অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব আৰু বাণিজ্য সন্থা, ৰাজ সাহায্য আৰু ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষা আঁচনি

বিশ্ব আৰু বাণিজ্য সন্থা, ৰাজ সাহায্য আৰু ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষা আঁচনি

বিশ্ব বাণিজ্য সন্থাৰ কৃষি চুক্তিখনৰ প্ৰথমটো অনুচ্ছেদ গুৰুত্বপূৰ্ণ। সন্থাৰ সভ্যদেশ এখনে কৃষিখণ্ডলৈ কিমান পৰিমাণৰ ৰাজসাহায্য আগবঢ়াব পাৰিব সেইটো নিৰ্ধাৰণ কৰি দিয়ে এই অনুচ্ছেদটোৱে। এই অনুচ্ছেদ অনুসৰি উন্নত আৰু উন্নয়নশীল দেশসমূহৰ ৰাজসাহায্য প্ৰদান কৰাৰ ক্ষমতাৰ মাজত পাৰ্থক্য আছে। ৰাজসাহায্য লাভ কৰিবলগীয়া কৃষিজাত সামগ্ৰীবিধৰ ১৯৮৬-৮৮ চনৰ মুঠ বজাৰ মূল্যৰ ভিত্তিত উন্নত দেশসমূহে সেই মূল্যৰ ৫ শতাংশ আৰু উন্নয়নশীল দেশসমূহে সেই মূল্যৰ ১০ শতাংশলৈ ৰাজসাহায্য আগবঢ়াব পাৰিব। নিৰ্দিষ্ট সামগ্ৰীলৈ আৰু সেই সামগ্ৰীটো উৎপাদন কৰোঁতে ব্যৱহৃত উপাদান (imputs) সমূহলৈ ৰাজসাহায্য আগবঢ়োৱা হয়। কৃষকসকললৈ ৰাষ্ট্ৰই আগবঢ়োৱা এনেবোৰ সাহায্য সৰ্বমুঠ সমৰ্থন ব্যৱস্থা (Aggregate Measure of Support) বুলি অভিহিত কৰা হৈছে।

বিশ্ব বাণিজ্য সন্থাই আঙুলিয়াই দিছে যে ৰাজসাহায্যই আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত বিসংগতিৰ সৃষ্টি কৰে। নিয়ন্ত্ৰণহীনভাৱে ৰাজসাহায্য প্ৰদান কৰা ৰাষ্ট্ৰখনে বিশ্বৰ কৃষি সামগ্ৰীৰ বজাৰখনত এক অবাঞ্ছিত সুবিধা লাভ কৰে। ৰাজাসাহায্যই কৃত্ৰিমভাৱে কৃষি সামগ্ৰীটোৰ বজাৰ দাম হ্ৰাস কৰে, কাৰণ ৰাজসাহায্যৰ ফলত সামগ্ৰীটোৰ বজাৰ দাম সামগ্ৰীটোৰ উৎপাদন খৰচ ভিত্তিক দামতকৈ কম হ’ব। ইয়াৰ বিপৰীতে এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে, য’ত আন এখন ৰাষ্ট্ৰই সেই একেবিধ কৃষি সামগ্ৰী কম খৰচত আৰু অধিক পৰিমাণে উৎপাদন কৰিবলৈ সক্ষম হৈছে, কাৰণ সেইবিধ সামগ্ৰী উৎপাদন কৰিবলৈ এক অনুকূল পৰিৱেশ সেই ৰাষ্ট্ৰখনত আছে। (উপযুক্ত জলবায়ু, মাটিৰ গুণাগুণ, বৃষ্টিপাত, প্ৰযুক্তিবিদ্যা, বিনিয়োগযোগ্য সম্পদৰ সহজলভ্যতা ইত্যাদি) এনে এখন ৰাষ্ট্ৰই কৃষি সামগ্ৰীৰ আন্তৰ্জাতিক বজাৰত নিজকে প্ৰতিষ্ঠা কৰাত অসুবিধাৰ সন্মুখীন হ’ব। যিখন ৰাষ্ট্ৰত কৃষিজাত সামগ্ৰীটোৰ উৎপাদন খৰচ স্বাভাৱিকতেই কম হ’ব আৰু সেয়ে ৰাষ্ট্ৰখনে সেই সামগ্ৰীটো বিশ্বৰ বজাৰত কম দামত যোগান ধৰিবলৈ সমৰ্থৱান হ’ব আৰু তাৰ ফলত ভোক্তাসকলে উপকৃত হ’ব সেই ৰাষ্ট্ৰই আগবঢ়োৱা প্ৰতিযোগিতাৰ সন্মুখীন হ’ব যিখন ৰাষ্ট্ৰই ৰাজসাহায্যৰ বলত সামগ্ৰীটোৰ দাম কৃত্ৰিমভাৱে হ্ৰাস কৰিবলৈ সক্ষম হৈছে। এইটো ধৰি লোৱা ভুল হ’ব যে বিশ্ব বাণিজ্য সন্থাই সকলো ধৰণৰ ৰাজসাহায্যৰ বিৰোধিতা কৰে। সন্থাটোৱে ৰাজসাহায্যসমূহ মূলতঃ তিনিটা শ্ৰেণীত ভগাই লৈছে। এই শ্ৰেণীকেইটা তিনিটা ৰঙৰ পেৰা বুলি কোৱা হৈছে – সেউজ পেৰা (green box), হালধীয়া পেৰা (yellow box) আৰু ৰঙা পেৰা (red box)। সেউজ পেৰাত অন্তৰ্ভুক্ত ৰাজসাহায্যসমূহ সন্থাই সমৰ্থন কৰে। এনে ৰাজসাহায্যই আন্তৰ্জাতিক বাণিজ্যত বিসংগতিৰ সৃষ্টি নকৰে। হালধীয়া পেৰাত অন্তৰ্ভুক্ত ৰাজসাহায্যসমূহ নিয়ন্ত্ৰণ কৰি হ্ৰাস কৰিবলগীয়া। ৰঙা পেৰাৰ ৰাজসাহায্যসমূহ আন্তৰ্জাতিক বাণিজ্য সন্থাই সমৰ্থন নকৰে।

সেউজ পেৰাৰ ৰাজসাহায্যৰ ভিতৰত চৰকাৰে কৃষকলৈ আগবঢ়োৱা ন্যূনতম সমৰ্থন মূল্য (support price)ধৰা নহয়। ৰাজসাহায্যৰ বাবে যিবোৰ উপাদান ধৰা হৈছে সেইবোৰ হ’ল খাদ্যত মজুতকৰণ, কীট নিয়ন্ত্ৰণ, আঞ্চলিক উন্নয়ন ইত্যাদি। সেউজ পেৰাত অন্তৰ্ভুক্ত নোহোৱা অৱশিষ্ট ৰাজসাহায্য হালধীয়া পেৰাৰ অন্তৰ্ভুক্ত হ’ব। ন্যূনতম সমৰ্থন মূল্য, শক্তি, সাৰ ইত্যাদিৰ ক্ষেত্ৰত আগবঢ়োৱা ৰাজসাহায্য হালধীয়া পেৰাই সামৰি ল’ব।

বিশ্ব বাণিজ্য সন্থাই বাণিজ্য সূচলীকৰণ চুক্তি (Trade Facilitation Agreement) যুগুতাই উলিয়াইছে। এই চুক্তি অনুসৰি বিশ্বৰ ১৬০ খন ৰাষ্ট্ৰই সীমান্ত শুল্ক জড়িত নথি-পত্ৰ আৱশ্যকতা হ্ৰাস কৰি অধিক স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ২০১৩ চনত বালি (Bali) ত অনুষ্ঠিত সন্মিলনত ভাৰতবৰ্ষই TFA – ৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল এটা চৰ্তত – ভাৰত চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা ৰাজসাহায্য গাঁথনি আৰু পৰিমাণ অপৰিৱৰ্তনীয় হৈ ৰ’ব অহা ৪ বছৰলৈ। এই চৰ্তটোকেই শান্তি অনুচ্ছেদ (Peace clause) বুলি অভিহিত কৰা হৈছে। ২০১৫ চনৰ জুলাই মাহৰ পৰা TFA বলৱৎ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ২০১৪ চনত জেনেভা (Geneva)ত ভাৰতবৰ্ষই TFA –ত স্বাক্ষৰ দান নকৰিলে আৰু ফলস্বৰূপে বিশ্ব বাণিজ্য সন্থাৰ আলোচনা বিফল হ’ল। ৰাষ্ট্ৰই কৃষকসকললৈ আগবঢ়োৱা ৰাজসাহায্যৰ বিষয়টোৰ এক উচিত মীমাংসা নহয় মানে ভাৰতবৰ্ষই স্থায়ীভাৱে শান্তি অনুচ্ছেদ বাহাল ৰখাৰ দাবী তুলিছে। দক্ষিণ আফ্ৰিকা, আৰ্জেণ্টিনা, বলিভিয়া, কিউবা, ভেনিজুৱেলা আৰু কৃষি উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ সন্থা IFAD – এ ভাৰতবৰ্ষৰ স্থিতিক সমৰ্থন কৰিছে। TFA প্ৰত্যাখ্যান কৰাৰ সপক্ষে ভাৰতবৰ্ষই কেইবাটাও যুক্তি আগবঢ়াইছে। প্ৰথম, দৰিদ্ৰসকলক খাদ্যৰ যোগান ধৰিবলৈ চৰকাৰে খাদ্য শস্যৰ বৃহৎ ভঁৰাল সৃষ্টি কৰিব লাগিব। বিশ্ব বাণিজ্য সন্থাই ইয়াৰ বাবে সৰ্বোচ্চ সীমা বৰ্তমানৰ স্তৰৰ পৰা অধিক ওপৰলৈ নিয়াৰ প্ৰয়োজনীয়তা আছে। অন্যথা চৰকাৰৰ খাদ্য সুৰক্ষা প্ৰতিশ্ৰুতি অৰ্থহীন হৈ পৰিব। দ্বিতীয়তে, ভাৰত চৰকাৰে আঙুলিয়াই দিছে যে বিশ্ব বাণিজ্য সন্থাই ১৯৮৬-৮৮ চনৰ মূল্যৰ ভিত্তিত খাদ্য সামগ্ৰীলৈ আগবঢ়োৱা ৰাজসাহায্যৰ পৰিমাণ নিৰ্ধাৰণ কৰা সিদ্ধান্তটো এক ভুল সিদ্ধান্ত হৈছে, কাৰণ ১৯৮৬-৮৮ চনৰ পৰা বৰ্তমানলৈ খাদ্য সামগ্ৰীৰ মূল্য আৰু উৎপাদন খৰচ বৃদ্ধি হৈছে। গতিকে খাদ্যৰ ৰাজসাহায্যৰ ঊৰ্ধ্বতন সীমা পূৰ্বৰ স্তৰতে নাৰাখি বৰ্ধিত স্তৰৰ সৈতে সংযোজিত হ’ব এক বাস্তৱধৰ্মী ব্যৱস্থা। ইয়াৰ দ্বাৰা ভাৰতবৰ্ষৰ লেখীয়া উন্নয়নশীল দেশসমূহৰ কৃষকসকল লাভান্বিত হ’ব। তৃতীয়তে, ইতিহাসসমৃদ্ধ তথ্য হ’ল এয়ে যে ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই উন্নয়নৰ নিম্ন স্তৰত থকা অৱস্থাত অবাধ বা মুক্ত বাণিজ্যৰ পক্ষপাতি নাছিল আৰু সংৰক্ষণবাদী নীতিত বিশ্বাস কৰিছিল। বৰ্তমানৰ উন্নয়নশীল দেশসমূহেও দেশীয় স্বাৰ্থত এনে নীতি গ্ৰহণ কৰাৰ যুক্তিযুক্ততা নিশ্চয় আছে। উল্লেখযোগ্য যে বৰ্তমান যুক্তৰাষ্ট্ৰই কৃষকসকললৈ আগবঢ়োৱা ৰাজসাহায্যৰ পৰিমাণ হৈছে ১২০ বিলিয়ন ডলাৰ। ইয়াৰ বিপৰীতে ভাৰতবৰ্ষই আগবঢ়োৱা পৰিমাণ হৈছ ১২ বিলিয়ন ডলাৰ। চতুৰ্থতে, উন্নত দেশসমূহে কৃষকসকললৈ প্ৰত্যক্ষ বানচ (direct payments) আগবঢ়াই আহিছে। এই অৰ্থ সাহায্যই কৃষকসকলক পৰিৱেশীয় সুৰক্ষা (environmental protection) প্ৰদান কৰিছে আৰু কৃষি আয় আৰু কৃষি বীমা সুনিশ্চিত কৰিছে।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate