মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / সমাজকল্যান মুলক বিভিন্ন আচনিসমুহ-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমাজকল্যান মুলক বিভিন্ন আচনিসমুহ-

বিভিন্ন আচনিসমুহ লিখা হৈছে

মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান আঁচনিৰ আধাৰশিলা স্থাপন

 

ৰাজ্যখনক প্ৰদুষণৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে।পৰিৱেশ প্ৰদুষণৰ ভয়াৱহতাৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰীৰ সেউজ উদ্যান আঁচনি শীৰ্ষক এক নতুন অভিলাসী আঁচনি ৰুপায়ণৰ সিদ্ধান্ত  লৈছে চৰকাৰে।এই সিদ্ধান্তক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সোণোৱালে যোৱা ১১ মে’ত ৰাণী সংৰক্ষিত বনাঞ্চলত এই আঁচনিৰ আধাৰশিলা স্থাপন কৰে।মুঠ ৩.৬৫ কোটি টকা ব্যয় সাপেক্ষে ৰুপায়ণ কৰিবলগীয়া এই আঁচনি মুকলি কৰি দিয়া ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে অসমত গছ-গছনিৰ সংখ্যা বৃদ্ধিৰে সেউজ পৰিৱেশক বিস্তৃত ৰুপ দিয়াৰ ক্ষেত্ৰত বন বিভাগ আৰু ৰাইজক যৌথভাবে কাম কৰিবলৈ আহ্বান জনায়।তেওঁ কয়-‘জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অসম যে চহকী,সেয়া সমগ্ৰ বিশ্বতে জনাজাত।এই গৌৰব অক্ষুণ্ণ ৰাখিবলৈ হ’লে প্ৰকৃতি তথা বন সংৰক্ষণৰ বাবে ৰাজ্যখনৰ সকলোৱে বৰঙণি যোগাব লাগিব’।বন সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্যৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বন বিভাগৰ বিষয়াসকলৰ গুৰুত্বপৰ্ণ ভুমিকাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে বন সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।জনসাধাৰণক বন সংৰক্ষণৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ কামত নিয়োজিত হ’বলৈ বন বিষয়াসকলক আহ্বান জনোৱাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি শিক্ষানুষ্ঠানসমুহত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলকৰ সৈতে বন সংৰক্ষণ,পৰিৱেশ প্ৰদুষণ প্ৰতিৰোধ,জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদি বিষয়সমুহক লৈ সঘনাই আলোচনাত মিলিত হ’বলৈয়ো নিৰ্দেশ দিয়ে।একেটা অনুষ্ঠানতে মুখ্য মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিযুক্তি প্ৰাপ্ত ৰেঞ্জাৰসকলক নিযুক্তি পত্ৰও প্ৰদান কৰে।নৱ নিযুক্ত ৰেঞ্জাৰসকলক উদ্দেশ্যি মুখ্য মন্ত্ৰী সোণোৱালে নিষ্ঠা আৰু সততাৰে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।আনহাতে বন-প্ৰকৃতি সংৰক্ষৰণৰ ক্ষেত্ৰত উল্লেখনীয় সেৱা আগবঢ়োৱা বিষয়াসকলক সন্মান জনাবলৈও বন বিভাগক তেওঁ নিৰ্দেশ দিয়ে।উক্ত অনুষ্ঠানত ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ময়ো ভাষণ দিয়ে।অনুষ্ঠানত বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু তপন কুমাৰ গগৈ,মুখ্য সচিব বিনোদ কুমাৰ পিপাৰছেনিয়া,প্ৰধান সচিব পবন কুমাৰ বৰঠাকুৰকে ধৰি বন বিভাগৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।

 

ৰাজ্যৰ আত্মসমৰ্পণকাৰীৰ বাবে বিশেষ আঁচনি

 

অসম চৰকৰে ৰাজ্যৰ আত্মসমৰ্পণকাৰী সদস্যসকলৰ পুনৰ্স্ংস্থাপনৰ উদ্দেশ্যে এখন নতুন আঁচনি ৰুপায়ণ কৰিবলৈ আগবাঢ়িছে।স্বাৱলম্বনৰ অধীনত এই পুনৰ্সংস্থাপনৰ প্ৰশিক্ষণ কাৰ্যসুচী ৰুপায়ণ কৰা হৈছে।উক্ত আঁচনিৰ অধীনত প্ৰথম অৱস্থাত ১০২ জন আত্মসমৰ্পণকাৰীক পাঁচ দিনৰ বিশেষ দক্ষতা সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।উক্ত পাঁচদিনীয়া প্ৰশিক্ষণৰ ভিতৰত জৈৱিক কৃষিকৰ্মৰ প্ৰশিক্ষণ,চিত্ৰশিল্প,বৈদ্যুতিক কৰ্ম,মাছৰ খেতিক সামৰি লোৱা হ’ব।আত্মসমৰ্পণকাৰী কেডাৰসকলৰ সমগ্ৰ দলটোত ১৬০০০ সদস্য আছে।এই সদস্যসকলক আগন্তুক তিনি বছৰৰ ভিতৰত পৰ্যায়ক্ৰমে দক্ষতাপুৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি ৰাজ্য চৰকাৰৰ বিত্ত,স্বাস্থ্য,শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৭-১৮ চনৰ বাজেট ভাষণত উল্লেখ কৰিছে।এই আঁচনিখনৰ প্ৰকৃত উদ্দেশ্য হৈছে এই আত্মসমৰ্পণকাৰী কেডাৰসকলক বিশেষ দক্ষতাপুৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি তোলা,যাতে তেওঁলোক স্বাৱলম্বী হ’ব পাৰে।কেডাৰসকল যিহেতু যথেষ্ট আৱেগিক আৰু সংবেদনশীল গতিকে ৰাজ্য চৰকাৰে তেওঁলোকক এই স্বাৱলম্বন কাৰ্যসুচীত জড়িত কৰিছে।ইয়াৰ যোগেদি তেওঁলোক মানসিকভাৱে সবল হোৱাৰ লগত কৰ্মমুখী হ’ব পাৰিব।উক্ত কাৰ্যসুচীখনৰ যোগেদি আত্মসৰ্পণকাৰী কেডাৰসকল উপকৃত হ’ব বুলি আশা কৰিব পাৰি।

 

মুখ্যমন্ত্ৰীৰ নতুন ৱেব প’ৰ্টেল

 

জনসাধাৰণৰ সুবিধাৰ্থে আৰু প্ৰশাসনৰ স্বচ্ছতা অনাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ৬ মে’ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা,সাধাৰণ প্ৰশাসন আৰু সচিবালয় প্ৰশাসন বিভাগৰ বেৱ ছাইট মুকলি কৰে।ৰাজহ বিভাগৰ সমন্বিত ভুমি তথ্য ব্যৱস্থাপনা নামৰ ৱেব প’ৰ্টেলটোৰ জৰিয়তে চাৰিটা ব্যৱস্থা উপলব্ধ কৰা হৈছে।ধৰিত্ৰী,ই-পঞ্জীয়ন ,আপত্তিবিহীন প্ৰমাণ পত্ৰ (এন অ’চি)আৰু ভুমি ৰাজহ এই ৱেব প’ৰ্টেলত সামৰি লোৱা হৈছে।এই প’ৰ্টেলত ভুমি বাটোৱাৰা,জমাবন্দীৰ তথ্যৰ উপৰি মাটি ক্ৰয় কৰাৰ পুৰ্বে সংশ্লিষ্ট ভুমিৰ সবিশেষ তথ্য জনাৰ সুবিধা থাকিব।আনহাতে,জনসাধাৰণে আপত্তিবিহীন প্ৰমাণ-পত্ৰ আৰু জমাবন্দীৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব।ইয়াৰ উপৰি আবেদন পত্ৰৰ সবিশেষ স্থিতি সম্পৰ্কেও জানিব পাৰিব এই প’ৰ্টেলৰ জৰিয়তে।উল্লেখ্য যে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত আয়োজিত একেটা অনুষ্ঠানতে মুখ্য মন্ত্ৰী সোণোৱালে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জ্ঞান ব্যৱস্থাপনা শীৰ্ষক বেৱ প’ৰ্টেল এটাও মুকলি কৰে।এই ৱেব প’ৰ্টেলত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সকলো তথ্য  সন্নিৱিষ্ট কৰা হৈছে।একেটা অনুষ্ঠানতে মুখ্য মন্ত্ৰীগৰাকীয়ে সচিবালয় প্ৰশাসন বিভাগৰ ই-প্ৰস্ত্ততি শীৰ্ষক প’ৰ্টেলটোও মুকলি কৰে।

উৎস:ৰাইজৰ বাতৰি

 

3.19230769231
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top