অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব দৃষ্টি দিৱস

বিশ্ব দৃষ্টি দিৱসৰ বিষয়ে লিখা হৈছে

মানুহৰ দৃষ্টিহীনতা আৰু ভালদৰে চকুৰে নমনা অৱস্থাৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ বাবে, বিশ্ব দৃষ্টি দিৱস বছৰত এবাৰকৈ সমগ্ৰ বিশ্ব জুৰি পালন কৰা হয়। প্ৰতিবছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে এই দিৱসটো পালন কৰা হয়। এই হিচাপত এই বছৰৰ ১২ অক্টোবৰৰ দিনা এই দিৱস বিশ্বৰ চুকে – কোণে পালন কৰা হয়।

অন্ধ আৰু ভালদৰে চকুৰে নমনা লোকৰ দুখ – যন্ত্ৰণাৰ বিষয়ে বিশ্ব দৃষ্টি দিৱসৰ দিনা সজাগতা সৃষ্টিৰ কাৰ্যসূচী লোৱা হয়, লগতে চকু স্বাস্থ্যৰ যতনৰ প্ৰতিও জনসাধাৰণক সজাগ কৰা হয়।

এই দিৱসত কি কৰা হয়?

 

ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ আৰু সাহযোগ কৰাৰ কতৃত্ব সম্পন্ন সংস্থা বিশ্ব স্বাস্থ্য সংস্থাই লগতে অন্ধতা প্ৰতিৰোধৰ আন্তৰ্জাতিক এজেন্সী (IAPB) য়ে যুটীয়া ভাৱে এই দিৱস পালনৰ ক্ষেত্ৰত সক্ৰিয় ভাৱে সহযোগিতা আগবঢ়ায়। লায়ন্স ক্লাব ইণ্টাৰনেচনেলৰ দৰে সংস্থা বিলাকেও এই দিৱসৰ ৰুপায়ন কৰা কাৰ্যসূচী বিলাকত সক্ৰিয় ভাৱে বহু বছৰৰ আগৰে পৰা সহযোগ কৰি আহিছে।

বিভিন্ন ঠাইৰ সংগঠন, সংস্থা আৰু বেচৰকাৰী সংস্থা বিলাকে, একেলগে আগবাঢ়ি আহি বিশ্ব স্বাস্থ্য সংস্থা আৰু এ. পি. বি. ৰ সৈতে দিনটোৰ প্ৰচাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে আৰু এই দিৱসৰ উদ্দেশ্য বিলাকৰ প্ৰচাৰত সহযোগ কৰে।

  • অন্ধতা আৰু ভালদৰে চকুৰে নমনা অৱস্থাটো গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক জনস্বাস্থ্য জনিত বিষয় ৰুপে জনসাধাৰণৰ মাজত দাঙি ধৰি বিষয়টোৰ প্ৰতি সজাগতা সৃষ্টি কৰে।
  • চৰকাৰক বিশেষ ভাৱে স্বাস্থ্য মন্ত্ৰী সকলক পতিয়ন নিয়াই ৰাষ্ট্ৰীয় অন্ধতা প্ৰতিৰোধ আঁচনিলৈ আৰ্থিক অনুদান আগবঢ়াই এই অভিযানত অংশ গ্ৰহণ কৰোৱা হয়।
  • লক্ষ্য ৰুপে লোৱা দৰ্শকক অন্ধতা প্ৰতিৰোধ আৰু ভিছন ২০২০ আৰু এই আঁচনিৰ কৰ্মপন্থা সম্পৰ্কে শিক্ষাদান কৰা, লগতে ভিছন ২০২০ আঁচনিৰ কাৰ্যাৱলীৰ প্ৰীতি জনসাধাৰণৰ সমৰ্থন আদায় কৰা হয়।

বিশ্বৰ দৃষ্টি দিৱসৰ দিনা বহুতো অনুষ্ঠানত উপস্থিত ৰাইজে দিনটোৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে মুকলি ঠাইত গছপুলি ৰোপণ কৰে। আন কিছুমানে আকৌ অন্ধতা দূৰীকৰণৰ বাৰ্তা প্ৰচাৰৰ বাবে অনুষ্ঠিত আন্তৰ্জাতিক চিত্ৰ প্ৰদৰ্শনীৰ বাবে ফটো প্ৰেৰণ কৰে। এই দিৱসৰ উদ্দেশ্য প্ৰচাৰৰ বাবে শোভাযাত্ৰা আৰু পোষ্টাৰ প্ৰদৰ্শন আৰু পুস্তিকা বিতৰণৰ দৰে অনুষ্ঠানত অংশ লয়। প্ৰতিৰোধযোগ্য অন্ধতা সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ বিশেষ ভাৱে প্ৰস্তুত কৰা পুস্তিকা, পত্ৰিকা বা লিফলেট আদিও বিনামূলীয়াকৈ বিতৰণ কৰা হয়।

এই দিৱসৰ পটভূমি

 

বিশ্ব স্বাস্থ্য সংস্থাৰ এটি তথ্য মতে বিশ্বৰ এক বুজন সংখ্যক জনসাধাৰণ দ্ৰুত গতিত বাৰ্ধক্যৰ পিনে আগবাঢ়িছে আৰু জনসাধাৰণ পূৰ্বতকৈ বেছি দীৰ্ঘায়ু হৈছে। কিন্ত ‘ক্ৰণিক’ কিছুমান বিসংগতিৰ ফলত অন্ধতাও বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বৰ ৪৫ নিযুত অন্ধ লোকৰ ভিতৰত ৮০ শতাংশ অন্ধ লোকৰ বয়স ৫০ বছৰৰ ওপৰত। প্ৰায় ৯০ শতাংশ অন্ধ লোক কম আয়ৰ দেশ বিলাকত বাস কৰে, য’ত বয়সস্থ লোক, বিশেষ ভাৱে বৃদ্ধা মহিলা সকলে প্ৰয়োজন মতে চকুৰ স্বাস্থ্যৰ যতন নেপায়। তথাপি, অন্ধতা আগমনৰ বয়স জনিত ক্ৰুতি, যেনে – চকুত ছানি পৰা (Cataract), প্ৰতিসৰণ ক্ৰুটি (Referactive Error) আৰু গ্লুক’মা আদি সহজতে আৰু কম খৰচতে চিকিৎসা হয় আৰু আৰোগ্যও হ’ব পাৰে। সময়তে চিকিৎসা ল’ব পাৰিলে দৃষ্টিশক্তিও কমি অহাটো লেহেমীয়া কৰিব পাৰি।

সমগ্ৰ বিশ্বজুৰি লায়ন্স ক্লাব ইণ্টাৰনেচনেল সমগ্ৰ বিশ্বজুৰি অন্ধতা প্ৰতিৰোধ সংগঠন বিলাক যুটীয়া ভাৱে অংশ গ্ৰহণ কৰি প্ৰথম বিশ্ব দৃষ্টি দিৱসৰ কাৰ্যসূচী ১৯৯৮ চনৰ অক্টোবৰৰ দিনা সফলতাৰে উদ্‌যাপন কৰিছিল। এই দিৱসটো পিছলৈ ভিছন ২০২০ নামৰ আঁচনি খনৰ অন্তৰ্ভূক্ত কৰা হয়। আই. এম. পি. বি. য়ে সহযোগ কৰা সমগ্ৰ বিশ্বই আগ্ৰহেৰে অংশ গ্ৰহণ কৰা এই আঁচনি খন পিছলৈ বিশ্ব ‘স্বাস্থ্য সংস্থা’ই যুটীয়া ভাৱে পালন কৰিবলৈ ল’লে। এই কাৰ্য্যসূচীত বেচৰকাৰী সংস্থা আৰু বৃত্তিধাৰী সংগঠন, চকুৰ যতন লোৱা প্ৰতিষ্ঠান আৰু নিকায় – নিগম বিলাকো জড়িত হৈ পৰিল।

অন্ধতা সম্পৰ্কীয় কিছু তথ্য

 

  • সমগ্ৰ বিশ্বত প্ৰায় ২৮৫ নিযুত মানুহ চকুৰে কম দেখা বা অন্ধতা লৈ জীয়াই আছে।
  • এই সকল লোকৰ ভিতৰতে ৩৯ নিযুত লোক সম্পূৰ্ণ ৰুপে অন্ধ আৰু ২৪৬ নিযুত লোক মধ্যমীয়া বা তীব্ৰভাৱে চকুৰে নেদেখা ৰোগত ভুগি আছে।
  • সমগ্ৰ বিশ্বৰ মুঠ অন্ধ লোকৰ ৯০ শতাংশ কম আয়ৰ দেশ বিলাকত থাকে।
  • তথাপি দৃষ্টিশক্তি কম হোৱাৰ কাৰণ ৮০ শতাংশই প্ৰতিৰোধ কৰিব বা হাত সাৰি থাকিব পাৰি।
  • দৃষ্টিহীন লোকৰ দৃষ্টি ঘূৰাই অনা আৰু অন্ধতা প্ৰতিৰোধৰ কৌশল বিলাক চিকিৎসা ক্ষেত্ৰ খনৰ আটাইতকৈ ব্যয়বহুল বিষয়।
  • সংক্ৰমণৰ ফলত হোৱা অন্ধতা যোৱা ২০ বছৰত ভালেখিনি হ্ৰাস পাইছে।
  • সমগ্ৰ বিশ্বত প্ৰায় ১৯ নিযুত শিশু দৃষ্টি শক্তি জনিত ক্ৰুটিত ভুগি আছে।
  • দৃষ্টি শক্তি জনিত ক্ৰুটিত ভুগি থকা ৬৫ শতাংশ লোকেই ৫০ বছৰ বা তাৰো বেছি বয়সৰ। এই সংখ্যা সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২০ শতাংশহে।
  • পৃথিৱীৰ বহু দেশত বৃদ্ধি পোৱা বৃদ্ধ লোকৰ সংখ্যাই এটা কথাৰ সংকেত দিয়ে যে, বয়স বৃদ্ধি জনিত দৃষ্টি শক্তি ক্ৰুটি থকা লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাব।

এই বছৰৰ বিশ্ব দৃষ্টি দিৱসত কাৰ্যকৰী কৰাৰ আহ্বান জনোৱা বিষয়টো হ’ল – MAKE VISION COUNT।

  • অন্ধতাৰ কাৰণ বিলাকৰ ৮০ শতাংশই প্ৰতিৰোধ আৰু চিকিৎসা কৰিব পৰা যায়। সকলোও লোকৰে দৃষ্টিশক্তিৰ অধিকাৰ আছে আৰু এই অধিকাৰ নিশ্চয় পূৰণ হ’ব লাগিব।
  • সমগ্ৰ বিশ্বৰ প্ৰায় ১৮০ নিযুত লোকেই দৃষ্টিশক্তিৰ অক্ষমতাৰ ভুগি আছে। ইয়াৰে ৪০ ৰ পৰা ৪৫ নিযুত লোক সম্পূৰ্ণ অন্ধ। বিশ্বত বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে। আৰু তাৰ পৰিণতিত ২০২০ চনলৈ এই সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। মানুহৰ কাৰণে ইয়াতকৈ যন্ত্ৰণাদায়ক কথা আন একো হ’ব নোৱাৰে। - এই কথা ২০০২ চনতে জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ অধিবেশনত প্ৰকাশ কৰা হৈছিল।

বিশ্বৰ দৃষ্টি দিৱস প্ৰতি বছৰে পালন কৰা এটা অতি গুৰুত্ব পূৰ্ণ স্বাস্থ্য দিৱস আৰু এই দিৱসত অন্ধতাৰ সমস্যাবোৰৰ বিষয়ে বিশ্বৰ সমগ্ৰ জনসাধাৰণক সজাগ কৰাৰ লগতে এই অৱস্থাটোৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ প্ৰতি মনোযোগ দিবলৈ সকলো লৈকে আহ্বান জনোৱা হয়।

দৃষ্টিশক্তি হেৰুওৱা ক্ৰুটিৰ প্ৰতিৰোধ আৰু চিকিৎসা কৰোৱাটো যথেষ্ট ব্যয়বহুল কিন্ত ফলপ্ৰসূ ব্যৱস্থা। এই চিকিৎসা ব্যৱস্থা বিলাকৰ ভিতৰত আছে – বয়স বৃদ্ধিৰ লগে লগে হোৱা ছানি পৰা ৰোগৰ (Cataract) অস্ত্ৰোপচাৰ।

  • ট্ৰেকোমা (Trachoma) প্ৰতিৰোধ ব্যৱস্থা।
  • বসন্ত ৰোগ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক টীকা গ্ৰহণ।
  • শৈশৱত অন্ধতা প্ৰতিৰোধৰ কাৰণে ভিটামিন ‘এ’ ছাপ্লিমেণ্টৰ যোগান।
  • দুৰ্বল দৃষ্টিশক্তিৰ বাবে উপযুক্ত শক্তিৰ ‘ছশমা’ৰ ব্যৱহাৰ।

সমগ্ৰ বিশ্বত আজি প্ৰতি পাঁচ চেকেণ্ডৰ মূৰে মূৰে এজন লোক অন্ধতাৰ চিকাৰ হয়। প্ৰতি মিনিটত এটিকৈ শিশুৱে দৃষ্টিশক্তি হেৰুৱায়। এটা সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে, প্ৰতিবছৰে সমগ্ৰ বিশ্বত সাত নিযুত লোকে দৃষ্টিশক্তি হেৰুৱায়।

ভিছন ২০২০ কি?

 

২০২০ চনৰ ভিতৰত হাতসাৰি থাকিব পৰা অন্ধতা নিবাৰণৰ লক্ষ্যৰে, ১৯৯৯ চনতে ভিছন ২০২০ নামৰ এখন আঁচনি গ্ৰহণ কৰা হৈছিল। এই আঁচনিৰ মূল বাৰ্তা হ’ল – দৃষ্টিৰ অধিকাৰ (Right to Sight) আৰু এই আঁচনি খন আজি বিশ্বৰ প্ৰায় চল্লিছ খন দেশে কাৰ্যকৰী কৰাৰ বাবে গ্ৰহণ কৰিছে।

ভিছন ২০২০ আঁচনি ৰুপায়নৰ অংশীদাৰ বিলাকে লাখ লাখ দৃষ্টিশক্তি হেৰুওৱাৰ উক্ৰম হোৱা নাৰী, পুৰুষ আৰু শিশুৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। দৃষ্টিশক্তি অটুট ৰখা বা ঘূৰাই অনাৰ বাবে চৰকাৰ বিলাকে কিছু ধন খৰচ কৰিব লগা হৈছে যদিও সেই লোক সকলে দৰিদ্ৰতাৰ সীমাৰ পৰা কিছু ওপৰলৈ উঠিবলৈ সক্ষম হৈছে। দৃষ্টিশক্তি ঘূৰাই পোৱাৰ পিছত তেওঁলোকে পৰিয়াল, সাম্প্ৰদায়িক গোট আৰু ৰাষ্ট্ৰৰ উন্নয়নত সহযোগ কৰিব পৰা হৈছে। সেয়ে চকুৰ যতনক অগ্ৰাধিকাৰ দিব লাগে। এই বিষয়টো কেৱল স্বাস্থ্য মন্ত্ৰী সকলৰে চিন্তাৰ বিষয় নহয়। - এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডাঃ গ্ৰ হাৰলেম ব্ৰুণ্টলেণ্ডে।

হাত সাৰি থাকিব পৰা অন্ধতাৰ সৈতে অৱধাৰিত ভাৱে জড়িত আছে – দৰিদ্ৰতা আৰু মানদণ্ড বিশিষ্ট চকুৰ যতন সম্পৰ্কীয় সেৱাৰ অভাৱ। হাত সাৰিব পৰা অন্ধতা বেছিকৈ দেখা যায় অতি দৰিদ্ৰ লোক, মহিলা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনসংখ্যাৰ মাজত। বিশ্বৰ মুঠ অন্ধ লোকৰ ৯০ শতাংশ লোক উন্নয়নশীল ৰাষ্ট্ৰত দেখা পোৱা যায়। ভাৰতত এতিয়া প্ৰায় ৯ নিযুত অন্ধ লোক আছে। চীনত আছে ছয় নিযুত আৰু আফ্ৰিকাত আছে সাত নিযুত অন্ধ লোক। ঔদ্যোগিক দিশত উন্নত ৰাষ্ট্ৰ বিলাকত উন্নয়নশীল ৰাষ্ট্ৰতকৈ অন্ধ লোকৰ সংখ্যা কম। সেয়ে বিশ্বৰ আৰ্থিক উন্নয়নৰ লগে লগে প্ৰতিৰোধ যোগ্য আৰু চিকিৎসা যোগ্য অন্ধতা হ্ৰাস পাই আহিব বুলি ভিছন ২০২০ ৰ উদ্যোক্তা সকলে ভাবে।

উৎস : স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top