰ অংকনৰ সময়ত তলৰ চেকলিষ্টখন অনুসৰণ কৰিব পৰা যায়ঃ

গাওঁ, নদী, ঘৰ, চিকিৎসালয়, বিদ্যালয়, ধমীয় অনুষ্ঠান, খোৱাপানীৰ উৎস, গাওঁ পঞ্চায়তৰ কাৰ্যালয়, অসুৰক্ষিত চুবুৰি, চৰকাৰী কার্যালয় আদিৰ অৱস্থিতি।

• ৰাইজৰ অংশীদাৰসকলক অৱগত কৰা • সম্পদৰাজিৰ মানচিত্ৰ অংকনৰ বাবে চকপেন্সিল, ৰঙীণ পাউদাৰ আদি সামগ্ৰীৰ বন্দৱস্ত কৰা

৪.১০.ক.২. কার্যকলাপবিলাক

• ৰাইজক সংগঠিত কৰা

• গাওঁবাসীসকলে নির্দেশ কৰা ধৰণে গাওঁৰ সীমা অংকন কৰা

• গাওঁবাসীসকলে নির্দেশ কৰা ধৰণে সামাজিক আৰু আর্থিক আন্তঃগাঁথনি, যেনে— ৰাস্তা, দলং, বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ, উপাসনাস্থলী ইত্যাদি অংকন কৰা

• গাওঁবাসীসকলে নির্দেশ কৰা ধৰণে ৰাইজৰ বসতিৰ ধৰণ, যেনে— ঘৰ, ঘৰৰ প্ৰকাৰ (খেৰী, পকী, কেঁচা) অংকন কৰা

• গাওঁবাসীসকলে নির্দেশ কৰা ধৰণে অন্যান্য সামাজিক অনুষ্ঠান

• ভূদৃশ্য, ভূমিক্ষেত্ৰ আৰু ঢাল, হাবি, গছ-গছনি, মাটিৰ প্ৰকাৰ দেখুওৱা

• জলাশয়, জলসিঞ্চনৰ উৎস, নদী আৰু নৰ্দমা দেখুওৱা • শস্যৰ খেতিৰ ধৰণ আৰু উৎপাদনশীলতা আদি দেখুওৱা

৪.১০.ক.৩. পৰৱতী কার্যকলাপ

• ৰাইজৰ অনুভূত চাহিদা আৰু অভাৱ-অভিযোগসমূহ চিনাক্ত কৰা

• ৰাইজৰ সহযোগত তেওঁলোকৰ চাহিদাবিলাকৰ অগ্ৰাধিকাৰ নিৰূপণ কৰা

• প্রাকৃতিক সম্পদৰাজিৰ বিষয়ত ৰাইজৰ মতামত সংগ্ৰহ কৰা

• প্রাকৃতিক সম্পদৰাজিত মূল্য সংযোজন কৰিব পৰা হয় নেকি তাৰ মূল্যায়ণ কৰা

 

 

৪.১০, খ, গুৰুত্ব আৰোপিত দলৰ সৈতে দলগত আলোচনাঃ

ৰাইজৰ সমস্যা তথা বিষয়বিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ ধাৰণাৰ বিষয়ে বুজি লোৱাটাে এক অতি গুৰুত্বপূর্ণ কথা। এইটাে ফলপ্ৰসূ হ’ব পাৰে, যদিহে আমি এক সুনির্দিষ্ট বিষয়ৰ ওপৰত আৰু এক নির্দিষ্ট দলৰ সৈতে মুকলিভাৱে আৰু খোলাখুলিভাৱে আলোচনা কৰিবলৈ সমর্থ হওঁ। এক সম্ভাৱ্য সমাধানৰ ক্ষেত্ৰত ৰাইজে কি পৰামৰ্শ আগবঢ়ায়, সেই সম্পর্কে এক ধাৰণা গ্রহণ কৰাটােও আৱশ্যকীয় কথা। গুৰুত্ব আৰোপিত দলৰ সৈতে কৰা দলগত আলোচনাৰ জৰিয়তে এইটো সম্ভৱ হ’ব পাৰে। গুৰুত্ব আৰোপিত দলৰ সৈতে কৰা দলগত আলোচনা হৈছে, একে পটভূমি অথবা একে ধৰণৰ অভিজ্ঞতাসম্পন্ন লোকসকলক, তেওঁলোকৰ আগ্রহ থকা এক সুনির্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ একে ঠাইত সমবেত কৰা এক উপযোগী আহিলা। প্রয়োজন অনুসাৰে পুৰুষ, মহিলা, যুৱক, বয়স্ক, শিশু ইত্যাদি এই সকলোৰে বাবে পৃথকভাৱে গুৰুত্ব আৰােপিত দলৰ সৈতে দলগত আলোচনা অনুষ্ঠিত কৰিব পৰা যায়। সেইদৰে আত্মসহায়ক গোট, কৃষক সংঘ, ভূমিহীন লোক, অপসাৰিত জনগোষ্ঠী আদিৰ বাবেও গুৰুত্ব আৰােপিত দলৰ সৈতে দলগত আলোচনা অনুষ্ঠিত কৰিব পৰা যায়।

৪.১০.খ.১. প্রস্তুতিমূলক কার্যকলাপ

• তাৰিখ, সময় আৰু স্থান নিদ্ধাৰণ

• অংশীদাৰসকলক অৱগত কৰ

• আগধৰি প্রশ্নাৱলী প্রস্তুত কৰা

• সম্পাদনা তথা প্রতিপাদনৰ বাবে দায়িত্ব নিদ্ধাৰণ কৰা

গুৰুত্ব আৰােপিত দলৰ সৈতে দলগত আলোচনা অনুষ্ঠিত কৰাৰ বাবে কার্যকৰী দলৰ বৈঠক অনুষ্ঠিত কৰিব লাগিব আৰু উক্ত বৈঠকত তাৰিখ আৰু স্থান নিদ্ধাৰণ কৰিব লাগিব। কার্যকৰী দল/ কর্মবাহিনীয়ে গুৰুত্ব আৰােপিত দলৰ সৈতে কৰিবলগীয়া দলগত আলোচনাৰ ধৰণ আৰু দলটােৰ সংখ্যাৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰিব। গুৰুত্ব আৰােপিত দলৰ সৈতে দলগত আলোচনা ৱার্ড পর্যােয়ত কৰিব লাগে।তদুপৰি এই আলোচনা বয়স্ক, মহিলা আৰু শিশু আদি বিভিন্ন শ্রেণীৰ বাবে পৃথকভাৱে কৰিব পৰা যায়। অৱশ্যে, এই ক্ষেত্ৰত ৱাৰ্ড আৰু চুবুৰীবিলাকৰ প্ৰতিনিধিত্বৰ বিষয়টাে নিশ্চিত কৰিব লাগিব।

গুৰুত্ব আৰােপিত দলৰ সৈতে দলগত আলোচনা অনুষ্ঠিত কৰাৰ সময়ত মনত ৰাখিবলগীয়া কিছুমান কথা তলত উল্লেখ কৰা হ'লঃ

• আলোচনা যাতে সুনির্দিষ্ট বিষয়ৰ ওপৰত হয় আৰু ই আওবাটে আগনাবাঢ়ে, সেইটাে চাবৰ কাৰণে আলোচনা কালত সচলাকাৰী উপস্থিত থাকিব লাগিব

• আলোচনাৰ তাৰিখ, স্থান আৰু সময় আগতীয়াকৈ নিদ্ধাৰণ কৰিব লাগিব আৰু এই বিষয়ে সকলো অংশগ্রহণকাৰীকে জনাব লাগিব

 

• গুৰুত্ব আৰােপিত দলৰ সৈতে দলগত আলোচনা অনুষ্ঠিত কৰাৰ বাবে একে প্রকৃতিৰ ব্যক্তিক সমবেত কৰিব লাগিব। উদাহৰণঃ- আমি যদি ভূমিহীন লোকসকলৰ বাবে গুৰুত্ব আৰােপিত দলৰ সৈতে এক দলগত আলোচনা অনুষ্ঠিত কৰোঁ,তেনেহলে সেই আলোচনাত ধনী ভূস্বামী বা মাটিৰ মালিক থাকিব নালাগিব। এই ক্ষেত্ৰত এনে স্থান নিদ্ধাৰণ কৰিব লাগিব, য’ত তেওঁলোকে মুকলিমূৰীয়া অনুভৱ কৰিব পাৰে আৰু য’ত তেওঁলোক ভীতি-বিহ্বলতা অনুভৱ নকৰে।

 

৪.১০.খ.২. পৰৱতী কার্যকলাপ

ৰাইজৰ পৰ্যবেক্ষণ, চিনাক্তকৃত সমস্যাসমূহ আৰু তেওঁলোকে আগবঢ়োৱা পৰামর্শবিলাকক লৈ এক দলিল প্রস্তুত কৰা

৪.১০.গ, গলিয়ে গলিয়ে পদযাত্ৰাঃ

গলিয়ে গলিয়ে কৰা পদযাত্রাই এটা চুবুৰীত কি কি সম্পদৰ উন্নয়ন সাধন কৰিবলগীয়া আছে আৰু কি কি সম্পদৰ উন্নতি সাধন হৈছে তাক চিনাক্ত কৰাত সহায় কৰে। ইয়ে উপলব্ধ আন্তঃগাঁথনিৰ সাম্প্রতিক অৱস্থাৰ মূল্যায়ণ আৰু ব্যৱহাৰ কৰিব পৰা প্রাকৃতিক সম্পদৰাজি চিনাক্ত কৰাত সহায় কৰে। তদুপৰি ইয়ে বিভিন্ন ৰাজহুৱা উদ্দেশ্য আৰু প্রকল্পসমূহৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ ভূমিৰ উপলব্ধতাও চিনাক্ত কৰে। তদুপৰি গলিয়ে গলিয়ে কৰা পদযাত্রাই বিভিন্ন জনগোষ্ঠীয়ে লাভ কৰা ৰাজহুৱা সেৱাৰ পৰিসৰ চিনাক্ত কৰা সহায় কৰে।

পদক্ষেপ ৫:

গাওঁ পঞ্চায়তৰ বৈঠক

পাতনি

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ খচৰা স্থিতি সম্পৰ্কীয় প্রতিবেদনখন সম্পূর্ণ হোৱাৰ পিছত, যিমান পৰা যায় শীঘ্ৰে খচৰা প্রতিবেদনখন গাওঁ পঞ্চায়তৰ বৈঠকত উপস্থাপন কৰিব লাগিব। ইয়াৰ ফলস্বৰূপে গাওঁ পঞ্চায়তখনে ৰাইজৰ চাহিদাসমূহ আৰু উন্নয়নৰ ক্ষেত্ৰত থকা সুৰুঙাবিলাকৰ বিষয়ে এক ধাৰণা কৰিব পাৰিব। পঞ্চায়ত কমিটিৰ হকে কার্যকৰী দলে উন্নয়নমূলক স্থিতি সম্পৰ্কীয় প্রতিবেদনখন প্রস্তুত কৰিব লাগিব আৰু সেইকাৰণে গাওঁসভাত উপস্থাপন কৰাৰ পূর্বে এই উন্নয়নমূলক স্থিতি সম্পৰ্কীয় প্রতিবেদনখন গাওঁ পঞ্চায়তৰ বৈঠকত অনুমোদিত হ’ব লাগিব। গাওঁসভাত উপস্থাপন কৰাৰ পূর্বে উন্নয়নমূলক স্থিতি সম্পৰ্কীয় প্রতিবেদন খনত আৱশ্যকীয় সালসলনি ঘটাব পৰা যাব আৰু ইবিলাক প্রতিবেদনখনত সন্নিৱিষ্ট কৰি ল’ব লাগিব।

৫.১ উদ্দেশ্যসমূহ

  • পঞ্চায়ত কমিটিৰ ওচৰত খচৰা স্থিতি বিষয়ক প্রতিবেদনখন উপস্থাপন কৰিবলৈ;
  • পঞ্চায়ত কমিটিৰ দ্বাৰা অনুমোদিত খচৰা স্থিতি বিষয়ক প্রতিবেদনখন গাওঁসভাত গ্রহণ কৰিবলৈ;
  • গাওঁসভাৰ বাবে ৰাইজক সংগঠিত কৰা কামৰ পৰিকল্পনাখন প্রস্তুত কৰিবলৈ।

৫.২ প্ৰাককাৰ্যকলাপ

দায়িত্ববাহী: গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিব

  • গাওঁ পঞ্চায়তৰ সভাপতিৰ অনুমোদনৰ সৈতে পঞ্চায়ত কমিটিৰ বৈঠকৰ তাৰিখ আৰু কাৰ্য্যসূচী চূড়ান্ত কৰিব লাগিব;
  • গাওঁ পঞ্চায়তৰ সকলো সদস্যক অৱগত কৰা;
  • পঞ্চায়ত কমিটিৰ ওচৰত খচৰা স্থিতি বিষয়ক প্রতিবেদন উপস্থাপন কৰাৰ বাবে কার্যকৰী দল/ কর্মবাহিনীৰ সদস্যসকলক অৱগত কৰা;
  • গাওঁ পঞ্চায়তৰ বৈঠকত উপস্থিত থকাৰ বাবে আৰু খচৰা স্থিতি বিষয়ক প্রতিবেদনখনৰ বাবে সম-জাতীয় বিভাগসমূহৰ পৰা কাৰিকৰী নির্দেশনা লাভ কৰিবলৈ তেওঁলোকলৈ একোখন চিঠি লিখা

৫.৩ কার্যকলাপ

  • প্রতিবেদনখন উপস্থাপন কৰা
  • প্ৰতিটো অধ্যায় পৃথকভাৱে আলোচনা কৰা
  • গাওঁ পঞ্চায়ত আৰু সমজাতীয় বিভাগসমূহৰ পৰা প্রতিক্রিয়া বিচৰা

 

  • এই আলোচনাত পৰিস্থিতি বিশ্লেষণৰ পৰা উপলব্ধি কৰা সমস্যাসমূহ আৰু তাৰ সমাধান সূত্ৰবিলাকে ভালেমান দিশ সামৰি লোৱাকে ধৰি ৰাইজকেন্দ্ৰিক হোৱাটো সদস্যসকলে নিশ্চিত কৰিব লাগিব।
  • এই পর্যায়ত, সমজাতীয় বিভাগৰ বিষয়া-কর্মচাৰীসকলৰ সৈতে কমিটিৰ সদস্যসকলে, প্রকল্পৰ ধাৰণা- বিলাকৰ উপযোগিতাৰ বিষয়ে আলোচনা কৰিব লাগিব।
  • গাওঁসভাত উন্নয়নমূলক প্রতিবেদনখন উপস্থাপন কৰাৰ বিষয়ে আলোচনা কৰা।
  • গাওঁসভাই কেনেদৰে স্থিতি বিষয়ক প্রতিবেদনৰ পৃথক বিষয় আৰু খণ্ডৰ বিষয়ে আলোচনা কৰিব, সেই বিষয়ে আলোচনা কৰা।
  • সম্পদৰাজিৰ ভঁৰাল আৰু সম্পদৰ আৱণ্টনৰ বিষয়ে আলোচনা কৰা
  • গাওঁসভাৰ বিভিন্ন ভাগত কোনবিলাক ব্যক্তি সুচলকাৰী হ’ব, সেই বিষয়ে আলোচনা কৰা।
  • সম্পদৰাজিৰ ভঁৰালৰ বিষয়ে উপস্থাপন কৰা।
  • বিভিন্ন খণ্ড তথা বিষয়ৰ ওপৰত আলোচনা কৰা।
  • অগ্রাধিকাৰ নিৰূপণ কৰা কাম সুচল কৰা।
  • গাওঁসভাৰ বিভিন্ন আলোচনাবিলাক সংকলিত তথা প্রতিপাদিত কৰা
  1. ইয়াৰ পিছত খচৰা স্থিতি বিষয়ক প্রতিবেদনখন অনুমোদনৰ বাবে গাওঁসভাত উপস্থাপন কৰাৰ বাবে সাজু হৈ উঠিব;

2.  গাওঁসভাৰ বাবে এটা তাৰিখ নিদ্ধাৰণ কৰা

3.  গাওঁসভা অনুষ্ঠিত কৰিবৰ বাবে এক স্থান আৰু সময় নিৰ্দ্ধাৰণ কৰা;

4.  ৰাইজক সংগঠিত কৰাৰ উদ্দেশ্যে এখন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে আলোচনা কৰা;

5.  ৰাইজক কেনেদৰে সংগঠিত কৰিব সেই বিষয়ে আলোচনা কৰা; আৰু

6.  গাওঁসভাত উপস্থিত থকাৰ বাবে ৰাইজক কেনেদৰে প্রণোদিত কৰিব, সেই বিষয়ে আলোচনা কৰা

ৰাইজক সংগঠিত কৰাৰ বাবে গ্রহণ কৰিবলগীয়া পদ্ধতিঃ

  • প্রতিবেদনখনৰ বিষয়ে ৰাইজৰ সৈতে আলোচনা কৰা;
  • উল্লেখযোগ্য স্থানবিলাকত প্রতিবেদনখন/তালিকাখন প্রদর্শন কৰা;
  • প্ৰতিটো পৰিয়ালক গাওঁসভালৈ আমন্ত্রণ জনোৱা;
  • দেৱাল লিখন;
  • পোষ্টাৰ আঁৰি দিয়া;
  • আত্মসহায়ক গোটৰ জৰিয়তে খবৰ বিয়পাই দিয়া;
  • লাউডস্পীকাৰেৰে প্ৰচাৰ কৰা;
  • বিদ্যালয়ৰ প্রার্থনা সভাৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ পিতৃ-মাতৃৰ অংশগ্রহণ নিশ্চিত কৰা;
  • গাওঁসভাৰ বাবে ৰাইজক সংগঠিত কৰাৰ ক্ষেত্ৰত ৱাৰ্ডৰ সদস্যসকলে দায়িত্ব গ্রহণ কৰিব লাগে।

 

৫.৪ পৰৱতী কার্যকলাপ

দায়িত্ববাহীঃ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব

  • পঞ্চায়ত কাৰ্যালয়ৰ জাননী ফলক আৰু গুৰুত্বপূৰ্ণ স্থানবিলাকত গাওঁসভাৰ তাৰিখ, স্থান আৰু সময়ৰ কথা জনাই জাননী প্ৰকাশ কৰিব লাগিব;
  • খচৰা স্থিতি বিষয়ক প্রতিবেদনৰ প্ৰতিলিপি চূড়ান্ত কৰিব লাগিব আৰু দলগত আলোচনাৰ বাবে ইয়াৰ আনুমানিক চাৰিটা প্রতিলিপি প্রস্তুত কৰিব লাগিব;
  • গাওঁসভাৰ বাবে ৰাইজক সংগঠিত কৰিব লাগিব;
  • গাওঁসভাৰ বিভিন্ন অংশীদাৰসকলক আমন্ত্রণ জনাব লাগিব;
  • লক্ষ্য হিচাপে গ্রহণ কৰা বিভিন্ন দলৰ বাবে পৃথক পৃথক বক্তৃতা প্রস্তুত কৰিব লাগিব;
  • গাওঁ পঞ্চায়তৰ বৈঠকৰ প্ৰস্তাৱসমূহ গাওঁ পঞ্চায়তৰ সদস্যসকলৰ দ্বাৰা চহী কৰাৰ জৰিয়তে গ্রহণ কৰা হ’ব লাগিব।

 

উৎস-ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান

 

2.94444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top