অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিস্থিতিৰ বিশ্লেষণ কি ?

গাওঁৰ জনসাধাৰণ, তেওঁলোকৰ জীৱনত প্ৰভাৱকাৰী পৰিস্থিতিৰ সৈতে যথেষ্ট অভিজ্ঞতাসম্পন্ন।

পৰিস্থিতিৰ বিশ্লেষন-

 

গাওঁৰ জনসাধাৰণ, তেওঁলোকৰ জীৱনত প্ৰভাৱকাৰী পৰিস্থিতিৰ সৈতে যথেষ্ট অভিজ্ঞতাসম্পন্ন। পৰিস্থিতি বিশ্লেষণ হৈছে এনে এক প্রক্রিয়া, যি প্রক্রিয়াৰ জৰিয়তে কার্যব্যৱস্থা গ্ৰহণৰ প্রয়োজন হোৱা ৰাইজৰ সমস্যা তথা চাহিদা আৰু উন্নয়নৰ ক্ষেত্ৰত থকা সুৰুঙাবিলাক চিনাক্ত কৰিব পৰা যায়। পৰিস্থিতিৰ এক বিশ্লেষণৰ বাবে প্রাথমিক আৰু গৌণ তথ্যসমূহ সংগ্ৰহ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু ইবিলাক সম্পাদনা তথা প্রতিপাদন কৰা হয়। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ আটাইতকৈ গুৰুত্বপূর্ণ অংশবিলাকৰ এটা হৈছে কার্যব্যৱস্থা গ্ৰহণৰ প্রয়োজন হোৱা ক্ষেত্ৰসমূহৰ চিনাক্ত কৰা। সেইকাৰণে, পৰিস্থিতি বিশ্লেষণ কৰাটো গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ উপাদান হৈ পৰে।

পৰিস্থিতি বিশ্লেষণৰ কাম সম্পন্ন কৰোঁতে, নিম্নলিখিত বিষয়সমূহ মনত ৰাখিব লাগিব:

  • গাওঁ পঞ্চায়তৰ সাম্প্রতিক অৱস্থা আৰু উন্নয়নৰ স্থিতি চিনাক্ত বা উপলব্ধি কৰিব লাগিব
  • সাম্প্রতিক সেৱাসমূহ আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ে আৱশ্যকীয় তথ্যসমূহ সংগ্ৰহ কৰিব লাগিব

চতুর্দশ বিত্তীয় আয়োগৰ অনুদানৰ অধীনত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বাবে অনুমোদিত কাৰ্যাৱলী

  • খোৱাপানী
  • মলশোধন ব্যৱস্থাপনাকে ধৰি অনাময় ব্যৱস্থা
  • নলাৰে প্ৰৱাহিত বর্জিত পদার্থ আৰু গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা
  • হঠাতে জমা হোৱা পানী উলিয়াই দিয়াৰ বাবে নর্দমাৰ ব্যৱস্থা
  • ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ
  • ৰাস্তা, পদপথ তথা ৰাস্তাৰ দাঁতিৰ বৈদ্যুতিক বাতিৰ ৰক্ষণাবেক্ষণ
  • শিশু আৰু মহিলাসকলৰ উন্নয়নৰ সৈতে জড়িত বিষয়
  • শ্মশান আৰু কবৰস্থান
  • ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসাৰে অন্যান্য বুনিয়াদী সা-সুবিধাসমূহ, যেনে—
  1. উদ্যান আৰু খেলপথাৰ

2.   বজাৰৰ চালিঘৰ

3.  জলসিঞ্চনৰ নলা

4.  জলাধাৰৰ কাম

5.  অন্যান্য পঞ্চায়তক আয় উপার্জনকাৰী কার্যকলাপ, যেনে- কৃষি, মীন, পশুপালন আৰু পশু চিকিৎসা ইত্যাদি

| ইয়াৰ বাহিৰেও, পঞ্চায়তৰ নিজস্বউৎসৰ ৰাজহৰ পৰা কৰিব পৰা কামো গাওঁ পঞ্চায়তে কৰিব পাৰে। তদুপৰি, গাওঁ পঞ্চায়তে ব্যয়হীন অথবা কম ব্যয়সাপেক্ষ কামকাজ সম্পন্ন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে।

৪.৫ গৌন তথ্যসমূহ কি ?

 

গৌণ তথ্য হৈছে এনে কিছুমান তথ্য, যিবিলাক তথ্য ইতিমধ্যে কোনাে প্রতিবেদন অথবা প্রকাশিত তথ্য নাইবা কোনো পঞ্জীত ততালিকে যোগান ধৰিব পৰাকৈ প্রস্তুত কৰা থাকে। গৌণ তথ্যৰ আধাৰ হ’বঃ

• প্রয়োজনীয় তথ্যৰাজিৰ ক্ষেত্ৰসমূহৰ তালিকা প্রস্তুত কৰা (ৰাজ্যৰ দ্বাৰা চিনাক্তকৃত গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাৰ বাবে গুৰুত্ব আৰােপিত ক্ষেত্ৰসমূহৰ ওপৰত ভিত্তি কৰি), উদাহৰণস্বৰূপে, স্বাস্থ্য, শিক্ষা, খোৱাপানী আৰু পঞ্চােয়ত কমিটিৰ দ্বাৰা চিনাক্তকৃত অন্যান্য সুনির্দিষ্ট স্থানীয় সমস্যাবিলাক

• ৰাজ্য অথবা জিলা পর্যায়ৰ কর্তৃপক্ষসমূহৰ দ্বাৰা পঞ্চােয়তক উপলব্ধ কৰা তথ্যসমূহ, যেনে- পিয়ল আৰু জনসংখ্যাৰ বিশদ বিৱৰণ, ব্যক্তিগত সম্পত্তিৰ বিৱৰণ তথা আৰামদায়ক সা-সুবিধা ইত্যাদিৰ বিশদ বিৱৰণৰ বাবে সম্পন্ন কৰা আর্থ-সামাজিক জাতি পিয়ল

• গাওঁ পঞ্চায়তত উপলব্ধ লিখিত দলিল বা ৰেকৰ্ডত পোৱা তথ্য- এই তথ্যসমূহ শেহতীয়াকৈ উন্নীত কৰা হ’ব লাগিব -

১) প্রাথমিক স্বাস্থ্যকেন্দ্র/ উপকেন্দ্র পর্যায়ৰ তথ্যৰাজি

২) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ তথ্যৰাজি

৩) অঙ্গনৱাড়ী কেন্দ্ৰৰ তথ্যৰাজি

৪) প্রাথমিক বিদ্যালয়ৰ তথ্যৰাজি

৫) আত্মসহায়ক গোট/আত্মসহায়ক গোটৰ ফেডাৰেচন ইত্যাদিৰ তথ্যৰাজি

৬) স্বচ্ছ ভাৰত মিছনৰ জৰীপৰ তথ্যৰাজি

• তথ্যৰাজি কিমান পুৰণি (তথ্যৰাজি শেহতীয়াভাৱে কেতিয়ালৈ উন্নীত কৰা হৈছে)

চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা চিনাক্তকৃত ক্ষেত্ৰসমূহৰ উপৰিও, ৰাজ্য চৰকাৰৰ দ্বাৰা গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ নির্দেশাৱলীখনত চিনাক্তকৃত ক্ষেত্ৰসমূহ আৰু লগতে গাওঁ পঞ্চায়তৰ দ্বাৰা চিনাক্তকৃত অন্য কোনো খণ্ড অথবা ক্ষেত্রসমূহতো পৰিস্থিতি বিশ্লেষণৰ বাবে হাতত ল’ব পৰা যায়।

• আন্তঃগাঁথনি আৰু অসামৰিক সা-সুবিধা

  • শিক্ষা
  • গৃহনির্মাণ
  • স্বাস্থ্য
  • কৃষি আৰু আনুষঙ্গিক খণ্ড (মীন/ পশুপালন/ উদ্যান শস্য)
  • বনানীকৰন
  • সামাজীক সুৰক্ষা
  • ৰাজহুৱা বিতৰন ব্যবস্থা

 

গুৰুত্ব আৰোপিত দলৰ সৈতে দলগত আলোচনাৰ বাবে সামৰি ল’বলগীয়া শ্রেণীসমূহ

  • অসুৰক্ষিত দলসমূহ , বয়স্ক, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, নিঠৰুৱাসকল
  • মহিলা
  • শিশু
  • কৃষক
  • অনুসূচিত জাতি/জনজাতি/অন্যান্য পিছপৰা শ্ৰেনী।
  • 8. প্ৰস্ততিমুকল কার্যকলাপ
  • ১) সহযোগিতা আৰু অংশগ্রহণ কামনা কৰি, গাওঁ পঞ্চােয়ত এলেকাৰ ভিতৰত থকা সকলো অনুষ্ঠানলৈ আৱশ্যকীয় তথ্য আৰু তাৰিখ সম্বলিত আনুষ্ঠানিক পত্র প্রেৰণ।
  • ২) কৰ্মবাহিনী প্ৰচাৰ সমিতী কাৰ্য্যকৰী দল আদিত নতুনকৈ অন্তভুৰ্ক্ত কৰা ব্যক্তিসকলৰ কাৰনে দিকদৰ্শী প্ৰশিক্ষন আয়োজন কৰা।
  • ৩)আত্মসহায়ক গোটৰ নেতা আৰু জলচ্ছেদ, পানী আৰু অনাময়, স্বাস্থ্য, শিক্ষা/ পিতৃ-মাতৃ আৰু শিক্ষকৰ সন্থা, মাতৃ কমিটিৰ নেতা বা নেত্ৰীসকলক দিকদৰ্শী প্রশিক্ষণ প্রদান কৰা।
  • 8) পৰিস্থিতি অধ্যয়নৰ বাবে বিভিন্ন ক্ষেত্র বা খণ্ড আৰু আৱশ্যকীয় প্র-পত্ৰ চূড়ান্ত কৰিবৰ বাবে, কার্যকৰী দলৰ সদস্যসকলৰ সৈতে পঞ্চায়তৰ কমিটিৰ বৈঠক অনুষ্ঠিত কৰা।
  • ৫) উন্নয়ন খণ্ড/ জিলা পর্যায়ত কাম কৰি থকা বিভাগসমূহৰ পৰা তথ্য আহৰণ কৰা। গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাৰ নির্দেশাৱলী অনুসাৰে এই বিভাগসমূহে গাওঁ পঞ্চায়তৰ সৈতে এই তথ্যসমূহৰ বিষয়ে আলোচনা কৰিব লাগিব।
  • ৬)ৰাজ্য/ জিলাৰ পৰা লাভ কৰা তথ্যৰাজি সংগ্ৰহৰ আদৰ্শ প্র-পত্ৰসমূহ, গাওঁ পঞ্চায়তৰ প্রয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ প্রস্তুত কৰি উলিওৱা
  • ৭). যিবিলাক ক্ষেত্ৰত আদর্শ চানেকি উপলব্ধ নহয়, তেনেবিলাক ক্ষেত্ৰত তথ্য সংগ্ৰহৰ উপযোগী প্ৰ-পত্ৰৰ আহি প্ৰস্তুত কৰি উলিওৱা
  • ৮)তথ্য সংগ্ৰহৰ বাবে দায়িত্ব অপণ কৰ
  • ৯) তথ্য সংগ্ৰহৰ বাবে তাৰিখ, সময় আৰু স্থান নিদ্ধাৰণ কৰা
  • ১০। পৰিস্থিতি অধ্যয়নৰ বাবে ৰাজহুৱা জাননী আৰু লগতে গুৰুত্ব আৰােপিত দলৰ সৈতে দলগত আলোচনা কৰাৰ বাবে সুনির্দিষ্ট জাননী জাৰি কৰা
  • ১১। তথ্য সংগ্ৰহৰ বাবে পৰিৱেশ সৃষ্টি কৰা

 

 

কাৰ্য্যকলাপ

দায়িত্ববাহী

 

অনুষ্ঠানসমূহক অৱগতকৰন আৰু আনুষ্ঠানিক পত্ৰপ্ৰেৰন

 

পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিব।

আলোচনা বিলোচনা আৰু দীকদৰ্শন প্ৰশিক্ষন তথা পপত্ৰ আহিলা পাতি আৰু প্ৰ্শ্নৱালী

কাৰ্যকৰী দলৰ আহ্বায়ক,কাৰ্যকাৰী দলৰ সভাপতি

সজাগতা সৃষ্টি আৰু ৰাইজক সংগঠিত কৰা

প্ৰচাৰ কমিটি

 

গাওঁসভাত উপস্থিত থকাৰ বাবে গাওঁ পঞ্চায়তৰ সভাপতিয়ে গাওঁসভাৰ সদস্যলৈ লিখা চিঠিৰ আৰ্হি-

 

মহাশয়/মহাশয়াসকল

আন্তৰিক সদিচ্ছা গ্রহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছে যে, চতুৰ্দশ বিত্তীয় আয়োগে পৰামৰ্শক্রমে প্ৰতিখন গাওঁ  পঞ্চায়তে “আমাৰ গাওঁ আমাৰ আঁচনি” নামেৰে এখন গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ প্রয়োজন হৈ পৰিছে। সেই কাৰণে  আমাৰ গাওঁ পঞ্চায়তেও বিভিন্ন তথ্যৰাজি আৰু লগতে অংশগ্রহণমূলক গ্রাম্য সূচিতকৰণ প্রণালীৰে লাভ কৰা তথ্যসমূহ ব্যৱহাৰ কৰি এখন  পঞ্চােয়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে। এই উদ্দেশ্যে কিছুমান অতি লাগতিয়াল তথ্য সংগ্ৰহ কৰাৰ বাবে গাওঁ পঞ্চােয়তৰ পৰা প্ৰেৰণ কৰা আমাৰ দলে আপােনাৰ কাৰ্যালয়লৈ/ পৰিয়াললৈ/ অনুষ্ঠানলৈ যাব। আশাকৰোঁ, আপুনি উক্ত দলক আৱশ্যকীয় তথ্যসমূহৰ যোগান ধৰি, গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ ক্ষেত্ৰত সহায়তা আগবঢ়াব। আমি অতি আগ্ৰহেৰে গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ বাবে গাওঁসভাত আপোনাৰ উৎসাহজনক অংশগ্রহণ তথা সহযোগিতাৰ বাবে বাট চাই ৰলোঁ।

 

  • আন্তৰিক সদিচ্ছা গ্রহণ কৰিব। আপােনাক জনাবলৈ পাই সুখী হৈছে যে, চতুৰ্দশ বিত্তীয় আয়ােগৰ পৰামৰ্শক্রমে প্ৰতিখন গাওঁ । I পঞ্চায়তে “আমাৰ গাওঁ আমাৰ আঁচনি” নামেৰে এখন গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ প্রয়োজন হৈ পৰিছে। সেই কাৰণে II । আমাৰ গাওঁ পঞ্চায়তেও বিভিন্ন তথ্যৰাজি আৰু লগতে অংশগ্রহণমূলক গ্রাম্য সূচিতকৰণ প্রণালীৰে লাভ কৰা তথ্যসমূহ ব্যৱহাৰ কৰি এখন । পঞ্চােয়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে। এই উদ্দেশ্যে কিছুমান অতি লাগতিয়াল তথ্য সংগ্ৰহ কৰাৰ । বাবে গাওঁ পঞ্চােয়তৰ পৰা প্ৰেৰণ কৰা আমাৰ দলে আপােনাৰ কাৰ্যালয়লৈ/ পৰিয়াললৈ/ অনুষ্ঠানলৈ যাব। আশাকৰোঁ, আপুনি উক্ত দলক ।
  • আৱশ্যকীয় তথ্যসমূহৰ যোগান ধৰি, গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ ক্ষেত্ৰত সহায়তা আগবঢ়াব। আমি অতি আগ্ৰহেৰে গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ বাবে গাওঁসভাত আপোনাৰ উৎসাহজনক অংশগ্রহণ তথা সহযোগিতাৰ বাবে বাট চাই ৰলোঁ।
  • পৰিস্থিতি বিশ্লেষণৰ বাবে আমন্ত্রণ জনাই অনুষ্ঠানবিলাকৰ ব্যক্তিসকললৈ লিখা চিঠিৰ আৰ্হি______________________________
  • । মহাশয়/মহাশয়াসকল,
  • سمبر
    • আন্তৰিক সদিচ্ছা গ্রহণ কৰিব। আপােনাক জনাবলৈ পাই সুখী হৈছে যে, চতুর্দশ বিত্তীয় আয়ােগৰ পৰামৰ্শক্রমে প্ৰতিখন ৷ গাওঁ পঞ্চায়তে “আমাৰ গাওঁ আমাৰ আঁচনি” নামেৰে এখন গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ প্রয়ােজন হৈ পৰিছে। সেই । কাৰণে আমাৰ গাওঁ পঞ্চায়তেও বিভিন্ন তথ্যৰাজি আৰু লগতে অংশগ্রহণমূলক গ্রাম্য সূচিতকৰণ প্রণালীৰে লাভ কৰা তথ্যসমূহ ব্যৱহাৰ কৰি এখন গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে। এই উদ্দেশ্যে কিছুমান অতি লাগতিয়াল তথ্য সংগ্ৰহ কৰাৰ লগতে সংগৃহীত উক্ত তথ্যসমূহৰ আধাৰত পৰিস্থিতি বিশ্লেষণ কৰাৰাে প্রয়ােজন হৈ পৰিছে। আশাকৰোঁ, আপুনি ৷ গাওঁ পঞ্চােয়তক আৱশ্যকীয় তথ্যসমূহৰ যোগান ধৰি, গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ ক্ষেত্ৰত সহায়তা আগবঢ়াব। । আমি তুতি আগ্ৰহেৰে গাওঁ পঞ্চােয়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ বাবে গাওঁসভাত আপােনাৰ উৎসাহজনক অংশগ্রহণ তথা সহযোগিতাৰ বাবে বাট চাই ৰ’লোঁ।

 

গৌণ তথ্যসমূহ সংগ্ৰহৰ প্ৰক্ৰিয়া

 

গৌণ তথ্যৰাজি হৈছে সেইবিলাক তথ্য, যিবিলাক তথ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে আৰু তাক পূৰ্বতে কোনো উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে। গতিকে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যৰ বাবে সেই একেখিনি তথ্য ব্যৱহাৰ কৰিবলৈ হ’লে, তথ্য সংগ্ৰহ আৰু তাৰ সংকলনত সমুচিত মনোযোগ দিব লাগিব। যিহেতু এনে ধৰণৰ গৌণ তথ্যৰাজি পৰিস্থিতিৰ বিশ্লেষণৰ নিৰ্দিষ্ট উদ্দেশ্য প্ৰয়োজন পূৰণ কৰিব পৰাকৈ সকলো সময়তে উপযোগী নহয়, সেইকাৰণে সংশ্লিষ্ট কাৰ্যালয় এটাৰ বাবে গৌণ তথ্যৰাজি সংগ্ৰহ কৰাৰ বাবে পৃথক প্ৰ-পত্ৰ প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে। (বিভিন্ন অনুষ্ঠানৰ বাবে বিভিন্ন প্ৰ-পত্ৰ যুগুত কৰিব লাগে)।

গৌণ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়াটোত, নিম্নলিখিত কথাবিলাকৰ বিষয়ত যত্ন ল’ব লাগিব:

ক)সাক্ষাৎ কৰিবলগীয়া অনুষ্ঠান/সংগঠনসমূহৰ তালিকা

খ)সূচকবিলাকৰ তালিকা

গ)তথ্যসমূহ সংগ্ৰহ কৰাৰ সময়ত কৰা আচৰণ

  • অনুৰোধক্ৰমে তথ্য লাভ কৰিব লাগিব, দাবী কৰি নহয়
  • তথ্য লিপিবদ্ধ থকা পঞ্জী বা নথিটো কোনো অনুষ্ঠানৰ সম্পত্তি, গতিকে সিবিলাকৰ ব্যৱহাৰ কৰোঁতে যত্ন ল’ব লাগে

ঘ)তথ্যৰ প্ৰাসঙ্গিকতা আৰু তাৰ পটভূমি উপলব্ধ কৰিহে তথ্যসমূহ সংগ্ৰহ কৰিব লাগে(তথ্যসমূহ উন্নীত কৰা তাৰিখ ইত্যাদি)। ইয়াৰ পিছত, জিম্মাদাৰজনৰ সৈতে আলোচনা কৰিব আৰু তেওঁ আগবঢ়োৱা ব্যাখ্যা অনুসৰণ কৰিব লাগে।

গাওঁ পঞ্চায়তৰ পৰা গৌণ তথ্যৰাজি সংগ্ৰহ কৰাৰ প্ৰ-পত্ৰ

গাওঁ পঞ্চায়তৰ নাম :

ঠিকনা :

বিষয়

সূচকসমূহ

তথ্যৰ মান

মন্তব্য

১. গাওঁ পঞ্চায়তৰ জীৱন বৃত্তান্ত

মুঠ জনসংখ্যা

 

 

মুঠ পৰিয়ালৰ সংখ্যা

 

 

অনুসূচীত জাতিৰ পৰিয়াল

 

 

অনুসূচীত জনজাতিৰ পৰিয়াল

 

 

সংখ্যালঘূ পৰিয়াল

 

 

অন্যান্য পৰিয়াল

 

 

দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল

ক)অনুসূচীত জাতিৰ পৰিয়াল

 

 

খ)অনুসূচীত জনজাতিৰ পৰিয়াল

 

 

গ)অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়াল

 

 

ঘ)সংখ্যালঘূ পৰিয়াল

 

 

 

পৰিস্থিতি বিশ্লেষণৰ বাবে আমন্ত্রণ জনাই অনুষ্ঠানবিলাকৰ ব্যক্তিসকললৈ লিখা চিঠিৰ আৰ্হি-

মহাশয়/মহাশয়াসকল,

আন্তৰিক সদিচ্ছা গ্রহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছে যে, চতুর্দশ বিত্তীয় আয়োগৰ পৰামৰ্শক্রমে প্ৰতিখন  গাওঁ পঞ্চায়তে “আমাৰ গাওঁ আমাৰ আঁচনি” নামেৰে এখন গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ প্রয়োজন হৈ পৰিছে। সেই । কাৰণে আমাৰ গাওঁ পঞ্চায়তেও বিভিন্ন তথ্যৰাজি আৰু লগতে অংশগ্রহণমূলক গ্রাম্য সূচিতকৰণ প্রণালীৰে লাভ কৰা তথ্যসমূহ ব্যৱহাৰ কৰি এখন গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে। এই উদ্দেশ্যে কিছুমান অতি লাগতিয়াল তথ্য সংগ্ৰহ কৰাৰ লগতে সংগৃহীত উক্ত তথ্যসমূহৰ আধাৰত পৰিস্থিতি বিশ্লেষণ কৰাৰো প্রয়োজন হৈ পৰিছে। আশাকৰোঁ, আপুনি  গাওঁ পঞ্চায়তক আৱশ্যকীয় তথ্যসমূহৰ যোগান ধৰি, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ ক্ষেত্ৰত সহায়তা আগবঢ়াব। । আমি অতি আগ্ৰহেৰে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাখন প্রস্তুত কৰাৰ বাবে গাওঁসভাত আপোনাৰ উৎসাহজনক অংশগ্রহণ তথা সহযোগিতাৰ বাবে বাট চাই ৰ’লোঁ।

৪/৭ কাৰ্য্যকলাপ:

১. তথ্য সংগ্ৰহ

ক)গৌন তথ্য সংগ্ৰহ

  • ২০১১ চনৰ লোকপিয়ল আৰু ২০১১ চনৰ আর্থ-সামাজিক জাতি পিয়ল।
  • NFHS, জিলা পর্যায়ৰ পৰিয়ালৰ জৰীপ, DISEৰ জৰীপ ।
  • সমজাতীয় বিভাগসমূহৰ তথ্যৰাজি
  • স্বতন্ত্র অধ্যায়ন/ প্রতিবেদনৰ পৰা লাভ কৰা তথ্যৰাজি
  • গাওঁ পঞ্চােয়ত পর্যােয়ত উপলব্ধ তথ্যৰাজি
  • গাওঁ পঞ্চােয়ত/ গাওঁ পঞ্চায়তৰ থুপ হিচাপত তথ্যসমূহৰ বিভাজন

 

 

 

 

 

 

 

 

 

 

উৎস-ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন পৰিষদ

খ) প্রাথমিক তথ্য সংগ্ৰহ

  • অংশগ্ৰহনমুলক গ্ৰাম্য সুচিতকৰন।

- সামাজিক মানচিত্ৰ আৰু সম্পদৰাজিৰ

মানচিত্র অংকন।

-গলিয়ে গলিয়ে পদযাত্রা।

  • গুৰুত্ব আৰোপিত দলৰ সৈতে দলগত আলোচনা।

 

  • পৰিয়ালৰ জৰীপ ।

 

 

গ)তথ্যসমূহৰ সংকলন আৰু প্রক্রিয়াকৰণ।

ঘ) তথ্যসমূহৰ বিশ্লেষণ।

 

 

 

 

 

 

3.20930232558
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top