অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেটী বাচাও বেটী পঢ়াও যোজনা :

বেটী বাচাও বেটী পঢ়াও যোজনা :

 

দেশত পুত্ৰ সন্তানৰ বিপৰীতে কন্যা সন্তানৰ অনুপাত বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ‘বেটী বাচাও, বেটী পঢ়াও’ শীৰ্ষক আঁচনিখন ৰুপায়ণ কৰিছে। উক্ত আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত হাৰিয়ানাত উন্মোচন কৰিছিল। উক্ত আঁচনিৰ অধীনত কন্যা সন্তানৰ জীৱন ধাৰণ সুনিশ্চিত কৰাৰ লগতে কন্যা সন্তানৰ জীৱনলৈ আহিব পৰা অনিশ্চয়তা দুৰীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ১০০০ জন ল’ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা ৯১৮ জনীলৈ হ্ৰাস পাইছে। দিনক দিনে ছোৱালীৰ সংখ্যা হ্ৰাস পোৱাটো ৰোধ কৰাৰ উদ্দেশ্যে আঁচনিখন সমগ্ৰ দেশতে ৰুপায়ণ কৰা হৈছে। কন্যা সন্তানৰ কল্যাণ সাধন কৰাৰ উদ্দেশ্যে ৰুপায়িত এই ‘বেটী বচাও, বেটী পঢ়াও’ শীৰ্ষক আঁচনিখনৰ সাফল্যৰ বাবে বিভিন্ন বিভাগৰ সমন্বয়ত পদক্ষেপ গ্ৰহণ কৰি কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে। উল্লেখ্য যে কন্যা ভ্ৰুণ হত্যাৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশতে চৰকাৰী খণ্ডত বিভিন্ন আঁচনি ৰুপায়ণ কৰি থকা হৈছে। তাৰ ভিতৰত ‘বেটী বাচাও, বেটী পঢ়াও’ আঁচনি অন্যতম। কন্যা ভ্ৰুণ হত্যা  প্ৰতিৰোধ কৰাৰ উপৰি কন্যাসকলক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে আঁচনিখন ৰুপায়ণ কৰি থকা হৈছে। কন্যা শিশুৰ জীৱনৰ নিৰাপত্তাৰ লগতে শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰিব এই আঁচনিয়ে। বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ‘বেটী বাচাও বেটী পঢ়াও শীৰ্ষক আঁচনিখন আমাৰ ৰাজ্যৰ কামৰুপ (মহানগৰ)জিলাত ২০১৫ চনৰ ২৪ জানুৱাৰীত (সোণাপুৰ উন্নয়ন খণ্ডত) আৰম্ভ কৰাৰ পিছত আঁচনিখন ভাৰত চৰকাৰৰ সন্মতি সাপেক্ষে প্ৰথম পৰ্যায়ত ১০ খন অতিৰিক্ত জিলালৈ সম্প্ৰসাৰণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত আঁচনিৰ কামৰুপ (মহানগৰ) জিলাত ‘ভিলেজ কনভাৰজেন্স এণ্ড ফেচিলাইটেচন’ সেৱাক কাৰ্যক্ষম কৰি তোলা হৈছে।

উক্ত আঁচনিৰ বিষয়ে বিতংভাৱে জানিবলৈ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ, উজান বজাৰ, গুৱাহাটী-১ ৰ লগত যোগযোগ কৰক। ইয়াৰ উপৰি আগ্ৰহীসকলে http://wed.nic.in ৱেবছাইটত লগ অন কৰিও সবিশেষ তথ্য লাভ কৰিব পাৰিব।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate