অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব বধিৰ দিৱস:

বিশ্ব বধিৰ দিৱসৰ বিষয়ে লিখা হৈছে

 

প্ৰতি বছৰে ছেপ্তেম্বৰ মাহৰ শেষৰ দেওবাৰটো ‘বিশ্ব বধিৰ দিৱস’(World Deaf Day) ৰূপত পালন কৰা হয়। এই দিৱসটোত ৰূপায়ন কৰা কাৰ্যসূচীবোৰৰ যোগেদি বধিৰ লোকসকলৰ মংগলৰ কাৰণে আৰু বধিৰ লোকসকলৰ সমজুৱা উন্নয়নৰ প্ৰতি সজাগ হ’বলৈ জনসাধাৰণ ৰাইজ, ৰাজনীতিবিদ আৰু উন্নয়ন কৰ্তৃপক্ষৰ ইদৃষ্টি আকৰ্ষণ কৰা হয়। এই দিৱসত ৰূপায়ন কৰা কাৰ্যসূচীবিলাকৰ যোগেদি সমগ্ৰ বিশ্বৰ বধিৰ লোকসকলৰ সংগঠনবিলাকক, তেওঁলোকৰ দাবী আৰু প্ৰয়োজনবিলাক সজোৰে উত্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰা হয় আৰু লগতে তেওঁলোকৰ অধিকাৰসমূহ বৃদ্ধি কৰিবলৈকো উৎসাহিত কৰা হয়।

বিশ্ব বধিৰ দিৱসৰ ইতিহাস:

 

যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া ৰাজ্যৰ ফিলাভেলফিয়াত ১৮৭১ চনত জন্মগ্ৰহণ কৰা গ্ৰেণভাইল ৰিচাৰ্ড ছেইমৰ ৰেডমণ্ড নামৰ লোকজনে তেওঁৰ ল’ৰালি কালতে ‘স্কাৰলেট’ জ্বৰত আক্ৰান্ত হৈ শ্ৰৱণশক্তি হেৰুৱাই পেলালে। তেওঁক তেওঁৰ পৰিয়ালে ভালদৰে তুলি-তালি ডাঙৰ-দীঘল কৰি, এখন বিশেষ বিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰিবলৈকো সুবিধা কৰি দিলে। তেওঁ জন্মগতভাৱে শিল্পীৰ প্ৰতিভাসম্পন্ন আছিল আৰু তেওঁৰ শিল্প প্ৰতিভা সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। তেওঁ ছান ফ্ৰান্সিস্কোৰ ‘কেলফৰ্ণিয়া স্কুল অব ডিজাইন’ত পেইন্টিং, ছবি অঁকা আৰু পেন্টোমাইম শিকিলে। তেওঁ অতি প্ৰতিভাসম্পন্ন লোক আছিল আৰু এজন স্বাভাৱিক ভদ্ৰলোক আছিল। একমাত্ৰ এই কাৰণতেই ‘বিশ্ব বধিৰ দিৱস’ সমগ্ৰ বিশ্বতে বধিৰ লোকসকলৰ কাৰণে আৰু বধিৰ লোকসকলৰ দ্বাৰা, তেওঁলোকৰ সুস্বাস্থ্যৰ কামনা কৰি স্বছন্দ জীৱন, সন্মানজনক জীৱনশৈলী, শিক্ষাগ্ৰহণ আৰু কৰ্মসংস্থাপনৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে পালন কৰা হয়।

বধিৰ লোকসকলৰ নতুন প্ৰযুক্তিবিদ্যাৰ যোগেদি জীৱন ধাৰণৰ প্ৰণালী অধিক উন্নত কৰাৰ লগতে তেওঁলোকলৈ বিস্তৃত সুযোগ সুবিচাৰে উন্নত জীৱনশৈলী গ্ৰহণ কৰিব পৰাকৈ পথ প্ৰদৰ্শনৰ কাৰণে তেওঁলোকক উৎসাহিত কৰা উচিত। বিশ্ব বধিৰ দিৱসৰ কাৰ্যসূচীবিলাকত সৰ্বসাধাৰণ ৰাইজে অংশ গ্ৰহণ কৰা উচিত। এই দিৱসৰ কাৰ্যসূচীৰ ভিতৰত আছে, শোভাযাত্ৰা, আলোচনাচক্ৰ আৰু বধিৰতাৰ সজাগতা সম্পৰ্কীয় ভালেমান প্ৰচাৰ কাৰ্যসূচী।

ভাৰতত এই দিৱস বাৰানসী মহানগৰৰ ভালেকেইটা সংগঠনৰ সহযোগত বধিৰ লোকসকলৰ অধিকাৰ সাব্যস্ত কৰাৰ দাবীৰে পালন কৰা হয়। লগতে জনসাধাৰণক শব্দ প্ৰদূষণ সম্পৰ্কে সজগতা সৃষ্টিৰ উদ্দেশ্যত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়।

বিশ্বৰ বধিৰ দিৱসৰ উদ্দেশ্যে:

 

  • সৰ্বসাধাৰণ লোকৰ মাজত বধিৰ লোকসকলৰ সমস্যাবোৰ দাঙি ধৰা।
  • মানৱ অধিকাৰৰ অংশ হিচাপে প্ৰতিজন বধিৰ লোককে সাংকেতিক ভাষা শিকাৰ প্ৰতি আগ্ৰহী কৰি তোলা।
  • বধিৰ লোকসকলৰ বাবপে প্ৰয়োজনীয় সমল আৰু সা-সুবিধা থাউকতে পাব পৰাকৈ যোগান ধৰা।
  • সমাজৰ এজন হিচাপে মানৱ অধিকাৰৰ অধীনত শিক্ষা গ্ৰহণ আৰু প্ৰযুক্তি কৌশল আয়ত্ব কৰিব পৰাকৈ সুযোগ দিয়া।

সমগ্ৰ বিশ্বতে ছেপ্টেম্বৰ মাহৰ শেষৰ দেওবাৰটোত প্ৰধানকৈ দুটা অনুষ্ঠানত বধিৰ লোকসকললৈ সুবিধা প্ৰদানৰ উদ্দেশ্যে পালন কৰা হয়।

  • সেই দিনটোত- বধিৰ লোকসকলে সন্মুখীন হোৱা অসুবিধাবিলাক, বেনাৰ, প্লেকাৰ্ড, বাটৰ নাট আৰু ৰাইজৰ উদ্দেশ্যে ঘোষণাৰ যোগেদি প্ৰচাৰ কৰা হয়।
  • বধিৰ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে এই দিনটোত বিশেষভাৱে কিছুমান কাৰ্যসূচী পালন কৰা হয়। এই অনুষ্ঠানবিলাকত তেওঁলোকৰ প্ৰতিভা প্ৰচাৰ কৰাৰ সুবিধা দিয়াৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগত মত বিনিময়ৰ সুযোগ দিয়া হয়।

‘বিশ্ব বধিৰ দিৱস’ কিয় পালন কৰা হয়:

 

সমাজৰ প্ৰতিজন সুস্থ আৰু স্বাভাৱিক লোককে সেই সমাজত বাস কৰা বধিৰ লোকজনৰ ওচৰলৈ আহি, তেওঁলোকৰ বধিৰতাৰ কাৰণে সন্মুখীন হোৱা অসুবিধাবিলাকৰ বিষয়ে জানিবলৈ আহ্বান জনাবৰ কাৰণে ‘বিশ্ব বধিৰতা দিৱস’ পালন কৰা হয়। পৃথিৱীত এনে বহু লোক আছে, যিসকল জন্মৰ পৰাই বধিৰ বা জন্মৰ পিছতে কিবা দুৰ্যোগৰ ফলত শ্ৰৱণশক্তি হেৰুৱাই বধিৰ হৈছে।

যি কাৰণতে বধিৰ নহওক লাগে, এওঁলোকে কোনো মানুহৰে মাত-কথা শুনা নেপায় আৰু এনে ধৰণৰ লোকক ‘অন্য ধৰণে সক্ষম’ লোকৰ শ্ৰেণীভুক্ত কৰা হয়। এনে ধৰণৰ লোকসকলৰ লগত যোগাযোগৰ একমাত্ৰ উপায় হ’ল- কওঁতাজনৰ দেহৰ অংগী-ভংগী বা ‘সাংকেতিক ভাষা’। এনে ধৰণৰ হাতৰ ভংগীমা বা মুখৰ প্ৰকাশ ভংগীৰ যোগেদিহে এওঁলোকে কৰিবলগীয়া কামটোৰ বিষয়ে উবুজি পায়। আজিকালি বধিৰ লোকসকলৰ বাবে চৰকাৰে বহুতো সা-সুবিধা আগবঢ়াইছে। এইবিলাকৰ যোগেদি কৃত্ৰিম শ্ৰৱণ যন্ত্ৰৰ সহায়ত কওঁতাজনৰ কথাবোৰ দূৰৰ পৰাই স্পষ্টৰূপে শুনা পায় আৰু তেওঁলোকে কৰিবলগা কামবোৰ নিয়ৰিকৈ কৰিব পাৰে।

এতিয়া চৰকাৰে জনসাধাৰণক বধিৰ লোকৰ সন্নিধ্যলৈ আহিবলৈ আহ্বান জনায় আৰু তেওঁলোকে যাতে বধিৰ লোকসকলৰ মনত অন্য দহজন সুস্থ লোকৰ দৰে জীয়াই থাকিব পাৰে, তাৰ প্ৰতি বিশ্বাস আৰু সাহস যোগাবলৈ কয়। আজিকালি চৰকাৰৰ তৰফৰ পৰাই বধিৰসকলৰ বাবে ভালেকেইবিধ সাংকেতিক ভাষা সৃষ্টি হৈছে, যাতে এই ভাষাবিলাকৰ যোগেদি তেওঁলোকে পাবলগা সুবিধাবিলাক লাভ কৰিব পাৰে। বধিৰ লোকসকলে যাতে প্ৰাপ্য সেৱা আৰু সুবিধাবোৰ অন্য লোকৰ সমানে পায়, তাৰ প্ৰতি চৰকাৰে চকু ৰখাৰ ব্যৱস্থা কৰিছে।

যাতে প্ৰাপ্য শিক্ষা আৰু প্ৰযুক্তি কৌশলৰ সুবিধাবিলাক সকলোৰে সমানে পায়- তাৰো দিহা কৰা হৈছে। বধিৰসকলে যাতে শুনিব পৰা হয়গৈ তাৰ বাবে শ্ৰৱণ যন্ত্ৰও বহুগুণে উন্নীত কৰা হৈছে। আজিকালি বধিৰ লোকক শিক্ষা দানৰ বাবে ভালেমান স্কুল, কলেজো স্থাপন কৰা হৈছে আৰু এইবিলাকত স্বাভাৱিক ছাত্ৰ-ছাত্ৰীৰ দৰেই সাংকেতিক ভাষাত শিক্ষাদানৰ ব্যৱস্থা আছে। ইচ্ছুক বধিৰ শিশু আৰু কিশোৰসকলে এনে ধৰণৰ শিক্ষানুষ্ঠানলৈ গৈ সাংকেতিক ভাষা শিকাৰ লগতে নিজৰ পছন্দৰ বিষয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top