মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / বিনামুলীয়া নামভৰ্তি:অসম চৰকাৰৰ কল্যাণকামী আঁচনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিনামুলীয়া নামভৰ্তি:অসম চৰকাৰৰ কল্যাণকামী আঁচনি

বিনামুলীয়া নামভৰ্তি:অসম চৰকাৰৰ কল্যাণকামী আঁচনিৰ বিসয়ে লিখা হৈছে

 

শিক্ষাই হৈছে প্ৰগতিৰ দুৱাৰ।ৰাজ্যখনত শিক্ষাক্ষেত্ৰৰ প্ৰসাৰ আৰু অগ্ৰগতিৰ দিশৰ কথা চালি-জাৰি চাই শাসনলৈ অহাৰ পৰাই সৰ্বানন্দ সোণোৱালৰ উদ্যোগত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ত্ৎপৰতাত শিক্ষাখণ্ডত আমুল পৰিৱৰ্তন সম্ভৱ হৈছে।শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এখন কল্যাণকামী আঁচনি ৰুপায়ন কৰিছে।উক্ত আঁচনিৰ অধীনত উচ্চ শিক্ষাৰ বাবে আগ্ৰহী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীলৈ একাদশ আৰু দ্বাদশ দুয়োটা শ্ৰেণীৰ বিনামুলীয়া নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।উল্লেখ্য যে ২০১৬-১৭ বৰ্ষৰ পৰা আৰম্ভ হোৱা উক্ত আঁচনিৰ অধীনত ২,০৩,৪৩৫ গৰাকী মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে।আনহাতে ২০১৭-১৮ বৰ্ষতো সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমুহত উক্ত আঁচনিৰ অধীনত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে বিনামুলীয়া নামভৰ্তিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

ৰাজ্য চৰকাৰৰ এই কল্যাণকামী আঁচনিৰ সুবিধা পাবলৈ হ’লে তলত দিয়া অৰ্হতা আৰু নিৰ্দেশনাসমুহ প্ৰযোজ্য হ’ব-

 

*ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় এক লাখ টকা বা তাতোকৈ কম হ’ব লাগিব।

*নামভৰ্তি কৰাৰ সময়ত অভিভাৱকসকলে বিনামুলীয়া নামভৰ্তিৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব।বিদ্যালয় কৰ্তৃপক্ষই আৱে দন পত্ৰসমুহ পৰীক্ষা কৰি অনুমোদন জনাব।

*নামভৰ্তিৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ মুল নম্বৰ তালিকা জমা লৈ মুল নম্বৰ তালিকাৰ পিছফালে শিক্ষানুষ্ঠানৰ মোহৰ মাৰিব লাগিব।

বিনামুলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিবলৈ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলে বিদ্যালয় নাইবা নিজৰ বাসগৃহৰ চৌপাশত এটা গছপুলি ৰোপণ কৰাৰ ফটো প্ৰমাণ হিচাপে নামভৰ্তিৰ সময়ত দাখিল কৰাটো বাধ্যতামুলক।ঠিক তেনেকৈ পিছৰ বছৰৰ দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ সময়তো একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সুবিধা পাব।

*উক্ত আঁচনিৰ অধীনত দিব্যাংগ (ছাত্ৰ-ছাত্ৰী)সকলকো সামৰি লোৱা হ’ব।

উক্ত আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ লগত যোগাযোগ কৰক।

আনহাতে মহাবিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয়সমুহত বিনামুলীয়া নামভৰ্তিৰ বাবে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে অনুৰুপ ব্যৱস্থা গ্ৰহণ কৰিছে।ইয়াৰ জৰিয়তে ২০১৭-১৮ শিক্ষা বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ,স্নাতক প্ৰথম ষান্মাসিক,স্নাতকোত্তৰ (এম এ/এম এছ চি/এম কম)ৰ প্ৰথম ষান্মাসিকত নামভৰ্তি অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামুলীয়া হ’ব।২০১৬-১৭ বৰ্ষত উচ্চতৰ মাধ্যমিক/স্নাতক প্ৰথম বৰ্ষৰ বাবে মাচুল ৰেহাই পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বিতীয় বৰ্ষৰ বাবেও উক্ত আঁচনিৰ অধীনত বিনামুলীয়া নামভৰ্তি হ’ব।

উল্লেখযোগ্য যে যদিহে কোনো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ৰাজ্য চৰকাৰ/কেন্দ্ৰ চৰকাৰ/অৰ্ধ ৰাজ্যিক আৰু কেন্দ্ৰীয় বা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত অনুষ্ঠানৰ কৰ্মচাৰী হয় তেতিয়াহ’লে আঁচনিখনৰ সুবিধা অৰ্জন কৰিব নোৱাৰিব।শিক্ষাৰ্থীসকলেও তেওঁলোকৰ অভিভাৱকসকল যে চৰকাৰী বিভাগ বা প্ৰতিষ্ঠানৰ কৰ্মচাৰী নহয় তাক লিখিতভাৱে জনাব লাগিব।অভিভাৱকসকলৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ স্থানীয় ৰাজহ চক্ৰ বিষয়া/মৌজাদাৰে প্ৰদান কৰিব লাগিব।বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমুহে তেওঁলোকৰ “ৱেবছাইট’ত বিনামুলীয়া নামভৰ্তিৰ সুযোগ পোৱা ছাত্ৰ-ছাত্ৰীৰ নাম তালিকা প্ৰকাশ কৰিব লাগিব।

এই আঁচনিয়ে সামৰি লোৱা শিক্ষানুষ্ঠানসমুহ-

 

*সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়।

*গুৱাহাটী বিশ্ববিদ্যালয়

*ডিব্ৰুগড় বিশ্ববিদ্যালয়

*বড়োলেণ্ড বিশ্ববিদ্যালয়

*কটন বিশ্ববিদ্যালয়

*কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়

*মহিলা বিশ্ববিদ্যালয়,যোৰহাট।

মহাবিদ্যালয়/বিশ্ববিদ্যালয়সমুহৰ এই বিনামুলীয়া নামভৰ্তিৰ আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰক।অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ।কাহিলীপাৰা,গুৱাহাটী-৭৮১০১৯

উৎস:ৰাইজৰ বাতৰি

 

 

 

 

 

3.15789473684
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top